Home Blog Page 97

Kajol Birthday: আজি অভিনেত্ৰী কাজলৰ জন্মদিনঃ ৩০ বছৰৰ পাছতো ছবিগৃহত চলি আছে কাজলৰ ৫খন ছবি

Kajol Birthday: আজি অভিনেত্ৰী কাজলৰ জন্মদিন
Kajol Birthday: আজি অভিনেত্ৰী কাজলৰ জন্মদিন

কাজল বলীউডৰ এগৰাকী (Kajol Birthday) মহান অভিনেত্ৰী, চলচ্চিত্ৰ কেৰিয়াৰত বহু ছবি নিৰ্মাণ কৰি বক্স অফিচত ছুপাৰহিট হৈছে কালৰ। কেৱল এয়াই নহয়, আইএমডিবিয়েও তেওঁৰ ছবিসমূহক ভাল ৰেটিং দিছে।

১৯৯২ চনত ‘বেখুদী’ ছবিৰে বলীউডত ভৰি দিছিল কাজলে। অৱশ্যে এই ছবিখনে বক্স অফিচত ভাল উপাৰ্জন কৰিব নোৱাৰিলে। এই ছবিখনৰ পিছত কাজলে বহু ছবি কৰিছিল যিবোৰ বক্স অফিচত হিট বুলি প্ৰমাণিত হৈছিল। বৰ্তমান কাজল বলীউডৰ এক পৰিচিত মুখ। বলীউডৰ কিং খান (শ্বাহৰুখ খান)ৰ সৈতে কাজলৰ যোৰাটো মানুহে বহুত ভাল পাইছে। আজি আপোনালোকক ক’ম কাজলৰ ৫ খন হিট ছবিৰ বিষয়ে-

১৯৯৫ চনৰ ‘কৰণ অৰ্জুন’ ছবিত কাজলৰ অভিনয় মানুহে ভাল পাইছিল। এই ছবিখনত কাজলৰ সৈতে শ্বাহৰুখ খান, ছলমান খান, মমতা কুলকাৰ্ণীৰ দৰে অভিনেতাক দেখা গৈছিল। এই ছবিখন নিৰ্মাণৰ বাবে প্ৰায় ৬ কোটি টকা ব্যয় কৰা হৈছিল। এই ছবিখনৰ মুঠ উপাৰ্জন হৈছিল বিশ্বজুৰি ৪৩.১০ কোটি টকা। IMDb এ এই ছবিখনক ৬.৮ ৰেটিং দিছে।

দিলৱালে দুলহানিয়া লে জায়েংগে, কাজলৰ এই ছবিখন মুক্তি লাভ কৰাইছিল আদিত্য চোপ্ৰাই। এই চিনেমাখনত কাজল আৰু শ্বাহৰুখ খানে ছবিখনত ৰাজ আৰু ছিমৰণৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন নিৰ্মাণৰ ব্যয় আছিল প্ৰায় ৪ কোটি টকা, সমগ্ৰ বিশ্বতে এই ছবিখনে মুঠ ১০২.৫০ কোটি টকা উপাৰ্জন কৰে। এই ছবিখনক IMDb য়ে ৮ ৰেটিং দিছে।

কুচ কুচ হোটা হেয়, ১৯৯৮ চনত আহিছিল, যাৰ পৰিচালক আছিল কৰণ জোহৰ। এই ছবিখনত আপোনাক দেখুওৱা হৈছে এটি তিনিকুনীয়া প্ৰেম কাহিনী, যি কাহিনী ৰাইজে বহুত ভাল পাইছিল। এই ছবিখনত কাজলৰ সৈতে শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীক দেখা গৈছিল। কেৱল এয়াই নহয়, এই ছবিখনত ছলমান খানৰ কেমিঅ’ও আছিল, যিয়ে ছবিখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছিল। এই ছবিখনক আইএমডিবিয়েও ৭.৫ ৰেটিং দিছে। ছবিখন বনাবলৈ প্ৰায় ১৪ কোটি টকা খৰচ হৈছিল। এই ছবিখনে সমগ্ৰ বিশ্বতে মুঠ ৯১.৯ কোটি টকা উপাৰ্জন কৰে।

২০০১ চনত কাজলৰ ছবি ‘কভি খুছি কভি ঘাম’ বক্স অফিচত চুপাৰহিট হৈছিল। এই ছবিখনত কাজোলৰ লগতে শ্বাহৰুখ খান, ঋত্বিক ৰোশন, কৰীনা কাপুৰও আছিল। IMDb এ ইয়াক ১০ ৰ ভিতৰত ৭.৪ ৰেটিং দিছে।এই চিনেমাখন নিৰ্মাণৰ ব্যয় আছিল ৪০ কোটি টকা, আনহাতে এই ছবিখনৰ মুঠ সংগ্ৰহ আছিল বিশ্বজুৰি ১১৯.২৯ কোটি টকা।

এতিয়াও মানুহে কাজোলৰ ছবি ‘ইছক’ চাই ভাল পায়। এই ছবিখনত কাজলৰ লগতে আমিৰ খান, অজয় দেৱগন, জুহি চাওলাৰ দৰে অভিনেতাক দেখা গৈছিল। এই ছবিখন নিৰ্মাণৰ বাবে ১১ কোটি টকা খৰচ হৈছিল, বিশ্বজুৰি ছবিখনৰ সংগ্ৰহ ৪৫.৫৫ কোটি টকা সংগ্ৰহ কৰা হৈছিল। এই চিনেমাখনে ছুপাৰহিটৰ টেগ পাইছে।

Taro Root Benefits: হাৰ্ট এটেকৰ সমস্যা দূৰ কৰে কচুৱে, লগতে নিয়ন্ত্ৰণ কৰে ব্লাড চুগাৰো !

