Home Blog Page 95

ULFA(I): আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক

আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক
আলফা(স্বাঃ)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক

আলফা(স্বাঃ)ত (ULFA(I)) যোগদান কৰিবলৈ যোৱা ৩ যুৱকক আটক।

ভাৰতীয় সেনা বাহিনীয়ে আটক কৰে ৩ যুৱকক।

অৰুণাচল প্ৰদেশৰ খাৰছাঙৰ পৰা আটক তিনিওকে।

যুৱক কেইজন বাংগালোৰত কৰ্মৰত হৈ আছিল।

যুৱক কেইজন কাকপথাৰৰ মাইথং গাঁৱৰ।

যুৱক কেইজনৰ নাম নবুত্তম বাউলাৰি, জয়ন্ত কোঁৱৰ, মনজিৎ নেওঁগ।

যোৱা পাঁচ দিনৰ পৰা আলফা স্বাধীনত যোগদান কৰিবলৈ অৰুণাচল প্ৰদেশৰ খাৰচাংত বাহৰ পাতি আছিল।

Dharmendra: ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান

ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান
ভাৰতীয় চিনেমা জগতৰ কিংবদন্তি, প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান

বিদায় বলীউডৰ (Dharmendra) He-Man। প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। বলিউদৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। অভিনেতা ধৰ্মেন্দ্ৰৰ বিয়োগত শোকস্তব্ধ দেশ। উকা হৈ পৰিল বলীউড জগত।

১৯৩৫ চনত পাঞ্জাৱত জন্ম হৈছিল ধর্মেন্দ্ৰ কেৱাল কৃষান দেউলৰ বলিউডৰ। বলিউদৰ হি-মেন হিচাপে খ্যাত আছিল ধর্মেন্দ্র। ৩০০ৰো অধিক ছবিত অভিনয় কৰিছিল প্রবীণ অভিনেতাগৰাকীয়ে। কিছুদিন পূৰ্বে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ লাভ কৰিছিল ধর্মেন্দ্ৰই। ১৯৬০ চনত ‘দিল ভি তেৰা, হাম ভি তেৰে’ ছবিৰে ঘটিছিল আত্মপ্রকাশ। দেশৰ নিম্ন সদনলৈও নির্বাচিত হৈছিল জনপ্রিয় অভিনেতাগৰাকী। আজি নিজ বাসগৃহতে শেষঃনিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।

Lachit Divas: আজি বীৰ লাচিত দিৱসঃ গৃহমন্ত্রী অমিত শ্বাহে জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত কৰিলে স্মৰণ

বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।
বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।

আজি বীৰ লাচিত দিৱস।(Lachit Divas)

বীৰ লাচিত বৰফুকনৰ ৪০৩সংখ্যক জয়ন্তী।

গৃহমন্ত্রী অমিত শ্বাহৰো Xযোগে জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত স্মৰণ।

তেওঁ সামাজিক মাধ্যমত জাতিৰ বীৰ গৰাকীৰ জন্মজয়ন্তীত স্মৰণ কৰি লিখিলে-

‘আমাৰ ইতিহাসৰ অন্যতম মহান যোদ্ধা, আহোম সেনাপতি লাচিত বৰফুকনলৈ তেখেতৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

তেখেতৰ অদম্য দেশপ্ৰেম, অপৰাজেয় বীৰত্ব আৰু অতুলনীয় সামৰিক নেতৃত্বই কেৱল অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয়, লগতে অঞ্চলটোৰ অমূল্য সাংস্কৃতিক ঐতিহ্যকো সুৰক্ষিত কৰিছিল। দেশপ্ৰেমীসকলৰ বাবে তেখেতৰ জীৱন চিৰদিন প্ৰেৰণাৰ অম্লান উৎস হৈ ৰ’ব।’

Guwahati News: গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত

গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত
গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত

গুৱাহাটীৰ (Guwahati News) এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কোঠাতে এগৰাকী যুৱতী কৰ্মচাৰীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

