Home Blog Page 93

World Indigenous Peoples Day: চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত “বিশ্ব খিলঞ্জীয়াৰ আন্তৰাষ্ট্ৰীয় দিৱস” উদযাপন

World Indigenous Peoples Day
World Indigenous Peoples Day

চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয়ত আজি ৰাজনীতি বিজ্ঞান বিভাগ আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত “বিশ্ব খিলঞ্জীয়াৰ আন্তৰাষ্ট্ৰীয় দিৱস” উপলক্ষে এটি বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। (World Indigenous Peoples Day) উক্ত অনুষ্ঠানত অনলাইন বক্তৃতা প্ৰদান কৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেল ফ’ৰ দ্য ষ্টাডী অফ চ’চিয়েল ষ্টাডিজ, স্কুল অফ চ’চিয়েল চাইন্সৰ সহকাৰী অধ্যাপক ড০ ফিৰমি বড়োৱে। ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰণেন্দ্ৰ খাউণ্ডে আঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী লক্ষীনন্দন বৰগোহাঞিয়ে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ বড়াই উদ্বোধনী ভাষণত এই দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা সম্পৰ্কে উল্লেখ কৰে।

মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ ননীৰূপা চেতিয়াই তেওঁৰ ভাষণত খিলঞ্জীয়াৰ বৈশিষ্ট্য তথা তেওঁলোকৰ সমস্যা সম্পৰ্কে সংক্ষিপ্তভাৱে ব্যক্ত কৰে। সমল ব্যক্তি ড০ ফিৰমি বড়োৱে ‘ৰিথিংকিং ইণ্ডিজিনিটী থ্ৰ’ লোকেল ৱৰ্ল্ড ভিউজ’ শীৰ্ষক এটি গৱেষণামূলক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানৰ শেষভাগত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মিনাক্ষী দত্তই প্ৰশ্নোত্তৰ শিতানত কেতবোৰ প্ৰশ্ন উত্থাপন কৰে আৰু সমল ব্যক্তিয়ে তাৰ উত্তৰ প্ৰদান কৰে। মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে ভাগ লোৱা এই অনুষ্ঠানত বুৰঞ্জী বিভাগৰ মুৰব্বী ড০ জুৰি শইকীয়া আৰু প্ৰবক্তা প্ৰিয়ঙ্কা গগৈয়ে অংশগ্ৰহণ কৰে।

ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক চন্দ্ৰ সেনাপতিয়েও এই অনুষ্ঠানত ভাগ লয়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা ডি ডি আৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক আৰু কেইবাখনো কলেজৰ অধ্যাপকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

Barpeta News: বৰপেটা শিক্ষাখণ্ডত সফলভাৱে সমাপ্ত টিচিং এট ডা ৰাইট লেভেলৰ প্ৰশিক্ষণ

Barpeta News: বৰপেটা শিক্ষাখণ্ডত সফলভাৱে সমাপ্ত টিচিং এট ডা ৰাইট লেভেলৰ প্ৰশিক্ষণ
Barpeta News: বৰপেটা শিক্ষাখণ্ডত সফলভাৱে সমাপ্ত টিচিং এট ডা ৰাইট লেভেলৰ প্ৰশিক্ষণ

সমগ্ৰ অসমৰ লগতে বৰপেটা (Barpeta News) জিলাৰ বৰপেটা শিক্ষাখণ্ডতো যোৱা ৫ আগষ্টৰ পৰা আৰম্ভ হোৱা টিচিং এট ডা ৰাইট লেভেল চমুকৈ TaRL ৰ প্ৰশিক্ষণ আজি সফলভাৱে সমাপ্ত কৰা হৈছে। বৰপেটা শিক্ষাখণ্ডৰ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লীলাধৰ দাস আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাঙ্গ ডেকাই। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডায়েট বৰপেটাৰ প্ৰৱক্তা ড০ পাপৰি মজুমদাৰ আৰু সমগ্ৰ শিক্ষা বৰপেটাৰ সমাজ জড়িতকৰণ গোটৰ জিলা আচনি বিষয়া নিৰঞ্জন ওজা ।

খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে আত ধৰা উদ্বোধনী সভাত সভাপতিত্ব কৰে দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তীয়ে। প্ৰথম দিনাই প্ৰশিক্ষণ পৰ্যবেক্ষণ কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰাই। প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত মত বিনিময় কৰি তেওঁ এই প্ৰশিক্ষণে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ শিকণ ঘাটি নাইকিয়া কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি মত প্ৰকাশ কৰে। শ্ৰী বৰাই বৰপেটা জিলাৰ সকলো বিদ্যালয়কে টিচিং এট ডা ৰাইট লেভেলৰ সকলো কাৰ্যসূচী অনাগত ৩ মাহত সফলভাৱে আৰু আন্তৰিকতাৰে পালন কৰিবলৈ আহ্বান জনায়।


আনহাতে জুৰোৰাম পাঠক ছোৱালী হাইস্কুল প্ৰাংগনত প্ৰশিক্ষণটো শুভাৰম্ভ কৰে বৰপেটাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শিকা নিয়তি পাঠকে। তেওঁক সংগ দিয়ে জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী দিপালী দাস আৰু শিক্ষক শান্তনু বৰুৱাই। বৰপেটা শিক্ষাখণ্ডৰ ৩১১ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী হিচাপে বাচনি কৰা হৈছে। তাৰবাবে জড়িত কৰা হৈছে ১৪ গৰাকী সমল ব্যক্তি আৰু ১০ গৰাকী মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক। প্ৰশিক্ষণটো পৰ্যবেক্ষণ কৰি ৰাজ্যিক পৰ্যায়ৰ পৰা অহা “প্ৰথম”ৰ দুয়োগৰাকী পৰ্যবেক্ষকে সন্তুষ্টি প্ৰকাশ কৰে আৰু সকলো প্ৰশিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰীক অনাগত তিনিমাহত নিষ্ঠা সহকাৰে “টিচিং এট ডা ৰাইট লেভেল”ৰ সকলো দিশ পৰিচালনা কৰিবলৈ আহ্বান জনায়।

বৰপেটা শিক্ষা খণ্ডত অনুষ্ঠিত এই প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়টোৰ চাৰিওটা দিন সময়ে সময়ে পৰ্যবেক্ষণ কৰি সমল ব্যক্তি আৰু প্ৰশিক্ষাৰ্থীসকলক বিভিন্ন পৰামৰ্শ দি থাকে সমগ্ৰ শিক্ষা বৰপেটাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচনি বিষয়া সীতাংগ ডেকা, সমগ্ৰ শিক্ষা বৰপেটাৰ নিপুন অসমৰ জিলা প্ৰালোচক মীনাক্ষী দাস, অনুপম নাথ, মুখ্য সমল ব্যক্তি চম্পক নাথ, অৰুপ ভূঞা, বি ই ই অʼ লীলাধৰ দাস আৰু এছ আই নিয়তি পাঠকে।
উল্লেখযোগ্য যে “টিচিং এট্ ডা ৰাইট লেভেল” চমুকৈ TaRL ৰ জৰিয়তে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰে শিক্ষাৰ ক্ষেত্ৰত সঠিক স্তৰ নিৰূপণ কৰা হ’ব আৰু সেই মতে পাঠদানৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ডৰ উন্নত কৰা হ’ব অৰ্থাৎ ছাত্ৰ ছাত্ৰীক সঠিক স্তৰলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া কিশোৰ ৰাজবংশী আৰু বৰপেটাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক প্ৰদীপ দাসে।

Gold prices: সোণৰ দামে গঢ়িলে অভিলেখ, বাঢ়িল ৰূপৰো !

Gold prices: সোণৰ দামে গঢ়িলে অভিলেখ, বাঢ়িল ৰূপৰো !
Gold prices: সোণৰ দামে গঢ়িলে অভিলেখ, বাঢ়িল ৰূপৰো !