Taro Root Benefits: হাৰ্ট এটেকৰ সমস্যা দূৰ কৰে কচুৱে
Taro Root Benefits: হাৰ্ট এটেকৰ সমস্যা দূৰ কৰে কচুৱে

ভাৰতৰ মানুহৰ খাদ্যাভ্যাস (Taro Root Benefits) ইমানেই অস্বাস্থ্যকৰ যে ইয়াৰ বাবে হৃদৰোগ আৰু পেটৰ ৰোগ হোৱাৰ আশংকা সদায় থাকে, কিন্তু বিশেষ কিছুমান শাক-পাচলি খালে এই সমস্যাবোৰৰ দূৰ হ’ব পাৰে।

কচু শাক প্ৰায়ে আমি পৰিৱেশন কৰোঁ, কচু শাক স্বাস্থ্যকৰ আৰু সোৱাদযুক্ত। কচু শাক খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। ইংৰাজীত ইয়াক ‘তাৰো ৰুট’ বুলি কোৱা হয়। কচুত আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে কচু খোৱাৰ উপকাৰীতা কি কি –

১/ হৃদৰোগ আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা কমিব

কচুত এন্টিঅক্সিডেন্ট, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, ই থাকে।ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰিলে হৃদৰোগ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি।

২) তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে-

কচুত প্ৰচুৰ পৰিমাণে ষ্টাৰচ আৰু দুবিধ কাৰ্বহাইড্ৰেট থাকে, যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। কচু খালে কাৰ্বহাইড্ৰেটৰ হজম আৰু শোষণ লেহেমীয়া কৰে আৰু খাদ্য খোৱাৰ লগে লগে ব্লাড চুগাৰৰ বৃদ্ধি ৰোধ কৰে।

৩/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে-

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কচু খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। কচুত থকা ভিটামিন চি এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।

৪/ ওজন হ্ৰাস কৰাত ফলপ্ৰসূ-

ওজন কমোৱাতো কচু (Taro Root) ফলপ্ৰসূ। কচু খালে আপোনাৰ পেট দীৰ্ঘ সময়লৈকে ভৰি থাকে, যাৰ ফলত দিনটোৰ ভিতৰত কেলৰিৰ পৰিমাণ কমোৱাত সহায় কৰে। কচুত কেলৰি কম থাকে, গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে কচু শাক খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে।

৫) পেটৰ লগত জড়িত সমস্যাবোৰ নাইকিয়া হ’ব-

কচুত(Taro Root) প্ৰচুৰ পৰিমাণে আঁহ থাকে। ই হজম শক্তি ভালদৰে ৰাখে। ইয়াৰ লগতে গেছ, কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়াৰ সমস্যাও দূৰ হয়।

৬) চকুৰ দৃষ্টিশক্তি বাঢ়িব

কচু(Taro Root) খোৱাটোও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। কচুত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থকা ভিটামিন এ আৰু চিৰ দৰে উপাদান থাকে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে।

“ঘৰে ঘৰে শিক্ষা, তেহে ৰক্ষা” — কুশবাৰী জাতীয় বিদ্যালয়ত আমছুৰ কলম বিতৰণ কাৰ্যসূচী । AMSU

AMSU । শিক্ষাই একমাত্ৰ পথ — সমাজক আলোকিত কৰা, পিছপৰা জনগোষ্ঠীক আগবঢ়োৱা আৰু সকলোৰে ভৱিষ্যৎ গঢ়ি তোলা। এই গভীৰ বোধ আৰু দায়বদ্ধতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে "ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা" এই আপ্তবাক্যক মূলমন্ত্ৰ কৰি কুশবাৰী জাতীয় বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ কলম বিতৰণ কাৰ্যসূচী
AMSU । শিক্ষাই একমাত্ৰ পথ — সমাজক আলোকিত কৰা, পিছপৰা জনগোষ্ঠীক আগবঢ়োৱা আৰু সকলোৰে ভৱিষ্যৎ গঢ়ি তোলা। এই গভীৰ বোধ আৰু দায়বদ্ধতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে "ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা" এই আপ্তবাক্যক মূলমন্ত্ৰ কৰি কুশবাৰী জাতীয় বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ কলম বিতৰণ কাৰ্যসূচী AMSU । শিক্ষাই একমাত্ৰ পথ — সমাজক আলোকিত কৰা, পিছপৰা জনগোষ্ঠীক আগবঢ়োৱা আৰু সকলোৰে ভৱিষ্যৎ গঢ়ি তোলা। এই গভীৰ বোধ আৰু দায়বদ্ধতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে "ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা" এই আপ্তবাক্যক মূলমন্ত্ৰ কৰি কুশবাৰী জাতীয় বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ কলম বিতৰণ কাৰ্যসূচী

