Home Blog Page 98

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী; মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ উত্তৰ কাশীত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ।

প্ৰচণ্ড ডাৱৰ বিস্ফোৰণৰ পিছত বিধ্বংসী অৱস্থা কাশীত।

বৰ্তমানো উত্তৰ কাশীত অভাৱনীয় পৰিস্থিতি।

পাহাৰৰ পৰা নামি অহা পানীৰ ধলত উটি যায় বহু ঘৰ-দুৱাৰ।

বৰ্তমানলৈকে উদ্ধাৰ ৪ জন লোকৰ মৃতদেহ।

৬০জনতকৈও অধিক লোক সন্ধানহীন।

এতিয়ালৈকে প্ৰায় ১৩০ জন লোকক নিৰাপদ স্থানলৈ অনা হৈছে।

মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী তীৰ্থস্থানলৈ যোৱাৰ পথত অৱস্থিত অঞ্চলটোত বৃহৎ পৰিমাণৰ ধ্বংসলীলা হয়।

কাৰণ ধাৰাসাৰ পানীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, হোটেল আৰু ৰাস্তা উটুৱাই লৈ যায়।

ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ
AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

মিত্ৰদল বিজেপিৰ নিৰ্বাচিত (AGP) প্ৰতিনিধিসকলৰ অনুপস্থিতিৰেই মঙলবাৰে গঠন হ’ল বঙাইগাঁও জিলা পৰিষদ। ইয়াৰ বিপৰীতে উপস্থিত থাকিল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৷ সভাপতি নিৰ্বাচিত হ’ল অগপৰ মৃদুলা সিংহ ৷ প্ৰতিদ্বন্দ্বি নাছিল আন কোনো ৷ ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন ৷ অগপৰ মতে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দলৰ প্ৰাৰ্থী গৰাকী ৷ কাৰণ আন কোনেও কৰা নাছিল প্ৰতিদ্বন্দ্বিতা ৷ উপস্থিত সকলোৱে সেয়ে জনায় সমৰ্থন ৷ কিন্তু চাৰি গৰাকী সদস্য থকা অগপই বাৰ জনীয়া প্ৰতিনিধি থকা জিলা পৰিষদখন গঠন কৰিব পাৰে নে যদিহে কংগ্ৰেছৰ দুগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰতিনিধিয়ে সমৰ্থন আগনবঢ়ায় ? যি কি নহওক বিজেপিৰ অংক নিমিলাৰ সুযোগ গ্ৰহণ কৰি অগপই নিজৰ চাৰি গৰাকী সদস্য থকাৰ পিছতো গঠন কৰিলে জিলা পৰিষদখন ৷ কিন্তু লগে লগে প্ৰশ্নৰ উদ্ৰেগ ঘটিল বিজেপি – অগৰ মিত্ৰতাত ফাঁট মেলিল নেকি ? সেয়া স্পষ্ট হৈছেই ৷ চৰ্চা চলিছে বিজেপিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ কিন্তু সম্ভৱ হৈ নুঠাত অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাজতে আকৌ সভাপতি পদটোকলৈ টনা আজুৰা চলি আছিল ৷ এগৰাকী নৱনিৰ্বাচিত মহিলা প্ৰতিনিধিয়ে বিচাৰিছিল সভাপতি পদটো ৷ চেষ্টাও কৰিছিল ৷কিন্তু মহিলা প্ৰতিনিধি গৰাকীক সমৰ্থন নকৰে আকৌ কোনোবাই ৷ বৰং দাবীদাৰ আৰু আছে ৷ সেয়ে শেষত গৈ সকলো নিমিলা অংকত পৰিণত হ’ল ৷

অৱশ্যে বিজেপি দলৰ পৰা উপ সভাপতি হোৱাটে খাটাং ৷ কাৰণ অনুসূচিত জাতিৰ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদটো ৷ উল্লেখ্য যে মঙলবাৰে বঙাইগাঁও জিলা পৰিষদ গঠনৰ বাবে জিলা আয়ুক্তৰ তৰফৰ পৰা ধাৰ্য কৰি দিয়া হৈছিল দিন ৷ সেই অনুসৰি মঙলবাৰে জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য – সদস্যাসকলৰ প্ৰথম বৈঠক আয়োজন কৰা হয় ৷ বৰপাৰাস্থিত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকলৈ অগপ দলৰ নিৰ্বাচিত চাৰি গৰাকী প্ৰতিনিধি, কংগ্ৰেছ দলৰ দুজন ( এজন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগ দিছে) প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উপস্থিত হয় যদিও বিজেপি দলৰ চাৰি গৰাকী আৰু আন এগৰাকী নিৰ্দলীয় প্ৰতিনিধি উপস্থিত নহ’ল ৷ মিত্ৰদল অগপই বিজেপি দলৰ প্ৰতিনিধিসকল আহিব বুলি অপেক্ষা কৰি থাকে যদিও কাৰো সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ’ল ৷ দিনৰ বাৰ বজাৰ পৰা ১ বজালৈ ধাৰ্য কৰি দিয়া সময় উকলি যোৱাৰ পিছত বাকী পাঁচ গৰাকী প্ৰতিনিধি উপস্থিত নোহোৱাত উপস্থিত থকা সাত গৰাকী প্ৰতিনিধিৰেই আৰম্ভ হয় বৈঠকৰ কাৰ্যসূচী ৷ বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অগপ দলৰ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি শশীভূষণ মেধিয়ে অগপ দলৰ ঢালিগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মৃদুলা সিংহৰ নামটো সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু দলটোৰ চক্ৰভৌম জিলা পৰিষদ সমষ্টিৰ প্ৰতিনিধি জানকী বালা ৰায়ে সমৰ্থন আগবঢায় ৷ এই প্ৰস্তাৱত কংগ্ৰেছ দলৰ আফশানা পাৰবিন আৰু শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা কেৰামত আলীৰ লগতে নিৰ্দলীয় ৰমেজ উদ্দিনেও নৈতিক সমৰ্থন আগবঢ়ায় ৷

ফলত অগপই গঠন কৰে জিলা পৰিষদখন ৷ ইপিনে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত হোৱাত বাকীসকল উপস্থিত নথকাত গঠন কৰিব পৰা নগ’ল ৷ অনুষ্ঠানত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাৰ লগতে বিভাগীয় অন্যান্য বিষয়া, দলৰ কিছু সংখ্যক লোক উপস্থিত থাকে ৷ ইপিনে জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে পাঁচ আগষ্টত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য- সদস্যাসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ প্ৰথম বৈঠকত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ বৈঠকত জিলা পৰিষদৰ সভাপতি হিচাপে মৃদুলা সিংহ নিৰ্বাচিত হৈছে ৷ আনহাতে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বৈঠকত যিসকল নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য – সদস্যাসকল উপস্থিত আছিল তেওঁলোকৰ মাজত অনুসূচিত জাতিৰ কোনো মহিলাৰ সদস্য নাছিল ৷ সেইবাবে উপ সভাপতিৰ পদটোৰ বাবে কোনো প্ৰাৰ্থী নিৰ্বাচিত নহ’ল ৷ পিছত জিলা আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া দিনত নিৰ্বাচিত কৰা হ’ব ৷ তেওঁ কয় যে বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য – সদস্যাৰ মুঠ সংখ্যা ১২ গৰাকী ৷ কিন্তু বাৰ গৰাকীৰ ভিতৰত বৈঠকত সাত গৰাকী উপস্থিত আছিল ৷ যি গৰাকী সভাপতি নিৰ্বাচিত হৈছে তেওঁ বৈঠকত উপস্থিত থকা সকলোকেইগৰাকী সদস্য – সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ লগতে এগৰাকী নিৰ্দলীয় সদস্যাও উপস্থিত নাছিল ৷ আনহাতে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে কয় যে ভাল লাগিছে, নিজকে আমি শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত ৷ যিহেতু আমি অগপ দলে কাম কৰিব পাৰিছোঁ, তেনে সুবাদতে বাকী দলেও আমাক সমৰ্থন জনাইছে ৷ তেওঁলোকে নিশ্চয় ভাবিছে যে আমি কাম কৰিব পাৰিম ৷ বিজেপি দলক সোমবাৰে ফোন কৰা হৈছিল ৷ তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ বিশেষ নাজানিলো ৷ কিয় উপস্থিত নাথাকিল ৷ কিন্তু যিহেতু যোগাযোগ নাই হোৱা, সেয়ে আমাৰ পৰাই জিলা পৰিষদ গঠন হৈ গ’ল ৷

