Home Blog Page 93

‎Fake certificates: অর্ধ শতাধিক শিক্ষক পদৰ প্ৰাৰ্থীক গোচৰ ৰুজু কৰি CIDয়ে আৰম্ভ কৰিছে তদন্ত

‎Fake certificates: অর্ধ শতাধিক শিক্ষক পদৰ প্ৰাৰ্থীক গোচৰ ৰুজু কৰি CIDয়ে আৰম্ভ কৰিছে তদন্ত
‎Fake certificates: অর্ধ শতাধিক শিক্ষক পদৰ প্ৰাৰ্থীক গোচৰ ৰুজু কৰি CIDয়ে আৰম্ভ কৰিছে তদন্ত

অসমত জাল নথিৰে শিক্ষক (Fake certificates) নিযুক্তিৰ আন এক ভয়ংকৰ চক্রান্ত পোহৰলৈ আহিছে। অসমত শিক্ষক পদত নিযুক্তি লোৱাৰ বাবে অর্ধশতাধিক প্রার্থীয়ে মধ্য প্রদেশৰ এখন শিক্ষানুষ্ঠানৰ নামত জাল নথি ব্যৱহাৰ কৰিছিল। কিন্তু শেহতীয়াকৈ চি আই ডিয়ে এই অপচেষ্টা বিফল কৰি গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে অসমত শিক্ষক নিযুক্তিৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ অনুষ্ঠিত কৰা এক পৰীক্ষাত উত্তীর্ণ প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়তে জাল নথি ব্যৱহাৰৰ এক ভয়ংকৰ চক্রান্ত পোহৰলৈ আহে। যোৱা জানুৱাৰী মাহত ৰাজ্যত অনুষ্ঠিত শিক্ষক নিযুক্তিৰ লিখিত পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়ত এটা সন্দেহজনক প্ৰতিষ্ঠানৰ পৰা লোৱা প্ৰমাণ-পত্র অর্ধশতাধিক প্রার্থীয়ে দাখিল কৰাৰ কথা দৃষ্টিগোচৰ হয়। মধ্য প্রদেশৰ টেকন’ গ্ল’বেল বিশ্ববিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠানৰ পৰা এই নথিসমূহ সংগ্ৰহ কৰা হৈছিল। প্ৰাৰ্থীসকলে এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ হোৱা বুলি প্রমাণ-পত্র দাখিল কৰি শিক্ষকৰ চাকৰি লোৱাৰ অপচেষ্টা কৰিছিল।

প্ৰায় ৫০জন প্রার্থীয়ে এই বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী লাভ কৰাৰ প্ৰমাণ-পত্র দাখিল কৰিছিল।পৰীক্ষাৰ সময়ত এই বিশ্ববিদ্যালয়খনৰ পৰা সংগ্ৰহ কৰা বুলি দেখুওৱা প্ৰাৰ্থীসকলৰ প্ৰমাণ-পত্ৰ জাল বুলি নিশ্চিত হোৱাৰ পাছতে চি আই ডিয়ে ১৫/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আনহাতে, জাল নথি-পত্র দাখিল কৰা এই প্ৰাৰ্থীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰাটো নিশ্চিত হৈছে। শীঘ্ৰে তেওঁলোকক তলব কৰাৰ বাবে চি আই ডি সাজু হৈছে। লক্ষণীয়ভাবে তেওঁলোকে জালিয়াতি কৰাটো নিশ্চিত হ’লে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাও আছে। জাল নথি-পত্র দাখিল কৰা প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনা গৈছে। সম্প্রতি প্রার্থীসকলৰ নথি-পত্ৰৰ পৰীক্ষা অধিক কঠোৰ কৰা হৈছে।কোৱা বাহুল্য যে  ভুৱা অবিচি,এম অবিচি জাতিৰ অন্তভূক্ত নোহোৱা স্বত্তেও ভুৱা জাতিগত   চাৰ্টিফিকেটেৰে এচাম দুষ্টচক্ৰৰ  হিন্দী বিষয়ৰ শিক্ষকৰ লগতে আন আন বিষয়তো শিক্ষক পদৰ বাবে জালিয়াতি কৰাৰ কথা শিক্ষকৰ পদৰ প্ৰাৰ্থী আৰু সচেতন মহলত সবেৰ্ত্ৰে চৰ্চা চলি আছে।য়াৰ লগতে বিজ্ঞাপনত উল্লেখিত ৫০ শতাংশ নম্বৰ লৈ বি এ আৰু ৫০ শতাংশ নম্বৰ লৈ হিন্দী বিষয়ৰ এটা বিষয় হিচাপে থকা বা ৫০ শতাংশ নম্বৰ লৈ কলা শাখাত স্নাতকোত্তৰ হোৱাটো যদিহে হিন্দীত ৫০ শতাংশ নম্বৰ লৈ কোনো এটা বিষয় হিন্দী হিচাপে বি এ উত্তীৰ্ণ হয় এই সুবাদতে  ৫০ শতাংশ নম্বৰ লৈ বি এ আৰু ৫০ শতাংশ নম্বৰ লৈ হিন্দী বিষয়ৰ এটা বিষয় হিচাপে লৈ বহি ৰাজ্যৰ পৰা বি এ ডিগ্ৰী চাৰ্টিফিকেট কিনি অনাৰ সন্দেহ সকলো স্তৰতে ঘনীভূত হৈছে।উল্লেখযোগ্য সংখ্যক প্ৰাৰ্থীয়ে বি. এড ডিগ্ৰী ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানৰ পৰা  দাখিল কৰিছে।