AMSU । শিক্ষাই একমাত্ৰ পথ — সমাজক আলোকিত কৰা, পিছপৰা জনগোষ্ঠীক আগবঢ়োৱা আৰু সকলোৰে ভৱিষ্যৎ গঢ়ি তোলা। এই গভীৰ বোধ আৰু দায়বদ্ধতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে “ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা” এই আপ্তবাক্যক মূলমন্ত্ৰ কৰি কুশবাৰী জাতীয় বিদ্যালয়ত এক তাৎপৰ্যপূৰ্ণ কলম বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কলম বিতৰণ অনুষ্ঠানটোৱে কেৱল শিক্ষাৰ সামগ্ৰী বিতৰণ নহয়, বৰঞ্চ এক চিন্তাশীল সমাজ গঠনৰ উদ্দেশ্যে শিক্ষা কেন্দ্ৰিক আন্দোলনৰ সূচনা। ১ আগষ্টৰ পৰা আৰম্ভ হোৱা আমছুৰ এমাহীয়া শিক্ষামূলক অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ লক্ষ্য হ’ল সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত শিক্ষাৰ পোহৰ প্ৰজ্বলিত কৰা আৰু শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মনোভাৱ উন্নত কৰা। অসমত সাম্প্ৰতিক সময়ত খিলঞ্জীয়া ৰক্ষাৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কিছু সিদ্ধান্তৰ পটভূমিত এই কাৰ্যসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰে। আমছুৰ মতে, সমাজৰ গতি শিক্ষা-নির্ভৰ হ’ব লাগিব, অস্ত্ৰৰ নহয়। আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিমে অনুষ্ঠানত ভাষণ প্ৰসংগত কয় খিলঞ্জীয়া ৰক্ষাৰ নামত চৰকাৰে মাৰাণাস্ত্ৰ প্ৰদানৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, আমছুয়ে তাৰ প্ৰতি উত্তৰ দিব কলমৰে। শিক্ষাই আমাৰ একমাত্ৰ পথ , কলমেই আমাৰ যুঁজৰ অস্ত্ৰ। আমি বিশ্বাস কৰোঁ, কেৱল শিক্ষাৰ জৰিয়তে সুস্থ সমাজ গঠন সম্ভৱ। তেওঁ লগতে সকলো শিক্ষানুৰাগী, অভিভাৱক, শিক্ষক, সংগঠন, তথা সচেতন নাগৰিক সকলক এই শিক্ষাৰ জাগৰণ যাত্ৰাত আমছুৰ লগত সহযাত্রী হ’বলৈ আহ্বান জনায়। অসমৰ প্ৰতিটো ঘৰতে যেন শিক্ষাৰ পোহৰ জ্বলি উঠে, সেই দিশে সংগঠনটোৱে সদায় প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ দৃঢ়ভাৱে উল্লেখ কৰে। অনুষ্ঠানখনত বিদ্যালয়ৰ প্ৰায় ৫০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া কলম বিতৰণ কৰা হয়। প্ৰত্যেক গৰাকী শিক্ষাৰ্থীৰ হাতত কলম দিবলৈ আমছুৰ প্ৰতিনিধিসকল আগবাঢ়ি আহে। কলম কেৱল লিখিবৰ বাবে নহয়, বৰঞ্চ ই এটা আশা, এটা শক্তি, এটা অস্ত্ৰ, যাৰ জৰিয়তে আমি গঢ়ি তুলিব পাৰো নিজৰ আৰু সমাজৰ ভৱিষ্যৎ। ইয়াৰ উপৰিও উপস্থিত বক্তাসকলে তেওঁলোকৰ ভাষণত প্ৰত্যক্ষভাৱে উল্লেখ কৰে শিক্ষাৰ বিকাশ অবিহনে উন্নয়নৰ নামত গ্ৰহণ কৰা যিকোনো পদক্ষেপ অপূর্ণ। এই কাৰ্যসূচীৰ জৰিয়তে আমছুয়ে সমাজক সজাগ কৰা, ছাত্ৰ-ছাত্ৰীৰ মনত আত্মবিশ্বাস জগোৱা আৰু অভিভাৱক সকলক শিক্ষাৰ প্ৰতি অধিক মনোনিবেশ কৰোৱাৰ চেষ্টাত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এই কলম বিতৰণ কাৰ্যসূচীয়ে কুশবাৰী অঞ্চলত শিক্ষাৰ জাগৰণৰ এক নতুন সূচনা হিচাপে বিবেচিত হৈছে। বহুদিন ধৰি পশ্চাদপটত থকা অঞ্চলসমূহত এই ধৰণৰ পদক্ষেপেই শিক্ষাৰ পোহৰে লাহে লাহে পূৰ্ণ বিকাশ লাভ কৰিব পাৰে। আমছুৰ এই সাহসী আৰু পৰিকল্পিত পদক্ষেপে আগন্তুক দিনত শিক্ষিত, সজাগ আৰু সদ্ভাৱনাপূৰ্ণ সমাজ গঠনত এক দীঘলীয়া ভূমিকা গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। বিদ্যালয় খনৰ পৰিচালনা সঞ্চালক আলাউদ্দিন শ্বৰীফে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, আমছুৰ কেন্দ্ৰীয় উপ সভাপতি জাহাঙ্গীৰ আলম, আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক বাহাৰুল ইছলাম, উত্তৰ শালমাৰা জিলা আমছুৰ উপ সভাপতি ৰফিকুজ জামান, সাধাৰণ সম্পাদক খুৰশিদ আলম, জাহানুৰ আলম, সহঃ সাধাৰণ সম্পাদক ৰিয়াজুল হক আৰু অন্যান্য বিষয়ববীয়াসকলৰ উপস্থিতিয়ে অনুষ্ঠানখনৰ গৰিমা বৃদ্ধি কৰে।

বৰভাগত বিশ্ব মাতৃ দুগ্ধপান দিৱস পালন ।World Milk Day 2024

বৰভাগত বিশ্ব মাতৃ দুগ্ধপান দিৱস পালন ।World Milk Day 2024
বৰভাগত বিশ্ব মাতৃ দুগ্ধপান দিৱস পালন ।World Milk Day 2024

মাতৃ দুগ্ধ শিশুৰ জীৱনদায়িনী শক্তি–কৰৱী সিংহা । World Milk Day 2024

সপ্তাহ জোৰা দুগ্ধপান দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পত বিশ্ব মাতৃ দুগ্ধপান দিৱস উদ্‌যাপন কৰা হৈছে ৷উল্লেখ যে -বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত ৪০নং অংগনৱাড়ী কেন্দ্ৰৰ উদ্যোগত আৰু ৩২, ৩৬ , ৭২, ৭৬ অংগনৱাড়ী কেন্দ্ৰৰ সহযোগত মাতৃ দুগ্ধ সপ্তাহ উদ্‌যাপন কৰা হয় ৷ইয়াত বিষয়টোৰ ওপৰত সজাগতা আৰু গুৰুত্বৰ ওপৰত মন্তব্য কৰে ১নং চক্ৰৰ মুখ্যসেৱীকা প্ৰনিতা ডেকা আৰু এ ন এম মীৰা বেগমে ৷

