Home Blog Page 97

Visa: ভ্ৰমণকাৰীৰ বাবে সুখবৰঃ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা

গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা
গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা

ভ্ৰমণকাৰী, শিক্ষাৰ্থীকে (Visa) ধৰি স্বাস্থ্যজনিত কাৰণত বিদেশলৈ যোৱা অসমৰ লোকসকলৰ বাবে আহিছে এক বিশেষ সুবিধা৷ গুৱাহাটীত পাব ৬০খনৰো অধিক দেশৰ ভিছা সুবিধা৷ এই বিষয়ত টেক কোম্পানীৰে আলোচনা কৰিছে অসম চৰকাৰে৷ গুৱাহাটীত ৬০খনতকৈও অধিক দেশৰ বাবে এটা নিৰ্দিষ্ট ভিছা সুবিধা প্ৰদান কেন্দ্ৰ স্থাপনৰ বাবে নীতিগতভাৱে এক বৃহৎ প্ৰযুক্তি সেৱা প্ৰদানকাৰীয়ে সন্মতি প্ৰকাশ কৰিছে৷

সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ আশা প্ৰকাশ কৰিছে যে, এই কেন্দ্ৰটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব৷ সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘বিদেশলৈ যাত্ৰা কৰিম বুলি ভাবি আছে? ভিছা আৱেদনৰ বাবে বায়’মেট্ৰিক্স দিব লাগিব? এতিয়ালৈকে ইয়াৰ কাৰণে দিল্লী বা মুম্বাইলৈ দীঘলীয়া যাত্ৰা কৰিব লাগিছিল৷

কিন্তু শীঘ্ৰেই এই প্ৰক্ৰিয়া আমাৰ অসম আৰু উত্তৰ পূববাসীৰ বাবে ইতিহাস হৈ পৰিব৷’ তেওঁ কয়, ‘আনন্দেৰে জনাব বিচাৰিছোঁ যে, ভি এফ এছ গ্ল’বেলে মূলতঃ গুৱাহাটীত ৬০খন দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে৷

খুব সোনকালেই কোন কোন দেশৰ ভিছা আৱেদন গুৱাহাটীত কৰিব পাৰিব, কেন্দ্ৰ খোলাৰ সময়সূচী আদিকে ধৰি সবিশেষ তথ্য আপোনালোকক অৱগত কৰিম৷’ ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভিএফএছ গ্ল’বেলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ‘ভিছা এট ইউৰ ড’ৰষ্টেপ’ সেৱা প্ৰৱৰ্তন আৰু অসমত নাগৰিক সেৱা ডিজিটেল পদ্ধতিৰে প্ৰদানৰ দিশটো পৰ্যালোচনা কৰে৷

Namansh Syal: এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ’ ভাইৰেল

এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ' ভাইৰেল
এয়াৰ শ্ব’ৰ সময়ত তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ' ভাইৰেল

ডুবাইত সংঘটিত (Namansh Syal) হৈছে এক ভয়াৱহ ঘটনা৷ এয়াৰ শ্ব’ৰ সময়তে দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ তেজছ বিমান৷ এই ঘটনাত বিমানখনৰ পাইলট মৃত্যু হয়৷ উল্লেখ্য, এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতৰ যুঁজাৰু বিমান তেজছ৷ ভাৰতীয় বায়ুসেনাই এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে৷

এই বিবৃতিযোগে বায়ুসেনাই ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনাৰ এখন তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে৷ বিমানখনে উপস্থিত লোকসকলৰ সমুখত কলা প্ৰদৰ্শন কৰি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা৷

এই শোকাৱহ দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ মৃত্যু হয়৷ জানিব পৰা মতে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২.১০ বজাত বিমানখনে দৰ্শকৰ সমুখত কলা প্ৰদৰ্শন কৰি থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত জৰুৰীকালীন দল উপস্থিত হৈ উপস্থিত লোকসকলক নিৰাপদে আঁতৰাই নিয়ে৷ সমবেত লোকসকলৰ মাজত যথেষ্টসংখ্যক শিশুও উপস্থিত আছিল৷

