২২ এপ্ৰিলত জম্মু-কাশ্মীৰত পহলগাম(Pahalgam Terror Attack)সন্ত্ৰাসবাদী আক্ৰমণত সন্ত্ৰাসবাদীয়ে প্ৰধানকৈ চ্ছ জন লোকক হত্যা কৰিছিল৷ ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকৰ বিৰুদ্ধে প্ৰতিশোধমূলক কাৰ্য পৰিকল্পনা কৰি থকাৰ সময়তে পাকিস্তানী সেনাই ভাৰতৰ সীমান্তত নিজৰ উপস্থিতি অব্যাহত ৰাখিছে আৰু বিভিন্ন স্থানত বিমান প্ৰতিৰক্ষা আৰু আৰ্টিলাৰী ইউনিট নিয়োগ কৰিছে৷ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰতে আমেৰিকাৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ সমকক্ষ মাৰ্কো ৰুবিঅ’ৰ সৈতে কথা পতাৰ এদিন পিছতে এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ সৈতে টেলিফোনত কথা পাতিছে৷ প্ৰতিৰক্ষা মন্ত্ৰালয় প্ৰকাশ কৰা মতে আমেৰিকাৰ নেতাগৰাকীয়ে ভাৰতক সমৰ্থন কৰিছে আৰু ভাৰতৰ কাষত থকাৰ প্ৰতিশ্ৰুতি দিছে৷
‘আজিৰ পূৰ্বে আমেৰিকাৰ প্ৰতিৰক্ষা সচিবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে কথা পাতিছে আৰু জম্মু আৰু কাশ্মীৰৰ পেহলগামত সংঘটিত হোৱা কুৎসিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে৷ আমেৰিকাই নিৰীহ সাধাৰণ নাগৰিকৰ কৰুণ মৃত্যুৰ বাবে গভীৰ সমবেদনা প্ৰকাশ কৰিছে৷ সচিব হেগছেথে কয় যে আমেৰিকাই ভাৰতৰ সৈতে থিয় দিছে আৰু ভাৰতক সমৰ্থন কৰিছে৷’ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয়৷আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই বুধবাৰে ভাৰতৰ লগতে পাকিস্তানৰো প্ৰতিনিধিৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে৷ আমেৰিকাৰ বৈদেশিক সচিবে ফোনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে বাৰ্তালাপ কৰিছে৷ ৰুবিঅ’ই কয় যে আমেৰিকা এই সময়ছোৱাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷
তেওঁ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত হোৱা মৃত্যুৰ বাবে সমবেদনা জ্ঞাপন কৰে আৰু ইয়াক গৰিহণাও দিয়ে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে হোৱা বাৰ্তালাপত আমেৰিকাৰ বৈদেশিক সচিবে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে৷ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এছ জয়শংকৰৰ সৈতে বাৰ্তালাপৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰিবলৈ আহ৩ান জনাইছে৷ তেওঁ লগতে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত ইছলামাবাদৰ সহায়ৰ বাবেও আহ৩ান জনাই যাতে দক্ষিণ এছিয়াত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিব পৰা যায়৷ ইয়াৰ উপৰিও মাৰ্কো ৰুবিঅ’ই শ্বেহবাজ শ্বৰীফক পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিবলৈ অনুৰোধ জনাইছে৷