এতিয়ালৈকে দুই দলৰ মাজত জিলা পৰ্যায়ত কোনো খিলিমেলি নাই হোৱা ৷ জিলা পৰিষদ গঠন হলহে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব ৷ প্ৰথমটো দিনত মিত্ৰদলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত নথকাত অলপ বেয়া লগা বুলি কৈ থাকিলে ভাল লাগে বুলিও কয় ৷ আমি যিহেতু মিত্ৰ দল ,সেয়ে আমাৰ লগত থাকিলে নিশ্চয় ভাল লাগিলহেঁতেন ৷ কিন্তু হয়তো কিবা অসুবিধা থাকিব পাৰে, সেয়ে আহিব পৰা নাই ৷ আনহাতে বিজেপি দলে সভাপতিৰ পদ বিচাৰিছিল নেকি বুলি সোধাত বিধায়িকা গৰাকীয়ে কয় যে আমি শুনা নাই ৷ তেওঁলোকে যদি কৈছিলো মই কিন্তু গম পোৱা নাই ৷ সেইদৰে নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি মৃদুলা সিংহই প্ৰথমতে অগপ দলৰ লগতে দলটোৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী তথা দলৰ সকলোকে ধন্যবাদ জনায় ৷ লগতে তেওঁক সভাপতি নিৰ্বাচিত হোৱাত সহযোগ তথা সমৰ্থন আগবঢ়োৱা আন দলকো ধ্যবাদ জনায় ৷ মিত্ৰ দলৰ চাৰি গৰাকী নিৰ্বাচিত সদস্য -সদস্যা উপস্থিত নথকা সন্দৰ্ভত কয় যে হয়তো তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ তেওঁ কোন কোন দলৰ পৰা সমৰ্থন লাভ কৰিছে বুলি সোধাত পোনচাতে কোনো দলৰ নাম নকৈ কয় যে সকলো দলৰ পৰাই সমৰ্থন পাইছোঁ ৷ তেওঁলোকৰ সমৰ্থনতে সভাপতি হ’বলৈ পাইছোঁ ৷ তেওঁলোকে হয়তো ভাবিছে যে এজন যিহেতু সভাপতিৰ আসনত বহিব লাগে, সেয়ে আনসকলে চিন্তা – চৰ্চা কৰিয়ে সমৰ্থন জনালে ৷ গতিকে বাকীসকলেও নিজা চিন্তা- চৰ্চাৰে সমৰ্থন কৰিলে ৷ আনহাতে অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ অনুপস্থিতিত অগপই জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশ্নৰ উত্তৰটো মই দিব নোৱাৰিম ৷ কাৰণ আমি বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ ৷ এতিয়া বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ অগপ দলৰ সাধাৰণ সম্পাদক ৷ মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলো আৰু মই কোৱাৰ পিছত বিজেপি দলৰ জিলা সভাপতিক কেইবাবাৰো ফোন কৰি সাক্ষাৎ কৰাৰ বাবে সময় লৈছিল যদিও তেওঁলোকৰ অসুবিধা বুলিয়ে ক’ব লাগিব লগ কৰিব নোৱাৰিলে ৷ আনকি ভূপেন ৰায়ে অভয়াপুৰীৰ আৱৰ্ত ভৱনত জিলা বিজেপিৰ সভাপতিৰ বাবে ৰুটি আদি অৰ্ডাৰ দি বহি আছিল ৷ তাৰ পিছত জিলা বিজেপিৰ সভাপতিলৈ ফোন কৰাত সভাপতি গৰাকীয়ে গুৱাহাটীলৈ যাব বুলি কৈ ঘুৰি আহি কথা পাতিব বুলি কয় ৷ কিন্তু গুৱাহাটীৰ পৰা আহিও কথা নাপাতিলে ৷ সোমবাৰেও ভূপেন ৰায়ে সন্ধিয়া জিলা বিজেপিৰ সভাপতি গৰাকীক দুবাৰ ফোন কৰিছিল ৷ কিন্তু তেওঁ ফোন নধৰিলে ৷ বিজেপিয়ে সভাপতি পদটো বিচাৰিছিল নেকি বুলি সাংসদ গৰাকীক সোধাত কয় যে আমি আলোচনা কৰিব বিচাৰিছিলো ৷ আমাৰ যিহেতু চাৰি গৰাকীকৈ সদস্য আছে, সেয়ে কি কৰা যায় ৷

কিন্তু তেওঁলোকে আমাৰ লগত আলোচনাত মিলিতই নহ’ল ৷ গতিকে সভাপতি বিচাৰিব আৰু বিচৰাতো স্বাভাৱিক কথা ৷ কিন্তু আলোচনাত মিলিতই নহ’ল ৷ ইপিনে মঙলবাৰে যিহেতু প্ৰথম বৈঠকৰ দিন ধাৰ্য কৰিছে, সেয়ে প্ৰথম সভাখনত আমাৰ অগপ দলৰ চাৰিজন গৈছে ৷ আৰু বাকী তিনিজন গৈছে ৷ বিজেপি দলৰ চাৰিজনেই অনুপস্থিত আছিল আৰু এগৰাকী নিৰ্দলীয় সদস্য বঙাইগাঁওলৈ আহিও পুনৰ উভতি গৈছে ৷ মিত্ৰ দলৰ মাজত কোনো খেলিমেলি নহয় ৷ মিত্ৰতা আমাৰ ৰাজ্যিক ভিত্তিত হৈছে বা কেন্দ্ৰ ভিত্তিত হৈছে ৷ এইটো এটা সৰু কথা ৷ জিলা পৰিষদৰ সভাপতিলৈহে ৷ তেওঁলোকে হয়তো বিচাৰিছিল বা আশা কৰিছিল, কিন্তু তেওঁলোকৰ ভুল হ’ল আমাৰ লগত আলোচনা কৰিব লাগিছিল ৷ নকৰিলে ৷ আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলেই আমি কি ক’ব বিচাৰিছিলো, কি বিচাৰিছিলো ৷ সেইদৰে অগপই কংগ্ৰেছক সমালোচনা কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈ জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত কয় যে সভাপতি নিৰ্বাচনৰ বাবে কোনো ভোটেই হোৱা নাই ৷ ভোট হলে আমাৰ পৰা নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেতেন ৷ ভোটেই হোৱা নাই ৷ তেওঁলোকে প্ৰাৰ্থী দিলে ভোট হ’লহেতেন ৷ আমি চাৰিজন আছো আৰু তেওঁলোক তিনিজন আছে ৷ তেওঁলোকে কেনেকৈ প্ৰাৰ্থী দিব ? কংগ্ৰেছে সমৰ্থন জনোৱাৰ কথাটো ইয়াত অহা নাই ৷ তেওঁ কয় যে অগপৰ চাৰিজন আছিল, দুগৰাকী নিৰ্দলীয় আৰু এজন কংগ্ৰেছৰ আছিল ৷