উদ্ধাৰকাৰী দলে তাৎক্ষণিকভাৱে এই লোকসকলক নিৰাপদে আঁতৰাই নি শংকামুক্ত কৰে৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ডুবাই এয়াৰ শ্ব’ সন্দৰ্ভত এক ভিডিঅ’ ভাইৰেল হৈছিল৷ এই ভিডিঅ’টোত তেজছ বিমানত তেল লিক হোৱা বুলি দাবী কৰা হৈছিল৷ এনে দাবীৰ মাজতে শেহতীয়া অঘটনটো সংঘটিত হয়৷

ডুবাই তেজছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নমাংশ ছায়ালৰ অন্তিমটো ভিডিঅ’ এয়া।

Black Raisins: ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!

ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!
ক’লা কিচমিচে আপোনাৰ হাড় শক্তিশালী কৰিব!

আপুনি কেতিয়াবা (Black Raisins) ক’লা কিচমিচ খাইছেনে? এই সৰু সৰু ক’লা কিচমিচবোৰ আপোনাৰ হাড়ৰ বাবে অতি উপকাৰী।আমাৰ শৰীৰক শক্তিশালী কৰাৰ বাবে সুস্থ হাড় অতি প্ৰয়োজনীয়। কিন্তু কেতিয়াবা বাৰ্ধক্য, খাদ্যৰ অভাৱ, কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত হাড় শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ । যদি আপুনি হাড়বোৰ মজবুত কৰিব বিচাৰে আৰু বুঢ়া বয়সত যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব বিচাৰে তেন্তে খাদ্য তালিকাত ক’লা কিচমিচ অন্তৰ্ভুক্ত কৰিব লাগিব। এই সৰু ক’লা কিচমিচবোৰে আপোনাক গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

ক’লা কিচমিচত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, আইৰণ, পটাছিয়াম, ফছফৰাছ, মেগনেছিয়াম থাকে, যিবোৰে হাড় শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ক’লা কিচমিচত ব’ৰন নামৰ খনিজ পদাৰ্থ থাকে, যিয়ে হাড়ত কেলচিয়াম শোষণ বৃদ্ধি কৰে, যাৰ ফলত হাড় সোনকালে দুৰ্বল হোৱাত বাধা দিয়ে। ইয়াৰ উপৰিও ক’লা কিচমিচত এন্টিঅক্সিডেন্ট থাকে যিয়ে প্ৰদাহ কমায়, যাৰ ফলত হাড় আৰু গাঁঠিৰ বিষ ৰোধ কৰে।

ক’লা কিচমিচ খোৱাৰ আগত তিয়াই ৰাখিব। ৮ৰ পৰা ১০টা কিচমিচ ৰাতি পানীত তিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। এইদৰে কিচমিচ খালে শৰীৰে সকলো পুষ্টিকৰ উপাদান শোষণ কৰাত সহায় কৰে। গাখীৰ, ওটচ, চালাড বা দৈৰ লগত ক’লা কিচমিচ মিহলাইও কৰিব পাৰে।

Titabar News: তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা

তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত 'শকুনিৰ প্ৰতিশোধ' ভাওনা
তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত 'শকুনিৰ প্ৰতিশোধ' ভাওনা

তিতাবৰত (Titabar News) প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনাৰ আয়োজন। ২২ নৱেম্বৰৰ সন্ধ্যা ৮ বজাৰ পৰা তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা। পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গ আৰু সন্ধ্যা বন্তি প্ৰজ্বলন, নাম-প্ৰসঙ্গ আৰু স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন হ’ব গায়ন-বায়ন।

অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত শনিবাৰে তিতাবৰৰ ভগনীয়া গাঁৱৰ সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান উদীয়মান যুৱ সংঘৰ উদ্যোগত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উদীয়মান যুৱ সংঘৰ সদস্যমণ্ডলীৰ দ্বাৰা সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন কৰিব লগা অনুষ্ঠানৰ পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গৰ পিছত সন্ধ্যা গায়ন-বায়ন প্ৰদৰ্শন আৰু ৰাতি ৮ বজাৰ পৰা প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উল্লেখ্য যে, ভাওনা প্ৰদৰ্শনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, সমাজকৰ্মী হৰেণ চুতীয়া, শিল্পী ত্ৰিলোক বৰা আদি বিশিষ্ট ব্যক্তি। উদ্যোক্তাসকলে সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম…

Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম...
Test Match In Guwahati: টেষ্ট মেচত আৰম্ভ ICCৰ নতুন নিয়ম...

