সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা, আশ্ৰয় দান(Pahalgam Terror Attack) কৰা আৰু ইয়াৰ ৰপ্তানিৰ ক্ষেত্ৰত পাকিস্তানৰ ‘ট্ৰেক ৰেকৰ্ড’-য়ে দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক আৰু অস্থিৰতা সৃষ্টিকাৰী শক্তি হিচাপে চিহ্নিত কৰিছে। কেবা দশক ধৰি দেশখনৰ মাটি সীমা-পাৰৰ সন্ত্ৰাসবাদ, বিদ্ৰোহ আৰু উগ্ৰপন্থী কৰ্মকাণ্ডৰ এক ‘লঞ্চপেড’ হিচাপে ব্যৱহাৰ হৈ আহিছে।২০১৮ চনত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে স্বীকাৰ কৰিছিল যে পাকিস্তানৰ ইছলামবাদী সন্ত্ৰাসবাদী গোট ‘লস্কৰ-ই-তৈবা’ই সংঘটিত কৰা ২০০৮ চনৰ মুম্বাই আক্ৰমণত পাকিস্তান চৰকাৰে ভূমিকা পালন কৰিছিল।পাৰভেজ মুছাৰফে স্বীকাৰ কৰিছিল যে তেওঁৰ বাহিনীয়ে ভাৰত-শাসিত কাশ্মীৰত ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ উগ্ৰপন্থী গোটবোৰক প্ৰশিক্ষণ দিছিল। তেওঁ স্বীকাৰ কৰে যে চৰকাৰে চকু মুদি দিছিল কিয়নো ই ভাৰতক আলোচনাত বহাৰ বাবে বাধ্য কৰিব বিচাৰিছিল, লগতে বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিব বিচাৰিছিল।
কেইদিনমান আগতে মাত্ৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা মুহম্মদ আছিফে স্বীকাৰ কৰে যে দেশখনে তিনি দশকৰো অধিক কাল ধৰি সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন আগবঢ়াই আহিছিল আৰু ইয়াক ‘আমেৰিকা যুক্তৰাষ্ট্ৰ-নেতৃত্বাধীন বৈদেশিক নীতি সম্পৰ্কীয় সিদ্ধান্তৰ সৈতে জড়িত ভুল’ বুলি অভিহিত কৰিছিল।
সন্ত্ৰাসবাদৰ বিশ্ব জোৰা ৰপ্তানি:
আফগানিস্তান
• তালিবান আৰু হাক্কানি নেটৱৰ্কৰ আক্ৰমণ: পাকিস্তানৰ ‘আইএছআই’ (আন্তঃ-সেৱা চোৰাংচোৱাবহিনী)য়ে ‘আফগান তালিবান’ আৰু ‘হাক্কানি নেটৱৰ্ক’ক সমৰ্থন কৰি অহা বুলি ব্যাপকভাৱে তথ্য লাভ কৰা হৈছে, তেওঁলোকক পুঁজি, প্ৰশিক্ষণ আৰু সুৰক্ষিত আশ্ৰয় প্ৰদান কৰি আহিছে পাকিস্তানী সংস্থাটোৱে।
• এই গোটবোৰ আফগান নাগৰিক, চৰকাৰী সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বাহিনীসমূহৰ ওপৰত অসংখ্য মাৰাত্মক আক্ৰমণৰ বাবে দায়ী, যাৰ ভিতৰত আছে ২০০৮ চনত কাবুলত ভাৰতীয় দূতাবাসত বোমা বিস্ফোৰণ আৰু ২০১১ চনত কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত হোৱা আক্ৰমণ।
• জ্যেষ্ঠ সাংবাদিক কাৰ্লোটা গলে তেওঁৰ গ্ৰন্থত লিখিছিল যে, “দূতাবাসত সংঘটিত বোমা বিস্ফোৰণ দুৰ্বৃত্ত ‘আইএছআই’ৰ এজেণ্ট-য়ে নিজে কৰা কোনো অভিযান নাছিল। বৰঞ্চ পাকিস্তানী চোৰাংচোৱা বিভাগৰ আটাইতকৈ জ্যেষ্ঠ বিষয়াসকলে ইয়াৰ অনুমোদন দিয়াৰ লগতে ইয়াৰ নিৰীক্ষণো কৰিছিল।”
ৰাছিয়া
• মস্কো কনচাৰ্ট হল আক্ৰমণ (২০২৪): ২০২৫ চনৰ এপ্ৰিলমাহত মস্কোত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত পাকিস্তানৰ সংযোগৰ তথ্য উদ্ধাৰ হৈছিল। ৰাছিয়া-কৰ্তৃপক্ষই এই কাণ্ডৰ ‘মাষ্টাৰমাইণ্ড’জনক ‘তাজিক’ নাগৰিক বুলি চিনাক্ত কৰিছিল আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে, প্ৰতিবেদনখনৰ মতে, আক্ৰমণকাৰীহঁতৰ পাকিস্তানী নেটৱৰ্কলৈ ঘূৰি অহা লজিষ্টিক বা আদৰ্শগত সমৰ্থন থাকিব পাৰে।