ভাৰতত সোণৰ মূল্যই (Gold prices) অভিলেখ সৃষ্টি কৰিলে৷ শুকুৰবাৰে পুৱা সোণৰ মূল্যই অভিলেখ সৃষ্টি কৰে৷ বিশ্ব বাণিজ্যিক উত্তেজনা আৰু দুৰ্বল আমেৰিকান ডলাৰৰ বাবে বিনিয়োগকাৰীসকলে সোণক নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তি হিচাপে গণ্য কৰিছে৷ মাল্টি ক’ম’ডিটি এক্সছেঞ্জত সোণৰ মূল্য সৰ্বকালৰ সৰ্বোচ্চ ১,০২,১৯১ টকা প্ৰতি ১০ গ্ৰামত৷ ৰূপৰ দামো বৃদ্ধি পালে৷ দিনৰ ১:১৫ বজাত এমচিএক্স গোল্ডৰ মূল্য ০.৬৮ শতাংশ বৃদ্ধিৰে ১,০২,১৫৯ টকা আৰু এমচিএ’ ছিলভাৰৰ মূল্য ০.৫৪ শতাংশ বৃদ্ধি পাই ১,১৪,৯০৪ টকা প্ৰতি কেজিত হয়৷ ভাৰতৰ ওপৰত নতুন শুল্ক দুগুণ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ সময়তে সোণৰ বৃদ্ধিৰ তথ্য পোহৰলৈ আহিছে৷ ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত তেল ক্ৰয় কৰাৰ সিদ্ধান্তৰ প্ৰতিশোধ হিচাপে ট্ৰাম্পে এই শুল্ক আৰোপ কৰে৷ শুল্ক বিবাদ নিষ্পত্তি নোহোৱালৈকে ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা স্থগিত থাকিব বুলিও তেওঁ কয়৷ বিশেষজ্ঞসকলৰ মতে এই উচ্ছ শুল্কৰ বাবে ভাৰতৰ জিডিপি বৃদ্ধি ০.৩শতাংশ পৰা ০.৬শতাংশ হ্ৰাস পাব পাৰে৷ আমেৰিকাই আমদানিকৃত ৰ কেজি সোণৰ বাৰত নতুন শুল্ক আৰোপ কৰা বুলিও বজাৰখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যাৰ প্ৰভাৱ বিশ্বৰ সৰ্ববৃহৎ সোণ শোধন কেন্দ্ৰ চুইজাৰলেণ্ডৰ দৰে দেশত পৰিব৷ এই বাণিজ্যিক উত্তেজনাৰ লগতে আমেৰিকান ডলাৰৰ হ্ৰাসে অন্যান্য মুদ্ৰাৰ ক্ৰেতাসকলৰ বাবেও সোণক অধিক আকৰ্ষণীয় কৰি তুলিছে৷

অধিবেশনৰ সময়ছোৱাত ডলাৰৰ সূচকাংক প্ৰায় ০.৫ শতাংশ হ্ৰাস পাই ৯৭.৯৬ত উপনীত হয়৷বিশেষজ্ঞসকলে জনোৱা মতে, সোণ আৰু ৰূপৰ দাম প্ৰতিৰোধৰ স্তৰত উপনীত হৈছে, গতিকে সপ্তাহৰ শেষৰ ফালে বিনিয়োগকাৰীসকল সতৰ্ক হৈ থকাৰ বাবে বজাৰত কিছু লাভৰ হাৰ হ’ব পাৰে৷ বিশ্বজুৰি অনি(য়তা বৃদ্ধি পোৱাৰ লগে লগে অনাগত দিনত সোণ আৰু ৰূপৰ মূল্যৰ গতিবিধিৰ ওপৰত বিনিয়োগকাৰীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি আশা কৰা হৈছে৷

Mann Ki Baat: মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি

Mann Ki Baat: মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি
Mann Ki Baat: মোদীৰ ‘মন কি বাত’ৰ পৰা আয় ৩৪ কোটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (Mann Ki Baat) মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’-এ ৩৪ কোটি ১৩ লাখ উপাৰ্জন কৰিছে৷ শুকুৰবাৰে ৰাজ্যসভাত লিখিত প্ৰশ্নৰ উত্তৰত মোদী চৰকাৰে এই তথ্য দিছে৷ তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে কয় যে এই কাৰ্যসূচী বিভিন্ন মাধ্যমত সম্প্ৰচাৰ কৰা হয়৷ অল ইণ্ডিয়া ৰেডিঅ’ৰ দ্বাৰা প্ৰস্তুত কৰা এই অনুষ্ঠানৰ সম্প্ৰচাৰৰ বাবে কোনো অতিৰিক্ত ধন ব্যয় হোৱা নাছিল বুলিও তেওঁ কয়৷ বৰঞ্চ ইয়াৰ পৰা ৩৪.১৩ কোটি টকা উপাৰ্জন কৰিছিল৷ মন কৰিবলগীয়া যে এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰ কৰা হৈছিল৷