আজি গুৱাহাটীত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ। (Test Match In Guwahati)

পুৱা ৯ বজাৰ পৰা আৰম্ভ গুৱাহাটীত ঐতিহাসিক টেষ্ট মেচখন।

বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ।

টচত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিন্ধান্ত দক্ষিণ আফ্ৰিকাৰ।

পুৱা ৭ বজাতেই খোলা হয় গেট।

আনহাতে টেষ্ট মেচত আৰম্ভ ICCৰ এটা নতুন নিয়ম।

লান্সব্ৰেকৰ পূৰ্বে হ’ব TEA ব্ৰেক।

আনহাতে এই মেচখনত আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে-

সৰ্থেবাৰীৰ থলুৱা কাঁহ শিল্পৰ ৩৫ কেজি ওজনৰ এটা বিশেষ বেল।

BCCIৰ সচিব দেবজিৎ শইকীয়া আৰু BCCIৰ সভাপতি মিঠুন মানাসে বেল বজাই আৰম্ভ কৰিলে খেলখন।

India vs South Africa: আজি বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ

আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ
আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সংযোজিত হ’ল গুৱাহাটীৰ নাম।(India vs South Africa)

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

আজি বৰ্ষাপাৰা ষ্টেডিয়ামতত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্ট মেচ।

ঋষভ পণ্টৰ নেতৃত্বত যুঁজত নামিছে ভাৰতীয় দলটো।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে মেচখন।

BCCIৰ সচিব দেবজিৎ শইকীয়া আৰু BCCIৰ সভাপতি মিঠুন মানাসে বেল বজাই আৰম্ভ কৰিলে খেলখন।

টেষ্টত টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ নিৰ্ণয় দক্ষিণ আফ্ৰিকাৰ।




এছ আৰ লৈ উত্তপ্ত পৰিস্থিতি: “অসমত ভয়–বিভ্ৰান্তিৰ খেল আৰম্ভ হৈছে”—তৃণমূলৰ জ্যেষ্ঠ মুখপাত্ৰ অভিজিৎ মজুমদাৰৰ বিস্ফোৰক অভিযোগ

অসমত নাগৰিকত্ব–সম্পৰ্কীয় নতুন পুনৰীক্ষণ প্ৰক্ৰিয়া এছ আৰ-কলৈ ৰাজ্যজুৰি এতিয়া দ্রুত উত্তেজনা বৃদ্ধি পাইছে। এই পৰিবর্তিত ৰাজনৈতিক পৰিৱেশতেই অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অভিজিৎ মজুমদাৰে অভিযোগ উত্থাপন কৰি স্পষ্টকৈ কয়—এন আৰ চি–ৰ সময়ত সৃষ্টি হোৱা বিশৃঙ্খলা আৰু কষ্টৰ পৰিস্ফুটনক পুনৰ আনিবলৈ চেষ্টা কৰা হৈছে।
তেওঁ কয়—এন আৰ চি প্রস্তুত কৰিবলৈ চৰকাৰে খৰচ কৰিছিল প্ৰায় ১,৬০০ কোটি টকা, কিন্তু সেই বিপুল ব্যয়ৰ পিছতো সাধাৰণ লোকে যন্ত্ৰণা ভোগ কৰিছিল। নথিপত্ৰ সংগ্ৰহৰ বাবে মানুহে দূৰ–দূৰনিলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল; বহু পৰিয়াল মানসিক চাপত ভগ্ন হৈছিল। চূড়ান্ত তালিকাত প্ৰায় ১৯ লক্ষ লোকৰ নাম বাদ পৰাত, আৰু বাদ পৰিলোকৰ বৃহৎ অংশ বঙালী হিন্দু হোৱাৰ ঘটনাই সমাজত গভীৰ নেতিবাচক প্ৰভাৱ সৃষ্টি পৰিছিল।

