Pahalgam Attack: পহলগামৰ আক্ৰমণক গৰিহণা তিনি পাকিস্তানী শিল্পীৰ !

২০১৬ চনত উৰি আক্ৰমণৰ পিছত ভাৰত চৰকাৰে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানী শিল্পীক হিন্দী চিনেমাত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৮ বছৰৰ পিছত এই নিষেধাজ্ঞা(Pahalgam Attack) উঠাই লোৱা হৈছিল। কিন্তু, এতিয়া পুনৰবাৰ পহলগাম আক্ৰমণ তেওঁলোকৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। ইফালে, পাকিস্তানী অভিনেতা ফাৱাদ খানৰ আগন্তুক ছবি ‘আবিৰ গুলাল’ৰ বাবে যথেষ্ট দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰা পাকিস্তানী অভিনেতা ফাৱাদ খানৰ ছবি বৰ্জনৰ দাবী।

ছবিখনত তেওঁৰ সৈতে দেখা যাব ভানী কাপুৰক। ইফালে ফাৱাদ খানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত পহলগাম আক্ৰমণৰ বিষয়ে পোষ্ট কৰিছিল, য’ত তেওঁ এই আক্ৰমণক গৰিহণা দিয়া দেখা গৈছে। তেওঁৰ এই পোষ্টটো দ্ৰুতগতিত ভাইৰেল হৈ আছে। তেওঁ লিখিছে, ‘পহলগামত এই অমানৱীয় আক্ৰমণৰ কথা শুনি মোৰ হৃদয় ভাঙি গৈছে। আমাৰ প্ৰাৰ্থনা ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়াললৈ। এই কঠিন সময়ত আমি তেওঁলোকৰ লগত আছো। এই আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱালে।

কেৱল ফাৱাদ খানে নহয়, পহলগামৰ ঘটনাক নিন্দা অভিনেত্ৰী হানিয়া আমিৰ আৰু মাউৰা হোছেনৰ।

Related Articles