মুৰুগানে কয় যে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশই প্ৰতি মাহৰ শেষৰ দেওবাৰে অল ৰেডিঅ’ ইণ্ডিয়াই সম্প্ৰচাৰিত ‘মন কি বাত’ শুনে৷ ইয়াৰ উপৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় আৰু বিভিন্ন আঞ্চলিক চেনেলতো সম্প্ৰচাৰ কৰা হয়৷ লগতে তেওঁ কয় যে ডি ডি ফ্ৰী ডিছৰ অফাৰ অনুসৰি ইয়াক ৪৮টা আকাশবাণী ৰেডিঅ’ চেনেল আৰু ৯২টা টিভি চেনেলত সম্প্ৰচাৰ কৰা হয়৷ ফলত গ্ৰামাঞ্চল আৰু দুৰ্গম অঞ্চলৰ বহু লোকে ‘মন কি বাত’ শুনিব পাৰে৷ ইয়াৰ উপৰি পিএমঅ’ ইণ্ডিয়াৰ ইউটিউব চেনেল আৰু প্ৰসাৰ ভাৰতীৰ অ’টিটি প্লেটফৰ্ম ৱেভছত শুনা যায়৷ ইয়াৰ উপৰি ‘NewsOnAir’ নামৰ মোবাইল এপটোত শুনা যায়৷ প্ৰসংগক্ৰমে যোৱা মাহৰ শেষৰ দেওবাৰটো আছিল ‘মন কি বাত’ অনুষ্ঠানৰ আটাইতকৈ শেহতীয়া খণ্ড৷

Trump tariff: ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বাতিল ট্ৰাম্পৰ

Trump tariff: ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বাতিল ট্ৰাম্পৰ
Trump tariff: ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক আলোচনা বাতিল ট্ৰাম্পৰ

ট্ৰাম্পৰ নতুন বোমা, বাণিজ্যিক (Trump tariff) চুক্তিৰ বাবে ভাৰতে এতিয়ালৈকে আমেৰিকাৰ সৈতে পাঁচটা ৰাউণ্ডৰ আলোচনাত মিলিত হৈছে৷ চলিত মাহৰ শেষৰ ফালে দুয়োখন দেশৰ মাজত ষষ্ঠ ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হোৱাৰ কথা৷ তাৰ আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই বৈঠকত চেঁচাপানী ঢালিলে৷ তেওঁ স্পষ্ট কৰি দিছে যে ভাৰত-আমেৰিকা শুল্ক সমস্যা সমাধান নোহোৱালৈকে ভাৰতৰ সৈতে কোনো বাণিজ্যিক আলোচনা নহ’ব৷ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাত ক্ষুব্ধ হৈ পৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্প৷ তেওঁ ‘বন্ধু’ মোদীৰ দেশকো ৰেহাই দিয়া নাছিল৷ ইতিমধ্যে আমেৰিকাই ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে৷

যাৰ বাবে ভাৰত-আমেৰিকাৰ বাণিজ্যিক উত্তেজনা তুংগত আছে৷ এনে পৰিস্থিতিত ট্ৰাম্পে ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা বাতিল কৰিছে৷ ফলত আমেৰিকা-ভাৰতৰ বাণিজ্যিক উত্তেজনা দুটা দশকৰো অধিক সময়ৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে৷ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছত তেওঁ ভাৰতৰ সৈতে অধিক বাণিজ্যিক আলোচনা কৰিবনে? হোৱাইট হাউছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে এই কথা সমাধান নোহোৱালৈকে কোনো বাণিজ্যিক আলোচনা নহ’ব৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল যে ৰাছিয়াৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত ‘গৌণ নিষেধাজ্ঞা’ অৰ্থাৎ অতিৰিক্ত বাধা আৰোপ কৰা হ’ব৷ ইয়াৰ পিছত আমেৰিকা প্ৰশাসনে ভাৰতীয় সামগ্ৰীৰ আমদানিৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰে৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই পদক্ষেপৰ পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ দক্ষিণ ব্লকে আমেৰিকাৰ এই সিদ্ধান্তক ‘অযুক্তিকৰ, অন্যায় আৰু অসামঞ্জস্যপূৰ্ণ’ বুলি অভিহিত কৰিছে৷ দ্বৈততাৰ অভিযোগ উত্থাপন কৰি ভাৰতে কয় যে চীন আৰু তুৰস্কেও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে৷ অৱশ্যে আমেৰিকাই কেৱল ভাৰতক লক্ষ্য কৰি লৈছিল৷