কংগ্ৰেছৰ দুজন নহয় এজনহে বুলিও কয় ৷ ইপিনে আবেলি বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত বিজয় সভা অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সভাপতি তথা দলৰ আন জিলা পৰিষদৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে অগপ কাৰ্যালয়ত এখন সংবাদ মেলৰো আয়োজন কৰে দলৰ পৰা ৷ সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তব্য ৰাখে ৷ সংবাদ মেলত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলাৰ নেতৃত্ব উপস্থিত থাকে ৷

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw
পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

e-rickshaw । নগাঁও জিলাৰ ৰহা পৌৰসভাই ই-ৰিক্সা চলাচলত বিশেষ নিৰ্দশনা প্ৰদান কৰিছে। আজি ৰহা পৌৰপতিৰ স্বাক্ষৰিত আৰ,এম,বি,/ই-ৰিক্সা/২৩১/২০২৫-২৬/02 নম্বৰৰ নিৰ্দেশনা অনুসৰি অহা ৬ আগষ্ট তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্ল্যেখ্য যে, ৰহা পৌৰসভাৰ সভানেত্রী সভাপতিত্বত তেখেতৰ কাৰ্য্যালয় যোৱা ১৫ জুন,২০২৫ তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মর্মে ৰহাপৌৰ সভা এলেকাৰ ভিতৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নির্দেশনাসমূহ জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ৰহা পৌৰসভা এলেকাত ই-ৰিক্সা চলাবলৈ হ’লে ৰহাপৌৰ সভাত পঞ্জীয়নভুক্ত হোৱাতো বাধ্যতামূলক।

পঞ্জীয়ন নথকা ই-ৰিক্সা ৰহা পৌৰসভা এলেকাত চলাচল কৰিব নোৱাৰিব। অন্যথা ২০০০(দুই হাজাৰ টকা) জৰিমনা বিহা হ’ব। তদুপৰি সকলো ই-ৰিক্সা চালকে ৰহা পৌৰসভাই যোগান ধৰা ই-ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই-ৰিক্সা সম্মুখ ভাগত লগাব লাগিব।ৰহা পৌৰসভা এলেকাত ৰহা পৌৰ সভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব। পূৱা ৫ বজাৰ পৰা নিশা ১ বজালৈকেহে ই-ৰিৰ্ক্সা সমূহ চলাচল কৰিব পাৰিব।
প্রতিখন ই-ৰিক্সাৰ সোঁ ফালটো গ্ৰীলেৰে বন্ধ কৰা হ’ব লাগিব। ই-ৰিক্সা সমূহৰ আগফাল ও পিছফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়।ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যধা অনুমোদন নাকচ কৰা হ’ব।


চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুবাব নোৱাৰিব। চালকৰ সৈতে সর্বমুঠ ৫ (পার্ট) জন আৰি এখন ই-ৰিক্সাত যাতায়ত কৰিব পাৰিব।চালকে ই-ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমনা ভৰিব লাগিব। ভাৰা নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০.০০ টকা আৰু তাৰ পিছত প্রতি কিলোমিটাৰৰ বাবদ ৫.০০ টকা আদায় ল’ব পাৰিব।তিনিআলি, চাৰিআলি সমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোনা নমোৱা কৰিব নোৱাৰিব।যাত্রী উঠোৱা-নমোৱা কৰিবলৈ কোনো ই-ৰিক্সা ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব। লগতে ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে বুলি উল্লেখ কৰি
এই নিয়মসমূহ অহা ০৬-০৮-২০১৫ তাৰিখৰ পৰা পৰবৰ্তী নির্দেশ পর্য্যন্ত কাৰ্য্যক্ষম হ’ব আৰু নিয়ম সমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলি নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰেৰক, বুলন চন্দ্ৰ নাথ। ৰহা ।।
ছবি বাতৰিৰ লগত গৈছে ।

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল দৰং জিলা পৰিষদ । Darrang

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang
বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang


Darrang । বহুদিনৰ অপেক্ষাৰ অন্তত মঙলবাৰে গঠন কৰা হ’ল দৰং জিলা পৰিষদ। জিলা খনৰ মুঠ ১২ খন আসনৰ ভিতৰত ৬ খন বিজেপি, ১ খন অগপ, ৪ খন কংগ্ৰেছ আৰু ১ খন ৰাইজৰ দলে লাভ কৰা পৰিপ্ৰেক্ষিতত এই জিলা পৰিষদ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

দুয়োখন শীৰ্ষ পদ — সভাপতি আৰু উপ-সভাপতি — এইবাৰ মহিলা সংৰক্ষিত আছিল। সভাপতি পদত হাউলি জিলা পৰিষদ সমষ্টিৰ বিজেপি সদস্য শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি পদত কুৰুৱা-হাজৰিকাপাৰা সমষ্টিৰ বিজেপি সদস্য পৰিস্মিতা নাথ নিৰ্বাচিত হয়।

এদিন আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সভাপতি আৰু উপ-সভাপতি পদৰ বাবে গোপন ভোটগ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ তৰফৰ পৰা সভাপতি পদত মুক্তা দেৱী মণ্ডল আৰু উপ-সভাপতি পদত নিলোৱাৰা ইয়াচমিনৰ নাম প্ৰস্তাৱ কৰা হৈছিল। গোপন ভোটত বিজেপি প্ৰাৰ্থীসকলে ৭ টাকৈ ভোট লাভ কৰে, কংগ্ৰেছ প্ৰাৰ্থীসকলে ৪ টাকৈ ভোট আৰু ১ টা ভোট বাটিল হিচাপে গণ্য হয়। ফলস্বৰূপে শেৱালী গোস্বামী কলিতা সভাপতি আৰু পৰিস্মিতা নাথ উপ-সভাপতি ৰূপে নিৰ্বাচিত হন।

এই গঠনত উল্লেখযোগ্য যে, ২০২৩-২৪ বৰ্ষত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত দৰং জিলা পৰিষদত বিজেপিয়ে অভূতপূৰ্ব সাফল্য লাভ কৰিছিল। জিলা পৰিষদৰ বিভিন্ন আসনত জয়লাভ কৰা প্ৰাৰ্থীসকল হৈছে:

