Home Blog Page 95

Encroachment: শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰকঃ চৰকাৰী ভূমিত শ শ লোকৰ বেদখল

Encroachment: শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰকঃ চৰকাৰী ভূমিত শ শ লোকৰ বেদখল
Encroachment: শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰকঃ চৰকাৰী ভূমিত শ শ লোকৰ বেদখল

বেদখলৰ সাম্ৰাজ্য গঢ়িছে। (Encroachment) চৰকাৰী ভূমিত শ শ লোকৰ অবৈধ বেদখল। নগৰবেৰাত একাংশই গঢ়িছে বেদখলৰ উপনিবেশ। ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান। বেদখলকাৰীয়ে সাজিছে শ শ টিনৰ চালি। নগৰবেৰাত একাংশই মনমৰ্জি গঢ়িছে বেদখলৰ উপনিবেশ, ছাত্ৰ সংগঠনৰ উচ্ছেদ অভিযান। কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অধীনৰ চৰকাৰী ভুমিত শ-শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য। মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আৱণ্টিত চৰকাৰী ভুমিত শ-শ লোকৰ অবৈধ বেদখল। বৃহৎ অংকৰ ধনৰ বিনিময়ত একাংশই বেদখলকাৰীক পাৰি দিছে বৰপীৰা৷ আশ্চৰ্যকৰভাবে এইদৰে বেদখলকাৰীয়ে সাজিছে শ-শ টিনৰ চালি।

পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকবৃন্দৰ তৎপৰতাত এইদৰে ভাঙি দিয়া হয় বেদখলকাৰীয়ে সজা টিনৰ চালিবোৰ। মন্দিৰা পশুধন গবেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানীৰ ৰহস্যজনক স্থিতিত আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে, অৱশেষত ছাত্ৰ সংগঠন আৰু সচেতন যুৱক একাংশই চলালে উচ্ছেদ অভিযান।

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা তথা ৰাজহ বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাব বিচাৰে এনে স্পৰ্শকাতৰ বেদখলৰ সন্দৰ্ভত৷ স্মৰ্ত্তব্য যে নগৰবেৰা ৰাজহ চক্ৰৰ একাধিক স্থানত সম্প্ৰতি গঢ়ি উঠিছে বেদখলৰ উপনিৱেশ।

ছাত্ৰ সংগঠনৰ দাবী “অচিৰেই জৰীপ হওঁক নগৰবেৰাৰ চৰকাৰী সংৰক্ষিত ভুমিৰ , শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰক এনেবোৰ অবৈধ মাটিৰ ” ৷ পিছে এইক্ষেত্ৰত কেনে স্থিতি লয় চৰকাৰে সেয়াহে হ’ব লক্ষণীয়।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানি
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কনমানিয়ে। নৃত্য জগতত জিলিকি উঠিছে কণমানি নৃত্য শিল্পীগৰাকী । বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনাইছে কনমানিগৰাকীক।


কোকৰাঝাৰ জিলাৰ ঢোলমাৰা কামাৰ পাৰা গাঁৱৰ অতি দৰিদ্ৰ গোপাল বৰ্মন আৰু বিফুলী বৰ্মনৰ একমাত্ৰ কন্যা গীতাঞ্জলি বৰ্মনে কঢ়িয়াই আনিছে নৃত্য জগতত বৃহৎ সফলতা। ষষ্ঠ শ্ৰেণীত পঢ়া গীতাঞ্জলি বৰ্মনে নিজ মাতৃৰ পৰা নৃত্যৰ অনুপ্ৰেৰণা লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখলেৰে কঢ়িয়াই আনিছে এই সফলতা।

গীতাঞ্জলি ঘৰত উপস্থিত হয় আক্ৰাচু, আছা, গৰিয়া মৰিয়া দেশী সংগঠনৰ নেত্ৰী বৰ্গ আৰু সুনাম কঢ়িয়াই অনা নৃত্য শিল্পীগৰাকী আৰু পিতৃ-মাতৃক জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা দিয়া দেখা যায়। লগতে শিল্পীগৰাকীৰ ভবিষ্যতৰ উজ্জল কামনা কৰে।

মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত কেৰিয়াৰ কাউঞ্চিলিং বিষয়ক সজাগতা সভা ।

মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত কেৰিয়াৰ কাউঞ্চিলিং বিষয়ক সজাগতা সভা ।
মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত কেৰিয়াৰ কাউঞ্চিলিং বিষয়ক সজাগতা সভা ।

কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত আমচং চাহ বাগিছাৰ মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত আজি এখন কেৰিয়াৰ কাউঞ্চিলিং বিষয়ত সজাগতা সভাৰ আয়োজন কৰা হয় ।