ভাৰতৰ তেল আমদানি মূলতঃ বজাৰৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয় আৰু ভাৰতে কয় যে ৰ.চ্ছ্ৰ বিলিয়নতকৈ অধিক লোকৰ শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰতে কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধ পালকৰ স্বাৰ্থৰ সৈতে আপোচ নকৰে৷ মই জানো ইয়াৰ বাবে আমি গধুৰ মূল্য দিব লাগিব৷ ইয়াৰ বাবে ব্যক্তিগতভাৱে মূল্য দিবলগীয়া হ’লেও মই পিছুৱাই নাযাওঁ৷’ আমেৰিকাৰ বিষয়াসকলে জনোৱা মতে, প্ৰাৰম্ভিক ২৫ শতাংশ শুল্ক জ্জ আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল৷ ২১ দিনৰ ভিতৰত এই অতিৰিক্ত শুল্ক কাৰ্যকৰী হ’ব আৰু আমেৰিকাৰ বন্দৰত প্ৰৱেশ কৰা সকলো ভাৰতীয় সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব৷ অৱশ্যে ট্ৰেনজিট সামগ্ৰী আৰু কিছুমান ৰেহাইপ্ৰাপ্ত শিতান ইতিমধ্যে ৰেহাই দিয়া হ’ব৷

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত এজন ব্যক্তিৰ বয়স বৃদ্ধি হ’বলৈ আৰম্ভ হয়?

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত এজন ব্যক্তিৰ বয়স বৃদ্ধি হ'বলৈ আৰম্ভ হয়?
Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত এজন ব্যক্তিৰ বয়স বৃদ্ধি হ'বলৈ আৰম্ভ হয়?

আমাৰ শৰীৰৰ বাবে ভিটামিন অতি প্ৰয়োজনীয়। (Vitamin) ভিটামিনৰ অভাৱত আণাৰ শৰীৰত বহু সমস্যাই দেখা দিব পাৰে। ছালৰ ৰোগৰ পৰা আৰম্ভ কৰি হাড় দুৰ্বল হোৱালৈকে বিভিন্ন সমস্যাই দেখা দিব পাৰে যদিহে আমাৰ শৰীৰত ভিটামিন কমে। আজি আমি আপোনালোকক জনাম শৰীৰত কি ভিটামিন কমিলে মানুহৰ বয়স বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।

পেশীৰ জঠৰতা মেগনেছিয়ামৰ অভাৱৰ বাবে হোৱাৰ সম্ভাৱনা বেছি, কিয়নো পেশীবোৰক নমনীয় কৰি ৰখা, মসৃণভাৱে কাম কৰা আৰু শান্ত কৰি ৰখাৰ বাবে এই পুষ্টিকৰ উপাদানটো অপৰিহাৰ্য। গতিকে শৰীৰত মেগনেছিয়ামৰ পৰিমাণ কম হ’লে পেশীবোৰ জঠৰ আৰু টান অনুভৱ কৰিব পাৰে। ইয়াৰ লগতে পেশীৰ বিষ হ’ব পাৰে।

ভিটামিন ডিৰ অভাৱ হ’লে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ’বলৈ আৰম্ভ কৰে। যিয়ে কেৱল বয়স বৃদ্ধিৰ হাৰ ত্বৰান্বিত কৰাই নহয়, এনে পৰিস্থিতিৰ সৃষ্টি কৰে যিয়ে এলঝেইমাৰ ৰোগৰ দৰে ৰোগৰ আৰম্ভণিও কৰে।

সেইবাবে ভিটামিন আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজন।

Nagaon News: আনিছুৰে গুৰুলা-গুৰুলকৈ প্ৰ*হাৰ কৰিলে খিলঞ্জীয়া যুৱকক !