অভিজিৎ মজুমদাৰে মন্তব্য কৰে—এন আৰ চিত কোনো গঠনমূলক ফলাফল নোহোৱাটোৱেই অধিক দুঃখজনক। এতিয়াও মানুহৰ মনত তীব্ৰভাৱে স্মৃতি হৈ থাকিব। নতুনকৈ এছ আৰ–ৰ কথাবাৰ্তা আৰম্ভ হোৱাত লোকমনে স্বাভাৱিকভাবে ভয় আৰু অনিশ্চয়তা পৰিবেশৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে তেখেতে। তেওঁ কয়—বিধানসভা নিৰ্বাচনৰ মাত্ৰ দুই–তিন মাহ আগতেই এছ আৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাটো সন্দেহজনক। তেওঁ লগতে কয়, দেশৰ বিভিন্ন স্থানত এছ আই আৰ- ৰ প্ৰক্ৰিয়া চলিছে। গতিকে ,আইনগতভাৱে অসমতো সেই ব্যৱস্থা প্ৰয়োগ কৰিব পাৰি। কিন্তু যদি এছ আৰ–ৰ নামত যদি এন আৰ চি–ৰ দৰে অৱস্থা সৃষ্ঠি হোৱাটো কাম্য নহয় বুলি জানিবলৈ দিছে মজুমদাৰে। লগতে তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, এছ আৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে বঙালী হিন্দুসকলো সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পাৰে। এন আৰ চি–ৰ সময়ত বৃহৎ পৰিমাণৰ বঙালী হিন্দুৰ নাম বাদ পোৱাৰ দৰে এছ আৰ -ৰ যোগেদি বহু বঙালী হিন্দুৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে।

বড়ো চুক্তি সময়সীমা ৰূপায়ণ আৰু ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক গৃহীত কৰাৰ দাবীৰে যন্তৰ মন্তৰত বড়ো সংগঠনৰ ধৰ্ণা