আৰম্ভনিতে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা পানবজাৰ মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী বিজয়া দাসক সম্বদ্ধনা জনায় শিক্ষক কুলদীপ শেনছোৱা আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাই ।বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ প্ৰায় সত্তৰ গৰাকীছাত্ৰ- ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সজাগতা সভাত শ্ৰী বিজয়া দাসে কয় যে প্ৰতিগৰাকী শিশুৱে প্ৰতিভাৱান প্ৰত্যেকৰে উজ্বল সম্ভাৱনা আছে মাথো আমি সকলোৱে নিজৰ লক্ষ্য স্থিৰ কৰি একাগ্ৰচিত্তে সাধনা কৰিলেহে সেই লক্ষ্যত উপনীত হ’ব পাৰি । আমি কেতিয়াও হীনমন্যতাত ভুগিব নালাগে ।

বৰ্তমান সময়ত প্ৰত্যেকটো বৃত্তিৰে মৰ্যদা আছে । বিদ্যালয়ত যিসকলে এন চি চি অন্তভূক্ত হয় তেওঁলোকৰ সামৰিক বাহিনীৰ লগতে আৰক্ষী সেৱাতো নিযুক্তি লাভ কৰাৰ বিশেষ সুবিধা আছে । তেখেত কেৰিয়াৰ কাউঞ্চিলিংৰ বিভিন্ন বিষয়ত পৰামৰ্শ প্ৰদান কৰাৰ লগতে পক্‌ছ আইন, শিশু নিৰ্যাতন,বাল্য বিবাহ, ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আদি বিষয়ৰ শাস্তি আৰু ধাৰা লগতে বিভিন্ন বিভাগৰ সহায়ক নম্বৰ আদিৰ বিষয়েও অৱগত কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ শিক্ষক ৰাতুল বৰা, যদুমণি দিহিঙীয়া, অমৃত পোৰেলও উপস্থিত থাকে ।

Shrinkhal Chaliha : “শৃংখল তইও কম নহয়, আমাৰতো কম নহয়”

Shrinkhal Chaliha : "শৃংখল তইও কম নহয়, আমাৰতো কম নহয়"
Shrinkhal Chaliha : "শৃংখল তইও কম নহয়, আমাৰতো কম নহয়"

GMCHত অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল’লে শৃংখল চলিহাই। (Shrinkhal Chaliha) 

শৃংখলক দেখি অখিল গগৈৰ মাতৃয়ে ক’লে- ‘শৃংখল তইও কম নহয়, আমাৰটোও কম নহয়’। ‘কিয় লাগি থাক দুয়োটাই?’

সামাজিক মাধ্যমত অখিল গগৈৰ মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰি শৃংখল চলিহাই ক’লে, ‘ৰাজনীতি,আদৰ্শগত মতভেদৰ উৰ্দ্ধত কিবা হব পাৰে যদি আই বোপাই।’

‘আজি বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰা আৰু মই অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ স্বাস্থ্যৰ বুজ লও।’

‘আই জনিয়ে দেখা পাই এটা প্ৰশ্ন “শৃংখল তইও কম নহয়,আমাৰতো কম নহয়, কিয় লাগি থাক দুইটাই”

‘আই মাতৃ ভাল হওঁক সোনকালে।’



Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন

Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন
Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ঘোষণা কৰিলে (Koka Deuta Nati Aru Hati -2) আহিবলগীয়া নতুন চিনেমা -ককা দেউতা নাতি আৰু হাতী ২। ২০২৫চনৰ ২১ নবেম্বৰত মুক্তি পাব ছবিখনে।

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, এক নতুন ৰূপ। “ককা দেউতা নাতি আৰু হাতী”
এনে এটা কাহিনী, যি এটা সম্পূৰ্ণ প্রজন্মৰ শৈশৱক দিছিল এক নষ্টালজিক সময়। অনুভৱৰ বুকুত গঢ় লৈ
উঠা সেই চিনেমাখনৰ কাহিনীৰ পাছত…এক নতুন কাহিনীৰ সৃষ্টি হৈছে… এই প্ৰজন্মৰ বাবে এক স্মৃতিৰ
পাত লিখা। Pride East Entertainments Pvt.Ltd.-ৰ এক বিশেষ প্রচেষ্টা এয়া – ককা দেউতা নাতি আৰু
হাতী ২।


প্রাইড ইষ্ট-ৰ চেয়াৰপাৰ্চন তথা মেনেজিং ডাইৰেক্টৰ, ৰিণিকি ভূঞা শর্মাই আগবঢ়াইছে ককা দেউতা
নাতি আৰু হাতীৰ দ্বিতীয় অধ্যায়, পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। ককা
দেউতা নাতি আৰু হাতীৰ কালজয়ী কাহিনীটোৰ দৰে এই কাহিনীটোৱেও অসমৰ সাংস্কৃতিক জগতত এক
বিপ্লৱৰ সূচনা কৰিব বুলি অনুমান কৰা হৈছে।


