মৃত্যুক নিচেই ওচৰৰ পৰা দেখাৰ অভিজ্ঞতা বৰ্ণনা কৰি কঁপি(Pahalgam Attack)উঠিছিল কোমল ছোনীৰ হৃদয়৷ দুমাহমান আগতে মিহিৰ ছোনীৰ লগত তেওঁৰ বিয়া হৈছিল ৷ নৱবিবাহিত দম্পতীয়ে বিয়াৰ পিছত হনিমুনৰ বাবে পছন্দৰ তালিকাৰ শীৰ্ষত পেহলগামক স্থান দিছিল ৷ কিন্তু সেয়া তেওঁলোকৰ বাবে হৈ পৰিল অভিশপ্ত অভিজ্ঞতা ৷ কোমলে কয় যে ভয়াৱহ দৃশ্যটো এতিয়াও তেওঁৰ চকুৰ সন্মুখত ভাহি আছে ৷ চিঞৰ-বাখৰ, বন্দুকৰ গুলী, তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ৷
পেহলগাম আক্ৰমণৰ পৰা ৰক্ষা পোৱা দম্পতীহালে কল্পনাও কৰিব পৰা নাছিল যে তেওঁলোকৰ হনিমুন ইমান ভয়ংকৰ হৈ পৰিব৷ উদাহৰণস্বৰূপে হাৰিয়ানাৰ বাসিন্দা নৌসেনাৰ বিষয়া বিনয় নৰৱাল আৰু তেওঁৰ পত্নী হিমাংশীয়ে নোৱাৰিলে৷ যদিও সোণী দম্পতী জীৱিত অৱস্থাত ঘূৰি আহিছিল৷ তথাপি হিমাংশীৰ ভাগ্য নাছিল যে স্বামীক জীৱিত অৱস্থাত ঘূৰাই আনিবললৈ৷ ১৬ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱা কোমলে কয়, ‘মিহিৰ আৰু মই সেই সময়ত মেগী খাই আছিলো৷ ছেল্ফি এখন তুলি লৈ আছিলো৷ ঠিক তেতিয়াই নিস্তব্ধতা ভাঙি গ’ল আৰু বন্দুকৰ গুলীৰ শব্দ শুনিলোঁ৷ প্ৰথমে কি হৈছে বুজি পোৱা নাছিলো৷ তাৰ পিছত আকৌ বন্দুকৰ গুলীৰ শব্দ৷ একেৰাহে এটা, দুটা, বহুত৷ তাৰ পিছত পৰ্যটক এজন এজনকৈ পৰি যোৱা দেখিলোঁ৷’ কোমলে লগতে কয়, ‘মই আগলৈ চাই দেখিলোঁ যে কেইজনমান মানুহে বন্দুক লৈ আহি গুলী চলাই আছে৷ এক মুহূৰ্তৰ সংকোচ নকৰাকৈয়ে মিহিৰৰ হাতখন ধৰি দৌৰিবলৈ ধৰিলোঁ৷’ উগ্ৰপন্থীয়ে তেওঁলোকৰ ওচৰ পোৱাৰ পূৰ্বেই কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় সোণী দম্পতীহাল৷ স্থানীয় ৰাইজে তেওঁলোকক আশ্ৰয় দিয়ে ৷
কোমলে কয়– ‘দৌৰি থাকোঁতে মোৰ শ্বাসৰুদ্ধ হৈ পৰিছিল৷ কিন্তু মই দৌৰা বন্ধ কৰা নাছিলো৷ আমাৰ ভাগ্য ভাল৷ কিন্তু একে সময়তে আমাৰ সতীৰ্থ পৰ্যটকৰ মৃত্যুৱেও আমাক ব্যথিত কৰি তুলিছিল৷’ কোমালে লগতে কয় যে তেওঁলোকে আৰু কেতিয়াও কাশ্মীৰলৈ নাযায়৷ পহলগামৰ বৈছাৰণ উপত্যকাত যোৱা মঙলবাৰে উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল এক হত্যাকাণ্ড৷ সেই আক্ৰমণত ২৬ জন পৰ্যটকৰ মৃত্যু হয়৷