কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ উত্তাল হৈ আছে দেশ-বিদেশ৷(Pahalgam terror attack) এনে সময়তে দেশৰ ‘বৃহত্তম’ মাওবাদী দমন অভিযান চলিছে ছত্তীশগড়ত৷ ৰাজ্যখনত ২০ হাজাৰ নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰিছে ১০০০ মাওবাদীক৷ স্থানীয় সূত্ৰৰ মতে, মাওবাদীৰ পলায়নৰ সকলো পথ অৱৰোধ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে ছত্তীশগড়-তেলেংগানা সীমান্তত অৱস্থিত কাৰেগুট্টা পাহাৰ ঘেৰাও কৰিছে৷ ঘন অৰণ্য আৰু পৰ্বতমালাৰে আগুৰি থকা এই অঞ্চলটো মাওবাদীৰ প্ৰথম বেটেলিয়নৰ মূল ঘাটি বুলি ধাৰণা কৰা হৈছে৷
ছত্তীশগড়ৰ বিজাপুৰত তিনিখন ৰাজ্যৰ ২০ হাজাৰৰো অধিক নিৰাপত্তাৰক্ষীয়ে ঘেৰাও কৰি ১০০০ মাওবাদীক নিঃশেষ কৰিবলৈ সক্ষম হয়৷ সূত্ৰ অনুসৰি ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ পৰা অহা নিৰাপত্তা বাহিনীয়ে চলোৱা এই যৌথ অভিযান সম্ভৱতঃ দেশৰ ভিতৰতে সৰ্ববৃহৎ মাওবাদী বিৰোধী অভিযান৷ ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত প্ত মাওবাদী নিহত হৈছে৷ বিজাপুৰৰ এক বিশাল অঞ্চলত অব্যাহত আছে এই অভিযান৷ ৪৮ ঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই অভিযান গোপনীয় সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰম্ভ কৰা হৈছে৷ নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিজাপুৰৰ বনাঞ্চলত আত্মগোপন কৰি থকা ‘মষ্ট ৱাণ্টেড’ মাওবাদী কমাণ্ডাৰ হিদমা, বেটেলিয়নৰ মুৰব্বী দেবাকে ধৰি শীৰ্ষ মাওবাদী নেতাসকল৷ ইয়াৰ পিছত সমগ্ৰ অঞ্চলটো জিলা ৰিজাৰ্ভ গাৰ্ড [ডি আৰ জি], বাষ্টাৰ ফাইটাৰ, স্পেচিয়েল টাস্ক ফ’ৰ্চ [এছ টি এফ], আৰু তিনিখন ৰাজ্যৰ আৰক্ষীৰ একাধিক দলে ঘেৰি ধৰে৷
ইয়াৰ উপৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী [চি আৰ পি এফ] আৰু চি আৰ পি এফৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন [কোব্ৰা]কে ধৰি বিভিন্ন ইউনিটৰ নিৰাপত্তাৰক্ষীও এই অভিযানত জড়িত হৈ আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশখনক মাওবাদীমুক্ত কৰাৰ বাবে ২০২৬ চনৰ ৩১ মাৰ্চলৈ সময় দিছে৷ তাৰ পিছৰে পৰা চত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যৰ চৰকাৰে মাওবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ সমগ্ৰ দেশতে আৰম্ভ হৈছে এক বৃহৎ অভিযান৷ কেৱল ছত্তীশগড়তে চলিত বৰ্ষত কমেও ১৫০জন মাওবাদী নিহত হৈছে৷ একেদৰে ঝাৰখণ্ডতো মাওবাদীক দমন কৰিবলৈ কেন্দ্ৰই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ যোৱা সপ্তাহত ঝাৰখণ্ডৰ বোকাৰো জিলাত চি আৰ পি এফ কোব্ৰা কমাণ্ডোৰ সৈতে হোৱা মুখামুখি হৈ এজন শীৰ্ষ নেতাকে ধৰি জ্জ্বজন মাওবাদী নিহত হৈছিল