ককা দেউতা নাতি আৰু হাতী ২ত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তী
আৰু নতুন প্রজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে দেখা পোৱা যাব। প্রাঞ্জল শইকীয়া, তপন
দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংকণা, পংকজ মহন্ত, সিদ্ধান্ত
কলিতা, শ্রেয়া বৰঠাকুৰ আৰু দেৱজিত মজুমদাৰে অভিনয় কৰিছে ককা দেউতা নাতি আৰু হাতী ২ত।
ভাস্কৰ হাজৰিকাৰ কাহিনীটোৱে অতীত আৰু বৰ্তমানক অতি আকর্ষণীয়ভাৱে সংযোগ কৰিছে। প্ৰদীপ
দৈমাৰীৰ চিত্ৰনাট্য আৰু শ্বেতা ভেঙ্কটৰ সম্পাদনাই ইয়াক প্রাঞ্জল ৰূপ প্ৰদান কৰিছে।


অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ পৰিকল্পনাই চলচ্চিত্ৰখনক সংগীতৰ অনন্য মাত্ৰা প্রদান কৰিছে
আৱহ সংগীত অজয় সিংহৰ।


অসমৰ সংগীত জগতৰ বহুকেইটা চিনাকী কণ্ঠ শুনা পাব চিনেমাখনৰ সংগীতত: দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰূপজ্যোতি বৰুৱা, নাহিদ আফ্ৰিন, আৰু প্রবীন বৰা। নৃত্য পৰিচালনা কৰিছে শেৰিফ আৰু পংকজ ইংতিৰ আৰু এক্সন পৰিচালক ৰাজেশ কন্নানৰ। ইয়াত সমন্বয় হৈছে প্রযুক্তি আৰু সৃষ্টিশীলতাৰ।


“ককা দেউতা নাতি আৰু হাতী ২” ২১ নবেম্বৰ ২০২৫ত অসমীয়া ভাষাত মুক্তি পাব, দৈর্ঘ্য হ’ব ২ ঘণ্টা ৩০
মিনিট। এই চিনেমাখন অসমীয়া চিনেমাৰ ইতিহাসৰ এক বিশেষ চিনেমা হিচাপে স্বীকৃত হ’ব।

Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম, মানসিক চাপ দূৰ হ’ব; জিৰণি ল’ব চকুৱে

Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম
Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম

বৰ্তমান ডিজিটেল যুগত (Eye Exercise) স্মাৰ্টফোন আৰু লেপটপ অবিহনে কাম কৰিব নোৱাৰি। কিন্তু এই পৰ্দাবোৰে আমাৰ চকুৰ স্বাস্থ্যৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায়। দীৰ্ঘ সময় পৰ্দালৈ চাই থাকিলে ভাগৰুৱা, বিৰক্তি আৰু চকু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যদি আপুনি বিচাৰে যে আপোনাৰ চকু দুটা বালে ৰাখিব, তেন্তে ৰাতিপুৱা মাত্ৰ ৫ মিনিট সময় উলিয়াই লওক আৰু চকুৰ ব্যায়াম কৰক।

আজিৰ সময়ত সকলোৱে কম্পিউটাৰ, স্মাৰ্টফোন আৰু টিভিৰ পৰ্দাত ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। অফিচৰ কামেই হওক, অনলাইন ক্লাছেই হওক বা ছ’চিয়েল মিডিয়া স্ক্ৰলিং হওক, এই সকলোবোৰ কামতে চকু অহৰহ পৰ্দাৰ সংস্পৰ্শত থাকে। ইয়াৰ ফলত চকুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। পৰ্দাত অধিক সময় কটোৱাৰ বাবে চকুত বিষ, দৃষ্টিশক্তি বেয়া, মূৰৰ বিষ আদি সমস্যা সাধাৰণ হৈ পৰিছে। ইয়াক স্ক্ৰীণ ষ্ট্ৰেছ বুলি কোৱা হয়, যাৰ ফলত ক্ৰমান্বয়ে চকুৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

যদি আপুনি দৈনিক ৫ মিনিটৰ চকুৰ ব্যায়ামক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লয়, তেন্তে আপুনি স্ক্ৰীণৰ মানসিক চাপৰ পৰা বহু পৰিমাণে এৰাই চলিব পাৰে।

যদি আপুনি ডিজিটেল জগতত অহৰহ সক্ৰিয় হৈ থাকে, তেন্তে চকুৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ বাবে প্ৰতিদিনে পুৱাই ভাষ্ট্ৰিকা প্ৰাণায়াম কৰিব পাৰে। চকুৰ বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত দ্ৰুত বেগেৰে উশাহ ল’ব লাগে আৰু উশাহ এৰিব লাগে। মাত্ৰ ২-৩ মিনিটৰ বাবে এই অভ্যাস কৰিলে চকুত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পোৱা যায়, যাৰ ফলত দৃষ্টিশক্তি স্পষ্ট হৈ পৰে আৰু চকুৰ লগত জড়িত সমস্যা নাইকিয়া হয়।

চকুৰ বাবে এটা উত্তম ব্যায়াম হ’ল চকুক বিভিন্ন দিশত লৰচৰ কৰা। ইয়াৰ বাবে চকু দুটা ওপৰলৈ তললৈ, সোঁ-বাওঁফালে আৰু ঘড়ীৰ কাঁটাৰ দিশত লৰচৰ কৰিব লাগে। ইয়াৰ ফলত চকুৰ পেশী শক্তিশালী হয় আৰু ৰক্ত সঞ্চালন উন্নত হয়। যদি আপুনি প্ৰতিদিনে পুৱা এই চকুৰ ব্যায়াম কৰে, তেন্তে চকুৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

