ক’ৰোনাৰ গৰাহত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল

0 1,222

✍ভুপেশ খাটনিয়াৰ

ক’ৰণাৰ গৰাহত তথা যান্ত্ৰিকতাৰ যুগত হেৰাই যাব নেকি ৰং তুলিকাৰ শিল্পীসকল। তেনেই কিছু অসমৰ ৰং তুলিকাৰ শিল্পীৰ মৰ্মবেদনাক লৈ এক প্ৰতিবেদন

হাৰুণ আলি : আমাৰ দৰে এই কৰ্মীসকলৰ আজি বহুকেইটা বছৰ ধৰি আমাৰ এই কৰ্ম শিল্পত বেয়াকৈ আঘাট হানিছে। এইফালে আকৌ কা আন্দোলন আৰু বিশ্বব্যাপী কৰোণা ভাইৰাছৰ বাবে আমাৰ জীবনত বৰ বেয়াকৈ প্ৰভাব পৰিছে। এই কৰ্মত জড়িত ৰং তুলিকাৰ শিল্পী সকলৰ বিদ্যালয়বোৰো আজি মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰাত পানীত হাঁহ নচৰা অবস্থাৰ দৰে হৈছে। পৰিয়ালতো পোহপাল দিয়াত ব্যাঘাত জন্মিছে, দিন হাজিৰা কৰিবলৈও কোনেও নামাতেও। এই ল’ৰা-ছোৱালীৰ বিদ্যালয়ৰ মাচুল মুঠতে বিপাঙত পৰিছো। চৰকাৰৰো সহাৰি তেনেকুৱা এমুঠি শাকত এটি জলকীয়া দিয়াৰ লেখীয়া। আমাৰ দৰে এই ৰং তুলিকাৰ কৰ্মৰে অসমত বহুতো পৰিয়াল চলি আছে। কিন্তু এতিয়া কি হ’ব কি কৰিম কাক কম কোনে বুজিব আমাৰ মৰ্মান্তিক কাহিনী। কিমান দিন জ্বলা নাই আমাৰ আখলৰ জুই। আশা মাথো আকৌ প্ৰভাত হ’ব।

লক্ষী দাস : কিমান যুঁজিম জীবনটোৰ সৈতে। হয়তো কেতিয়াবা ৰাজপথত আন্দোলন কৰিছো গভীৰ প্ৰাপ্তিৰ আশাত, আন্দোলনে মোক কোঙা কৰিছিল এটা সময়ত আৰু এতিয়া কৰোণাই কোঙা কৰিলে মোৰ উদৰ পুৰযোৱাকৈ খাবলৈ ওলোৱা ভাত সাজতো। কোন দিশে আমাৰ দৰে ৰং তুলিকাৰ সৈতে জীয়াই থকাৰ জীবন সংগ্ৰামখনি কেনেবাকৈ চলাই নিয়া ব্যক্তিসকলৰ ভবিষ্যত। আমাৰ আৰ্তনাদ শুনিবলৈ কোনো যেন আজি নাই সকলো যেন শুই পৰিছে গভীৰ নিদ্ৰাত। দুখ লাগে আমাৰ অভাব সম্পৰ্কে ইলেকট্ৰনিক মিডিয়াই প্ৰচাৰৰ কৰিলে কিজানি জাগি উঠিল হয় চৰকাৰ নামৰ প্ৰশাসন যন্ত্ৰটোৱে। মাথো মই এটাই অনুৰোধ জনাও বৰমূৰীয়াসকলক আমিও জীয়াই থাকিব বিছাৰো আমিও এসাজ ভাত পেট পুৰ যোৱাকৈ খাব খুজো, আমাৰ ল’ৰা-ছোৱালী আছে সিহতক ভাল মানুহ কৰাৰ সপোন আমাৰো আছে। হে চৰকাৰৰ হে জননেতাসকল আমাক জীয়াই থাকিবলৈ দিয়ক আমাক এসাজ ভাত দিয়ক।