Nagaon News: মিঞাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে খিলঞ্জীয়া যুৱকক !
Nagaon News: মিঞাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে খিলঞ্জীয়া যুৱকক !

নগাঁৱৰ ঢাকাইপট্টিত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা।(Nagaon News)

আনিছুৰ ৰহমানে খিলঞ্জীয়া যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰা দৃশ্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাত ব্যাপক প্ৰতিক্ৰিয়া।

হেলমেটেৰে আক্ৰমণ তনদ্বীপ কাকতি নামৰ যুৱকজনক।

আনিছুৰ ৰহমান নামৰ যুৱকজনে হেলমেটেৰে আক্ৰমণ কৰে তনদ্বীপক।

হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি হয় কাজিয়াৰ সূত্ৰপাত।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আনিছুৰক।

Raksha Bandhan 2025: আজি ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ ৰাখী পূৰ্ণিমা

Raksha Bandhan 2025: আজি ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ ৰাখী পূৰ্ণিমা
Raksha Bandhan 2025: আজি ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ ৰাখী পূৰ্ণিমা

আজি পবিত্ৰ ৰাখী পূৰ্ণিমা। (Raksha Bandhan 2025) ভাতৃ-ভগ্নীৰ মাজত মৰম-স্নেহ আদান-প্ৰদানৰ উৎসৱ। শাওণ মাহৰ পূৰ্ণিমাৰ দিনা পবিত্ৰ উৎসৱ পালন কৰা হয়।

ৰাখী বন্ধা উপযুক্ত সময় – ৮ আগষ্টৰ দুপৰীয়া ২:১২ বজাৰ পৰা আৰম্ভ হ’ব হৈছে ৯ আগষ্টৰ দুপৰীয়া ১:২৪ বজাত শেষ হ’ব।

আজি ৰাখী বন্ধা শুভ সময় পুৱা ৫:৪৭ বজাৰ পৰা ১:২৪ বজালৈ। অৱশ্যে মনত ৰাখিব যে ৯ আগষ্টত ৰাহু কাল পুৱা ০৯:০৩ বজাৰ পৰা ১০:৪১ বজালৈ হ’ব আৰু এই সময়ত ৰাখী বান্ধিলে শুভ নহ’ব।

ৰাখী বন্ধনৰ দিনা ভগ্নী সকলে ৰাখী থালী সজাব লাগে।

প্লেটত দৈ, চন্দন, ৰাখী আৰু মিঠাই ৰাখিব।

ঘিউৰ এখন চাকি জ্বলাব।

প্ৰথমে ৰাখী আৰু পূজাৰ থালি ভগৱানৰ ওচৰত উৎসৰ্গা কৰিব।

ইয়াৰ পিছত ভাতৃক পূব বা উত্তৰ দিশলৈ মুখ কৰি বহাব।

ইয়াৰ পিছত ভাতৃৰ কপালত তিলক লগাব।

ৰাখী বন্ধাৰ পিছত আৰতি কৰিব।

ভাতৃক ৰাখী বান্ধিলে প্ৰথমে চন্দন লগাব।

তাৰপিছত মিঠাই খুৱাই ভাতৃৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিব।

ৰাখী বন্ধাৰ পিছত পিতৃ-মাতৃ, ঘৰৰ বয়োজ্যেষ্ঠ আৰু গুৰুৰ আশীৰ্বাদ লওক।

নিজৰ সামৰ্থ্য অনুযায়ী ভাই-ভনীক উপহাৰ দিয়ক নহলে টকাও দিব পাৰে।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আহ্বানঃ মুখ্যমন্ত্ৰীৰ সমালোচনাত ৰিপুণ বৰা । Ripun Bora 

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আহ্বানঃ মুখ্যমন্ত্ৰীৰ সমালোচনাত ৰিপুণ বৰা । Ripun Bora 
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ আহ্বানঃ মুখ্যমন্ত্ৰীৰ সমালোচনাত ৰিপুণ বৰা । Ripun Bora 

Ripun Bora । উচ্ছেদ অভিযান আৰু উজনি অসমৰ কেইবাখনো অঞ্চলত দেখা দিয়া সন্দেহযুক্ত নাগৰিক বিতৰ্কৰ পটভূমিত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই ক্ষেত্ৰত শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ। আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায়।

