পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ: নিয়ন্ত্ৰণ ৰেখাত তীব্ৰ উত্তেজনা, ভাৰতক বিচলিত কৰিবলৈ পাকিস্তানৰ মিছা প্ৰচাৰ । Pahalgam Terror Attack:

নতুন দিল্লী/ইছলামাবাদ, ১ মে’২০২৫:Pahalgam Terror Attack । কাশ্মীৰৰ পহেলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰপৰাধ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰত-পাকিস্তান সীমান্তত পুনৰ এক ভয়ংকৰ উত্তেজনাপূর্ণ পৰিস্থিতি সৃষ্টি হৈছে। নিয়ন্ত্ৰণ ৰেখা (LoC) সংলগ্ন অঞ্চলসমূহত উভয় দেশৰ সেনাই মোতায়েন বৃদ্ধি কৰিছে।

পাকিস্তানৰ চৰকাৰী মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈকে ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ সচেষ্ট হৈ পৰিছে। তেওঁলোকে দাবী কৰিছে যে ভাৰতীয় সেনাৰ সীমান্ত পাৰ হোৱাৰ আক্রমণ যিকোনো সময়তে সম্ভৱ, আৰু এই সন্দৰ্ভত বিশ্ব সমাজক হস্তক্ষেপৰ আবেদন জনাইছে।

ইয়াৰ বিপৰীতে, পাকিস্তানৰ কুখ্যাত গুপ্তচৰ সংস্থা ISI আৰু ISPR-এ ভাৰতৰ প্ৰতিচ্ছবি ক্ষুণ্ণ কৰিবলৈ সামাজিক মাধ্যমত এক ব্যাপক মিছা প্ৰচাৰ অভিযান চলাইছে। ISI-পৃষ্ঠপোষিত ছচিয়েল মিডিয়া হেণ্ডলসমূহে ভাৰতীয় গোপন সংস্থা RAWৰ পৰা “লীক” হোৱা বুলি দাবী কৰা এটা জাল নথিপত্ৰ অনলাইনত ভাইৰেল কৰি দিছে।

এই জাল প্ৰচাৰৰ লক্ষ্য হৈছে পহেলগাম আক্ৰমণৰ পিছফালে পাকিস্তানৰ সন্ত্ৰাসপুষ্ট গোপন ষড়যন্ত্র ঢাকিবলৈ ভাৰতক দায়ী কৰা। তেওঁলোকে এই আক্ৰমণৰ আঁৰত ভাৰতীয় ষড়যন্ত্র থকা বুলি দাবী কৰিছে আৰু ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখা পাৰি অভিযান চলাব বুলি মিছা বাতৰি প্ৰচাৰ কৰিছে।

এই মিছা প্ৰচাৰ অচিৰেই অনলাইন নেটিজেন আৰু ভাৰতীয় হেণ্ডলসমূহৰ দ্বাৰা উন্মোচিত হয়। বহুজনাই প্ৰমাণসহ দেখুৱাইছে যে এই তথ্যসমূহ প্ৰথমে ‘The Resistance Front (TRF)’ নামৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হৈছিল, যিয়ে পহেলগাম আক্ৰমণটো সংঘটিত কৰিছিল।

TRF হৈছে ISI আৰু আল-কায়েদাৰ পৃষ্ঠপোষকতাত চলি থকা এক সন্ত্ৰাসবাদী সংগঠন, যিয়ে আগতে বহুতো আক্ৰমণৰ দায় স্বীকাৰ কৰিছে। এটা X হেণ্ডলে মন্তব্য কৰে, “যদি মিছা প্ৰচাৰৰ কোনো ৰূপ থাকিলেহেঁতেন, তেন্তে এই ISPR আৰু সন্ত্ৰাসবাদী সংগঠনৰ যৌথ অপচাৰ প্রচেষ্টাই হ’ব!”

বিশ্লেষকৰ মতে, পাকিস্তানৰ এই ধৰণৰ অপচেষ্টা বিশ্ব ৰাজনীতিত নিজৰ সন্ত্ৰাসপৃষ্ঠপোষক চৰিত্ৰ আৱৰণ কৰিবলৈ কৰা এক ব্যর্থ প্ৰয়াস।

Related Articles