দুয়োখন হাতৰ তলুৱা একেলগে ঘঁহি অলপ গৰম হ’লে চকুত লাহে লাহে ৰাখক। চকু দুটা মুদি অলপ সময় দীঘলকৈ উশাহ এটা লওক। ইয়াৰ ফলত চকুত তৎক্ষণাত যথেষ্ট সকাহ পোৱা যায়।

চকু নিটিপিয়োৱাকৈ সুস্থিৰে চাব লাগে। ৰাতিপুৱাৰ শান্ত পৰিৱেশত এই কাম কৰাটো ভাল। প্ৰতিদিনে এনে কৰিলে চকুৰ পেশী শক্তিশালী হয়, একাগ্ৰতা বৃদ্ধি পায় আৰু লগতে দৃষ্টিশক্তিও উন্নত হয়।

খৰখেদাকৈ চকু টিপিওৱা চকুৰ স্বাস্থ্যৰ বাবেও ভাল। স্মাৰ্টফোন বা আন যিকোনো স্মাৰ্ট ডিভাইচ ব্যৱহাৰ কৰাৰ সময়ত কিছু সময়ৰ ভিতৰত ১০-১৫ বাৰ দ্ৰুতভাৱে চকু টিপিয়াব লাগে। ইয়াৰ ফলত চকু আৰ্দ্ৰ হৈ থাকে আৰু চকু শুকান নহয়।

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী; মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ উত্তৰ কাশীত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ।

প্ৰচণ্ড ডাৱৰ বিস্ফোৰণৰ পিছত বিধ্বংসী অৱস্থা কাশীত।

বৰ্তমানো উত্তৰ কাশীত অভাৱনীয় পৰিস্থিতি।

পাহাৰৰ পৰা নামি অহা পানীৰ ধলত উটি যায় বহু ঘৰ-দুৱাৰ।

বৰ্তমানলৈকে উদ্ধাৰ ৪ জন লোকৰ মৃতদেহ।

৬০জনতকৈও অধিক লোক সন্ধানহীন।

এতিয়ালৈকে প্ৰায় ১৩০ জন লোকক নিৰাপদ স্থানলৈ অনা হৈছে।

মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী তীৰ্থস্থানলৈ যোৱাৰ পথত অৱস্থিত অঞ্চলটোত বৃহৎ পৰিমাণৰ ধ্বংসলীলা হয়।

কাৰণ ধাৰাসাৰ পানীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, হোটেল আৰু ৰাস্তা উটুৱাই লৈ যায়।

ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ
AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

মিত্ৰদল বিজেপিৰ নিৰ্বাচিত (AGP) প্ৰতিনিধিসকলৰ অনুপস্থিতিৰেই মঙলবাৰে গঠন হ’ল বঙাইগাঁও জিলা পৰিষদ। ইয়াৰ বিপৰীতে উপস্থিত থাকিল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৷ সভাপতি নিৰ্বাচিত হ’ল অগপৰ মৃদুলা সিংহ ৷ প্ৰতিদ্বন্দ্বি নাছিল আন কোনো ৷ ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন ৷ অগপৰ মতে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দলৰ প্ৰাৰ্থী গৰাকী ৷ কাৰণ আন কোনেও কৰা নাছিল প্ৰতিদ্বন্দ্বিতা ৷ উপস্থিত সকলোৱে সেয়ে জনায় সমৰ্থন ৷ কিন্তু চাৰি গৰাকী সদস্য থকা অগপই বাৰ জনীয়া প্ৰতিনিধি থকা জিলা পৰিষদখন গঠন কৰিব পাৰে নে যদিহে কংগ্ৰেছৰ দুগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰতিনিধিয়ে সমৰ্থন আগনবঢ়ায় ? যি কি নহওক বিজেপিৰ অংক নিমিলাৰ সুযোগ গ্ৰহণ কৰি অগপই নিজৰ চাৰি গৰাকী সদস্য থকাৰ পিছতো গঠন কৰিলে জিলা পৰিষদখন ৷ কিন্তু লগে লগে প্ৰশ্নৰ উদ্ৰেগ ঘটিল বিজেপি – অগৰ মিত্ৰতাত ফাঁট মেলিল নেকি ? সেয়া স্পষ্ট হৈছেই ৷ চৰ্চা চলিছে বিজেপিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ কিন্তু সম্ভৱ হৈ নুঠাত অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাজতে আকৌ সভাপতি পদটোকলৈ টনা আজুৰা চলি আছিল ৷ এগৰাকী নৱনিৰ্বাচিত মহিলা প্ৰতিনিধিয়ে বিচাৰিছিল সভাপতি পদটো ৷ চেষ্টাও কৰিছিল ৷কিন্তু মহিলা প্ৰতিনিধি গৰাকীক সমৰ্থন নকৰে আকৌ কোনোবাই ৷ বৰং দাবীদাৰ আৰু আছে ৷ সেয়ে শেষত গৈ সকলো নিমিলা অংকত পৰিণত হ’ল ৷