জন্মৰ পৰা ৬ মাহৰ শিশুক কেনেকৈ বাধ্যতামূলক দুগ্ধপান কৰিব লাগে তাৰ সজাগতাৰ ওপৰত মন্তব্য দিয়ে ৷ইয়াৰ উপৰিও বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ৪৭নং বৰকুৰিহা অংগনৱাড়ী কেন্দ্ৰৰ উদ্যোগত আৰু ৪৮,৮২,১০৮ অংগনৱাড়ী কেন্দ্ৰৰ সহযোগত দুগ্ধপানৰ ওপৰতো সজাগতা সভা অনুস্হিত হয় ৷ অনুষ্ঠানত ২ আৰু ৩ নং চক্ৰৰ মুখ্যসেৱীকা মনোৱাৰা বেগম, আনোৱাৰা খাতুন ,পোষণ অভিযানৰ ব্লক ক’ৰ্দিনেটৰ কৰৱী সিংহা, এ এন এম পুৰ্নিমা হালৈ,মিঞ্জুৱাৰা বেগম আৰু আশা কৰ্মী মিতালী তালুকদাৰো উপস্থিত থাকে ৷

অনুষ্ঠানত উপস্থিত থাকি বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ব্লক ক’ৰ্দিনেটৰ কৰৱী সিংহই নিজৰ সজাগতা মূলক ভাষনত কয় যে- এটি শিশুক জন্মৰ পৰা ছয় মাহলৈ মাতৃৰ দুগ্ধ সেৱন কৰিব দিয়াটো শিশুৰ জীৱনী ৰক্ষা কৱচ সদৃশ ৷মাতৃ দুগ্ধই শিশুটিক বিভিন্ন ৰোগ নিৰাময়ৰ শক্তিবৰ্ধক খাদ্য ৷ইয়াৰ পৰা শিশুক বঞ্চিত কৰাটো অপৰাধ ৷শিশুটিৰ শাৰীৰিক গঠনৰ পৰিপেক্ষিতত জন্মৰ ছয় মাহৰ পিছত কি কি ওপৰঞ্চি আহাৰ মিয়া হব তাৰ ওপৰতো সজাগতা মুলক মন্তব্য দিয়ে ৷ স্মৰ্তব্য যে -এক আগষ্টৰ পৰা আৰম্ভ হোৱা মাতৃ দুগ্ধ সপ্তাহ উপলক্ষে বৰভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ১১৩টা অংগনৱাড়ীত মাতৃ দুগ্ধ পান সপ্তাহ পালন কৰাৰ লগতে নলবাৰী জিলাৰ সাতটা প্ৰকল্পত মাতৃ দুগ্ধপান সপ্তাহ পালন কৰিব বুলি জানিব পৰা গৈছে ৷

বিটিআৰত বাথৌ মন্দিৰ হলে নামঘৰো হ’ব লাগিব- মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম । Minister UG Brahma


Minister UG Brahma । গৃহ সমষ্টিত কেইবাটাও কামৰ শুভাৰম্ভ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ৷বিটিআৰত বাথৌ মন্দিৰ হলে নামঘৰো হ’ব লাগিব- মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

তামুলপুৰৰ মাজমজিয়াত আজি তামুলপুৰ জিলা ইউপিপিএল দলৰ মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এক মাংগলিক ৰীতি পৰিৱেশত জিলা ইউপিপিএলৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌৰা ব্ৰহ্মই। কাৰ্যালটো আনুষ্ঠানিকভাৱে মুকলি কৰি উদ্বোধনী সভাত মন্ত্ৰী গৰাকীয়ে কয়— আমি বিটিআৰবাসী ৰাইজ একলগ হৈ থাকিলেহে আমাক ৰাইজে বিটিআৰৰ সমাজ বুলি কব। বিটিআৰত শান্তি, সম্প্ৰতি, সমন্বয় হলেহে আমি সকলো জাতি জনগোষ্ঠীৰ লোকে একেলগে কাম কৰি বিটিআৰ খনক আগুৱাই নিব পাৰিম। আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চিন্তাৰে আগবাঢ়িলে আমি এক ভাৰতীয় সমাজ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম ৷

বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীকলৈ আমাৰ সপোন আছে ৷ আমাৰ সপোন পূৰণ কৰিবলৈ হলে আমি সকলোৱে মিলা প্ৰীতিৰে বিটিআৰত বসবাস কৰিব লাগিব। বিটিআৰত এক হৈ যিয়ে কাম কৰিব নিবিচাৰে তেতিয়া আমি কোৱা শান্তি, সম্প্ৰীতি, সমন্বয়ৰ কথা বহু দূৰলৈকে গুচি যাব। ভাষণ প্ৰসংগত তেওঁ পুণৰ কয়— বিটিআৰত বাথৌ মন্দিৰ হলে নামঘৰো হ’ব লাগিব ৷ জাতি ধৰ্মৰ নাম লৈ কাম কৰিলে একতা উভতি নাহে ৷ কোনোবাই যদি এনে কাম কৰিব বিচাৰিছে তেনেহলে বিটিআৰত একতা, সমন্বয়, শান্তি নাহে। প্ৰমোদ বড়ো থকালৈকে আমাৰ উদ্দেশ্য এক হৈ থাকিব। একতা, সমন্বয়, শান্তি আহিব বিটিআৰত বুলিও মন্তব্য কৰে ৷

তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ উপ সভাপতি বিপুল বসুমতাৰীয়ে আঁত ধৰা সভাখনত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়— দলৰ কাৰ্যালয় নিৰ্মাণ হ’লেহে এটা দলৰ সুস্থিৰ পৰিবেশ ঘুৰি আহে। শৃংখলাবদ্ধভাৱে কাৰ্যালয়টোত কামকাজ কৰিলে ইতিবাচক ভাৱে জাতি জনগোষ্ঠী সমূহ আগবাঢ়ি যাব। বিগত সময়ছোৱাত আমাক কিছুমানে সমালোচনা কৰিছে প্ৰশংসা কৰিলেও আজিৰ দিনত দলে নিজৰ দলৰ কথা চিন্তা কৰি শক্তিশালী ভাৱে আগবাঢ়ি যাব লাগিব। ভাষণ প্ৰসংগত তেওঁ পুণৰ কয়— স্বাধীনতাৰ ৭০ বছৰ পিছত পাচ বছৰৰ কাৰণে পাঁচখন জিলাত সেৱা কৰিবলৈ সুবিধা পাইছো ৷ জীৱনত সফলতা, বিফলতাৰ হিচাপ নহয়। সংঘৰ্ষ জড়িত বিটিআৰত বহু ধুমুহাৰ পিছত বহু পৰিবৰ্তনৰ হল। এই পৰিবৰ্তন আমি আমাৰ হাতৰ পৰা যাব দিব নোৱাৰোঁ ৷

আজিৰ ৰাজনীতি বেয়াৰ ফালে লৈ যাব দিব নোৱাৰোঁ বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আদৰণি ভাষণ ৰখা সভাখনত তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ সম্পাদক গণেশ নাথ বাণেশ্বৰ বড়ো, তামুলপুৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ মহিলা কোষৰ সভানেত্ৰী হেলিনা‌ বসুমতাৰী, পৰিষদ পবিত্ৰ বড়ো লগতে ইউপিপিএল দলৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে। ইপিনে কাৰ্যালয় উদ্বোধনী সভাৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি উৎপল তালুকদাৰ আৰু ইউপিপিএলৰ নেতা ৰেবেন বড়োৰ নেতৃত্বত ছয় শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। আনহাতে আজি দিনটোৰ ভাগত বিটিআৰ প্ৰধান গৰাকীয়ে তামুলপুৰৰ কেবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ কৰে ৷

America: আমেৰিকাত চুলি কটোৱাত মাত্ৰ এবাৰত হোৱা খৰচত ভাৰতত ৩৪বাৰ চুলি কটাব পাৰি

America: আমেৰিকাত চুলি কটোৱাত মাত্ৰ এবাৰত হোৱা খৰচত ভাৰতত ৩৪বাৰ চুলি কটাব পাৰি
America: আমেৰিকাত চুলি কটোৱাত মাত্ৰ এবাৰত হোৱা খৰচত ভাৰতত ৩৪বাৰ চুলি কটাব পাৰি

ভাৰতত বাস কৰা এগৰাকী আমেৰিকান (America) মহিলাই বুজাই দিলে যে টকা কেনেকৈ ডলাৰতকৈও অধিক মূল্যৱান৷ বিগত চাৰি বছৰ ধৰি ভাৰতত বাস কৰা আমেৰিকান মহিলাগৰাকীয়ে ভাৰতীয় টকাই আমেৰিকান ডলাৰতকৈ কিয় উন্নত ক্ৰয় শক্তি প্ৰদান কৰে সেই কথা বুজাই এটা ভিডিঅ’ পোষ্ট কৰিছে৷ ক্ৰীষ্টেন ফিচাৰে ইনষ্টাগ্ৰামত এটা প্ৰশ্নৰ উত্তৰ দিছে৷ ‘সঁচাকৈয়ে টকা ডলাৰতকৈ ভাল নেকি?’

এতিয়া বিপুল জনপ্ৰিয়তা লাভ কৰা তেওঁৰ ভিডিঅ’টোত তেওঁ ক্ৰয় ক্ষমতাৰ সমতা [পিপিপি]ৰ ধাৰণাটোৰ ওপৰত গভীৰভাৱে সোমাই পৰিছে৷ সৰল তুলনা ব্যৱহাৰ কৰি আমেৰিকাৰ ডলাৰৰ তুলনাত ভাৰতত এটা টকা কিমান দূৰলৈকে বিস্তৃত হ’ব পাৰে তাক উজ্জ্বল কৰি তুলিছে৷ ফিচাৰে কয় যে, ‘এতিয়া যেতিয়াই মই ভাৰতত জীয়াই থকাটো কিমান সুলভ বুলি কওঁ, তেতিয়াই ক্ৰয় শক্তিৰ বিষয়ে আৰু ভাৰত আৰু আমেৰিকাৰ কথা কোৱাটো কেনেকৈ ন্যায্য তুলনা নহয়, সেই সম্পৰ্কে মোক সদায় সঁহাৰিৰ সন্মুখীন হ’বলগীয়া হয়৷ তেওঁ বুজাইছে যে পিপিপি মূলতঃ এটা মুদ্ৰাই আন এটাৰ তুলনাত নিজৰ অৰ্থনীতিৰ ভিতৰত কিমান কিনিব পাৰে তাৰ পৰিমাপ৷ যিহেতু ভাৰতত সামগ্ৰী আৰু সেৱা আমেৰিকাতকৈ যথেষ্ট কম, সেয়েহে আপেক্ষিকভাৱে টকাই অধিক কিনিব পাৰে৷ ইয়াৰ অৰ্থ হ’ল ভাৰতত এটকায়ে আপোনাক আমেৰিকাত এক ডলাৰৰ সমতুল্যতকৈ অধিক কিনিব পাৰে,’ তেওঁ লগতে কয়৷ ‘গতিকে তুলনা কৰিলে ভাৰতীয় টকাৰ শক্তি বেছি, যাৰ ফলত ইয়াৰ ক্ৰয় ক্ষমতাৰ সমতা আমেৰিকান ডলাৰতকৈ বেছি হয়৷’