ৰিপুণ বৰাই অভিযোগ কৰে, “মুখ্যমন্ত্ৰীয়ে নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ব্যৰ্থ হোৱা বাবেই আজি ৰাইজক বন্দুক লৈ নিজৰ নিৰাপত্তা নিজে কৰাৰ আহ্বান জনাইছে। এই কাৰ্যই প্ৰমাণ কৰিছে যে মুখ্যমন্ত্ৰী ৰাজ্য শাসনত সম্পূৰ্ণভাৱে ব্যৰ্থ।” তেওঁ শঙ্কা প্ৰকাশ কৰে যে “মিঞা বিচাৰৰ” নামত উজনি অসমত আইন-শৃংখলাৰ অৱস্থা দিন দিন অবনতি ঘটিছে।

তেওঁ কয়, নামনি অসমৰ কিছুমান মুছলমান ব্যক্তি পেটৰ তাড়নাত কামৰ সন্ধানত উজনি অসমলৈ গৈছে, ঠিক তেনে ধৰণে অসমৰ বহু যুৱক-যুৱতী বহিঃৰাজ্যলৈ গৈ থাকে। কিন্তু ৰাজ্য চৰকাৰে নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মৌলিক দায়িত্বত ব্যৰ্থ হৈছে। যদি বাংলাদেশী নাগৰিক থাকিলে তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৰিপুণ বৰাই।

অসম চুক্তি প্রসঙ্গত তেওঁ স্পষ্টকৈ কয়, “১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে — এইয়াই কংগ্ৰেছৰ আপোচবিহীন স্থিতি। কিন্তু সন্দেহজনক বুলি উল্লেখ কৰি ভাৰতীয় নাগৰিকক হয়ৰানি কৰা সংবিধানবিৰোধী।”

ৰিপুণ বৰাই মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি সৰাসৰি প্ৰশ্ন তোলে, “যি জন অসম চুক্তি নস্যাৎ কৰি কা’ আইন জাপি দিব পাৰে, তেওঁ কেনেকৈ অসমপ্ৰেমী হ’ব পাৰে?” তেওঁ স্মৰণ কৰায় যে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে দাখিল কৰা প্ৰতিবেদন চৰকাৰে আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। “যদি আপুনি সত্যই অসমপ্ৰেমী, তেন্তে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ অনুসৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰক” — আহ্বান জনায় তেওঁ।

শাসকীয় বিজেপি চৰকাৰৰ খিলঞ্জীয়া প্ৰেমৰ দাবীও ৰিপুণ বৰাই অস্বীকাৰ কৰি কয়, “এই চৰকাৰ প্রকৃততে খিলঞ্জীয়া বিৰোধী।” লগতে তেওঁ ৰাজ্যৰ সকলো জাতীয় সংগঠনক অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

সংবাদমেলৰ অন্তত তেওঁ কয়, “অসম হিংসা আৰু ঘৃণাৰ ঠাই নহয়। এই মাটি শঙ্কৰদেৱ, লাচিত আৰু আজান ফকীৰৰ দেশ। আমি সকলোৰে দায়িত্ব শান্তি আৰু সম্প্ৰীতি বজাই ৰখা।”

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । নৱেম্বৰত চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত ১০০০ টকা, কিতাপ ক্ৰয় হব বাধ্যতামূলক । Assam Cabinet

ৰাজ্যিক কেবিনেটৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্তনৱেম্বৰত চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত ১০০০ টকা, কিতাপ ক্ৰয় হব বাধ্যতামূলক । Assam Cabinet
ৰাজ্যিক কেবিনেটৰ একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্তনৱেম্বৰত চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত ১০০০ টকা, কিতাপ ক্ৰয় হব বাধ্যতামূলক । Assam Cabinet

Assam Cabinet । অসম চৰকাৰৰ আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত একগুচ্ছ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে যে অহা নৱেম্বৰত ৰাজ্য চৰকাৰৰ প্ৰায় ৪ লাখ কৰ্মচাৰীক দৰমহাৰ সৈতে ১০০০ টকাকৈ অতিৰিক্ত ধন প্ৰদান কৰা হ’ব। ইয়াৰ বাবে ৰাজ্য চৰকাৰে মুঠ ৪০ কোটি টকা ব্যয় কৰিব।