গুৱাহাটী মহানগৰীত যুৱতী সাংবাদিকৰ চৰম সিদ্ধান্ত।

এটা ব্যক্তিগত প’ৰ্টেলত কৰ্মৰত আছিল সাংবাদিকগৰাকীৰ।

৫ ডিচেম্বৰত বিবাহৰ দিন ঠিক হৈ আছিল সাংবাদিকগৰাকীৰ।

দেউতাকলৈ লিখি থৈ গৈছে চুইচাইড নোট।

চৰমপন্থা গ্ৰহণৰ প্ৰকৃত কাৰণ  এতিয়ালৈ জানিব পৰা হোৱা নাই।

গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত এই অঘটন।

আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিকৰ BJP :-দিলীপ শইকীয়া

আধুনিক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ বদ্ধপৰিক BJP

“মোগলৰ বংশধৰ সকলৰ পূৰ্বৰ মানসিকতা এতিয়াও দেখিবলৈ পাওঁ”

“আমাৰ মাটি ভেটি কেনেদৰে ল’ব পাৰে মোগলৰ বংশধৰ সকলে চাই আছে”

“আজি বিশেষ দিনটোত লাচিতৰ আদৰ্শক স্মৰণ কৰি আমি প্ৰতিশ্ৰুতি লৈছো যি সকল আধুনিক মোগলে আমাৰ মাটি ভেটি হস্তগত তেওঁলোকক ৰোধ কৰিম”

“মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলো এক গোট হ’ব লাগে যাতে আমাৰ সংস্কৃতিৰ ওপৰত তেওঁলোক আক্ৰমণ ৰোধ কৰিব পাৰো”

“শৰাইঘাট শেষ ৰণত আমি যেনেদৰে যুঁজিছো তেনেদৰে আমাৰ বিৰুদ্ধে যুঁজা লোকো আছে”

“তেতিয়াৰ বদনৰ দৰে এতিয়াও বিৰোধীত বদন আছে”

“আমি মোগলৰ বিৰুদ্ধে যুঁজাৰ লগতে ঘৰৰ মানুহৰ বিৰুদ্ধেও যুঁজিব লাগা হৈছে !কাৰণ তেওঁলোকৰ ভাষা, চিন্তা, কথা সকলো মোগলৰ”

“{লাচিতৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদন বৰফুকনৰূপী এই সকলক আমি ৰেহাই দিব নোৱাৰো, তেওঁলোকক আমি চিনিব লাগিব আৰু যুঁজিব লাগিব”

মোগলৰ মানসিকতা সম্পূৰ্ণ শেষ নোহোৱালৈকে শৰাইঘাটৰ ৰণ চলিব

“কংগ্ৰেছ আৰু মিঞা বেলেগ নহয়। কংগ্ৰেছৰ শেষ ভৰসা মিঞা। তেওঁলোক মিঞাৰ লগত থাকক আমি ৰাইজৰ লগত থাকিম।”

“মোগলক ভোটাৰ অধিকাৰ দি, ভূমি দি সংস্থাপিত কৰা সকলক হৈছে কংগ্ৰেছ”

লাচিত দিৱসৰ দিনটোত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি দিলীপ শইকীয়াৰ

কাৰ্বি আংলং জিলাৰ দলামৰা অঞ্চলত এনইচি অৰ্থ সাহাৰ্য্যত নিৰ্মিয়মান আঁচনি পৰিদৰ্শন অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া লংকি ফাংচসহ সজাতি দলৰ

কাৰ্বি আংলং জিলাৰ ৰংমংৱে উন্নয়নখন্ড এলেকাধীন তথা জিলা ডিআৰডিএ প্ৰকল্প সঞ্জালক অধীনত নিৰ্মিয়মান ডলামৰাত Mushroomb ফাৰ্ম (2021-22) বৰ্ষৰ ২০লাখতকৈ অধীক পূঁজি নিৰ্মিত কামৰ গূণগত বূজ লোৱা উদ্দেশ্য পৰিদৰ্শন কৰে ৷

