ভাৰতে পাকিস্তানৰ এয়াৰ ডিফেন্স ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ আৰৰ কাহিনী । Pahalgam attack 

৮ মে’২০২৫ঃ Pahalgam attack । ভাৰত আৰু পাকিস্তানৰ এখন পূৰ্ণাংগ যুদ্ধৰ আশংকা ঘনীভূত হৈ পৰাৰ সময়তে ভাৰতে লাভ কৰিলে আন এক সফলতা। লাহোৰৰ এয়াৰ ডিফেন্স ব্যৱস্থা নিষ্ক্ৰিয় কৰি পেলালে ভাৰতে ।
বৃহস্পতিবাৰে লাহোৰস্থিত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ কথা ঘোষণা কৰে ভাৰতে ।প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত চলোৱা সামৰিক আক্ৰমণত পাকিস্তান জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ ৷বিবৃতিটোত কোৱা হৈছে যে, ‘‘২০২৫ চনৰ ৭-৮ মে’ৰ নিশা পাকিস্তানে ড্ৰোণ আৰু মিছাইল ব্যৱহাৰ কৰি অৱন্তীপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কাপুৰথালা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, ভটিন্দা, চণ্ডিগড়, নল, ফালোডী, উত্তৰলাই আৰু ভূজকে ধৰি উত্তৰ আৰু পশ্চিম ভাৰতৰ কেইবাটাও স্থানত সামৰিক আক্ৰমণৰ চেষ্টা চলাইছিল ।’’মন্ত্ৰালয়ে কয় যে পাকিস্তানৰ এই প্ৰচেষ্টাসমূহ ইণ্টিগ্ৰেটেড কাউণ্টাৰ ইউ এ এছ গ্ৰীড আৰু এয়াৰ ডিফেন্স ব্যৱস্থাৰ দ্বাৰা বিফল কৰা হৈছে । এই আক্ৰমণৰ ধ্বংসাৱশেষ এতিয়া কেইবাটাও স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে, যিয়ে পাকিস্তানৰ আক্ৰমণৰ প্ৰমাণ দিয়ে ।


ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বৃহস্পতিবাৰে পুৱা পাকিস্তানৰ ৰাৱলপিণ্ডিকে ধৰি আন কেইবাটাও স্থানত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু চিষ্টেমক লক্ষ্য কৰি লয় । মন্ত্ৰালয়ে কয় যে ভাৰতে এই সঁহাৰি পাকিস্তানৰ দৰেই তীব্ৰভাৱে দিয়াৰ বাবে সাজু আছে ৷ লাহোৰৰ এয়াৰ ডিফেন্স ব্যৱস্থা ইতিমধ্যে নিষ্ক্ৰিয় কৰা হৈছে বুলি নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰিছে ৷


আনহাতে, পাকিস্তানে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰি, পুঞ্চ, মেন্ধৰ আৰু ৰাজৌৰী খণ্ডৰ কেইবাটাও অঞ্চলত মৰ্টাৰ আৰু গধুৰ সামগ্ৰী ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অপ্ৰৰোচিতভাৱে কৰা গুলীচালনাৰ ঘটনা বৃদ্ধি পাইছে ৷পাকিস্তানৰ গুলীচালনাৰ ফলত তিনিগৰাকী মহিলা আৰু ৫ টা শিশুসহ ষোল্লজন নিৰীহ লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে । ভাৰতে পাকিস্তানৰ এই গুলীচালনা বন্ধ কৰিবলৈ যোগ্য প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছিল ।বুধবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত তেওঁৰ আনুষ্ঠানিক সংবাদমেলত এই আক্ৰমণক “ইয়াৰ সঁহাৰিকেন্দ্ৰিক, সুষম আৰু অপ্ৰৰোচনামূলক, সমানুপাতিক আৰু দায়বদ্ধ” বুলি অভিহিত কৰে ।

Related Articles