এনে ডিগ্ৰীসমূহৰ সত্যতা আৰু স্বীকৃতি সন্দৰ্ভত উদ্বেগ বৃদ্ধি পাইছে। শেহতীয়াকৈ বি. টি. আৰ.-ত নিযুক্তি পোৱা প্ৰাৰ্থীসকলঃ ইতিমধ্যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বি. টি. আৰ.)-ৰ অধীনত শিক্ষক পদত নিযুক্তি পোৱা কেইবাজনো প্ৰাৰ্থী বৰ্তমানৰ টিচিআৰ -ৰ মেধা  তালিকাত পুনৰ নাম সন্নিবিষ্ট হৈছে, যিয়ে গুৰুত্বপূৰ্ণ নৈতিক আৰু পদ্ধতিগত ব্যৱস্থাৰ প্ৰশ্ন উত্থাপন কৰিছে।প্ৰাপ্ত খবৰ অনুসৰি বহু প্ৰাৰ্থীয়ে বৰ্তমান স্নাতক হিন্দী শিক্ষকৰ পদত কৰ্মৰত হৈ আছে কিন্তু পুনৰ সদ্য ঘোষিত শিক্ষক যোগ্যতা পৰীক্ষা আৰু নিযুক্তি পৰীক্ষাৰ(Tet Cum Recruitment)স্নাতক হিন্দী শিক্ষকৰ পদৰ প্ৰাৰ্থীসকল পৰীক্ষাত বহি সুবিধা জনক ঠাইত নিযুক্তি সুবিধাৰ বাবে এতিয়া তেওঁলোকে পুনৰ তালিকাত নাম আহিছে।যিটো বিজ্ঞাপনত একে পদত নোৱাৰে বুলি  উল্লেখ আছে ইয়াৰ বাবে বহু পাবলগীয়া প্ৰাৰ্থী বঞ্চিত হৈছে।তেওঁলোকক বাছনিৰ পৰা বাতিল কৰিলে বহু প্ৰাৰ্থী নিযুক্তিৰ সুবিধা লাভ কৰিব বুলি আশাবাদী।


‎সেয়েহে হিন্দী স্নাতক শিক্ষা পদৰ প্ৰাৰ্থীয়ে বিজ্ঞাপনত উল্লেখিত ধৰনে দ্বিতীয় আৰু ততোধিক তালিকা প্ৰকাশৰ কথা আহ্বান জনায়।ইয়াৰ লগতে ৬৪২ টা বিজ্ঞাপনত উল্লেখিত হিন্দী শিক্ষকৰ পদ প্ৰথম মেধা তালিকা কলা,বিজ্ঞান,সস্কৃত,গণিত বিষয়ৰ লগত সানমিহলিকৈ প্ৰকাশ কৰাত সম্পূৰ্ণ পদৰ প্ৰকাশৰ তথ্য নোপোৱাত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে সঠিক তথ্য জানিবৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি বৰ্তমানলৈকে খবৰ আহিছে।পুনৰ প্ৰাৰ্থীসকলৰ জনাই যে আন বিষয় তেনেদৰে কৰা ,বিজ্ঞান,সস্কৃত ,গণিত বিষয়ে পোৱাৰ দৰে হিন্দী শিক্ষক দ্বিতীয় মেধা তালিকা প্ৰকাশৰ অনুৰোধ জনাই আৰু জাল চাৰ্টিফিকেটৰ প্ৰয়োগ কৰা দুষ্ট চক্ৰক শিক্ষক পদৰ পৰা বাতিল কৰি কঠোৰ প্ৰমাণীকৰণৰ আহ্বান জনায়। আৰু কয় যে এই বিষয়বোৰ যদি সমাধান নোহোৱাকৈ এৰি দিয়া হয়, তেন্তে নিযুক্তি প্ৰক্ৰিয়াৰ অখণ্ডতা আৰু স্বচ্ছতাৰ সৈতে আপোচ কৰা হ’ব। এনেবোৰ ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা  বিভাগে কেনেধৰণৰ
‎ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ’ব ।

Aadhaar Pan Voter Id: আধাৰ, ভোটাৰ আইডি থকা মানেই এজন লোক ভাৰতীয় নাগৰিক নহয়

Aadhaar Pan Voter Id
Aadhaar Pan Voter Id

এজন ব্যক্তিয়ে কেৱল আধাৰ কাৰ্ড, (Aadhaar Pan Voter Id) পান কাৰ্ড বা ভোটাৰ আইডিৰ দৰে নথি-পত্ৰ লৈয়েই ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে৷ মঙলবাৰে বোম্বাই উচ্ছ ন্যায়ালয়ে বাংলাদেশৰ বুলি অভিযোগ উত্থাপন কৰা এজন লোকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে এনেদৰে কয়৷ আদালতে কয় যে আইনে নিৰ্ধাৰণ কৰে কোন ভাৰতৰ নাগৰিক হ’ব পাৰে আৰু কেনেকৈ নাগৰিকত্ব লাভ কৰিব পাৰি আৰু আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ আইডিৰ দৰে নথি-পত্ৰ কেৱল চিনাক্তকৰণ বা সেৱা লাভ কৰাৰ বাবেহে৷ বৈধ পাছপ’ৰ্ট বা ভ্ৰমণৰ নথি-পত্ৰ অবিহনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক বুলি অভিযোগ উত্থাপন কৰা বাবু আব্দুল ৰুফ চৰ্দাৰক আদালতে জামিন নাকচ কৰে৷ অভিযোগ অনুসৰি তেওঁ জাল ভাৰতীয় নথি-পত্ৰ যেনে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু লগতে ভাৰতীয় পাছপ’ৰ্ট ক্ৰয় কৰিছিল৷

১৯৫৫ চনত সংসদে নাগৰিকত্ব আইন গৃহীত কৰিছিল, যিয়ে নাগৰিকত্ব লাভৰ বাবে এক স্থায়ী আৰু সম্পূৰ্ণ ব্যৱস্থাৰ সৃষ্টি কৰিছিল, ন্যায়াধীশ বৰকাৰে লক্ষ্য কৰিছিল৷ ‘মোৰ মতে ১৯৫৫ চনৰ নাগৰিকত্ব আইনখনেই আজি ভাৰতত নাগৰিকত্ব সম্পৰ্কীয় প্ৰশ্নৰ সিদ্ধান্ত লোৱাৰ মূল আৰু নিয়ন্ত্ৰণকাৰী আইন৷ এইখনেই হৈছে সেই আইন যি আইনে কোন নাগৰিক হ’ব পাৰে, নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি আৰু কি পৰিস্থিতিত হেৰুৱাব পাৰে সেই বিষয়ে নিৰ্ধাৰণ কৰা বিধি’ আদালতে কয়৷ আইনখনে বৈধ নাগৰিক আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ মাজত স্পষ্ট ৰেখা আঁকিছে বুলি বিচাৰপীঠে কয়৷

