Pahalgam attack: ভাৰতত নিষিদ্ধ পাকিস্তানী এক্স হেণ্ডেল

পহলগাঁও কাণ্ডৰ বাবে বন্ধ পাক চৰকাৰৰ এক্স একাউণ্ট। বুধবাৰে সন্ধিয়া দিল্লীত পহলগাঁও কাণ্ডৰ পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক। ইয়াৰ পিছত ধাৰাবাহিক পদক্ষেপ আৰম্ভ হ’ল।(Pahalgam attack)

জম্মু-কাশ্মীৰৰ পহলগাঁৱত পৰ্যটকক হত্যা কৰাৰ পাছত বুধবাৰে নিশা নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে পাঁচ দফা পৰিকল্পনা ঘোষণা কৰে। বৃহস্পতিবাৰে পুৱা ভাৰতত পাকিস্তানৰ চৰকাৰী এক্স একাউণ্ট বন্ধ হৈ পৰে।

পহলগামৰ ঘটনাৰ পাছতে আৰম্ভ হৈছে এক্সন, ভাৰতত নিষিদ্ধ হ’ল পাকিস্তান চৰকাৰৰ ‘X’ একাউন্ট।

বুধবাৰে সন্ধিয়া দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত পহলগাঁও কাণ্ডৰ পৰ্যালোচনাৰ বাবে কেবিনেট কমিটি অন ছিকিউৰিটিৰ বৈঠক। প্ৰায় ডেৰ ঘণ্টা ধৰি চলি থকা বৈঠকৰ অন্তত নিশা প্ৰায় ৯ বজাত সাংবাদিকৰ মুখামুখি হয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। পাকিস্তানৰ বিৰুদ্ধে পাঁচটা পদক্ষেপৰ কথা ঘোষণা কৰে। তেওঁ কয় যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে সমৰ্থন প্ৰত্যাহাৰ নকৰালৈকে নতুন দিল্লীয়ে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল, আটাৰি চেকগেট বন্ধ ঘোষণা, পাকিস্তানী নাগৰিকৰ ভিছা বাতিল, ভাৰতত বন্ধ পাকিস্তানী দূতাবাস, পাকিস্তানীক ভাৰত এৰাৰ নির্দেশ।

তদুপৰি আটাৰী-ৱাগাহ সীমান্তত চলাচল বন্ধ কৰা হৈছে, আৰু যিসকলে উপযুক্ত নথি-পত্ৰ লৈ এই সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে তেওঁলোকক ১ মে’ৰ ভিতৰত পাকিস্তানলৈ উভতি যাবলৈ সময় দিয়া হৈছে।

মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগাঁৱৰ বৈছাৰন উপত্যকাত উগ্ৰপন্থীৰ আক্ৰমণত কমেও ২৬জন পৰ্যটক নিহত হয়। সূত্ৰ অনুসৰি আক্ৰমণকাৰীৰ সংখ্যা আছিল পাঁচৰ পৰা ছয়জন।


কৰ্ণাটকৰ এটি পৰিয়াল ছুটীৰ বাবে জম্মু-কাশ্মীৰলৈ গৈছিল। মঙলবাৰে পহলগাঁৱৰ বৈছাৰণ উপত্যকাত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে মঞ্জুনাথ ৰাওক। তেওঁৰ পত্নী পল্লৱী আৰু তেওঁলোকৰ পুত্ৰ সংকীৰ্ণভাৱে পলায়ন কৰে। কৰ্ণাটকৰ শিৱমোগ্গাৰ বাসিন্দা পল্লৱীয়ে দাবী কৰিছে যে তিনিৰ পৰা চাৰিজন লোকে হঠাতে তেওঁলোকক আক্ৰমণ কৰিছিল। স্বামীক হত্যা কৰাৰ পিছত চাৰিজন মানুহৰ ভিতৰত এজনে ক’লে, “তোমাক হত্যা নকৰো।” “মোডীক কোৱা।”

Related Articles