তদুপৰি ১৯লাখতকৈ অধীক পূঁজিৰে নিৰ্মিত দলামৰাত মুকলি মাৰ্কেট গ্‌হ ;পানী চাপ্লাই আৰু টয়লেটৰ (২১-২২) নিৰ্মাণ কাম পৰিদৰ্শন কৰি নিৰ্মাণৰ কাম সঠিক দিশত সম্পূৰ্ণ কৰি ৰাইজক সুবিধা সমুহৰ সূনিচিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷

তদুপৰি অনাগত বৰ্ষৰ উক্ত দোৱাৰ বাগৰি তথ দলামৰাৰ বিভিন্ন গাওঁ সমুহৰ এনইচি অধীনত অধীক পূঁজি যোগান আশ্বাস দিয়ে ৷ সেয়ে বিভাগীয় বিষয়া সকলে কামৰ ক্ষেত্ৰত সঠিক দিশত নিৰুপন কৰি সময়মতে চৰকাৰী নিৰ্দেশা পালন কৰিবলৈ আহ্বান জনাই এনইচি তথা ডনাৰ মন্তণালয় ভাৰত চৰকাৰৰ সদস্য সচিব সচিব লংকি ফাংচয়ে ৷

সংগ দিয়ে জিলাৰ আযুক্ত কাৰ্য্যালয় উচ্চ পদস্থ বিষয়া স্থানীয় নেতা ওপৰিও বিশিষ্ট সমাজসেৱক ড° বলোৰাম ফাংচ ;প্ৰাক্তন কাৰ্বি পৰিষদৰ ইএম পাটৰ ফাংচ উপস্থিত থকা পৰিলক্ষিত হয় ৷

মিঞা আৰু কংগ্ৰেছক উদ্দেশ্যি দিলীপ শইকীয়াৰ তীব্ৰ বাক্যবাণ

 “শেষ বিন্দু থকালৈকে বিজেপিয়ে মিঞাৰ বিৰুদ্ধে যুঁজি যাব ।” মিঞা বিৰুদ্ধে পুনৰ হুংকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ অসমত মিঞাক লৈ ৰাজনীতি আৰম্ভ হৈছে । বিজেপিয়ে মিঞাক লৈ ৰাজনীতি কৰা বুলিও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে ।

তাৰ প্ৰত্যুত্তৰত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়, “মিঞাক লৈ ৰাজনীতি কৰিব লাগে । আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম । যি মিঞাই সংস্কৃতিক প্ৰত্যাহ্বান জনাই, যি মিঞাই অসমৰ আধ্যাত্মিক, ধাৰ্মিক ঐতিহাসিক স্থানসমূহ দখল কৰে আৰু তেওঁলোকৰ আয়ত্বলৈ লৈ যায়, যি মিঞাই জনসংখ্যা বঢ়াই, আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে । সেই মিঞাবিলাকে আমাক কম কষ্ট দিয়া নাই । এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলবিলাক । গতিকে আমি মিঞাৰ বিৰুদ্ধে সদায় আছো আৰু ভৱিষ্যতেও থাকিম । যেনেকৈ লাচিত বৰফুকনে ১৭ বাৰ মোগলক পৰাস্ত কৰিছিল, আমিও শেষ বিন্দু থকালৈকে মিঞাৰ বিৰুদ্ধে ৰাজনীতি নহয়, অসমৰ অস্মিতা বা সভ্যতা ৰক্ষাৰ যুঁজত বিজেপি সদায় সন্মুখত থাকিব ।”

দলৰ সাংগঠনিক কামত দুদিনীয়া ডিমা হাছাও জিলা ভ্ৰমণৰ সময়ত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । জনজাতীয় লোকৰ বাবে বিজেপিয়ে কি কৰিছে বুলি কংগ্ৰেছে কৰা প্ৰশ্নৰ উত্তৰত দিলীপ শইকীয়াই কংগ্ৰেছক প্ৰত্যাহ্বান জনায় । কংগ্ৰেছে জনজাতীয়সকলৰ বাবে কি কৰিছে তাক লৈ গৌৰৱ গগৈয়ে শ্বেতপত্ৰ উলিয়াব লাগে বুলি দাবী কৰে দিলীপ শইকীয়াই । তেওঁ কয়, “কংগ্ৰেছে ৫৫ বছৰ জনজাতিসকলক শোষণ কৰিছে । তাৰ বিপৰীতে আমি জনজাতিক ন্যায় দিবলৈ, উন্নয়নৰ কাৰণে কাম কৰিছো !

কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক পুনৰ সমালোচনা কৰি তেওঁ কয়, “গৌৰৱ গগৈ অহাৰ পিছত অসমত কংগ্ৰেছৰ অৱস্থা বেয়া হৈছে । পঞ্চায়তত,বিহালীত, ৰাভা হাচঙত শোচনীয়ভাৱে পৰাজিত হৈছে । বিটিচিত মাত্ৰ ১.৫ শতাংশ হৈ গ’ল ভোট তেওঁলোকৰ । তাক লৈ গৌৰৱ গগৈয়ে আত্ম অৱলোকন কৰিব লাগে । গৌৰৱ গগৈয়ে অসমত শাসনৰ অলীক কল্পনা কৰি আছে । কিন্তু অসমত কংগ্ৰেছ বহু বছৰলৈকে শাসনত আহিব নোৱাৰে । কাৰণ কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু ।”

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ডিমা হাছাওত দলৰ সাংগঠনিক কামকাজ পৰ্যৱেক্ষণ কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় । তাক লৈ তেওঁ জিলাখনৰ বিজেপি নেতা-কৰ্মীৰে বৈঠকতো মিলিত হয় । বৈঠকৰ অন্তত তেওঁ সাংবাদিকৰ সন্মুখত কয় যে পাহাৰীয়া জিলাখনত ত্ৰিপল ইঞ্জিন চৰকাৰে বহু উন্নয়নমূলক কাম কৰিছে । তেওঁ কয় যে এই উন্নয়নমূলক কামকাজ ৰাইজৰ ওচৰলৈ লৈ যাব লাগে । আগন্তুক বিধানসভা নিৰ্বাচনত পূৰ্বতকৈ ভাল ফলাফলেৰে পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দৃঢ়তাৰে কয় দিলীপ শইকীয়াই । ডিমা হাছাও ভ্ৰমণৰ সময়ত দিলীপ শইকীয়াৰ সৈতে বিজেপিৰ সৰ্বভাৰতীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ ৰাজুও উপস্থিত থাকে ।

আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ

আলফা স্বাধীনত পুনৰ মোক্ষম আঘাত ৷ এইবাৰ আলফা স্বাধীনৰ সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমে কৰিলে আত্মসমর্পণ । ভাৰত-ম্যানমাৰ সীমান্ত তথা অৰুণাচলৰ পাংচুপাচত মেজৰ জেনেৰেল অৰুণোদয় অসমে আত্মসমৰ্পণ কৰিছে ৷ অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ ওচৰত অৰুণোদয় অসমে আত্মসমৰ্পণ কৰাৰ সময়ত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ।

উগ্ৰপন্থী সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীৰ লগতে আন এগৰাকী কেডাৰ তথা অৰুণোদয় অসমৰ দেহৰক্ষী ফ্রান্সিছ অসমেও আত্মসমর্পণ কৰে ৷ আত্মসমৰ্পণৰ সময়ত ফটোত দেখা গৈছে জ্যেষ্ঠ আৰক্ষী বিষয়া অভিজিৎ গৌৰৱ দিলীপক ৷ আত্মসমৰ্পণ কৰি অৰুণোদয় অসমে আৰক্ষীৰ হাতত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জমা দিয়ে ৷ ইয়াৰ পিচতেই অৰুণোদয় অসমক অসমক আৰক্ষীৰ এটা দলে গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।

ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰঙাপৰাত সাংবাদিকৰ আগত আলফা স্বাধীনৰ সৈতে আলোচনা আৰু অৰুণোদয় অসমৰ আত্মসমর্পণ সন্দৰ্ভত কয়, “মই জনাত তেওঁলোক দিল্লীলৈকে নাযায়,তেওঁলোক তিনিচুকীয়াতেই থাকিব । খুব বেছি ডিজিপিক লগ ধৰিবলৈ গুৱাহাটীলৈ আহিব । দিল্লীলৈ যোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ নাই । আলোচনা হ’লে পৰেশ বৰুৱাৰ লগত হ’ব লাগিব,আনৰ লগত কৰি কোনো লাভ নহ’ব । পৰেশ বৰুৱাৰ বাহিৰে আনৰ লগত আলোচনা কৰিলে কিবা লাভ হ’ব বুলি মই ব্য়ক্তিগতভাৱে নাভাবো ।”