ভাৰতত থাকিবলৈ কোনো আইনী মৰ্যাদা নাই৷’ ভাৰতীয় নাগৰিক হোৱাৰ অভিনয়ৰ লক্ষ্যৰে পৰিচয়-পত্ৰ জাল কৰা বুলি উচ্ছ ন্যায়ালয়ে জনায়৷ ভাৰতীয় ন্যায় সংহিতা, পাছপ’ৰ্ট [ভাৰতত প্ৰৱেশ] আইন আৰু বিদেশী আদেশৰ বিধানৰ অধীনত চৰ্দাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে৷ আদালতে লক্ষ্য কৰে যে এই গোচৰৰ তদন্ত এতিয়াও চলি আছে, যিটো আধাৰ কাৰ্ডৰ প্ৰকৃততা সম্পৰ্কে চলি আছে, যিটো ভাৰতৰ একক পৰিচয় প্ৰাধিকৰণে পৰীক্ষা কৰি আছে৷ চৰ্দাৰে জামিন আবেদনত কয় যে তেওঁ ভাৰতৰ এজন নাগৰিক আৰু তেওঁ বাংলাদেশৰ নাগৰিক বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো নিৰ্ণায়ক বা নিৰ্ভৰযোগ্য প্ৰমাণ নাই৷ তেওঁ আৰু দাবী কৰে যে তেওঁৰ নথি-পত্ৰ তেওঁৰ আয়কৰৰ ৰেকৰ্ড আৰু ব্যৱসায়িক পঞ্জীয়নৰ সৈতে জড়িত আৰু তেওঁ ২০১৩ চনৰ পৰা মুম্বাইৰ চুবুৰীয়া থানে জিলাত বাস কৰি আহিছে৷ কিন্তু আদালতে কয়-আধাৰ, ভোটাৰ আইডি থকা মানেই এজন লোক ভাৰতীয় নাগৰিক নহয়৷

Road Accident: ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ এটি পৰিয়াল…

Road Accident: ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ এটি পৰিয়াল
Road Accident: ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ এটি পৰিয়াল

কন্যাৰ স্কুললৈ দেৰি হ’ব বুলি (Road Accident) পুৱাই ৰহালৈ ওলাই আহিছিল পৰিয়ালটো।

কিন্তু আদবাটতে নিঃশেষ হৈ গ’ল সকলো।

সোণাপুৰৰ ক্ষেত্ৰীৰ চক্ষুৰাত ভয়ংকৰ দুৰ্ঘটনাত নিঃশেষ পৰিয়ালটো।

নিহত দম্পতী, গুৰুতৰভাৱে আহত হৈছিল কন্যা সন্তান।

থিতাতে নিহত হয় ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্র মোহন দেৱশৰ্মা আৰু পত্নী অর্চনা শর্মা ।

চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক সাৱটিলে কন্যা কৃপালীম গার্গে।

Awards Ceremony: পশ্চিমবঙ্গৰ ‘আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদ’ৰ উদ্যোগত গুৱাহাটীৰ ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটীৰ ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান
গুৱাহাটীৰ ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান

পশ্চিম বংগৰ কলিকতাৰ (Awards Ceremony) অন্যতম সক্ৰিয় অনুষ্ঠান ‘আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদ’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। ১০ আগষ্টৰ দিনা বিয়লি ৩ বজাৰ পৰা সুদক্ষ সংগঠক তথা পৰিষদৰ মুখ্য বিষয়ববীয়া কলিকতাৰ সুপৰ্ণা ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক অজিৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপক অশ্বিনী কুমাৰ নাথ আৰু বজালীৰ কবি গিৰিন্দ মেধিক কবিৰত্ন সন্মান ২০২৫ প্ৰদান কৰা হয়।

ইফালে সমাজৰত্ন সন্মান ২০২৫ লাভ কৰে ক্ৰমে মাজুলীৰ শিক্ষক তথা সমাজকৰ্মী অনুপ্ৰভা দেৱী, গৌৰিপুৰৰ কৃতি শিক্ষক জয়াৰাণী ৰয়, ধুবুৰীৰ সমাজকৰ্মী সোণালী চৌধুৰী আৰু নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী জয়ন্ত সিংহ বিশ্বাসে। প্ৰতিগৰাকী সন্মান প্ৰাপকক অংগ বস্ত্ৰ, গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে পৰিষদৰ তৰফৰ পৰা আদৰণী জনোৱা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথ আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।

ভাষণ প্ৰসংগত দুলাল নাথে পশ্চিম বংগ আৰু অসমৰ সাহিত্যৰ এনাজৰীডাল শক্তিশালী কৰাৰ ভূমিকা গ্ৰহণ কৰা কলিকতাৰ আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদক ধন্যবাদ জ্ঞাপন কৰি ভাষা সাহিত্যৰ সেৱাত সদাব্ৰতী থাকিবলৈ আহ্বান জনায়। অন্য গৰাকী বিশিষ্ট অতিথি শংকুসিদ্ধ নাথেও ভাষণ প্ৰসংগত অসম আৰু বংগৰ জাতীয় দায়বদ্ধতা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বন্ধ আৰু বিচক্ষণতাৰ সোঁৱৰণ কৰি এই সভাখনেও দুয়ো ৰাজ্যৰ সাহিত্যিক- সংগঠকসকলৰ বন্ধুত্বসুলভ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰিছে বুলি প্ৰকাশ কৰে। ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীত, বহুকেইগৰাকী কবিৰ কবিতা আৰু সাংস্কৃতিক কৰ্মী-অভিনেতাৰ সংলাপে সভাখনক এক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সন্মানপ্ৰাপকৰ তৰফৰ পৰা অশ্বিনী কুমাৰ নাথে শলাগৰ শৰাই প্ৰদান কৰে।।