  • দুমুনিচকী-বৰদৌলগুৰি – চণ্ডীচৰণ চৌধুৰী (অগপ)
  • কুৰুৱা-হাজৰিকাপাৰা – পৰিস্মিতা নাথ (বিজেপি)
  • দুনী-পথৰুঘাট – ৰূপালী দেৱী (বিজেপি)
  • দেওমৰনৈ-টেঙাবাৰী – হেমন্ত কুমাৰ ডেকা (বিজেপি)
  • ৰঙামাটি – বিতুপণ ডেকা (বিজেপি; বিনা প্ৰতিদ্বন্দিতাত জয়ী)
  • চপাই – অনিতা ৰাজবংশী (বিজেপি)
  • হাউলি – শেৱালী গোস্বামী কলিতা (বিজেপি)
  • মোৱামাৰী – মুক্তা দেৱী মণ্ডল (কংগ্ৰেছ)
  • অপৰিয়া-শ্যামটিলা – ময়ুৰী খাতুন (ৰাইজৰ দল)
  • বিহুদিয়া – ৰাকিব উদ্দিন আহমেদ (কংগ্ৰেছ)
  • বেছিমাৰী – মুহিবুদ্দিন আহমেদ (কংগ্ৰেছ)
  • শ্যামপুৰ – শাহনাজ নিলোৱাৰা ইয়াচমিন (কংগ্ৰেছ)

মঙলবাৰৰ শপত গ্ৰহণ আৰু দায়িত্ব গ্ৰহণ অনুষ্ঠানত বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিজেপিৰ জিলা সভাপতি মুকুন্দ ডেকা, উপ-সভাপতি প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস কুমাৰ দাস আদি উপস্থিত থাকিলে লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ বহু নেতা-কর্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিজেপিয়ে জিলা পৰিষদৰ নেতৃত্ব দখল কৰি দৰং জিলাত তেওঁলোকৰ সাংগঠনিক শক্তিৰ প্ৰমাণ দিছে বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে ৰাইজে UNCUT

বিজেপি -অগপ মিত্ৰজোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন । AGP & BJP

বিজেপি -অগপ মিত্ৰজোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন । AGP & BJP

AGP & BJP । বিজেপিৰ গীতাঞ্জলি হাজৰিকা সভানেত্ৰী – অগপৰ জয়শ্ৰী মণ্ডল উপসভানেত্ৰী হিচাপে নিৰ্বাচিত । উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ

নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক জিলা আয়ুক্তই শপত বাক্য পাঠ কৰোৱাই ।আজিৰ সভাতেই আগন্তুক পাচ বছৰৰ বাবে বিজেপি – অগপ মিত্ৰযোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন কৰা হয়। সেই অনুসৰি উৰিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ সদস্যা বিজেপিৰ গীতাঞ্জলি হাজৰিকাক সভানেত্ৰী আৰু আমবাগান জিলা পৰিষদ সমষ্টিৰ সদস্যা অগপৰ জয়শ্ৰী মণ্ডলক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে । উল্লেখযোগ্য যে, এইবাৰৰ নগাঁও জিলা পৰিষদৰ সভাপতি আসনখন মহিলাৰ বাবে সংৰক্ষিত আৰু উপ-সভাপতি আসনখন অনুসূচীত জাতি (মুকলি) বাবে সংৰক্ষিত কৰা হৈছিল । ২৭ খন আসন বিশিষ্ট নগাঁও জিলা পৰিষদৰ ১৪ খন আসন দখল কৰি বিজেপি – অগপ মিত্ৰযোটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কংগ্ৰেছ দলে ১৩ খন আসন দখল কৰি বিৰোধীৰ আসনত বহিবলগীয়া হয়। সভাত উপস্থিত বিশিষ্ট ব্যক্তি আৰু নৱ নিৰ্বাচিত সদস্যসকলৰ অনুৰোধ ক্ৰমে, জিলা আয়ুক্তই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিবেশন কৰি নৱ নিৰ্বাচিত সদস্যসকলক উক্ত গীতৰ অন্তৰ্নিহিত কথাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায় । সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস , নুৰুল হুদা, শিবামণি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পুলক বিশ্বাস, বগৰিগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবেন কুমাৰ বর্মন ,কঠীয়াতলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেতা পদ্ম শৰ্মাকে প্ৰমুখ্য কৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নগাঁও জিলা পৰিষদৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে । ইপিনে সংবাদ মাধ্যমৰ আগত ৰাজহ মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলা পৰিষদৰ নিৰ্বাচিত সভানেত্ৰী ,উপসভানেত্ৰী সহ জিলা পৰিষদৰ সমুহক শুভেচ্ছা জনাই কয় অহা পাঁচবছৰৰ বাবে গঠন হোৱা নগাঁও জিলা পৰিষদে নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশত সৰ্বাধিক গুৰুত্ব দিব। পঞ্চায়ত ব্যৱস্থা গতিশীল কৰিবৰ বাবে জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি সকলে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।তেওঁ পঞ্চায়তৰ কাম কাজ স্বচ্ছ আৰু নিকা হয় ,তাৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্বাচিত প্ৰতিনিধি সকলক আহ্বান জনাই।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে UNCUT ।

লাডাখ ভ্ৰমণ সামৰিলে অসমৰ সাংবাদিকৰ দলে । উন্নয়ন, প্ৰতিৰক্ষা আৰু খিলঞ্জীয়া জ্ঞান পদ্ধতিৰ প্ৰদৰ্শন । Journalist Assam


Journalist Assam । প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি) গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত সাতদিনীয়া লাডাখ ভ্ৰমণ সফলতাৰে সামৰণি পেলালে অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ ১৩ জনীয়া সাংবাদিকৰ দল। ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণ ৩ আগষ্ট, ২০২৫ত সম্পূৰ্ণ হয়। ভ্ৰমণৰ মূল উদ্দেশ্য আছিল লাডাখৰ উন্নয়ন যাত্ৰা, কৌশলগত তাৎপৰ্য, সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আৰু খিলঞ্জীয়া জ্ঞান পদ্ধতিৰ প্ৰদৰ্শন।

পিআইবিৰ গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীৰে গঠিত প্ৰতিনিধি দলটোৱে লাডাখৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ভাৰতীয় জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ আৰু হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভ। ইয়াত সাংবাদিকসকলে ভাৰতৰ জ্যোতিৰ্বিজ্ঞান ক্ষেত্ৰৰ অগ্ৰগতি আৰু পোহৰ প্ৰদূষণ মুক্ত পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাৰ সঁপেতি হয়।

দলটোৱে আনহাতে অঞ্চলটোৰ একমাত্ৰ কমিউনিটি ৰেডিঅ’ ষ্টেচনো পৰিদৰ্শন কৰে, যিয়ে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ ৮০০ গাঁৱৰ জনসংখ্যাৰ বাবে বাতৰি আৰু তথ্যৰ মুখ্য উৎস হিচাপে কাম কৰে।

লেহত সাংবাদিকসকলে আয়ুষ মন্ত্ৰালয়ৰ অধীনত চলি থকা নেচনেল ইনষ্টিটিউট অৱ সোৱা-ৰিগপা পৰিদৰ্শন কৰে। ইয়াত তিব্বতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি, বনৌষধি ঔষধ উৎপাদন, গৱেষণা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা সম্পৰ্কে সঁপেতি লাভ কৰে।

অন্য এটা গুৰুত্বপূৰ্ণ পৰিদৰ্শন আছিল সীমান্ত পথ সংস্থা (BRO)ৰ প্ৰজেক্ট হিমাংক। ইয়াত দলটোক বিশ্বৰ আটাইতকৈ উচ্চ আৰু প্ৰত্যাহ্বানমূলক অঞ্চলত নিৰ্মাণাধীন আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে অৱগত কৰা হয়। এই প্ৰচেষ্টা ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বৰ্ণনা কৰা হয়।