আত্মসমৰ্পণৰ সময়ত দুই অৰুণোদয় অসম আৰু তেওঁৰ দেহৰক্ষীয়ে আৰক্ষীৰ হাতত দুটা 9mm পিষ্টলসহ বৃহৎ পৰিমাণৰ সামগ্ৰী জমা দিয়ে । দুটা পিষ্টলৰ উপৰি চাৰিটা মেগজিন, ৫২ ৰাউণ্ড 9mm পিষ্টলৰ সক্ৰিয় গুলী, তিনিটা স্মাৰ্ট ফোন, এটা কী-পেড ম’বাইল, এটা টেবলেট, দুটা টৰ্চ লাইট, এটা ছেটেলাইট ফোন, এটা দামী ঘড়ী, এটা মগ পাউচ এটা স্মল বেকআপ আৰু দুটা ম’বাইল চাৰ্জাৰ জমা দিয়ে ৷

অৰুণোদয় অসমে ৭৭৯ নং শিৱিৰ পৰিচালনা কৰিছিল ৷ সম্প্ৰতি অৰুণোদয় দহোতীয়া অসম আৰক্ষীৰ জিম্মাত ৷ উল্লেখযোগ্য যে, অৰুণোদই দহোটীয়া (অসম)ৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবুৱা নাদুৱা গোহাঁই গাঁৱত ৷ ২০০১ চনৰ ব’হাগ বিহুত গাঁৱত হুঁচৰি গাই থকা অৱস্থাতে বিজিত বৰুৱা ওৰফে অৰুণোদই দহোটীয়াই স্বাধীন অসমৰ স্বপ্ন লৈ ঘৰৰ পৰা ওলাই গৈ আলফা স্বাধীনত যোগ দিছিল ৷

ঐতিহাসিক শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভ হৈছে অতিৰূদ্ৰ মহাযজ্ঞ…

শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ইতিসাহ প্ৰসিদ্ধ ঐতিহাসিক শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা শুভাৰম্ভ হৈছে অতিৰূদ্ৰ মহাযজ্ঞ ৷ আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা ৷

উল্লেখ্য যে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তত্‌পৰতাত আৰু ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হৈছে উক্ত অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান ৷ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা পত্নী ৰিণিকি ভূঞা শৰ্মা সহিতে শিঙৰীত উপস্থিত হৈ অতিৰূদ্ৰ মহাযজ্ঞত ভাগলয় ৷

আজিৰ উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জন শইকীয়া,অসম গণ পৰিষদ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল কুমাৰ নাথ,শোণিতপুৰ জিলাৰ আয়ুক্ত,শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ,ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা,ঢেকীয়াজুলি সম-জিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱ মণি দাস,ভাৰতীয় জনতা পাৰ্টিৰ ঢেকীয়াজুলি মণ্ডলৰ সভাপতি কাজু দ্বীপ,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস,উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে বহুতো জ্যেষ্ঠ প্ৰশাসনিক বিষয়া উপস্থিত থাকে ৷

Winter session: অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন

২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন
২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বিধানসভাৰ শীতকালীন অধিৱেশন

অহা ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন।(Winter session)

৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শীতকালীন অধিৱেশন।

অধিৱেশনত উত্থাপন হ’ব কমেও ২৬ খন ন-পুৰণি বিধেয়ক।

ইয়াৰে ৫ খন বিধেয়ক সম্পূর্ণ নতুন।

২১ খন সংশোধনী বিধেয়ক উত্থাপনৰো সম্ভাৱনা আছে।

সদনত কমেও দুখন গুৰুত্বপূৰ্ণ প্রতিবেদন উত্থাপনৰ সম্ভাৱনা আছে।

সদৰী কৰে বিধানসভাৰ প্ৰধান সচিব দুলাল পেগুৱে।