Sankor Jyoti Baruah: ‘ৰাজনীতি মোৰ কাম্য নহয়, আইৰ লগত ধেমালী সহ্য নহয়’

আইৰ লগত ধেমালী সহ্য নহয়
আইৰ লগত ধেমালী সহ্য নহয়

লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক লৈ (Sankor Jyoti Baruah) বিৰূপ মন্তব্য কৰিছিল গোলাঘাটৰ মনোজ বৰা নামৰ এজন ব্যক্তিয়ে।

গোলাঘাটৰ কমাৰবন্ধাৰ মনোজ বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল।

সামাজিক মাধ্যমত মনোজ বৰাই কৰিছিল বিৰূপ মন্তব্য।

মনোজ বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জাতীয় যুৱ শক্তিৰ।

লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক লৈ বিৰূপ মন্তব্য কৰাৰ পিছতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘ৰাজনীতি মোৰ কাম্য নহয়। কিন্তু এই গৰাকী আইৰ হাতেৰে ৰাতি দিন বহুত ভাত খাইছো।আইৰ লগত ধেমালী সহ্য নহয়।’

Lachit Borphukan Police Academy: গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলক প্রশিক্ষণ প্রদানেৰে উজ্বলিল লাচিত বৰফুকন পুলিচ একাডেমী

Lachit Borphukan Police Academy: গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলক প্রশিক্ষণ প্রদানেৰে উজ্বলিল লাচিত বৰফুকন পুলিচ একাডেমী
Lachit Borphukan Police Academy: গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলক প্রশিক্ষণ প্রদানেৰে উজ্বলিল লাচিত বৰফুকন পুলিচ একাডেমী

দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ (Lachit Borphukan Police Academy) একাডেমীত প্রশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীত নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱাৰ মুখ্যমন্ত্ৰী ড° প্রমোদ সাৱন্তৰ সৈতে অংশগ্ৰহণ কৰে । এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভৌগোলিকভাৱে অসম আৰু গোৱাৰ মাজত থকা যথেষ্ট দূৰত্বৰ কথা উল্লেখ কৰি কয় যে গোৱা চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত ৰাজ্যখনৰ আৰক্ষী কনিষ্টবলসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দুয়োখন ৰাজ্যক বহু ওচৰ চপাই আনিলে।

গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলৰ প্ৰশিক্ষণৰ বাবে অসমক বাচনি কৰা কাৰ্যই দুয়োখন ৰাজ্যৰ মাজত থকা বিশ্বাস আৰু সহযোগিতাকে প্রতিফলিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে গোৱা আৰক্ষীৰ কনিষ্টবলসকলক তেওঁলোকৰ সফল প্ৰশিক্ষণ সমাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে এতিয়াৰে পৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকল দেশৰ সেৱাৰ বাবে প্ৰস্তুত হৈ উঠিছে আৰু নিজ ৰাজ্যত তেওঁলোকে জনসেৱাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিবলৈ সমৰ্থ হ’ব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চলিত বৰ্ষৰ ১৫ মাৰ্চত লাচিত বৰফুকন আৰক্ষী একাডেমীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আৰক্ষী একাডেমীখনত অসম আৰক্ষীৰ ধাৰাবাহিক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈ আহিছে। তদুপৰি চলিত বৰ্ষত মণিপুৰ আৰক্ষীত নিযুক্ত কনিষ্টবলকো প্রশিক্ষণ প্ৰদানৰ দায়িত্ব এই একাডেমীখনে সফলতাৰে বহন কৰিছে। অসম মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য ভূমি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলে প্ৰশিক্ষণৰ কালচোৱাত অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰো সুযোগ লাভ কৰিছে।

তেনেদৰে এই প্ৰশিক্ষণকালত অসম আৰক্ষীয়েও গোৱাৰ সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ উচ্চ আদৰ্শ বজাই ৰাখি দেশ তথা জনসাধাৰণৰ সেৱাৰ বাবে সকলো সময়তে তৎপৰ হৈ থাকিবলৈ প্ৰশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকলক আহ্বান জনায়। ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ যথেষ্ট সংখ্যক যুৱক-যুৱতী বিভিন্ন কাৰণত গোৱাত বসবাস কৰে। ৰাজ্যৰ এনে যুৱক-যুৱতীসকলৰ যিকোনো সমস্যা তথা প্রয়োজনত সহায়ৰ হাত আগবঢ়াব বুলিও তেওঁ আশা প্রকাশ কৰে ৷
উল্লেখ্য যে, গোৱা আৰক্ষীত নিযুক্ত প্রথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ কনিষ্টবলৰ ৫৬৯ গৰাকী পুৰুষ আৰু ১৩১ গৰাকী মহিলা কনিষ্টবলে লাচিত বৰফুকন পুলিচ একাডেমীত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

৪৩ সপ্তাহজোৰা এই প্ৰশিক্ষণৰ সময়চোৱাত তেওঁলোকক শাৰীৰিক আৰু মানসিক সামর্থ্য বৃদ্ধিৰ কঠোৰ প্ৰশিক্ষণৰ লগতে কৰ্মক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া কৌশল তথা অস্ত্রচালনায় প্রশিক্ষণো প্ৰদান কৰা হৈছে- আজিৰ এই দীক্ষান্ত সমাৰোহত গোৱাৰ মুখ্যমন্ত্রী ড° প্রমোদ সাৱম্ভেও ভাষণ প্ৰদান কৰি গোৱা আৰক্ষীৰ কনিষ্টবলসকলে লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰৰ নামেৰে নামাংকৃত একাডেমীখনত প্ৰশিক্ষণ লাভৰ সুযোগ পোৱাৰ বাবে তেওঁলোক সৌভাগ্যৱান বুলি মন্তব্য কৰে। অনুস্থানত আসম আৰক্ষীৰ জোৱানে মতৰ চাইকেল চালনাৰ দুঃসহসিক ক্ৰিয়া-কৌশল প্ৰদৰ্শণ কৰে। মঙ্গল বাৰে অনুষ্ঠিত এই দিক্ষান্ত সমাৰোহত কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, বিশ্বজিৎ ফুকনৰ উপৰিও অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰ্মীত সিং, গোৱা আৰক্ষীৰ সঞ্চালক প্ৰধান আলোক কুমাৰকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA

হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA
হেমন্ত দত্তৰ প্ৰয়ানত শোক । HEMANTA DUTTA


HEMANTA DUTTA । অসমীয়া সংগীত আৰু নাট্য জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তই জীৱন নাট সামৰিলে৷ স্বনাম ধন্য গীতিকাৰ, যশস্বী অভিনেতা, প্ৰখ্যাত নাট্যকাৰ হেমন্ত দত্তই তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া সংস্কৃতিক চিৰ কালৰ বাবে আলোকিত কৰি থৈ গৈছে যিটো প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব৷ অতি সৰল নম্ৰ স্বভাৱৰ লোকজনে ৰাজ্যৰ অভিনয়, নাটক গীতৰ ক্ষেত্ৰখনকে ধৰি কলা সংস্কৃতিৰ পথাৰখন উকা কৰি থৈ গ’ল৷

মনৰ গভীৰতা, সৃষ্টিশীলতা আৰু জীৱনৰ প্ৰতিখন সংবেদনশীল সৃষ্টিৰাজিয়ে তেওঁক এক অসাধাৰণ ব্যক্তিত্ব হিচাপে গঢ়ি তুলিছিল৷ অসমৰ বিশেষকৈ দৰঙৰ সেউজীয়া পথাৰ, নৈৰ তীৰৰ শান্ত পৰিবেশ আৰু গাঁৱৰ মানুহৰ সৰল জীৱন যাত্ৰাই তেওঁৰ সৃষ্টিশীল মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সেইবোৰ স্মৃতিয়ে তেওঁৰ ৰচনা গীত নাট আদিত জীৱন্ত হৈ উঠিছিল৷ এই সাংস্কৃতিক কৰ্মই তেওঁক নিজৰ প্ৰতিভাক বিকশিত কৰাৰ সুযোগ প্ৰদান কৰিছিল৷ তেওঁৰ নাটকৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিৰ এক গৌৰৱময় পৰিচয় গঢ়ি তুলিছিল৷ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ সমাজ সংস্কৃতিমূলক অনুষ্ঠান জ্যোতিৰূপাই জীৱনজোৰা সাধনা বঁটাৰে সম্বৰ্ধিত কৰা হৈছিল৷

এইগৰাকী বহুমুখী প্ৰতিভাৰ আঁকৰ হেমন্ত দত্তৰ দেহাবসান নিশ্চিতভাৱে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ এক অপুৰণীয় ক্ষতি৷ তেওঁৰ মৃত্যুৰ বাতৰিয়ে জ্যোতিৰূপাৰ সমূহ সদস্য সদস্যাক মৰ্মাহত কৰিছে৷ সকলো সদস্য-সদস্যাৰ হৈ জ্যোতিৰূপাৰ সভাপতি প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু সাধাৰণ সম্পাদক নৰেন হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

সাময়িক চিন্তা’ধৰ্ম’ আৰু ‘জাতি’ সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।

সাময়িক চিন্তা'ধৰ্ম' আৰু 'জাতি' সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।
সাময়িক চিন্তা'ধৰ্ম' আৰু 'জাতি' সাঙুৰি অসমীয়া জাতিসত্তা ধ্বংস নকৰিব ।

ধৰ্মীয় উন্মাদনাই এতিয়া অসমৰ আকাশ-বতাহ বৰ বেয়া ধৰণে ছানি ধৰিছে। দেশত যেতিয়া ধৰ্মীয় উন্মাদনাই মানূহৰ মন-মগজু গ্ৰাস কৰিবলৈ ধৰে তেতিয়াই এখন দেশ বা এটা জাতি পতনৰ দিশে গতি কৰিবলৈ ধৰে। এয়াই সত্য। অসমত এতিয়া সেই পৰিস্থিতিয়েই দেখা গৈছে। আজি কিছু দিনৰ পৰা অসমত চৰকাৰী ভূমিত বসবাস কৰি থকা বাংলাদেশী মুছলমানক চৰকাৰৰ নিৰ্দেশত উচ্ছেদ কৰাৰ বাবে কেউফালে এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে। সঁচাকৈয়ে অসমৰ বহু চৰকাৰী ভূমি এনে বেদখলকাৰীৰে ভৰি আছে। আনকি অসমৰ বিভিন্ন ঠাইত থকা সত্ৰসমূহৰো যথেষ্টসংখ্যক ভূমি বেদখল কৰি আছে এইসকল অবৈধ দখলদাৰীয়ে। এইসকল লোক যে বংগমূলীয় হয় ইয়াত কাৰো দ্বিমত নাই। সঁচা অৰ্থত এইসকল বেদখলকাৰীক উচ্ছেদ কৰাত কাৰো আপত্তি নাই অথবা আপত্তি থাকিব নোৱাৰে।