ইৰাণ
• জৈছউল-আদল আক্ৰমণঃ পাকিস্তানভিত্তিক চুন্নী উগ্ৰপন্থী গোট ‘জৈছউল-আদল’-য়ে চিস্তান আৰু বালুচীস্তান প্ৰদেশত ইৰাণৰ নিৰাপত্তা বাহিনীক বাৰে বাৰে আক্ৰমণ কৰি আহিছে। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ইৰাণে ২০২৪ চনৰ ১৬ জানুৱাৰীত পাকিস্তানৰ বেলুচীস্তান প্ৰদেশত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাইছিল, যাক ই ‘জৈছউল-আদল’ৰ দুৰ্গ বুলি উল্লেখ কৰা হয়।
• সীমা-পাৰৰ উগ্ৰবাদ: পাকিস্তানৰ বিৰুদ্ধে ইৰাণে সীমা পাৰৰ আক্ৰমণ কৰা চুন্নী উগ্ৰপন্থীৰ বিৰুদ্ধে পদক্ষেপ লোৱাত ব্যৰ্থ হোৱা আৰু উগ্ৰপন্থীক আশ্ৰয় দিয়াৰ অভিযোগ নিয়মীয়াকৈ উত্থাপন কৰি আহিছে।
ইউনাইটেড কিংডম
• ২০০৫ চনত লণ্ডনৰ বোমা বিস্ফোৰণ: ২০০৫ চনৰ ৭ জুলাইত চাৰিজন ব্ৰিটিছ ইছলামপন্থী সন্ত্ৰাসবাদীয়ে লণ্ডনত সংঘটিত কৰা বোমা বিস্ফোৰণৰ সৈতে পাকিস্তানৰ প্ৰশিক্ষণ আৰু শিক্ষা জড়িত আছিল। ২০০৩ চনৰ পৰা ২০০৫ চনৰ ভিতৰত তিনিজন বোমাৰু-মহম্মদ ছিদ্দিক খান, শ্বেহজাদ তনবীৰ আৰু জাৰ্মেইন লিণ্ডছেই পাকিস্তানত সময় অতিবাহিত কৰিছিল।
পাকিস্তানৰ এবটাবাদত ওছামা বিন লাদেনৰ নিৰাপদ আশ্ৰয় গ্ৰহণ
• ২০১১ চনত পাকিস্তানৰ এবটাবাদত আল-কায়েদা নেতা ওছামা বিন লাদেনক নিহত কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানে সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাত পাকিস্তানৰ প্ৰণালীগত বিফলতা উন্মোচিত কৰিছিল। বিন লাদেনে বহু বছৰ ধৰি পাকিস্তানৰ সামৰিক একাডেমীৰ ওচৰৰ এটা চৌহদত অজ্ঞাতবাস কৰিছিল, যাৰ ফলত ‘আইএছআই’ৰে মিত্ৰতাৰ সন্দেহ ঘণীভূত হৈছিল।
জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ অভিযান
• পাকিস্তানৰ ‘আইএছআই’ৰ বিৰুদ্ধে ঢাকাত ২০১৬ চনৰ ‘গুলচন কেফে’ আক্ৰমণ(২০ জন বন্দী নিহত)ৰ বাবে দায়ী নিষিদ্ধঘোষিত ইছলামপন্থী গোট ‘জামাত-উল-মুজাহিদীন বাংলাদেশ’ (জেএমবি)ক পুঁজি যোগান আৰু প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে । ২০১৫ চনত বাংলাদেশী কৰ্তৃপক্ষই ‘জেএমবি’ কৰ্মীলৈ পুঁজি স্থানান্তৰ কৰা কাণ্ড হাতে-লোতে ধৰা পেলোৱাৰ পিছত পাকিস্তানী কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছিল।
• ২০২০ চনৰ এক চোৰাংচোৱা প্ৰতিবেদনত বাংলাদেশৰ কক্সবজাৰ শিবিৰত ৪০ জন ৰহিংগীয়া শৰণাৰ্থীক জেএমবিৰ জৰিয়তে প্ৰশিক্ষণ দিয়াত ‘আইএছআই’ জড়িত থকাৰ কথা প্ৰকাশ পাইছে, যাৰ লক্ষ্য হৈছে তেওঁলোকক ভাৰতত অনুপ্ৰৱেশ কৰোৱা। পশ্চিম বংগ আৰু কেৰালাৰ দৰে ৰাজ্যত ‘স্লিপাৰ চেল’ৰ সৈতে উপসাগৰীয় ৰাষ্ট্ৰ ভিত্তিক বেচৰকাৰী সংগঠন আৰু পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে পুঁজি যোগান ধৰা ‘জেএমবি’ৰ নেটৱৰ্ক বাংলাদেশ আৰু ভাৰতত বিস্তৃত হৈ আছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে গোটটোৰ সম্পৰ্কই ইছলামাবাদৰ আঞ্চলিক প্ৰতিদ্বন্দ্বীসকলক অস্থিৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ‘প্ৰক্সি’ ব্যৱহাৰৰ অভিযোগ নিশ্চিত কৰে।
পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী সংগঠন:
• সৈনিকসকলক জেহাদী প্ৰশিক্ষকত পৰিণত কৰা, সমগ্ৰ দক্ষিণ এছিয়াত দশকজুৰি সন্ত্ৰাসৰ ইন্ধন যোগোৱা এক সামৰিক আৰু চোৰাংচোৱা নেটৱৰ্ক সন্দৰ্ভত পাকিস্তানে কৰা অস্বীকাৰৰ আঁৰত এক নিখুঁত বাস্তৱতা আছে।
• পাকিস্তানে পঞ্জাৱ, খাইবাৰ পাখতুনখোৱা (পূৰ্বতে এনডব্লিউএফপি), ৱাজিৰিস্তান আৰু ‘পাকিস্তান অধিকৃত কাশ্মীৰ’ (পিঅ’কে)ৰ দৰে প্ৰদেশত সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰৰ এক নেটৱৰ্কৰ পৃষ্ঠপোষকতা কৰি আহিছে। ‘লস্কৰ-ই-তৈবা’ (এলইটি), ‘জৈছ-ই-মহম্মদ’ (জেইএম), ‘হিজবুল মুজাহিদীন’ (এইচএম), আৰু ‘আইএছআইএছ-খোৰাচান’ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ দ্বাৰা পৰিচালিত এই শিবিৰসমূহে মৌলবাদ, অস্ত্ৰ প্ৰশিক্ষণ আৰু আত্মঘাতী অভিযানৰ প্ৰস্তুতিৰ কেন্দ্ৰ হিচাপে কাম কৰে। পাকিস্তানী সেনাৰ প্ৰাক্তন কৰ্মীয়ে প্ৰায়েই প্ৰশিক্ষণত সহায় কৰে, অভিযানৰ মাৰাত্মকতা বৃদ্ধি কৰিবলৈ সামৰিক দক্ষতা প্ৰদান কৰে।
• আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় দেশীয় প্ৰতিবেদন ২০১৯ত পাকিস্তানক এনে এখন দেশ হিচাপে চিনাক্ত কৰা হৈছে যি “কিছুমান আঞ্চলিকভাৱে কেন্দ্ৰীভূত সন্ত্ৰাসবাদী গোটৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থলী হিচাপে কাম কৰি আহিছে।”
• ‘পাকিস্তান আৰ্মী এণ্ড টেৰৰিজম: এন আনহলী এলায়েন্স’ শীৰ্ষক এক প্ৰতিবেদনত ‘ইউৰোপিয়ান ফাউণ্ডেশ্যন ফৰ ছাউথ এছিয়ান ষ্টাডিজ’-য়ে পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠান, ইয়াৰ চোৰাংচোৱা সংস্থা- ‘আইএছআই’ আৰু উগ্ৰ ধৰ্মীয় নেতাসকলৰ মাজত এক গভীৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে।
• ২০১৯ চনৰ ছেপ্টেম্বৰত ব্ৰিগেডিয়াৰ শ্বাহে পাকিস্তানৰ ব্যক্তিগত নিউজ চেনেল ‘হাম নিউজ’ ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ সাক্ষাৎকাৰত এক চাঞ্চল্যকৰ স্বীকাৰোক্তি কৰিছিল৷ টক শ্ব’টোৰ সময়ত সাংবাদিক নাদিম মালিকৰ সৈতে কথা পাতোতে শ্বাহে স্বীকাৰ কৰে যে পাকিস্তানে গোটটোক মূলসুঁতিলৈ অনাৰ প্ৰয়াসত সন্ত্ৰাসবাদী সংগঠন জামাত-উদ-দাৱা (জেইউডি)ৰ নামত লাখ লাখ টকা খৰচ কৰিছে৷
• এক সাক্ষাৎকাৰত মুছাৰফে স্বীকাৰ কৰিছিল যে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কাশ্মীৰীসকলক ‘মুজাহিদীন’ হিচাপে “পাকিস্তানত প্ৰশিক্ষণ” দিয়া হৈছিল। তেওঁ জেহাদী সন্ত্ৰাসবাদীসকলক পাকিস্তানৰ “নায়ক” বুলি অভিহিত কৰে আৰু আনকি পাকিস্তানৰ দ্বাৰা “নায়ক” বুলি গণ্য কৰাসকলৰ ভিতৰত বিশ্বত্ৰাস সন্ত্ৰাসবাদী ওচামা বিন লাদেন, আয়মান আল-জাৱাহিৰী আৰু জালালুদ্দিন হাক্কানিৰ নামো উল্লেখ কৰে।