অকণ চৌধুৰী : ঘৰতে বাহ বেতেৰে চাৰিখন বেৰ দি এখন আৰ্ট বিদ্যালয় আৰম্ভ কৰিছিলোহে। পৰিয়ালৰ সদস্য বুলি ক’বলৈ পাচজন। এটি সোণালী সপোন দেখিছিলোহে মাথো পৰিয়াল খনকলৈ, ভালকৈ পোহপাল দিম এই বিদ্যালয়খনৰ জৰিয়তে কিন্তু কি হ’ব হঠাত বাঢ়ি অহা কৰোণা নামৰ মহামাৰী ধুমুহাজাকে সকলো সপোন তচনচ কৰি থৈ গ’ল। আশাবোৰে টঙালি বান্ধিছিলেহে মাথো কিন্তু কি কৰিম আমাৰ চিঞৰ কোনে শুনিব।

কল্প কাকতি : চিত্ৰ শিল্প কৰ্মৰ জৰিয়তে মই মোৰ জীবনটোৰ ৭০ টা বছৰ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে পাৰ কৰিলো। কিন্তু এনেকুৱা সমস্যাৰ সন্মুখীন কাহানিও হোৱা নাছিলো। যি মহামাৰীয়ে আমাৰ দৰে ব্যক্তিসকলৰ কৰ্ম-সংস্কৃতিয়ে বন্ধ কৰি পেলালে। আজিলৈকে চৰকাৰৰ শিল্পী পেঞ্চনৰ আঁচনিয়েও ঢুকি নেপালে আমাৰ দৰে বৰ্ষীয়ান ব্যক্তি সকলক। কিমানবাৰ আবেদন কৰিলো, বছৰ বাগৰিল চৰকাৰ বাগৰিল একো এটাকে সলনি নহ’ল মোৰ জীবনৰ। মাথো ৰং তুলিকা হাতত লৈয়ে পেটৰ ভাত মুঠি মিলাই আছিলো। ভ্ৰাম্যমান থিয়েটাৰৰ অনিশ্চিয়তাৰ দিশে এই বৃহৎ উদ্যোগটোৰ লগতো আমাৰ দৰে লোকে কাম কৰি পৰিয়ালটো পোহপাল দি আহিছিল হঠাৎ আজি সেই অনুষ্ঠানবোৰো অনিশ্চিয়তাৰ দিশে ধাবমান। গতিকে চৰকাৰক মই অনুৰোধ কৰিছো আমাক জীয়াই থকাৰ এডাল জখলা দিয়ক য’ত থাকিব খোপ খপলী প্ৰেৰণা।

দিপাংক শৰ্মা : শিল্প কৰ্মৰ লগত জৰিত প্ৰতিগৰাকী মানুহৰে বাবে এই সময় দু সময়। এই সময়ছোৱাত শিল্প চৰ্চাত কৰোণাই বাৰুকৈয়ে প্ৰভাব বিস্তাৰ কৰিছে। যোৱা মাৰ্চ মাহৰ পৰাই লক ডাউনৰ থকাৰ বাবে চিত্ৰশিল্পী সকলৰ চিত্ৰ সম্পৰ্কীয় দোকান তথা অসমৰ বিভিন্ন অঞ্চলত থকা আৰ্টৰ শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ থকাৰ ফলত আমাৰ দৰে চিত্ৰ শিল্পীসকল আৰ্থিক অভাবত ভুগিবলগীয়া হৈছেয আমাৰ দৰে শিল্পীসকলক চৰকাৰে সহাৰি জনাব বুলি আশাবাদী।

ত্ৰিদিপ তালুকদাৰ : ৰং তুলিকা এৰি এতিয়া হাতত দাখন ল’বলৈ বাধ্য। জীবনৰ ৪০ টা বছৰ প্ৰায় ৰং তুলিকাৰ লগত অতিবাহিত কৰিলো এই জীবন। এফালে যান্ত্ৰিকতাই মাৰিলে আনফালে এই মহামাৰী কৰোণাই। দিন হাজিৰা কৰিবলৈ ওলাই কিন্তু আমাৰ কামত সন্তুষ্ট নহয় কাম কৰিবলৈও নেমাতে। দুই এখন থিয়েটাৰৰ কাম কৰিছিলো সেয়াও এতিয়া বন্ধৰ দিশে। বিদ্যালয় এখনত কাম কৰিছিলো বিদ্যালয়খনো বন্ধ। কি কৰো কি কও চৰকাৰক, প্ৰতিবাদ কৰিলে জানো শুনিব আমাৰ কথা।