পেহলগাম নৰসংহাৰৰ প্ৰতিক্ৰিয়া, ভাৰতত ব্লক কৰি দিয়া হ’ল পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ।PAHALGAM TERROR ATTACK

২৯ এপ্ৰিল,২০২৫ঃ PAHALGAM TERROR ATTACK। কাশ্মীৰৰ পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছতে ভাৰতে পানী বন্ধকে ধৰি পাকিস্তানৰ বিৰুদ্ধে বহু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহলগামত ২৬ জন লোকক অতি নিৰ্মমভাৱে হত্যা কৰা কৰিছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্ট ভাৰতত ব্লক কৰি দিয়া হৈছে ।ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতে জম্মু-কাশ্মীৰত সংঘটিত হোৱা পেহলগামকাণ্ডৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ডিজিটেল আক্ৰমণ আৰম্ভ কৰিছে । সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ১৬টা পাকিস্তানী ইউটিউব চেনেলক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে ভাৰতে । সামূহিকভাৱে এই চেনেলসমূহৰ ৬৩ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছে ।যোৱা সপ্তাহত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছিল । সেই ভিডিঅ’ ক্লিপটোত তেওঁ এটা ডাঙৰ স্বীকাৰোক্তি দিয়ে । তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক ধন আৰু সমৰ্থন আগবঢ়াইছে ।

সেই ভাইৰেল ভিডিঅ’ ক্লিপটো অনুসৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্কাই নিউজৰ ইয়াল্ডা হাকিমৰ সৈতে এক সাক্ষাত্‍কাৰ দিছিল । তেতিয়া তেওঁক প্ৰশ্ন কৰা হয়, “আপুনি স্বীকাৰ কৰে নে ছাৰ, যে পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজিৰ দীৰ্ঘ ইতিহাস আছে ?খোৱাজা আছিফে উত্তৰত কয়, “আমি প্ৰায় তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমীয়া দেশসমূহৰ বাবে এই কাম কৰি আহিছো… সেয়া এটা ভুল আছিল আৰু তাৰ বাবে আমি ক্ষতিগ্ৰস্ত হৈছিলো আৰু সেইবাবেই আপুনি মোক এই কথা কৈছে । যদি আমি ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আৰু পিছলৈ ৯/১১ৰ পিছৰ যুদ্ধত যোগদান নকৰিলোহেঁতেন, তেন্তে পাকিস্তানৰ ট্ৰেক ৰেকৰ্ড নিৰ্দোষ আছিল ।”আছিফৰ বক্তব্যই এতিয়া ভাৰতক বিৰক্ত কৰি তুলিছে৷

Related Articles