বড়ো শান্তি চুক্তি, ২০২০ৰ অধীনত মূল প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবে সংযুক্ত বড়ো পিপলছ অৰ্গেনাইজেচন (ইউ বি পি অ’) আৰু প্ৰাক্তন এন ডি এফ বি ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সহযোগত সদৌ বড়ো ছাত্ৰ সন্থাই নতুন দিল্লীত দুদিনীয়া ৰাষ্ট্ৰীয় প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সমগ্ৰ উত্তৰ পূবৰ দহখন ষষ্ঠ অনুসূচীৰ পৰিষদৰ নেতাসকলে অংশগ্ৰহণ কৰা কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ অন্তত আজি সংগঠনসমূহে যন্তৰ মন্তৰত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীৰে দীৰ্ঘদিনীয়া ১২৫ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই বিধেয়কখনে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহৰ আৰ্থিক আৰু প্ৰশাসনিক ক্ষমতা শক্তিশালী কৰিব বিচাৰে। এবছুৰ সভাপতি দিপেন বড়োৱে কয়,’২০২০ চনৰ বড়ো চুক্তিয়ে বড়োলেণ্ড অঞ্চললৈ শান্তি আৰু স্থিতিশীলতাৰ নতুন দিশৰ সূচনা কৰিলে, কিন্তু শান্তিৰ সমৰ্থন কাৰ্য্যৰ দ্বাৰা হ’ব লাগিব, কথাৰ ফুলজাৰিৰে নহয়।পাঁচ বছৰ ধৰি আমি ধৈৰ্য্য আৰু বিশ্বাসেৰে অপেক্ষা কৰি আছো, তথাপিও চুক্তিখনৰ কেইবাটাও মূল দফা অস্পৃশ্য হৈয়েই আছে। আমি লগতে কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু এবছুৰ মাজত তৎকালীন ত্ৰিপাক্ষিক আলোচনাৰ বাবে দাবী জনাইছো যাতে বাকী থকা সকলোবোৰ দফা পুনৰীক্ষণ আৰু কাৰ্যকৰীকৰণৰ কাম দ্ৰুতগতিত কৰা হওক । যদি ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ সময়মতে পূৰণ নহয়, তেন্তে চুক্তিখনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হয়। বড়ো জনসাধাৰণে প্ৰতিশ্ৰুতি হিচাপে নিজৰ দায়িত্ব আৰু দায়বদ্ধতা পালন কৰি আহিছে, আমি এতিয়া আশা কৰিছো যে চৰকাৰে তেওঁলোকৰ দায়িত্ব আন্তৰিকতা, দায়বদ্ধতা আৰু সন্মানেৰে পালন কৰিব লাগিব।” ২০২০ চনত ঐতিহাসিক বডো চুক্তি স্বাক্ষৰিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত বডোলেণ্ড অঞ্চলত শান্তি পুনৰুদ্ধাৰ হোৱাৰ পিছতো চুক্তিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা কাৰ্যকৰী হোৱা নাই। বিগত পাঁচ বছৰত সংগঠন সমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে ১২খনতকৈও অধিক ত্ৰিপাক্ষিক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰিছে আৰু একাধিকবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে। কিন্তু অগ্ৰগতি লেহেমীয়া হৈছে, যাৰ ফলত চুক্তিবদ্ধ সময়সীমাৰ ভিতৰত চুক্তিখন পূৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক লৈ উদ্বেগ প্ৰকাশ পাইছে। আজিৰ ধৰ্ণা কাৰ্যসূচীত গণতান্ত্ৰিক আন্দোলনক তীব্ৰতৰ কৰিবলৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত কোকৰাঝাৰত প্ৰায় ২ লাখ লোকৰ অংশগ্ৰহণৰ সংকল্প লৈ সংগঠনসমূহে গণ সমাৱেশৰ কথা ঘোষণা কৰে।
এবছু আৰু স্বাক্ষৰকাৰী সংগঠনসমূহে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক বড়ো চুক্তি, ২০২০ৰ তলত উল্লেখ কৰা দফাসমূহ ক্ষিপ্ৰতাৰে আৰু সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়।
বিটিচি আৰু অন্যান্য পৰিষদৰ বিত্তীয় স্বায়ত্তশাসন আৰু প্ৰশাসনিক ক্ষমতা বৃদ্ধিৰ বাবে ২৮০ নং অনুচ্ছেদ আৰু ষষ্ঠ অনুসূচী সংশোধন কৰি ১২৫ সংখ্যক (সংবিধান) সংশোধনী বিধেয়ক, ২০১৯ গৃহীত কৰা। জনজাতীয় সংৰক্ষণত কোনো প্ৰভাৱ নপৰাকৈ বিটিচি সমষ্টি ৬০ লৈ বৃদ্ধি কৰা। সাংবিধানিক মৰ্যাদা থকা গাঁও আৰু পৌৰসভা গঠন। বিটিচি চুক্তি ২০০৩ আৰু বিটিআৰ চুক্তি ২০২০ অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাচাওত থকা বড়ো -কছাৰী লোকক এছটি (পাহাৰীয়া) মৰ্যাদা প্ৰদান কৰা। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক (বিকেডব্লিউএচি) পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰা, বাকী থকা গাঁওসমূহৰ অধিসূচনা আৰু সীমা নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি বিটিআৰৰ ভিতৰৰ বিদ্যালয়-মহাবিদ্যালয় আৰু বিটিআৰৰ বাহিৰৰ বডো-মধ্যমীয়া শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰা। শোণিতপুৰ, বিশ্বনাথ আৰু দক্ষিণ বিটিআৰৰ পৰা অতিৰিক্ত জনজাতীয় সংখ্যাগৰিষ্ঠ গাঁওসমূহ অন্তৰ্ভুক্ত কৰা। বন অধিকাৰ আইন, ২০০৬ অনুসৰি জনজাতীয় সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ, বিচাৰাধীন গোচৰ প্ৰত্যাহাৰ আৰু বাকী থকা প্ৰাক্তন এন ডি এফ বি সদস্যসকলক মুকলি কৰি দিয়া, লগতে শ্বহীদ পৰিয়ালৰ বাবে এক্স-গ্ৰেচিয়া প্ৰদান কৰা। কোকৰাঝাৰৰ থুলুংগাপুৰীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন। কোকৰাঝাৰৰ থুলুংগাপুৰীত বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত সাংস্কৃতিক কমপ্লেক্স-সম-উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা। সেনা, চি আৰ পি এফ আৰু অসম আৰক্ষীত বড়ো যুৱক-যুৱতীসকলৰ বাবে বিশেষ নিযুক্তি অভিযান। উপেন্দ্ৰনাথ ব্ৰহ্ম কেন্দ্ৰীয় বিশ্ববিদ্যালয় আই জি এন টি ইউ আঞ্চলিক কেম্পাছ, ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়, জৈৱিক বিশ্ববিদ্যালয়, এন ই আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় ষ্টেডিয়াম, হোটেল আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান, পশু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, উদালগুৰি, বাকছা আৰু চিৰাঙৰ এছ এ আই কেন্দ্ৰ, অতিৰিক্ত নবোদয় বিদ্যালয় আৰু মাজবাট–হলং ঘাইপথকে ধৰি ১৫০০ কোটিৰ বিশেষ উন্নয়ন পেকেজ (বনৰাজা) আদি দাবী সমূহ পূৰণ কৰা।