তথাপি এই অতিৰিক্ত ধনৰাশি কিতাপৰ বৰ্ষ উদযাপনৰ বিশেষ উদ্দেশ্যে প্ৰদান কৰা হ’ব। চৰকাৰী কৰ্মচাৰীয়ে এই ১০০০ টকাৰে কিতাপ ক্ৰয় কৰি তাৰ ৰছিদ নিজ নিজ বিভাগৰ মুখ্য কাৰ্যালয়ত জমা দিব লাগিব। ৰছিদ জমা নিদিলে পৰৱৰ্তী মাহত দৰমহাৰ পৰা সমান ধন কাটি লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে।

কিতাপৰ বৰ্ষৰ অন্য সিদ্ধান্তসমূহ

  • ৰাজ্যৰ ১০০০ জন যুৱ লেখকক উৎসাহ প্ৰদানৰ বাবে ২৫ হাজাৰকৈ এককালীন সাহায্য। অসম প্ৰকাশন পৰিষদে তালিকা চূড়ান্ত কৰিব।
  • জিলা সদৰত আয়োজিত গ্ৰন্থমেলাৰ বাবে ৫ লাখ টকা আৰু সম-জিলাৰ বাবে ২.৫০ লাখ টকা সহায়।
  • ১৬ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথিক গামোচা আৰু কিতাপৰে সম্বৰ্ধনা।
  • সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জীৱনীমূলক গ্ৰন্থ ১ জানুৱাৰীত পোৱাকৈ ১২ লাখ পৰিয়াললৈ বিতৰণ। অৰুণোদয় হিতাধিকাৰীকো কিতাপ প্ৰদান।

অন্য গুৰুত্বপূৰ্ণ সিদ্ধান্ত

  • অংগনবাড়ী সহায়িকাক কৰ্মীলৈ পদোন্নতিৰ বয়স সীমা ৪৫ৰ পৰা ৫০ বছৰৰলৈ বৃদ্ধি।
  • অসম ফৰেষ্ট প্ৰটেকচন ফ’ৰ্চ আৰু ফ্ৰণ্টলাইন ষ্টাফৰ ৰেচন ভাতা মাহে ২০০০ৰ পৰা ২৫০০ টকালৈ বৃদ্ধি।
  • মিছন বসুন্ধৰা ৩.০ৰ অধীনত নামঘৰ, বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় আদি প্ৰতিষ্ঠানলৈ মাটি দিয়াৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ।
  • ভূমি আবণ্টনৰ বাবে প্ৰায় ৩৬ হাজাৰ প্ৰস্তাৱত অনুমোদন।
  • বিটিআৰত উন্নয়ন খণ্ড ২২ৰ পৰা ২৩ত বৃদ্ধি, বাক্সা জিলাৰ গোৱৰ্ধনাত নতুন বিডিঅ’ কাৰ্যালয় স্থাপন।

বিনিয়োগ আৰু পৰিকাঠামো উন্নয়ন

  • ১,৮৪৩ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত অনুমোদন।
  • এডভাণ্টেজ আছাম ৩.০ৰ অধীনত চাৰিখন বুজাবুজিৰ চুক্তি অনুমোদিত।
    • ভেলী ষ্ট্ৰং চিমেণ্টঃ ৪৮০ কোটি টকা
    • ষ্টাৰ চিমেণ্ট নৰ্থইষ্টঃ ৬৫০ কোটি টকা (গোলাঘাট)
    • গুৱাহাটী নতুন হোটেল প্ৰকল্পঃ ১৩০ কোটি টকা
    • পেপচিৰ চফ্ট ড্ৰিংকছ প্ৰকল্পঃ ৫৮৩ কোটি টকা
  • মাজুলী, আমিনগাঁও, ডিফু, কলিয়াবৰ, বঙাইগাঁও আৰু শিলচৰৰ ৬টা চাইন চেণ্টাৰৰ বাবে ১৭৮ কোটি টকা অতিৰিক্ত অনুমোদন।

এই সকলো সিদ্ধান্তে ৰাজ্যৰ শিক্ষা, সংস্কৃতি, পৰিকাঠামো আৰু অৰ্থনৈতিক বিকাশত দীঘলীয়া প্ৰভাৱ পেলাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।