এয়া ৰাজ্যখনৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অসমীয়া জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ ক্ষেত্ৰত অতিকে প্ৰয়োজনীয়। বেদখলকাৰীক চিনাক্ত কৰি তেওঁলোকক উচ্ছেদ কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে। কিন্তু এই বে-আইনীভাৱে মাটি দখলীকৃত লোকসকলক উচ্ছেদ কৰিবলৈ যাওঁতে যাতে কোনো ভাৰতীয় লোক উচ্ছেদিত হ’ব লগা নহয় বা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় সেই কথাতো চৰকাৰ-প্ৰশাসনে কিন্তু সঠিকভাৱে বিবেচনা কৰিব লাগিব। আনহাতে, হকে-বিহকে বাংলাদেশী সজাই যদি তেওঁলোকক উচ্ছেদ কৰা হয় তেনেহ’লে সেই মানুহখিনি ক’লৈ যাব। এতিয়ালৈতো এজনো বিদেশী বিতাড়িত কৰা হোৱা নাই। আনহাতে, এতিয়া খেতিৰ বতৰ। এইসকল লোকেই বৰ কষ্ট কৰি খেতি কৰে। সেয়াও এতিয়া ধ্বংস হ’ল। তেওঁলোকৰ ল’ৰা-ছোৱালী হঠাতে স্কুল-কলেজলৈ শিক্ষা গ্ৰহণৰ কৰিবলৈ যোৱাটো বন্ধ হৈ পৰিল। আটোমটোকাৰিকৈ বন্ধা ঘৰটো ভাঙি দিয়াৰ পিছত তেওঁলোকৰ মানসিক সন্তুলন নিশিয় আয়ত্তৰ বাহিৰলৈ যাব, ইত্যাদি কথাৰ বাবে ক্ষোভত সেই অবৈধ বাংলাদেশী লোকসকলৰ মানসিক অৱস্থা বেয়া হোৱাটোৱেই স্বাভাৱিক। এয়াও নিশ্চয় ভাবিবলগীয়া কথা। কাৰণ আমাৰ অসমখনৰ মানুহ যিহেতু অতিথিপৰায়ণ জাতি সেয়ে সঠিকভাৱে আৰু আনৰ দৃষ্টিত হেয় নোহোৱাকৈ অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰাৰ ব্যৱস্থা হয়তো নিশ্চয়কৈ কৰিব পাৰিলেহেঁতেন। ৭ দিন কিয়, তেওঁলোকক অবৈধভাৱে দখল কৰি থকা চৰকাৰী ভূমি দখলমুক্ত কৰি আন ঠাইলৈ যাবলৈ অন্ততঃ ছমাহ সময় দিয়া হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’লহেঁতেন। কাৰণ ইমান দিনে দেখোন চৰকাৰ-প্ৰশাসনৰ চকুৰ সন্মুখতেই তেওঁলোকে অবৈধভাৱে সেই অঞ্চলবোৰত বসবাস কৰি আহিছেই। গতিকে আৰু ছমাহ অন্ততঃ তেওঁলোকক সময় দিলে একো ক্ষতি নহ’লহেঁতেন। হয়তো তেতিয়া এই লোকসকল নিৰাপদে আন ঠাইলৈ আঁতৰি যাব পাৰিলেহেঁতেন। আকৌ যিসকল বাংলাদেশী লোক সেইসকলক এই ছমাহৰ ভিতৰত সঠিকভাৱে চিনাক্ত কৰি বাংলাদেশক গতাই দিয়াৰ ব্যৱস্থা চৰকাৰ-প্ৰশাসনে নিশ্চয় কৰিব পাৰিলেহেঁতেন। এনে ব্যৱস্থা কৰিলে অসমত আজি যি ধৰণৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতি কেতিয়াও সংঘটিত হ’বলৈ নাপালেহেঁতেন। এতিয়া অসমত বাংলাদেশী উচ্ছেদৰ নামত বিভিন্ন সংগঠনে বিভিন্ন ধৰণে অসমত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সুযোগ লৈছে। এনে পৰিস্থিতিও পাইছে গৈ যে ঘৰে ঘৰে গৈ আমাৰে একাংশই বাংলাদেশী বিচাৰি ফুৰিছে। বিভিন্ন ধৰণে জোৰ-জুলুম, ডাবি-ধমকিত লিপ্ত হৈছে। এয়া কিমান যুক্তিসংগত। সেইসকল সংগঠনৰ নেতাই যেনেদৰে বাংলাদেশী লোক এজনো অসমত থকাটো নিবিচাৰে, ঠিক তেনেদৰে অসমৰ কেনো এজন লোকেই, তেওঁ লাগিলে হিন্দুৱেই হওক বা মুছলমান, খ্ৰীষ্টান বা আন ধৰ্মৰ লোকেই হওক কোনেও অসমত বাংলাদেশী লোক থকাটো নিবিচাৰে। কিন্তু সেই বুলি কোনোবাই ঘৰে ঘৰে গৈ বাংলাদেশী লোক বিচাৰি মানুহক অশান্তি দিব সেয়া কেতিয়াও মানি ল’ব পৰা বিধৰ কাৰ্য হ’ব নোৱাৰে। এনে হ’বলৈ হ’লে আইন-আদালত বোলা কথাষাৰৰ তাৎপৰ্য থাকিবগৈ নে ? এয়া কিমান যুক্তিসংগত। এয়া অসমখন অস্থিৰ কৰা এক কৌশল। যিয়ে হয়তো নিৰ্বাচনত একাংশক পৰোক্ষভাৱে সহায় কৰিব। যিটো কথা এচাম ক্ষমতা খঁকুৱা নেতাই হয়তো ভাবিছে। ইফালে