Palash Muchhal Proposes To Smriti Mandhana: ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ

ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ
ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ

সামাজিক মাধ্যমত বিশেষ চৰ্চিত এটা বিশেষ ভিডিঅ’।(Palash Muchhal Proposes To Smriti Mandhana)

ক্ৰিকেট ষ্টেডিয়ামতে স্মৃতি মান্ধানালৈ বিবাহৰ প্ৰস্তাৱ।

মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানালৈ বিৱাহৰ প্ৰস্তাৱ।

ক্ৰিকেটাৰ স্মৃতি মান্ধানালৈ বিৱাহৰ প্ৰস্তাৱ আগবঢ়ালে বলীউডৰ সংগীত শিল্পী পলাশ মুচ্চলে।

ক্ৰিকেট ষ্টেডিয়ামতে ইজনে সিজনক আঙুঠি পিন্ধালে পলাশ-স্মৃতিয়ে।

Ind vs South Africa 2nd Test: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

টেষ্ট ক্ৰিকেটৰ ইতিহাসত সংযোজিত হ’ব গুৱাহাটীৰ নাম। (Ind vs South Africa 2nd Test)

কাইলৈৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট মেচ।

গান্ধী-মেণ্ডেলা শৃংখলাৰ টেষ্ট আয়োজনৰ বাবে সাজু হৈ উঠিছে বৰ্ষাপাৰা।

বর্ষাপাৰাত দক্ষিণ আফ্রিকা বনাম ভাৰত।

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ।

২২ নৱেম্বৰত বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বনাম ভাৰত, ২য় টেষ্টত ভাৰতক নেতৃত্ব দিব ঋষভ পন্টে।

সময়তকৈ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ’ব মেচ।

বর্ষাপাৰাৰ টেষ্ট চাবলৈ বাট চাইছে ৰাজ্যৰ ক্রিকেটপ্রেমীয়ে।

ঋষভ পন্তে সংবাদমেল সম্বোধন কৰি কয়- এইখন গ্ৰাউণ্ড মোৰ বাবে সদায় বিশেষ। মই ইয়াত মোৰ এদিনীয়া কেৰিয়াৰৰ অভিষেক ঘটাইছিলো। কাইলৈ টেষ্টৰ অধিনায়ক হিচাপে অভিষেক ঘটাম। গুৱাহাটীবাসীৰ বাবেও বিশেষ হ’ব, কাৰণ প্ৰথমবাৰলৈ টেষ্ট অনুষ্ঠিত হ’ব।