ডিফেন্স ইনষ্টিটিউট অৱ হাই এলটিটুড ৰিচাৰ্চ (DIHAR)ত অনুষ্ঠিত এক অধিবেশনত সাংবাদিকসকলে উচ্চ উচ্চতাৰ কৃষি, শীতল অঞ্চলত জীয়াই থকাৰ কৌশল, আৰু স্থানীয় কৃষক তথা সেনা বাহিনীক সহায় কৰা উদ্ভাৱনী গৱেষণা সম্পৰ্কে অৱগত হয়।

সাংবাদিকসকলে লাডাখৰ উদ্ভাৱনীমূলক আৱৰ্জনা ব্যৱস্থাপনা প্ৰচেষ্টা “প্ৰজেক্ট ছাংডাৰ” পৰিদৰ্শন কৰাৰ উপৰিও, পশমিনা উল আৰু এপ্ৰিকট উৎপাদনত নিযুক্ত স্থানীয় সমবায়সমূহৰ সৈতে মত বিনিময় কৰে। দলটোৱে অল চাংথাং পশমিনা খেতিয়ক সমবায় বিপণন সমিতিৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়, যিয়ে স্থানীয় অঘৰী সম্প্ৰদায়ৰ জীৱিকাৰ উন্নয়ন আৰু পশমিনাৰ উন্নত বজাৰ প্ৰৱেশ নিশ্চিত কৰিবলৈ কাম কৰি আছে। পশমিনাৰ নিখুঁত সংগ্ৰহ প্ৰক্ৰিয়া আৰু কাপোৰ নিৰ্মাণ পৰ্যন্ত সাংবাদিকসকলে প্রত্যক্ষ কৰে।

এতেকে দলটোৱে জৈৱিক এপ্ৰিকট খেতিও পৰিদৰ্শন কৰে। এই খেতিত সাংবাদিকসকলে লাডাখৰ “সোণালী শস্য” বুলি খ্যাত এই ফলৰ খেতি, চপোৱা প্ৰক্ৰিয়া আৰু ইয়াৰ মূল্য সংযোজনৰ নানা দিশ জানিবলৈ সক্ষম হয়। এই খেতিয়েই মহিলাৰ অংশগ্ৰহণ, গ্ৰাম্য আয় আৰু GI টেগিংযোগে ৰপ্তানিৰ নতুন দিশ মুকলি কৰিছে।

ভ্ৰমণৰ সময়ত সাংবাদিকসকলে লাডাখৰ মুখ্য সচিবক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ উন্নয়ন, প্ৰশাসনিক প্ৰত্যাহ্বান, আৰু সংবাদ মাধ্যমৰ লগত সম্ভাৱ্য সহযোগিতা সম্পৰ্কে মত বিনিময় কৰে। তদুপৰি, দলটোৱে লেহৰ তথ্য আৰু জনসংযোগ বিভাগ (DIPR) আৰু লেহ প্ৰেছ ক্লাবৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়।

এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত সাংবাদিকসকলে লেহ পেলেচ, পাংগং টছ’, সিন্ধু-জাংস্কাৰ ছাংগাম, মেগনেটিক হিল, ছুথাং হট স্প্ৰিংছ, আৰু ৰেজাং লা ৱাৰ মেম’ৰিয়েল আদি লাডাখৰ কিছুমান ঐতিহাসিক আৰু পৰ্যটন স্থানো পৰিদৰ্শন কৰে।

এই ভ্ৰমণে সাংবাদিকসকলক কেৱল লাডাখৰ উন্নয়ন আৰু কৌশলগত তাৎপৰ্য্যকেই নহয়, অঞ্চলটোৰ খিলঞ্জীয়া পৰম্পৰা, গৱেষণা আৰু উদ্যোগশীলতা সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।

নগাঁৱত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি “লোক কল্যাণ দিৱস” উদ্‌যাপন । Nagaon

Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান
Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান

Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে লোক কল্যাণ দিৱস টি আজি নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ভা:প্ৰ:সে: )ৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই দিৱসতেই কৰ্ম ক্ষেত্ৰত বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়োৱা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ “কৰ্মশ্ৰী” আৰু “লোকসেৱা” বঁটা আগবঢ়োৱা হয় । এই বঁটাৰ মূল উদ্দেশ্য হৈছে জনসেৱাৰ প্ৰতি উৎসাহ প্ৰদান, চৰকাৰী সেৱাৰ গুণগত মানৰ উন্নয়ন, দায়িত্ববান, নিষ্ঠাবান আৰু উদ্যমী কৰ্মচাৰী চিনাক্তকৰণ আৰু আদৰ্শ স্থাপন কৰি আনক উৎসাহিত কৰা ইত্যাদি । আজিৰ সভাৰ আৰম্ভণিতে আয়ুক্তৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অতিৰিক্ত জিলা আয়ুক্ত মনোৰমা মৰাঙে ৷


সভাত ভাষণ প্ৰদান কৰি আয়ুক্ত গৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে স্বাধীন অসম গঢ়াৰ ক্ষেত্ৰত সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক দিশত আগবঢ়োৱা অৱদানক সোঁৱৰণ কৰি বক্তব্য আগবঢ়াই । এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সকলো কৰ্মচাৰীকে লোকসেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।
এইবাৰৰ নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত, জিলা প্ৰশাসনিক পৰ্য্যবেক্ষক সহায়ক বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ চলিত বৰ্ষৰ “লোকসেৱা বঁটা” ৷ ১৯৯৮ চনত কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰী হিচাপে যোগদান কৰি প্ৰায় ২৪ বছৰে সেৱা আগবঢ়োৱা তথা পৰৱৰ্তী ২০২১ চনত নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ বদলি হৈ অহা বিপুল চন্দ্ৰ বৰাই বিগত প্ৰায় ২৬ বছৰে বিভিন্ন শাখাত নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা আগবঢ়ায় আহিছে আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷


জিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক পলাসী বৰাই সুন্দৰ উপস্থাপনেৰে আঁতধৰা উক্ত অনুষ্ঠানটিত বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাৰ পিতৃ তথা অৱসৰ প্ৰাপ্ত ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক কমলা কান্ত বৰাই সাৱলীল বক্তব্য আগবঢ়াই । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্তসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, গণ্যমান্য ব্যক্তিসকলকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বঁটাপ্রাপ্ত বিপুল চন্দ্ৰ বৰাদেৱৰ পৰিয়ালবৰ্গ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকল উপস্থিত থাকে । উল্লেখ যে, প্ৰবীন মুক্তিযুঁজাৰু তথা অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি “লোক কল্যাণ দিৱস”ত অসম চৰকাৰে প্ৰদান কৰা “লোকসেৱা বঁটা” এইবাৰ বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱাত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ লগতে সদৌ অসম জিলা প্ৰশাসনীয় সন্থাৰ নগাঁও জিলা সমিতিৰ সদস্য সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ অসম চৰকাৰে শিক্ষক-কৰ্মচাৰী সকলৰ বাহিৰে বাকী সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী সকলৰ মাজৰ পৰা সুদক্ষ কৰ্মচাৰী বাঁচনি কৰি কৰ্মচাৰীৰ কৰ্মদক্ষতা আৰু কৰ্মস্পৃহা বৃদ্ধিৰ বাবে বিগত ২০২২ বৰ্ষৰ পৰা গুৰুত্বপূৰ্ণ এই বঁটাটি প্ৰদান কৰি আহিছে ৷ বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাই আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷ শিশুৰ সৰ্বাঙ্গীণ উন্নয়নৰ স্বাৰ্থত অহোপুৰুষাৰ্থ শ্ৰম কৰা বিপুল চন্দ্ৰ বৰাই চৰকাৰী কৰ্মব্যস্ততাৰ মাজতো সদৌ অসম মইনা পাৰিজাতৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে আৰু বৰ্তমান সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সাংগঠনিক সম্পাদক হিচাপে দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে ৷ কেৱল সেয়াই নহয় চৰকাৰী কাৰ্যালয়ৰ বন্ধৰ দিনকেইটাতো বিভিন্ন জিলাত গৈ শিশু সকলৰ স্বাৰ্থত গঠনমূলক কাম- কাজত আত্মনিয়োগ কৰিছে ৷ অসম নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰাই ভোটাই ডেকা শাখা নাট্য সন্মিলনৰ সাধাৰণ সম্পাদক , কলং পৰীয়া শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক, আঞ্চলিক ৰাস উৎসৱ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক,ভোটাইগাঁও জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সঙ্ঘৰ সাধাৰণ সম্পাদক , ভোটাই ডেকা উন্নয়ন সমিতি আৰু সদ্য নিৰ্মিয়মান বুৰঞ্জী প্ৰসিদ্ধ নগঁঞা শইকীয়া ভোটাই ডেকাৰ মুৰ্তি নিৰ্মাণ সমিতিৰ সক্ৰিয় সদস্য আদিকে ধৰি নগাঁৱৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্ব বহন কৰি আহিছে ৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন সুন্দৰম নাট্য গোষ্ঠী,উৰিয়াগাঁও ; অবিনশ্বৰ গোষ্ঠী,নগাঁৱৰ লগত জড়িত নাট্যশিল্পী গৰাকী সুদক্ষ অভিনেতা হোৱাৰ উপৰিও কৌতুক অভিনেতা হিচাপেও পৰিচিত বিপুল চন্দ্ৰ বৰাই কথাছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে আৰু মঞ্চ নাটত অভিনয় ,অসমীয়া ভাৱনাত অভিনয় কৰি নিজৰ শিল্পী সত্বাৰ পৰিচয় ডাঙি ধৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ এই গৰাকী লোকক অসম চৰকাৰে “লোকসেৱা বঁটা” প্ৰদান কৰাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাহিত্য ,সংস্কৃতি সংগঠনৰ লগতে অপেচাদাৰী নাট্য সংগঠন সমূহৰ প্ৰতিনিধি সকলেও সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ মুঠ ৫৯ গৰাকীয়ে জিলা ভিত্তিত এই লোক সেৱা বঁটা লাভ কৰিছে আৰু তাৰ ভিতৰত বিপুল চন্দ্ৰ বৰাই নগাঁও জিলাৰ একমাত্ৰ হিচাপে মনোনীত হৈ সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত । GUWAHATI

‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত
‘লোক কল্যাণ দিৱস’ত ১২ বিষয়া আৰু বহু কৰ্মচাৰী ‘কৰ্মশ্ৰী বঁটা’ত সন্মানিত

GUWAHATI । গুৱাহাটীত আয়োজিত বৰ্ণাঢ্য অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে প্ৰদান কৰে বঁটা


লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্যতিথি উপলক্ষে মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত হয় ‘লোক কল্যাণ দিৱস’। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰে জনসেৱাত বিশেষ ভূমিকা লৈ অহা বিষয়া-কর্মচাৰীসকলক ‘কৰ্মশ্ৰী বঁটা’ তথা বিভিন্ন লোকসেৱা পুৰস্কাৰেৰে সন্মানিত কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ ১২ গৰাকী বিষয়া-কর্মচাৰীক দলীয় তথা এককভাৱে ‘কৰ্মশ্ৰী বঁটা’ প্ৰদান কৰে। লগতে ১০ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীক ‘ৰাজ্যিক পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰ’ আৰু কামৰূপ মহানগৰ জিলাৰ ২ গৰাকী কৰ্মচাৰীক ‘জিলা পৰ্যায়ৰ উৎকৃষ্ট সেৱা সন্মান’ প্ৰদান কৰা হয়।

ইয়াৰোপৰি, ৰাজ্যৰ বিভিন্ন জিলাত উদযাপন হোৱা লোক কল্যাণ দিৱসৰ অনুষ্ঠানসমূহত জিলা পৰ্যায়ৰ ৫৯ গৰাকী কৰ্মচাৰীক লোকসেৱা সন্মান প্ৰদান কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী দাসে আৰু অন্যান্য বিশিষ্ট অতিথিসকলে গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি গভীৰ শ্রদ্ধা জ্ঞাপন কৰে। বক্তৃতাত মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্ব, অসমলৈ তেখেতে আগবঢ়োৱা অৱদান, তথা গুৱাহাটী বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠান স্থাপন ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ কথা উচ্চাৰণ কৰে। তেখেতে কয় যে, বৃটিছ কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱৰ বিৰুদ্ধে বৰদলৈয়ে যদি তীব্ৰ প্ৰতিবাদ নজনাইছিল, তেন্তে অসমৰ ভৱিষ্যৎ অন্ধকাৰ হ’ব পাৰিছিল।

মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, ২০২২ চনৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰদলৈ দেৱৰ মৃত্যুদিনটোত ‘লোক কল্যাণ দিৱস’ উদযাপন কৰাৰ লগতে জনসেৱাত উৎসৰ্গিত বিষয়া-কর্মচাৰীক সন্মানিত কৰাৰ এক ইতিবাচক পদক্ষেপ হাতত লোৱা হৈছে।

অনুষ্ঠানত জনস্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, মুখ্য সচিব ড° ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, বিভাগীয় সচিব দিবাকৰ নাথ মিশ্ৰ, বৰ্ণালী ডেকা আদি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

মন্ত্ৰী দাসে বঁটা প্ৰাপ্তসকলক অভিনন্দন জনাই কয় যে, এই ধৰণৰ সন্মানে তেওঁলোকক অধিক উৎসাহিত কৰি আগলৈও জনসাধাৰণৰ বাবে সজাগ, দায়িত্বশীল আৰু জনমুখী সেৱা আগবঢ়াবলৈ প্ৰেৰণা যোগাব।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজানত এ কে ৫৬ ৰাইফল, সজীৱ গুলি উদ্ধাৰ

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজানত এ কে ৫৬ ৰাইফল
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাজানত এ কে ৫৬ ৰাইফল

আজি পুৱাই বোকাজান মহকুমাৰ পুৰণা লাহৰিজানৰ কানীয়া টকবি গাওঁত উদ্ধাৰ হৈছে এটা অত্যাধুনিক মাৰণাস্ত্ৰ।

স্বাধীনতা দিৱসলৈ কেইটামান দিন বাকী থকা সময়তেই কানীয়া টকবি গাঁৱৰ ৰাইজে এটা মাৰাণাস্ত্ৰ পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত পুৰণা লাহৰিজান আৰক্ষী উপস্থিত হৈ পৰিত্যক্ত অৱস্থাত এটা একে ৫৬, এটা মেগজিনসহ, ৬ জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীযে মাৰণাস্ত্ৰটো কানীয়া টকবি গাওঁত কৰ পৰা কেনেকৈ আহিল, কোনে পেলাই থৈ গল তাৰ বিষয়ে তদন্ত অব্যাহত ৰাখিছে।

