প্ৰায় ডেৰ বছৰ পূৰ্বে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল(Pahalgam Attack)হাছিম মুছা আৰু আলী ভাই ওৰফে তালহা৷ তদন্তকাৰীয়ে জনোৱা মতে, মুছাই প্ৰথমে সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল৷ ইয়াৰ পিছত আহিছিল আলী৷ দক্ষিণ কাশ্মীৰৰ বাসিন্দা আদিল হুছেইন থোকাৰে তেওঁলোকক তেওঁলোকৰ স্থানীয় অঞ্চল আৰু পথৰ সৈতে পৰিচয় কৰাই দিয়ে৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, পেহেলগামৰ এই আক্ৰমণত তিনিওজনেই জড়িত৷ তেওঁলোকৰ স্কেচ্ছবোৰো প্ৰকাশ পাইছে৷ তিনিওজনক বিচাৰি উলিয়াবলৈ অব্যাহত আছে এক তালাচী অভিযান৷ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, প্ৰায় দুবছৰ ধৰি কাশ্মীৰৰ বিভিন্ন প্ৰান্তত মুছা আৰু আলী সক্ৰিয় হৈ আছিল৷
তদন্তৰ এক সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ কৰা অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত মুছাই ভাৰতত প্ৰৱেশ কৰিছিল৷ বদগাঁও অঞ্চলত সক্ৰিয় হৈ থকাৰ বাবে তেওঁ মূলতঃ দায়ী বুলি জানিব পৰা গৈছে৷ তদন্তৰ এক সূত্ৰই জনোৱা মতে, মুছাৰ পিছতে আলীয়ে ভাৰতত অনুপ্ৰৱেশ কৰিছিল৷ শ্ৰীনগৰৰ বাহিৰৰ দচিগাঁও জংঘলত তেওঁ সক্ৰিয় হৈ আছিল৷ এই দচিগাঁও ৰাষ্ট্ৰীয় উদ্যানখন ট্ৰালৰ সৈতে সংযুক্ত৷ ইয়াৰ ঘন পাহাৰীয়া অৰণ্যসমূহ পেহেলগামলৈকে বিস্তৃত হৈ আছে৷ তদন্তৰ এক সূত্ৰৰ মতে, উগ্ৰপন্থীয়ে আগতে এই জংঘল পথেৰে পেহেলগামলৈ যাত্ৰা কৰিছিল৷ লাহে লাহে সেই পথ তেওঁলোকৰ চিনাকি হৈ পৰিল৷ আৰু আদিলে এই কামত তেওঁলোকক সহায় কৰিছিল৷
জম্মু-কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, স্থানীয় গাইড আদিলে ২০১৮ চনত এবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল৷ যোৱা বছৰ তেওঁ কাশ্মীৰলৈ উভতি আহিছিল৷ তেওঁ দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ বিজবেহাৰাৰ গুৰে গাঁৱৰ বাসিন্দা৷ তদন্তকাৰীয়ে বিশ্বাস কৰে যে তেওঁ পাকিস্তানত ‘প্ৰশিক্ষিত’ উগ্ৰপন্থীসকলক কাশ্মীৰলৈ নিৰ্দেশনা প্ৰদান কৰিছিল৷ পেহেলগাঁমৰে বৈসাৰণ অঞ্চলত বহুবাৰ গোপন অভিযান চলাইছিল বুলিও আৰক্ষীয়ে বিশ্বাস কৰে৷ দক্ষিণ কাশ্মীৰৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰত্যক্ষদৰ্শীৰ বিৱৰণৰ ভিত্তিত তিনিজন লোকৰ স্কেচ্ছ প্ৰস্তুত কৰা হৈছে৷ সেই ছবিখন স্থানীয় ৰাইজক দেখুওৱা হৈছে৷ ইয়াৰ লগতে পৰিচিত উগ্ৰপন্থীৰ ছবিও স্থানীয় ৰাইজক দেখুওৱা হৈছে৷
আক্ৰমণকাৰী আৰু উগ্ৰপন্থীৰ মাজত কিবা সাদৃশ্য আছে নেকি বুলি প্ৰশ্ন কৰা হৈছে৷ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে তেওঁলোকে চতুৰ্থজন উগ্ৰপন্থীৰ সন্ধানত আছে৷ তদন্তকাৰীয়ে জানিবলৈ চেষ্টা কৰিছে যে তেওঁ স্থানীয় নে বিদেশী৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এক সূত্ৰই জনোৱা মতে, ঘটনাস্থলীত উপস্থিত ৪২জন স্থানীয় লোকৰ বক্তব্য লিপিবদ্ধ কৰা হৈছে৷ জানিব পৰা মতে আৰু কেইবাজনো লোকৰ বক্তব্য সংগ্ৰহ কৰা হ’ব৷