শান্ত অসম জ্বলি চাৰখাৰ হৈ যাওক তাত কাৰ কি আহে-যায়। এতিয়া এনে এটা পৰ্যায় পাইছে গৈ যে বিষয়টো ‘অবৈধ নাগৰিক’ৰ পৰা বহু দূৰ ফালৰি কাটি গৈ ধৰ্মীয় সংঘাতত পৰিণত হোৱাৰ দিশেহে গৈ আছে। এয়া পিছে শান্তিপূৰ্ণ অসমৰ ভৱিষৎ দিনৰ বাবে শুভ লক্ষণ নহয়। কথাবোৰ সুধী সমাজে ভাবি চাবৰ হ’ল। শুভ লক্ষণ যে ঐতিহাসিক শিৱসাগৰৰ ৰাইজে সেইটো কৰি দেখুৱালে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ আগেয়েই শিৱসাগৰৰ সচেতন ৰাইজে নাগৰিক সভাৰ জৰিয়তে শান্তি-সম্প্ৰীতি, ঐক্য-সম্প্ৰীতিৰ যি নিদৰ্শন দেখুৱালে সেয়া বৰ্তমান সময়ত এক সঠিক সিদ্ধান্ত। কাৰণ আইন কোনেও নিজৰ হাতত তুলি লোৱাৰ অধিকাৰ নাই। কাৰোবাৰ উচটনিত পৰি কোনোবা জাতীয় সংগঠনৰ নেতাই আইন হাতত তুলি লৈ ঘৰে ঘৰে গৈ বাংলাদশী মানুহ বিচাৰি ফুৰি অশান্তিৰ সৃষ্টি কৰিব সেয়া মানি ল’ব পৰা কথা হ’বই নোৱাৰে। জাতীয় সংগঠনে জাতিটোৰ আৰু বহুত কৰিবলগীয়া কাম আজিৰ দিনটোতো আছে। তেওঁলোক সেইবোৰ কামত মনোনিৱেশ কৰক। অসমত থকা বাংলাদেশী অবৈধ লোক, তেওঁলোক হিন্দুৱেই হওক বা মুছলমানেই হওক সেইসকলক চিনাক্ত কৰি বিতাড়ন কৰাৰ দায়িত্ব চৰকাৰৰ। তাৰ বাবে আইন আছে, আদালত আছে। জাতীয় সংগঠনবোৰে অসমৰ পথাৰ, অসমৰ বজাৰ সম্পূৰ্ণ নিজৰ হাতলৈ অনাৰ ব্যৱস্থা কৰক, পথাৰ আমাৰ, বজাৰ আমাৰ বুলি চিঞৰিলেই নহ’ব। পথাৰত কাম কৰক, বজাৰত কাম কৰক, আনৰ মূৰত কঁঠাল ভাঙি খোৱাৰ সুবিধা এৰক, শিক্ষাত গুৰুত্ব দিয়ক, অসমীয়া মাধ্যমৰ বিদ্যালয় যে দিনে দিনে বন্ধ হৈ গৈ আছে সেই কথাবোৰ চিন্তা কৰক, অসমীয়া ছাইন ব’ৰ্ডত ক’লা ৰং সনা বিষয়বোৰত গুৰুত্ব দিয়ক, বানপানীৰ সমস্যা আজিও কিয় অসমত সমাধা হোৱা নাই সেই কথা ভাবক। সমাধান কৰিবলৈ চৰকাৰক কওক, দাবী জনাওক। কোনোবা চেনেলত বহি টক শ্ব’ৰ নামত চিঞৰ-বাখৰ কৰিলেই জাতীয় সংগঠনৰ দায়িত্ব শেষ হৈ নাযায়। বৰ্তমান একাংশই ইটোৱে সিটোক অশ্ৰাব্য গালি-গালাজ কৰি, কাটিম, মাৰিম, চান্দা ল’ম, টেক্স ল’ম বুলি ডাবি-ধমকি দি চিঞৰিলেই অসমৰ সমস্যা সমাধান হৈ নাযায়। ৰাজনীতিকৰ কূটিল জালত ভৰি দি নিজৰ চৰিত্ৰ উদঙাই দি ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ নহ’ব। বাংলাদেশী ঘৰে ঘৰে বিচৰা কাম জাতীয় সংগঠনৰ নহয়, বাংলাদেশী লোক যাতে এজনো অসমত থাকিব নোৱাৰে তাৰ বাবে হেঁচা দিয়ক চৰকাৰক জাতীয় সংগঠনে। চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিয়ক বাংলাদেশী বিতাড়নৰ। অসম চুক্তি আখৰে আখৰে পালন কৰিবলৈ বাধ্য কৰাওক। অসমৰ আৰ্থ-সামাজিক-শৈক্ষিক উন্নতিৰ দিশত চিন্তা কৰক জাতীয় সংগঠনে। নহ’লে ইতিহাসে কাকো ক্ষমা নকৰে। স্বাৰ্থলোভী, পৰৱৰ্তী সময়ত নিজৰ আদৰ্শৰ পৰা বিচ্যুত হৈ আনৰ ওচৰত আঁঠু লোৱা জাতীয় নেতা ইতিমধ্যে বহুত দেখিলো, দেখিলে অসমৰ ৰাইজেও। জাতীয় সংগঠনৰ প্ৰতি থকা শেষ বিশ্বাসকণ হেৰুৱাবলৈ আৰু বাধ্য নকৰিব অসমৰ জনতাক। দেশৰ আন আন বহু জাতি সত্তাৰ দৰে অসমীয়াও এটা ভাষিক জাতি সত্তা। বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত আমাৰ অসমীয়া জাতিসত্তা নিৰ্মাণ প্ৰক্ৰিয়া অব্যাহত আছে। কিন্তু বৰ্তমান ‘ধৰ্ম’ৰ লগত ‘জাতি’ক সাঙুৰি অসমীয়া জাতিসত্তাক, অসমীয়া জাতীয়তাবাদক একাংশই দুৰ্বল কৰিবলৈ সুযোগ বিচাৰি আছে। তাক আমিয়েই প্ৰতিহত কৰিব লাগিব। অসমৰ ইতিহাস মহান। ইয়াক ধ্বংস হ’বলৈ কেতিয়াও নিদিওঁ।

