Pahalgam terror attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অৰ্থনৈতিক যুদ্ধ ঘোষণাঃ পেহলগাম আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ পৰা বন্ধ কৰিলে সকলো আমদানি

কাশ্মীৰৰ পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ(Pahalgam terror attack) চলাই ২৬ জনকৈ পৰ্যটকক হত্যা কৰাৰ পিছতে পাকিস্থানৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ পৰিছে ভাৰত। ভাৰতে এতিয়ালৈকে পাকিস্তানৰ বিৰুদ্ধে সামৰিক যুদ্ধ ঘোষণা কৰা নাই যদিও দুয়োখন দেশৰ মাজত অৰ্থনৈতিক যুদ্ধই চৰম শিখৰ চুমিছে। কাশ্মীৰত আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰতে পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিছে। বাণিজ্য মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি এই নিষেধাজ্ঞা অতি সোনকালে কাৰ্যকৰী কৰাৰ নিৰ্দেশনা দিয়ে।


চৰকাৰী জাননী অনুসৰি ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতি (এফ টি পি)ত এটা ব্যৱস্থা সংযোজন কৰা হৈছে, যাৰ অধীনত পাকিস্তানৰ পৰা সকলো ধৰণৰ আমদানি বন্ধ কৰা হৈছে ।বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডি জি এফ টি) এই নিষেধাজ্ঞাৰ কাৰণ অধিসূচনাত স্পষ্ট কৰি দিছে। তেওঁ কয় যে “ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাজহুৱা নীতিৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।” এই নিষেধাজ্ঞাৰ যিকোনো ব্যতিক্ৰম হ’লে ভাৰত চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ’ব ।বৈদেশিক বাণিজ্য নীতিত ‘পাকিস্তানৰ পৰা আমদানি কৰাত নিষেধাজ্ঞা’ শীৰ্ষক বিধানটো সন্নিৱিষ্ট কৰি কোৱা হৈছে, “পাকিস্তানৰ পৰা উৎপত্তি হোৱা বা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি বা ট্ৰেনজিট, সেয়া মুক্তভাৱে আমদানিযোগ্য হওক বা অন্যথা অনুমোদিত হওক, পৰৱৰ্তী আদেশ নোহোৱালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ হৈ থাকিব।”পহলগামৰ বৈছাৰণ উপত্যকাত ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই বৈদেশিক বাণিজ্য নীতিত এই সিদ্ধান্ত লোৱা হৈছে।

এই আক্ৰমণৰ লগত পাকিস্তানৰ সংযোগ থকাৰ তথ্য লাভ কৰাৰ পাছতে ভাৰতে দেশখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰিছে৷ চৰকাৰে সন্ত্ৰাসবাদৰ সমৰ্থনৰ বাবে পাকিস্তানলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি সিন্ধু জলচুক্তি বাতিল, আট্টাৰী-ৱাঘা সীমান্ত বন্ধ কৰাকে ধৰি কেইবাটাও পদক্ষেপ ঘোষণা কৰিছিল। ইয়াৰ উপৰি ভাৰতে ডিজিটেল যুদ্ধ সূচনা কৰি মুহূৰ্ততে বহুসংখ্যক পাকিস্তানীৰ ইউটিউব চেনেল আৰু ছ’চিয়েল মিডিয়া একাউণ্টো ভাৰতত বন্ধ কৰি দিছে ।ইপিনে ভাৰতে পাকিস্তানলৈ ডাক সেৱাও বন্ধ কৰি দিয়া বুলি খবৰ পোৱা গৈছে।

Related Articles