অৱশ্যে বিজেপি দলৰ পৰা উপ সভাপতি হোৱাটে খাটাং ৷ কাৰণ অনুসূচিত জাতিৰ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদটো ৷ উল্লেখ্য যে মঙলবাৰে বঙাইগাঁও জিলা পৰিষদ গঠনৰ বাবে জিলা আয়ুক্তৰ তৰফৰ পৰা ধাৰ্য কৰি দিয়া হৈছিল দিন ৷ সেই অনুসৰি মঙলবাৰে জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য – সদস্যাসকলৰ প্ৰথম বৈঠক আয়োজন কৰা হয় ৷ বৰপাৰাস্থিত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকলৈ অগপ দলৰ নিৰ্বাচিত চাৰি গৰাকী প্ৰতিনিধি, কংগ্ৰেছ দলৰ দুজন ( এজন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগ দিছে) প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উপস্থিত হয় যদিও বিজেপি দলৰ চাৰি গৰাকী আৰু আন এগৰাকী নিৰ্দলীয় প্ৰতিনিধি উপস্থিত নহ’ল ৷ মিত্ৰদল অগপই বিজেপি দলৰ প্ৰতিনিধিসকল আহিব বুলি অপেক্ষা কৰি থাকে যদিও কাৰো সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ’ল ৷ দিনৰ বাৰ বজাৰ পৰা ১ বজালৈ ধাৰ্য কৰি দিয়া সময় উকলি যোৱাৰ পিছত বাকী পাঁচ গৰাকী প্ৰতিনিধি উপস্থিত নোহোৱাত উপস্থিত থকা সাত গৰাকী প্ৰতিনিধিৰেই আৰম্ভ হয় বৈঠকৰ কাৰ্যসূচী ৷ বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অগপ দলৰ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি শশীভূষণ মেধিয়ে অগপ দলৰ ঢালিগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মৃদুলা সিংহৰ নামটো সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু দলটোৰ চক্ৰভৌম জিলা পৰিষদ সমষ্টিৰ প্ৰতিনিধি জানকী বালা ৰায়ে সমৰ্থন আগবঢায় ৷ এই প্ৰস্তাৱত কংগ্ৰেছ দলৰ আফশানা পাৰবিন আৰু শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা কেৰামত আলীৰ লগতে নিৰ্দলীয় ৰমেজ উদ্দিনেও নৈতিক সমৰ্থন আগবঢ়ায় ৷

ফলত অগপই গঠন কৰে জিলা পৰিষদখন ৷ ইপিনে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত হোৱাত বাকীসকল উপস্থিত নথকাত গঠন কৰিব পৰা নগ’ল ৷ অনুষ্ঠানত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাৰ লগতে বিভাগীয় অন্যান্য বিষয়া, দলৰ কিছু সংখ্যক লোক উপস্থিত থাকে ৷ ইপিনে জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে পাঁচ আগষ্টত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য- সদস্যাসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ প্ৰথম বৈঠকত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ বৈঠকত জিলা পৰিষদৰ সভাপতি হিচাপে মৃদুলা সিংহ নিৰ্বাচিত হৈছে ৷ আনহাতে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বৈঠকত যিসকল নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য – সদস্যাসকল উপস্থিত আছিল তেওঁলোকৰ মাজত অনুসূচিত জাতিৰ কোনো মহিলাৰ সদস্য নাছিল ৷ সেইবাবে উপ সভাপতিৰ পদটোৰ বাবে কোনো প্ৰাৰ্থী নিৰ্বাচিত নহ’ল ৷ পিছত জিলা আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া দিনত নিৰ্বাচিত কৰা হ’ব ৷ তেওঁ কয় যে বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য – সদস্যাৰ মুঠ সংখ্যা ১২ গৰাকী ৷ কিন্তু বাৰ গৰাকীৰ ভিতৰত বৈঠকত সাত গৰাকী উপস্থিত আছিল ৷ যি গৰাকী সভাপতি নিৰ্বাচিত হৈছে তেওঁ বৈঠকত উপস্থিত থকা সকলোকেইগৰাকী সদস্য – সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ লগতে এগৰাকী নিৰ্দলীয় সদস্যাও উপস্থিত নাছিল ৷ আনহাতে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে কয় যে ভাল লাগিছে, নিজকে আমি শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত ৷ যিহেতু আমি অগপ দলে কাম কৰিব পাৰিছোঁ, তেনে সুবাদতে বাকী দলেও আমাক সমৰ্থন জনাইছে ৷ তেওঁলোকে নিশ্চয় ভাবিছে যে আমি কাম কৰিব পাৰিম ৷ বিজেপি দলক সোমবাৰে ফোন কৰা হৈছিল ৷ তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ বিশেষ নাজানিলো ৷ কিয় উপস্থিত নাথাকিল ৷ কিন্তু যিহেতু যোগাযোগ নাই হোৱা, সেয়ে আমাৰ পৰাই জিলা পৰিষদ গঠন হৈ গ’ল ৷

