২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত(Pahalgam attack)২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাকলৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। এনে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ দ্বিতীয়খন বৈঠক। প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনত অনুষ্ঠিত দ্বিতীয়খন চিচিএছৰ বৈঠকত পেহলগাম আক্ৰমণৰ পিছত নিৰাপত্তা প্ৰস্তুতিৰ পৰ্যালোচনাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ পূৰ্বৰ বৈঠকত চিচিএছে পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিক শাস্তিমূলক ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল।
ইয়াৰ ভিতৰত আছিল সিন্ধু জল সন্ধি স্থগিত ৰখা, আটাৰীৰ সংহত চেক পোষ্ট বন্ধ কৰা, পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰা, নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ কূটনৈতিক উপস্থিতি হ্ৰাস কৰা আদি। নিৰাপত্তা সম্পৰ্কীয় কেবিনেট সমিতিৰ প্ৰথমখন বৈঠকতো বৈদেশিক সচিব বিক্ৰম মিশ্ৰী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আদিয়ে অংশগ্ৰহণ কৰিছিল।উল্লেখ্য ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ওপৰত সম্পূৰ্ণ আস্থা দৃঢ় কৰি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী লক্ষ্যৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে, লগতে পেহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ওপৰত সঁহাৰিৰ সময় নিৰ্ধাৰণ কৰা হৈছে।
নতুন দিল্লীস্থ প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী (চি ডি এছ) অনিল চৌহানৰ লগতে সকলো সশস্ত্ৰ বাহিনীৰ মুৰব্বীৰ সৈতে প্ৰথমখন বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে সীমান্তৰ সিপাৰে বহি থকা সন্ত্ৰাসবাদীসকলৰ মুৰব্বীসকলে এক শক্তিশালী কাৰ্যৰ সন্মুখীন হ’ব লাগিব ।প্ৰধানমন্ত্ৰীৰ বাসগৃহত এঘণ্টাৰো অধিক সময় ধৰি চলা এই গুৰুত্বপূৰ্ণ বৈঠকখন নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ এদিন পূৰ্বে অনুষ্ঠিত হৈছিল । একাংশ বিষয়াৰ মতে, বৈঠকত কিছুমান শক্তিশালী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছিল।