Farmers: অসমৰ পথাৰত ছিঁৰাল ফাঁটঃ হাহাকাৰ কৃষক ৰাইজৰ

Farmers: অসমৰ পথাৰত ছিঁৰাল ফাঁটঃ হাহাকাৰ কৃষক ৰাইজৰ
Farmers: অসমৰ পথাৰত ছিঁৰাল ফাঁটঃ হাহাকাৰ কৃষক ৰাইজৰ

আমি আটায়ে জানো অসম এখন কৃষিপ্ৰধান ৰাজ্য। (Farmers) ইয়াৰ অধিকসংখ্যক লোকেই কৃষিৰ ওপৰতে নিৰ্ভৰশীল। পিছে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল এই যে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ দিনতো অসমৰ সৰহসংখ্যক খেতিয়কেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ চলিব লগা হৈয়ে আছে। ধান খেতি কৰাৰ সময়ত অৰ্থাৎ জেঠ, আহাৰ, শাওণ এই তিনি মাহত যদি অসমৰ কৃষকে খেতি কৰিব নোৱাৰে তেনেহ’লে বছৰটোলৈ কৃষক ৰাইজৰ বিলৈ-বিপত্তি নোহোৱা হ’ব। যিখন ছবি এইবাৰ দেখা পোৱা গৈছে। জেঠ-আহাৰ মাহ পাৰ হৈ এতিয়া শাওণ মাহো যাওঁ যাওঁ হ’ল। কিন্তু পথাৰত পানী নাই খেতি কৰিবলৈ। খেতিপথাৰত এই বাৰিষা কালতো অনাবৃষ্টিৰ ফলত ছিঁৰাল ফাঁট দিছে। আহাৰ-শাওণ মাহত আসমৰ খেতিপথাৰত কৃষকৰ ব্যস্ততা দুগুণে বাঢ়ে। কাৰণ এই সময়খিনিয়েই হ’ল শালি খেতি কৰাৰ উপযুক্ত সময়। পিছে বিগত দেৰ মাহত অসমত ৩৯ শতাংশলৈ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ।

ফলত কৃষকে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিয়ে দেখা দিছে। এই শাওণ মাহলৈকে অসমত নাই বৰষুণ। ইফালে ৰজাঘৰীয়াও ব্যস্ত নিৰ্বাচনী সমীকৰণ মিলোৱাত। আনহাতে, এনে এটা পৰ্যায় অসমত গঢ়ি তোলা হৈছে যেন খেতি নকৰিলেও অসমৰ কৃষকে নোখোৱাকৈ নমৰে। কাৰণ অসমত স্বাভাৱিক বৰষুণ নহ’লেও কিন্তু আঁচনিৰ বৰষুণ পৰ্যাপ্ত পৰিমাণে বৰষিছে। গতিকে ৰজাঘৰীয়ায়ো পথাৰত যে এই ভৰ বাৰিষাৰ খেতিৰ বতৰত কৃষকে পানীৰ অভাৱত খেতি কৰিব পৰা নাই সেই কথাত হয়তো বেছিকৈ ভাবিবলৈ যেন বিচৰা নাই। সোৰোপা অসমীয়া বুলি আগৰে পৰাই বদনাম থকা অসমীয়ায়ো আঁচনিৰ মায়া জালত টোপনীয়াই টোপনীয়াই সপোন দেখি থাকোতেই বহিৰাগত বণিয়াই আহি বৰঘৰত সোমাই মাটি-ভেটিৰ ওপৰত ৰাজত্ব আৰম্ভ কৰিবলৈ ইতিমধ্যে ঠেং মেলিছেই। ইফালে অসমত দুটাকৈ নিৰ্বাচন আহি আছে। এটা হ’ল বিটিআৰৰ নিৰ্বাচন, আনটো হ’ল ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচন। সেয়ে ৰজাঘৰীয়া এতিয়া ভোটৰ অংক মিলোৱাত মচগুল।

তাতে আকৌ অসমত অবৈধ দখলদাৰীসকলক উচ্ছেদ কৰি অসমৰ ভূমি মুক্ত কৰাৰ বাবে চৰকাৰে আঁচনি লৈ ইতিমধ্যে যুদ্ধংদেহী মনোভাবেৰে কাৰ্যক্ষেত্ৰত নামি পৰিছে। কিন্তু সেই সকল অবৈধ নাগৰিক বুলি অভিহিত লোক অসমৰ পৰা সঁচাকৈ বিতাড়িত হ’বনে? নে ইয়ো সোৰোপা অসমীয়াক দেখুওৱা সপোন, নে ইয়াতো আকৌ আছে কিবা নুবুজা অংক। যিটো সময়ত খেতি কৰিব নোৱাৰি হাহাকাৰ কৰি থকা কৃষক ৰাইজক পথাৰত খেতি কৰিবলৈ পানী যোগান ধৰি ৰাইজক সকাহ দিব লাগিছিল সেইটো সময়ত আন দিশতহে যেন ব্যস্ত আমাৰ ৰাজন্যবৰ্গ। তেওঁলোক অৰ্থাৎ শাসকেই হওক বা বিৰোধীয়েই হওক সকলোৱে এতিয়া ব্যস্ত নিৰ্বাচনক লৈ। ভোটদাতা কৃষক ৰাইজক এই বিপদৰ সময়ত আহি কাষত থিয় দি তেওঁলোকৰ মনৰ কথাৰ বুজ ল’বলৈহে যেন কাৰো আহৰি নাই। বিৰম্বনা কেৱল সাধাৰণ জনতাৰ। তেওঁলোকৰ বৰষুণ দিলেও বিপদ বৰষুণ নিদিলেও বিপদ। আমি হেনো উন্নয়নৰ জখলাত বগাই বগাই ৰামৰাজ্য গঠনৰ দিশে আগবাঢ়িছো।