ভূপেন মহন্ত, ফোনঃ ৭৮৯৬১-৩৭২৬৪


নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon

নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon
নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে ।Nagaon

Nagaon । নগাঁও জিলাৰ ঢাকাপট্টিৰ নাম সলনি — এতিয়াৰ পৰা জনা যাব ‘ৰূপকোঁৱৰ চ’ক’ নামেৰে। নগাঁও জিলাৰ ঐতিহাসিক ঢাকাপট্টিৰ নাম আজিৰ পৰা সলনি কৰি ‘ৰূপকোঁৱৰ চ’ক’ ৰূপে জনা যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছত জিলা প্ৰশাসনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

নতুন নামকৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সন্মানত কৰা হৈছে। ঢাকাপট্টিৰ প্ৰৱেশ পথ — আৰ ডি এণ্ড চঞ্চ চাৰিআলি পৰা ছায়াৰ ষ্ট’ৰ চাৰিআলি পর্যন্ত অংশক ‘ৰূপকোঁৱৰ চ’ক’ হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্যভাৱে, আৰ ডি এণ্ড চঞ্চ চাৰিআলিত অৱস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তি এই নামকৰণৰ প্ৰেৰণা।

ইয়াৰোপৰি, ছায়াৰ ষ্ট’ৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈ অঞ্চলটো বৰবজাৰ নামেৰে জনা যাব। দুই দিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে নাম সলনিৰ নিৰ্দেশ দিয়াৰ পিছত বিধায়ক ৰূপক শৰ্মাৰ পৰামৰ্শ অনুসৰি জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

প্ৰশাসনৰ এই সিদ্ধান্তক নগাঁৱবাসীয়ে আনন্দেৰে স্বাগতম জনাইছে আৰু এই নামকৰণক ঐতিহাসিক উদ্যোগ হিচাপে অভিহিত কৰিছে।

ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL

ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL
ইউপিপিএল দলৰ নেতাৰ দূৰ্নীতি আৰু এমজি-এনৰেগাৰ কামত হোৱা দূৰ্নীতিৰ বিৰুদ্ধে কলাইগাঁও মৰাবেগাত এবিএমছুৰ তীব্ৰ প্ৰতিবাদ । UPPL

UPPL বিটিচিত নিৰ্বাচন সমাগত। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ সভা সমিতিৰ জড়িয়তে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে নতুন নতুন ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত হৈ থকা সময়তে ওডালগুৰি জিলাৰ কলাইগাঁওৰ ভকতপাৰা ভিচিডিচিৰ মৰাবেগা নামৰ এটা অঞ্চলত আজি এবিএমছুয়ে ইউপিপিএল দলৰ নেতা পালিনেতাই কৰা ভয়াবহ দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।

ইউপিপিএল দলৰ প্ৰধান প্ৰমোদ বড়ো হায় হায়, প্ৰমোদ বড়ো গ বেক, ইউপিপিএল হায় হায় আদি ধ্বনিৰে কলাইগাঁও মৰাবেগাৰ সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অধীনস্থ ভকতপাৰা ভিচিডিচি ৰ মৰাবেগা অঞ্চলত বিভিন্ন কাম কাজত ব্যাপক দুৰ্নীতি হোৱাক লৈ এনেদৰে স্হানীয় ৰাইজ আৰু এবিএমছুৰ বিষয়ববীয়া ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰমোদ বড়োৰ ইউ পি পি এল চৰকাৰে যোৱা নিৰ্বাচনৰ সময়ত যি প্ৰতিশ্ৰুতি দিছিল মৰাবেগা অঞ্চলত সেয়া আজিলৈ কোনো ধৰণৰ সুফল নাপালে ৰাইজে।

প্ৰধানমন্ত্ৰী আবাস গৃহ,এমজি-এনৰেগা ,ৰেচনকাৰ্ড আদিত একাংশ ইউ পি পি এলৰ কৰ্মীয়ে দুৰ্নীতি কৰাক লৈও সৰব হৈ পৰিছে স্হানীয় ৰাইজ তথা এবিএমছুৰ বিষয়ববীয়াসকল।সেয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেদৰে চৰকাৰ বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এইবাৰ পৰিষদীয় নিৰ্বাচনত যদি কোনোবা ইউ পি পি এল দলৰ নেতা সেই অঞ্চলত সোমাই তেন্তে মহিলা সকলৰ হতুৱাই এক উচিত শিক্ষা দিয়াৰো এক কঠোৰ সিদ্ধান্ত প্ৰতিবাদ স্হলিতে লয়। ইফালে ২০২২- ২০২৩ আৰু ২০২৪-২০২৫ বিত্তীয় বৰ্ষত এমজি-এনৰেগাৰ অধীনত মৰাবেগা অঞ্চলত কৰা বহুকেইটা কামত দূৰ্নীতি সংঘটিত হোৱাৰ কথা ৰাজহুৱা কৰে এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে । আজি কিছুদিন আগত এই সংক্ৰান্তত জিলাৰ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগতে অভিযন্তা আৰু GRS ক অভিযোগ দিছিল যদিও আজিৰ তাৰিখলৈ কোনোধৰনৰ ন্যায় ৰাইজে লাভ নকৰিলে।

এতিয়া ওডালগুৰি জিলাৰ প্ৰকল্প সঞ্চালকৰ জড়িয়তে জিলা আয়ুক্ত আৰু বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰলৈ পুনৰ মৰাবেগা অঞ্চলত হোৱা দূৰ্নীতিৰ তদন্ত কৰিবলৈ অভিযোগ দাখিল কৰে। মৰাবেগা অঞ্চলৰ ইউপিপিএল দলৰ সদস্য জুলফিগাৰ আলিৰ বিৰুদ্ধেও ৰেচনকাৰ্ড, জবকাৰ্ড আৰু চৰকাৰী ঘৰৰ দিয়াৰ নামত গাঁওৰ সাধাৰণ মানুহৰ পৰা হাজাৰ হাজাৰ টকা ঘোচ লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এবিএমছুৰ ভেৰগাঁও জিলাৰ উপ সভাপতি হাবিবুল্লাহ আহমেদে । ঠিক একেদৰে মেৰাবেগা অঞ্চলত হোৱা এমজি-এনৰেগাৰ কামত সেই সময়ৰ কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ধনী ৰাম পাতৰ, বিভাগীয় অভিযন্তা ইবলিনা ৰহমান আৰু GRS ৰমজান আলী এই আটাইকেইজন লগ হৈ এক বিয়াগোম দূৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদ স্হলিৰ পৰা এবিএমছুৰ নেতা হাবিবুল্লাহ আহমেদে। অবশ্যেই এই অভিযোগ কিমান সচাঁ সেয়া বিভাগীয় তদন্তৰ পিছতহে স্পষ্ট হব। এতিয়া এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা চৰকাৰৰে প্ৰতিবাদী ৰাইজক ন্যায় প্ৰদান কৰাৰ নামত কি তদন্ত ঘোষনা কৰে সেয়া হব সময়ত লক্ষ্যণীয়।