এতিয়ালৈকে দুই দলৰ মাজত জিলা পৰ্যায়ত কোনো খিলিমেলি নাই হোৱা ৷ জিলা পৰিষদ গঠন হলহে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব ৷ প্ৰথমটো দিনত মিত্ৰদলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত নথকাত অলপ বেয়া লগা বুলি কৈ থাকিলে ভাল লাগে বুলিও কয় ৷ আমি যিহেতু মিত্ৰ দল ,সেয়ে আমাৰ লগত থাকিলে নিশ্চয় ভাল লাগিলহেঁতেন ৷ কিন্তু হয়তো কিবা অসুবিধা থাকিব পাৰে, সেয়ে আহিব পৰা নাই ৷ আনহাতে বিজেপি দলে সভাপতিৰ পদ বিচাৰিছিল নেকি বুলি সোধাত বিধায়িকা গৰাকীয়ে কয় যে আমি শুনা নাই ৷ তেওঁলোকে যদি কৈছিলো মই কিন্তু গম পোৱা নাই ৷ সেইদৰে নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি মৃদুলা সিংহই প্ৰথমতে অগপ দলৰ লগতে দলটোৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী তথা দলৰ সকলোকে ধন্যবাদ জনায় ৷ লগতে তেওঁক সভাপতি নিৰ্বাচিত হোৱাত সহযোগ তথা সমৰ্থন আগবঢ়োৱা আন দলকো ধ্যবাদ জনায় ৷ মিত্ৰ দলৰ চাৰি গৰাকী নিৰ্বাচিত সদস্য -সদস্যা উপস্থিত নথকা সন্দৰ্ভত কয় যে হয়তো তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ তেওঁ কোন কোন দলৰ পৰা সমৰ্থন লাভ কৰিছে বুলি সোধাত পোনচাতে কোনো দলৰ নাম নকৈ কয় যে সকলো দলৰ পৰাই সমৰ্থন পাইছোঁ ৷ তেওঁলোকৰ সমৰ্থনতে সভাপতি হ’বলৈ পাইছোঁ ৷ তেওঁলোকে হয়তো ভাবিছে যে এজন যিহেতু সভাপতিৰ আসনত বহিব লাগে, সেয়ে আনসকলে চিন্তা – চৰ্চা কৰিয়ে সমৰ্থন জনালে ৷ গতিকে বাকীসকলেও নিজা চিন্তা- চৰ্চাৰে সমৰ্থন কৰিলে ৷ আনহাতে অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ অনুপস্থিতিত অগপই জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশ্নৰ উত্তৰটো মই দিব নোৱাৰিম ৷ কাৰণ আমি বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ ৷ এতিয়া বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ অগপ দলৰ সাধাৰণ সম্পাদক ৷ মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলো আৰু মই কোৱাৰ পিছত বিজেপি দলৰ জিলা সভাপতিক কেইবাবাৰো ফোন কৰি সাক্ষাৎ কৰাৰ বাবে সময় লৈছিল যদিও তেওঁলোকৰ অসুবিধা বুলিয়ে ক’ব লাগিব লগ কৰিব নোৱাৰিলে ৷ আনকি ভূপেন ৰায়ে অভয়াপুৰীৰ আৱৰ্ত ভৱনত জিলা বিজেপিৰ সভাপতিৰ বাবে ৰুটি আদি অৰ্ডাৰ দি বহি আছিল ৷ তাৰ পিছত জিলা বিজেপিৰ সভাপতিলৈ ফোন কৰাত সভাপতি গৰাকীয়ে গুৱাহাটীলৈ যাব বুলি কৈ ঘুৰি আহি কথা পাতিব বুলি কয় ৷ কিন্তু গুৱাহাটীৰ পৰা আহিও কথা নাপাতিলে ৷ সোমবাৰেও ভূপেন ৰায়ে সন্ধিয়া জিলা বিজেপিৰ সভাপতি গৰাকীক দুবাৰ ফোন কৰিছিল ৷ কিন্তু তেওঁ ফোন নধৰিলে ৷ বিজেপিয়ে সভাপতি পদটো বিচাৰিছিল নেকি বুলি সাংসদ গৰাকীক সোধাত কয় যে আমি আলোচনা কৰিব বিচাৰিছিলো ৷ আমাৰ যিহেতু চাৰি গৰাকীকৈ সদস্য আছে, সেয়ে কি কৰা যায় ৷