উন্নয়নৰ গংগা ইতিমধ্যে অসমত ব’বলৈ ধৰিছে হেনো। যদিও আমি বৰ্তমান আমাৰ অসমীয়াৰ আয়ুসৰেখা ব্ৰহ্মপুত্ৰৰ পানীখিনিকে কৃষি ক্ষেত্ৰত উপযুক্তভাৱে ব্যৱহাৰ কৰি উপযুক্তভাৱে কামত খটুৱাব পৰা নাই । এনেকৈ যে কি ৰূপত উন্নয়নৰ গংগা বোৱাব অসমত, ভাবিয়েই পোৱা নাই। যিখন ৰাজ্যত এতিয়া অনাবৃষ্টি, বহু ঠাইত পথাৰত দেখা পোৱা গৈছে ধান খেতিৰ ঠাইত ছিঁৰাল ফাঁট, পানীৰ অভাৱত আৰু প্ৰখৰ ৰ’দত কঠীয়া শুকাই গৈছে, আকৌ উচ্ছেদৰ নামতে কঠীয়াৰ ওপৰেৰে চলাইছে বুলড’জাৰ। মুঠতে বানপানীতো মৰণ কৃষকৰ, খৰাঙতো মৰণ কৃষকৰ। ফলত ক্ষয়-ক্ষতিৰ সীমা নাই কৃষকৰ। খৰাঙৰ প্ৰকোপত পৰা কৃষক ৰাইজক চৰকাৰ-প্ৰশাসনে তাৎক্ষণিকভাৱে জনসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিছিল যদিও সেয়াও সম্ভৱ হৈ উঠা নাই। চৰকাৰে সেইখিনি কৰি দিব পৰা নাই। কোনো কোনো ঠাইত জলসিঞ্চনৰ ব্যৱস্থা অৱশ্যে আছে যদিও সিও এপাচি শাকত এটা জালুকৰ লেখীয়াহে। আমি সেয়ে ক’ব বিচৰা কথাটো হ’ল উন্নয়নৰ গংগা বোওৱাৰ শ্ল’গান আওৰাই থকাতকৈ একেবাৰে তলৰ শ্ৰেণীৰ অৰ্থাৎ নিম্ন আৰু নিম্ন-মধ্য শ্ৰেণীৰ কৃষকৰ মুখত অলপ হ’লেও হাঁহি বিৰিঙি উঠাত সহায় কৰক। সময়ত কৃষি পথাৰত পানী যোগানৰ সু-ব্যৱস্থা কৰক। খৰাঙৰ পিছত অহাৰ সম্ভাৱনা থকা বানৰ কবলৰ পৰা বচোৱাৰ ব্যৱস্থা কৰক। তেতিয়াহে উন্নয়নৰ গংগা ব’ব অসমত। অসমত গংগা বোৱাবলৈ চেষ্টা কৰাতকৈ মহাবাহু ব্ৰহ্মপুত্ৰক কৃষকৰ সহযোগী কৰি বোৱাবলৈ আগবাঢ়ি আহক চৰকাৰ। তেতিয়া কৃষকে বাৰিষাৰ বৰষুণক ধিয়াই বহি থাকিবও নালাগে। কৃষকৰ কৃষি আৰু সুখৰ হাঁহি অবিহনে উন্নয়নৰ গংগা বোৱাবলৈ বৃথা চেষ্টা কৰিলে হিতে বিপৰীত হোৱাহে পৰিলক্ষিত হ’ব।

কথাবোৰ অসমৰ কৃষকৰ স্বাৰ্থত, কৃষকৰ সৈতে একেলগে মিলি সমাধান কৰিব পাৰিলেহে অসমত উন্নয়ন সম্ভৱ হ’ব। অন্যথা সকলো ফুটুকাৰ ফেন বা গালো-বালো খোলাকটিৰ তালহে হ’বগৈ। মুঠতে সকলোৱে আভুৱা-ভাঁৰিবলৈ এৰক। এটা সঁচা মন লৈ এই দুৰ্যোগৰ সময়ত কৃষক ৰাইজৰ কাষত থিয় দিয়ক, কৃষি পথাৰত যিমান পাৰি সোনকালে জলসিঞ্চনৰ ব্যৱস্থা কৰক। আৰু মাত্ৰ এটা মাহ, ইয়াৰ পিছত কিন্তু হাজাৰ চকুলো বোৱালেও কৃষকৰ মুখৰ হাঁহিটো ঘূৰাই আনিব পৰা নাযাব। উল্লেখযোগ্য যে আমাৰ ৰাজ্যখনত ৰবিশস্যই হওক অথবা খাৰিফ শস্যই হওক আটাইতকৈ গুৰুত্বপূৰ্ণ তথা প্ৰধান কৃষিয়েই হ’ল ধান খেতি। অসমৰ প্ৰায় ৩৯ লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত প্ৰায় ২৪ লাখ হেক্টৰ মাটিতেই ধান খেতি কৰা হয়। পিছে এই বৃহৎ পৰিমাণৰ কৃষি ক্ষেত্ৰখনৰ ধান খেতি আজি অনিশ্চয়তাৰ অতল গহ্বৰত সোমাই পৰিছে। ইয়াৰ মূল কাৰণেই বৰষুণৰ অভাৱ। আকৌ এই বৃহৎ সমস্যা দূৰ কৰি কৃষক ৰাইজক সকাহ দিবলৈ চৰকাৰৰ ভূমিকা একেবাৰে শূন্য বুলি ক’লেও বঢ়াই কোৱা নহ’ব। বিধানসভাত খোদ মন্ত্ৰীয়ে ঘোষণা কৰা মতেই সেই সময়লৈ অৰ্থাৎ তেওঁ ঘোষণা কৰা সময়লৈকে অসমৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছিল মাত্ৰ ১৪ শতাংশ। গতিকে এতিয়া অনাবৃষ্টিৰ ফলত কৃষক ৰাইজৰ শুকান পথাৰত জলসিঞ্চন ব্যৱস্থাৰে কৃষকৰ দুৰ্দশাৰ জোৰা মাৰিব যে নোৱাৰে সেয়া নিশ্চিত। গতিকে খৰাং অৱস্থাৰ সৃষ্টি নহওঁতেই জলসিঞ্চন ব্যৱস্থাৰ পৰ্যাপ্ত সুবিধা কৰি ৰখাৰ ব্যৱস্থা কৰা হ’লে নিশ্চয় আজি কৃষকে মূৰে-কপালে হাত দি কান্দিব লগা অৱস্থা এটা নাপালেহেঁতেন। আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগত আমাৰ কৃষকে এতিয়াও ভেকুলীৰ বিয়া পাতি নেদেখাজনৰ ওচৰত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিব লগা অৱস্থা হৈছে। ইয়াতকৈ আৰু কিবা দুখৰ কথা থাকিব পাৰেন? কৃষকেও হয়তো আজি ধাৰণা কৰিব পাৰিছে যে চৰকাৰক অনুৰোধ কৰি বিফল হোৱাতকৈ ভগৱানকে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰাৰ্থনা কৰিলে হয়তো কিছু সকাহ পোৱা যাব।

বৰ্তমান আমাৰ কৃষক ৰাইজে অতি পুৰণি পদ্ধতিৰ কিছু হ’লেও বাদ দি আধুনিক পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰিবৰ হ’ল। নহ’লে আমাৰ মাজৰ পৰা যে এদিন আহাৰ-শাওণমহীয়া বতাহত হালি-জালি ভৱিষ্যতৰ সুখৰ বতৰা কঢ়িওৱা সেউজীয়া পথাৰখন, আঘোণৰ সোণোৱালী সোণগুটিৰে ভৰা পথাৰখনৰ কেতিয়াও দেখিবলৈ নাপাম সেয়া কিন্তু নিশ্চিন্ত। আমি পৰনিৰ্ভৰশীল হোৱাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব, অদৃষ্টক ধিয়াই মূৰে-কপালে হাত দি বহি থকা বাদ দিব লাগিব। আযি যদি একে ৰাতিৰ ভিতৰতে গড় বান্ধি শতৰুক বাধা দিব পাৰো, নৰিয়া গাৰে শতৰুৰ বিৰুদ্ধে যুদ্ধ কৰি ৰণ জয় কৰিব পাৰো তেনেহ’লে আমি নিজা বল-শক্তিৰে কিয় খেতি কৰিব নোৱাৰিম। নিজকে ইমান দুৰ্বল বুলি ভবাৰ মানসিকতা পৰিহাৰ কৰিব লাগিব কৃষকে। পৰমুখাপেক্ষী মনোভাব মনৰ পৰা দলিয়াই পেলাব লাগিব। আমি ৰাজনীতিকৰ পৰা আমাৰ প্ৰাপ্য বিচাৰিব লাগিব। কিন্তু তাকে কৰিবলৈ যাওঁতে কাৰো দাসত্ব স্বীকাৰ কৰিব নালাগিব। আমাৰ জয় নিশ্চিত। আমাৰ পথাৰ নদন-বদন হ’বই।
ফোনঃ ৭৮৯৬১-৩৭২৬৪