ব্যৱহাৰিক উদাহৰণ দাঙি ধৰি ফিচাৰে পাৰ্থক্যটো দেখুৱাইছে– ‘কল্পনা কৰক যে আপোনাৰ হাতত আমেৰিকাৰ ১০ ডলাৰ আছে– সেইটোৱে হয়তো আপোনাক এটা সাধাৰণ খাদ্য দিব পাৰে৷ কিন্তু ভাৰতৰ ৮০০ টকাৰে [১০ ডলাৰৰ সমতুল্য] আপোনাক কেইবাটাও খাদ্য কিনিব পাৰে৷’ তেওঁ আন এটা ডাঙৰ উদাহৰণ যোগ কৰিছে– ‘ভাৰতত চুলি কটাৰ গড় খৰচ প্ৰায় ১০০ টকা৷ আনহাতে, আমেৰিকাত ইয়াৰ মূল্য ৪০ ডলাৰ বা ৩,৪০০ টকা৷ ইয়াৰ অৰ্থ হ’ল আপুনি আমেৰিকাত মাত্ৰ এবাৰত হোৱা খৰচত ভাৰতত ৩৪বাৰ চুলি কটাব পাৰিব৷

Russian: ৬০০ বছৰ ধৰি আছিল শুই, এতিয়া হঠাতে জাগ্ৰত গৈছে ৰাছিয়াৰ আগ্নেয়গিৰি

Russian: ৬০০ বছৰ ধৰি আছিল শুই
Russian: ৬০০ বছৰ ধৰি আছিল শুই

ৰাছিয়াৰ কামচাটকা (Russian) উপদ্বীপৰ ক্ৰাশ্বেননিকোভ আগ্নেয়গিৰিটোৱে প্ৰায় ৬০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ জাগ্ৰত হৈছে৷ এই ঘটনা যোৱা সপ্তাহত ৰাছিয়াত হোৱা শক্তিশালী ভূমিকম্পৰ সৈতে জড়িত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কামচাটকাত আগ্নেয়গিৰি উদগীৰণ সন্দৰ্ভত উদ্ধাৰকাৰী দলৰ মুৰব্বী অলগা গিৰিনাই কয়, ভূমিকম্পৰ পিছত এই অঞ্চলৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰি ক্লিউছেভস্কয়ৰ উদ্‌গীৰণ ঘটিছে৷

ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজীৰ টেলিগ্ৰাম চেনেলত গিৰিনাই লগতে কয় যে ক্ৰাচেনিনিকোভৰ শেষৰটো উদ্‌গীৰণ ১৪৬৩ চনৰ আশে-পাশে সংঘটিত হৈছিল আৰু তাৰ পিছত কোনো উদ্‌গীৰণ নথিভুক্ত হোৱা নাই৷ কামচাটকাত ৰাছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰণালয়ে ধোঁৱা-ছাই আদি ৬,০০০ মিটাৰ [৩.জ্জ মাইল] পৰ্যন্ত ওপৰলৈ উঠি যোৱাৰ বাতৰি প্ৰকাশ কৰিছে৷

আগ্নেয়গিৰিটোৰ উচ্ছতা ১৮৫৬ মিটাৰ৷’ ছাইৰ দ্বাৰা সৃষ্ট ডাৱৰ পূব দিশলৈ প্ৰশান্ত মহাসাগৰৰ ফালে গতি কৰি আছে আৰু বৰ্তমান জনবসতিপূৰ্ণ অঞ্চলৰ বাবে কোনো ভাবুকি কঢ়িয়াই অনা নাই,’ মন্ত্ৰণালয়ে টেলিগ্ৰাম চেনেলত প্ৰকাশ কৰিছে৷

Gaurav Gogoi: অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত হুংকাৰ সভাপতি গৌৰৱ গগৈৰ

Gaurav Gogoi: অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত হুংকাৰ সভাপতি গৌৰৱ গগৈৰ
Gaurav Gogoi: অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত হুংকাৰ সভাপতি গৌৰৱ গগৈৰ

অসমৰ ৰাইজে এতিয়া (Gaurav Gogoi) নিৰ্বাচনৰ যোগেদি পৰিৱৰ্তন বিচাৰিছে৷ স্বেচ্ছাচাৰী আৰু দুৰ্নীতিত নিমজ্জিত হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা ৰাইজে এতিয়া মুক্তি বিচাৰিছে৷ অসমৰ বুলিয়েই নহয়, সমগ্ৰ দেশৰ শিশু, আবাল-বৃদ্ধি-বনিতালৈকে প্ৰত্যেকৰ মূৰত এতিয়া ৫০ হাজাৰ টকাকৈ ধাৰৰ বোজা হৈছে৷ এই অস্থিৰ অৰ্থনৈতিক অৱস্থাৰ পৰা মুক্তি পাবৰ বাবে সমগ্ৰ দেশৰ জনতাই পৰিৱৰ্তন বিচাৰিছে আৰু অসমতো ২০২৬ত হিমন্ত বিশ্ব শৰ্মাক দলিয়াই গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হ’বলৈ গৈ আছে৷ –দেওবাৰে দিনজোৰা বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পিছত অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এইদৰে কয়৷ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত দীঘলীয়া বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা লুণ্ঠন আৰু অন্যায়-অবিচাৰৰ পৰিৱৰ্তে কংগ্ৰেছ দলে ৰাইজক নতুন প্ৰগতিশীল ভূমি নীতি আৰু অৰ্থনৈতিক বিকাশেৰে এখন নতুন চৰকাৰ দিবলৈ প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে৷