কিন্তু তেওঁলোকে আমাৰ লগত আলোচনাত মিলিতই নহ’ল ৷ গতিকে সভাপতি বিচাৰিব আৰু বিচৰাতো স্বাভাৱিক কথা ৷ কিন্তু আলোচনাত মিলিতই নহ’ল ৷ ইপিনে মঙলবাৰে যিহেতু প্ৰথম বৈঠকৰ দিন ধাৰ্য কৰিছে, সেয়ে প্ৰথম সভাখনত আমাৰ অগপ দলৰ চাৰিজন গৈছে ৷ আৰু বাকী তিনিজন গৈছে ৷ বিজেপি দলৰ চাৰিজনেই অনুপস্থিত আছিল আৰু এগৰাকী নিৰ্দলীয় সদস্য বঙাইগাঁওলৈ আহিও পুনৰ উভতি গৈছে ৷ মিত্ৰ দলৰ মাজত কোনো খেলিমেলি নহয় ৷ মিত্ৰতা আমাৰ ৰাজ্যিক ভিত্তিত হৈছে বা কেন্দ্ৰ ভিত্তিত হৈছে ৷ এইটো এটা সৰু কথা ৷ জিলা পৰিষদৰ সভাপতিলৈহে ৷ তেওঁলোকে হয়তো বিচাৰিছিল বা আশা কৰিছিল, কিন্তু তেওঁলোকৰ ভুল হ’ল আমাৰ লগত আলোচনা কৰিব লাগিছিল ৷ নকৰিলে ৷ আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলেই আমি কি ক’ব বিচাৰিছিলো, কি বিচাৰিছিলো ৷ সেইদৰে অগপই কংগ্ৰেছক সমালোচনা কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈ জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত কয় যে সভাপতি নিৰ্বাচনৰ বাবে কোনো ভোটেই হোৱা নাই ৷ ভোট হলে আমাৰ পৰা নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেতেন ৷ ভোটেই হোৱা নাই ৷ তেওঁলোকে প্ৰাৰ্থী দিলে ভোট হ’লহেতেন ৷ আমি চাৰিজন আছো আৰু তেওঁলোক তিনিজন আছে ৷ তেওঁলোকে কেনেকৈ প্ৰাৰ্থী দিব ? কংগ্ৰেছে সমৰ্থন জনোৱাৰ কথাটো ইয়াত অহা নাই ৷ তেওঁ কয় যে অগপৰ চাৰিজন আছিল, দুগৰাকী নিৰ্দলীয় আৰু এজন কংগ্ৰেছৰ আছিল ৷

কংগ্ৰেছৰ দুজন নহয় এজনহে বুলিও কয় ৷ ইপিনে আবেলি বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত বিজয় সভা অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সভাপতি তথা দলৰ আন জিলা পৰিষদৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে অগপ কাৰ্যালয়ত এখন সংবাদ মেলৰো আয়োজন কৰে দলৰ পৰা ৷ সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তব্য ৰাখে ৷ সংবাদ মেলত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলাৰ নেতৃত্ব উপস্থিত থাকে ৷

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw
পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

e-rickshaw । নগাঁও জিলাৰ ৰহা পৌৰসভাই ই-ৰিক্সা চলাচলত বিশেষ নিৰ্দশনা প্ৰদান কৰিছে। আজি ৰহা পৌৰপতিৰ স্বাক্ষৰিত আৰ,এম,বি,/ই-ৰিক্সা/২৩১/২০২৫-২৬/02 নম্বৰৰ নিৰ্দেশনা অনুসৰি অহা ৬ আগষ্ট তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্ল্যেখ্য যে, ৰহা পৌৰসভাৰ সভানেত্রী সভাপতিত্বত তেখেতৰ কাৰ্য্যালয় যোৱা ১৫ জুন,২০২৫ তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মর্মে ৰহাপৌৰ সভা এলেকাৰ ভিতৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নির্দেশনাসমূহ জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ৰহা পৌৰসভা এলেকাত ই-ৰিক্সা চলাবলৈ হ’লে ৰহাপৌৰ সভাত পঞ্জীয়নভুক্ত হোৱাতো বাধ্যতামূলক।

পঞ্জীয়ন নথকা ই-ৰিক্সা ৰহা পৌৰসভা এলেকাত চলাচল কৰিব নোৱাৰিব। অন্যথা ২০০০(দুই হাজাৰ টকা) জৰিমনা বিহা হ’ব। তদুপৰি সকলো ই-ৰিক্সা চালকে ৰহা পৌৰসভাই যোগান ধৰা ই-ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই-ৰিক্সা সম্মুখ ভাগত লগাব লাগিব।ৰহা পৌৰসভা এলেকাত ৰহা পৌৰ সভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব। পূৱা ৫ বজাৰ পৰা নিশা ১ বজালৈকেহে ই-ৰিৰ্ক্সা সমূহ চলাচল কৰিব পাৰিব।
প্রতিখন ই-ৰিক্সাৰ সোঁ ফালটো গ্ৰীলেৰে বন্ধ কৰা হ’ব লাগিব। ই-ৰিক্সা সমূহৰ আগফাল ও পিছফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়।ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যধা অনুমোদন নাকচ কৰা হ’ব।


চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুবাব নোৱাৰিব। চালকৰ সৈতে সর্বমুঠ ৫ (পার্ট) জন আৰি এখন ই-ৰিক্সাত যাতায়ত কৰিব পাৰিব।চালকে ই-ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমনা ভৰিব লাগিব। ভাৰা নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০.০০ টকা আৰু তাৰ পিছত প্রতি কিলোমিটাৰৰ বাবদ ৫.০০ টকা আদায় ল’ব পাৰিব।তিনিআলি, চাৰিআলি সমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোনা নমোৱা কৰিব নোৱাৰিব।যাত্রী উঠোৱা-নমোৱা কৰিবলৈ কোনো ই-ৰিক্সা ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব। লগতে ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে বুলি উল্লেখ কৰি
এই নিয়মসমূহ অহা ০৬-০৮-২০১৫ তাৰিখৰ পৰা পৰবৰ্তী নির্দেশ পর্য্যন্ত কাৰ্য্যক্ষম হ’ব আৰু নিয়ম সমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলি নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰেৰক, বুলন চন্দ্ৰ নাথ। ৰহা ।।
ছবি বাতৰিৰ লগত গৈছে ।

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল দৰং জিলা পৰিষদ । Darrang

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang
বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang


Darrang । বহুদিনৰ অপেক্ষাৰ অন্তত মঙলবাৰে গঠন কৰা হ’ল দৰং জিলা পৰিষদ। জিলা খনৰ মুঠ ১২ খন আসনৰ ভিতৰত ৬ খন বিজেপি, ১ খন অগপ, ৪ খন কংগ্ৰেছ আৰু ১ খন ৰাইজৰ দলে লাভ কৰা পৰিপ্ৰেক্ষিতত এই জিলা পৰিষদ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

দুয়োখন শীৰ্ষ পদ — সভাপতি আৰু উপ-সভাপতি — এইবাৰ মহিলা সংৰক্ষিত আছিল। সভাপতি পদত হাউলি জিলা পৰিষদ সমষ্টিৰ বিজেপি সদস্য শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি পদত কুৰুৱা-হাজৰিকাপাৰা সমষ্টিৰ বিজেপি সদস্য পৰিস্মিতা নাথ নিৰ্বাচিত হয়।

এদিন আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সভাপতি আৰু উপ-সভাপতি পদৰ বাবে গোপন ভোটগ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ তৰফৰ পৰা সভাপতি পদত মুক্তা দেৱী মণ্ডল আৰু উপ-সভাপতি পদত নিলোৱাৰা ইয়াচমিনৰ নাম প্ৰস্তাৱ কৰা হৈছিল। গোপন ভোটত বিজেপি প্ৰাৰ্থীসকলে ৭ টাকৈ ভোট লাভ কৰে, কংগ্ৰেছ প্ৰাৰ্থীসকলে ৪ টাকৈ ভোট আৰু ১ টা ভোট বাটিল হিচাপে গণ্য হয়। ফলস্বৰূপে শেৱালী গোস্বামী কলিতা সভাপতি আৰু পৰিস্মিতা নাথ উপ-সভাপতি ৰূপে নিৰ্বাচিত হন।

এই গঠনত উল্লেখযোগ্য যে, ২০২৩-২৪ বৰ্ষত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত দৰং জিলা পৰিষদত বিজেপিয়ে অভূতপূৰ্ব সাফল্য লাভ কৰিছিল। জিলা পৰিষদৰ বিভিন্ন আসনত জয়লাভ কৰা প্ৰাৰ্থীসকল হৈছে:

  • দুমুনিচকী-বৰদৌলগুৰি – চণ্ডীচৰণ চৌধুৰী (অগপ)
  • কুৰুৱা-হাজৰিকাপাৰা – পৰিস্মিতা নাথ (বিজেপি)
  • দুনী-পথৰুঘাট – ৰূপালী দেৱী (বিজেপি)
  • দেওমৰনৈ-টেঙাবাৰী – হেমন্ত কুমাৰ ডেকা (বিজেপি)
  • ৰঙামাটি – বিতুপণ ডেকা (বিজেপি; বিনা প্ৰতিদ্বন্দিতাত জয়ী)
  • চপাই – অনিতা ৰাজবংশী (বিজেপি)
  • হাউলি – শেৱালী গোস্বামী কলিতা (বিজেপি)
  • মোৱামাৰী – মুক্তা দেৱী মণ্ডল (কংগ্ৰেছ)
  • অপৰিয়া-শ্যামটিলা – ময়ুৰী খাতুন (ৰাইজৰ দল)
  • বিহুদিয়া – ৰাকিব উদ্দিন আহমেদ (কংগ্ৰেছ)
  • বেছিমাৰী – মুহিবুদ্দিন আহমেদ (কংগ্ৰেছ)
  • শ্যামপুৰ – শাহনাজ নিলোৱাৰা ইয়াচমিন (কংগ্ৰেছ)

মঙলবাৰৰ শপত গ্ৰহণ আৰু দায়িত্ব গ্ৰহণ অনুষ্ঠানত বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিজেপিৰ জিলা সভাপতি মুকুন্দ ডেকা, উপ-সভাপতি প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস কুমাৰ দাস আদি উপস্থিত থাকিলে লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ বহু নেতা-কর্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিজেপিয়ে জিলা পৰিষদৰ নেতৃত্ব দখল কৰি দৰং জিলাত তেওঁলোকৰ সাংগঠনিক শক্তিৰ প্ৰমাণ দিছে বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে ৰাইজে UNCUT