অহা ছেপ্টেম্বৰ মাহত কংগ্ৰেছ দলে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে অসমত ধুমুহাৰ সৃষ্টি কৰিব আৰু বিজেপি নেতাৰ নিদ্ৰাহৰণ কৰিব বুলি লোকসভাৰ বিৰোধী উপ-দলপতি, সাংসদ গৌৰৱ গগৈয়ে বিস্ফোৰণ ঘটায়৷ অনাগত দিনত সংবিধানক অধিক সুৰক্ষা প্ৰদান কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসনৰ পৰা অসমক মুক্ত কৰিবৰ বাবে কংগ্ৰেছে কাম কৰিবলৈ সংকল্প গ্ৰহণ কৰা বুলিও গগৈয়ে কয়৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰম্ভণিতে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনগোষ্ঠীয় প্ৰতিনিধিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অসমৰ থলুৱা আৰু খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাক লৈ দীঘলীয়া সময় আলোচনা হয়৷ আলোচনাৰ অন্তত এটা অৰ্থনৈতিক আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ এই অৰ্থনৈতিক প্ৰস্তাৱৰ যোগেদি অসমৰ সামগ্ৰিক বিকাশ, অৰ্থনৈতিক সংস্কাৰ, ঋণগ্ৰস্ত অসমক উদ্ধাৰ কৰা, নিয়োগ সৃষ্টি কৰা, অৰ্থনৈতিক পৰিৱৰ্তনৰ যোগেদি সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সমবিচাৰৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সভাৰ অন্তত হোৱা সংবাদ মেলত গৌৰৱ গগৈয়ে অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰৰ দিনত অতিষ্ঠ হৈ পৰিছে৷ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অবিচাৰ আৰু অনিয়ম চলোৱাৰ লগতে অসমৰ বড়ো, তিৱা, কাৰ্বি, ৰাভা, মিচিং আদি জনগোষ্ঠীৰ ৰাইজক নিৰ্বিচাৰ উচ্ছেদৰ নামত অমানৱীয় আতিশয্য চলোৱা হৈছে৷ উচ্ছেদৰ নামত আইন-আদালতৰ নিৰ্দেশক অৱমাননা কৰা হৈছে৷ এনে পৰিস্থিতিত চৰকাৰে এক সংস্কাৰমুখী অৰ্থনৈতিক নীতি আৰু ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ নেতৃত্বত গঢ় লৈ মন্ত্ৰী পৰিষদে ৰাইজৰ ভেটি-মাটি সুৰক্ষাৰ নামত নিজে যি অবৈধ মাটি-ভেটিৰ পাহাৰ গঢ়ি তুলিছে, প্ৰথমখন কেবিনেটতে এক সিদ্ধান্ত গ্ৰহণ কৰি দুখীয়া ৰাইজক এই মাটি-ভেটি ভাগ কৰি দিয়া হ’ব৷ গগৈয়ে লগতে কয়, নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ছয়গাঁৱৰ সভালৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জে’ললৈ যোৱা দেখিব বুলি যি ঘোষণা কৰি গৈছিল সেই ঘোষণা কাৰ্যকৰী কৰাটো তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে৷ সেই বাবে অহা ছেপ্টেম্বৰ মাহৰ পৰা কংগ্ৰেছে সমগ্ৰ ৰাইজক শক্তিশালী ৰূপত সাংগঠনিক কাম-কাজৰ লগতে বিজেপিৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিব৷ সংবাদ মেলত সাংসদ গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল ভুৱা আৰু মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা-ভাঁৰি আহিছে৷ এইখন চৰকাৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিব নোৱাৰিলে৷ একেদৰে হৰিশংকৰ ব্ৰহ্মৰ ভূমি নীতি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ পিছত ৰাইজে এতিয়া মিছা কথা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে কংগ্ৰেছ দলক আগবাঢ়ি আহিবলৈ আহ৩ান জনাইছে৷ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি একত্ৰিতভাৱে কংগ্ৰেছৰ লগত বিজেপি আৰু আৰএছএছৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷ অহা ১৫ আগষ্টত কংগ্ৰেছ দলে জিলা আৰু ব্লক পৰ্যায়ত ত্ৰিৰংগা যাত্ৰা কৰিব বুলিও গগৈয়ে সদৰী কৰে৷

বৰ্ধিত কাৰ্যনিৰ্বাহকৰ গুৰুত্বপূৰ্ণ দীঘলীয়া প্ৰস্তাৱ গ্ৰহণৰ পিছত বড়ো, কাৰ্বি, ৰাভা, চাহ জনগোষ্ঠীৰ প্ৰায় ২ শতাধিক লোকে কংগ্ৰেছ দলত যোগদান কৰে৷ আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত ৩৫০জনৰো অধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে৷ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, নিৰ্বাচনী সমন্বয় সমিতিৰ অধ্যক্ষ তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ইস্তাহাৰ কমিটীৰ অধ্যক্ষ প্ৰদু্যৎ বৰদলৈ, নিৰ্বাচনী কেম্পেইনিং কমিটীৰ অধ্যক্ষ ভূপেন বৰা আৰু নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰাৰ লগতে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী, প্ৰদীপ সৰকাৰ উপস্থিত থাকে৷ অসমৰ ৩৫খন জিলাৰ পৰা অহা জিলা সভাপতিসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, বলীন কুলী, আব্দুল হামিদ, আব্দুল খালেকসহ কংগ্ৰেছৰ প্ৰায় সকলো জ্যেষ্ঠ নেতা-কৰ্মী আজিৰ সভাত উপস্থিত থাকে৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপ আৰু বিভিন্ন শাখা তথা বিভাগৰ অধ্যক্ষসকল বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকে৷ সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়ায় সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰদু্ৎ ভূঞাই৷

Dhadak 2: Saiyaaraৰ পিছত আহিল Dhadak 2, ধড়ক ২ উপভোগ কৰি কান্দোনত ভাঙি পৰিল ছবি নিমাৰ্তা!

Dhadak 2: Saiyaaraৰ পিছত আহিল Dhadak 2
Dhadak 2: Saiyaaraৰ পিছত আহিল Dhadak 2

ছবিগৃহত যেতিয়া ‘চাইয়াৰা’ (Dhadak 2) মুক্তি পাইছিল তেতিয়া ছ’চিয়েল মিডিয়াত বানপানীৰ সৃষ্টি হৈছিল য’ত মানুহক ছবিখন উপভোগ কৰি কান্দি থকা দেখা গৈছিল। এতিয়া এই ধাৰা আৰম্ভ হৈছে ‘ধড়ক ২’ত, য’ত এজন বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতাই এই ছবিখন চোৱাৰ পিছত কান্দোনত ভাঙি পৰিল।

১ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰা এই ছবিখন ছবিখনক লৈ মানুহৰ মতামত অতি ইতিবাচক আৰু সকলোতে প্ৰশংসা কৰাছে ধড়ক ২ ছবিখন। এই ছবিখনৰ কাহিনী জাতিবাদ আৰু সামাজিক বৈষম্যৰ ওপৰত আধাৰিত। য’ত দুজন প্ৰেমিকৰ মাজত জাতি-সম্প্ৰদায়ৰ এখন দেৱাল স্থাপন কৰা হয়, যিখন তেওঁলোকৰ বাবে ভাঙিবলৈ সহজ নহয়। ইফালে চলচ্চিত্ৰ নিৰ্মাতা আদিত্য কৃপালানীয়ে ছবিখনৰ ৰিভিউ ভিডিঅ’ শ্বেয়াৰ কৰে।

এই সময়ছোৱাত ছবি নিৰ্মাতাগৰাকী অতি আৱেগিক হৈ পৰা দেখা গৈছিল। তেওঁ এই ছবিখনক অন্তৰেৰে প্ৰশংসা কৰে। এই সময়ত চকুলো বৈ আহিবলৈ ধৰিলে। বিশেষকৈ পৰিচালক ছাজিয়া ইকবালক প্ৰশংসা কৰে। ভিডিঅ’টোত তেওঁ ছবিখনৰ দলটোক চেলুট দিয়ে। তেওঁ লিখিছে, ‘ছাজিয়া আৰু ধৰ্ম প্ৰডাকচনৰ সমগ্ৰ দলটোক মোৰ প্ৰণাম। ৰাহুল বদভেলকাৰৰ উজ্জ্বল চিত্ৰনাট্য আৰু জাকিৰ হুছেইনৰ উৎকৃষ্ট অভিনয়’।

আনহাতে ছবিখনত তৃপ্তী ডিমৰিৰ বিষয়ে বহুতে লিখিছে, ‘তৃপ্তি, তুমি কোন? এই ছবিখনত আপুনি কি আচৰিত অভিনয় কৰিলে। অতি সুন্দৰ অভিনয়’। বাস্তৱ যেন লগা এখন ৰোমান্টিক থ্ৰিলাৰ ‘ধড়ক ২’। আৱেগ, কাহিনী আৰু অভিনয়ৰ সঠিক ভাৰসাম্য এই ছবিখনত দেখা গৈছে। যদি আপুনি হৃদয়ৰ পৰা নিৰ্মাণ কৰা ছবি উপভোগ কৰিব বিচাৰিছে তেন্তে এই ছবিখন মিছ নকৰিব। ছবিখনৰ সৰলতা, গভীৰতা আৰু অভিনয়ে ধড়ক ২ক বিশেষ কৰি তুলিছে।

Sawan Month: আজি শাওণৰ তৃতীয়টো সোমবাৰঃ ভুলতো নকৰিব এইসমূহ কাম!

Sawan Month: আজি শাওণৰ তৃতীয়টো সোমবাৰ
Sawan Month: আজি শাওণৰ তৃতীয়টো সোমবাৰ

আজি অসমীয়া (Sawan Month) শাওণ মাহৰ তৃতীয়টো সোমবাৰ। এই দিনটোত এনেকিছুমান ভুল নকৰিব, যাৰ ফলত আপোনাৰ গোটেই মাহৰ শিৱ পূজা অসাৰ হৈ পৰিব।

শাওণ মাহৰ সোমবাৰে উপবাসৰ সময়ত কিছু কথা মনত ৰাখিব আৰু এই ভুলবোৰ নকৰিব-

  • ভুলতে হ’লেও শাওণ মাহৰ সোমবাৰে ক’লা কাপোৰ পিন্ধিব নালাগে। সেইদিনা শিৱক পূজা কৰাৰ সময়ত ক’লা, নীলা আৰু ধূসৰ ৰঙৰ কাপোৰ পৰিধান নকৰিব। সাৱন সোমবাৰে কেৱল বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধক।
  • শাওণৰ সোমবাৰটো অতি পবিত্ৰ দিন, এই দিনটোত কাকো মিছা নকব, বেয়া কথা নকব, কাকো আঘাত নিদিব। সকলো ধৰণৰ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক।
  • শিৱলিঙত জলাভিষেক কৰি থাকোঁতে মনত ৰাখিব যে লিংগৰ ওপৰত যেন ভেৰমিলিয়ন, কেতকি ফুল, হালধী, তুলসী নিবেদন নকৰে। ইয়াৰ ফলত ভগৱান শিৱৰ খং উঠিব পাৰে।
  • শিৱ পূজাতো শংখ ব্যৱহাৰ কৰা নহয়।
  • যদি আপুনি শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰি আছে তেন্তে দিনত টোপনিৰ পৰা বিৰত থাকিব। যিমান পাৰি ভগৱানক পূজা কৰক।
  • যদিও আপুনি শাওণৰ সোমবাৰৰ ব্ৰত পালন কৰি আছে, তেন্তে ঘৰত মাছ-মাংস নানিব আৰু নাখাব।