পহলগামত সংঘটিত আক্ৰমণৰ পূৰ্বে পাকিস্তানৰ চোৰাংচোৱা(Pak ISI) সংস্থা আই এছ আইয়ে ভাৰতত বৃহৎ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দিল্লীৰ পৰা আই এছ আই এজেণ্টক গ্ৰেপ্তাৰ কৰাৰ পিছত চাঞ্চল্যকৰ তথ্য ওলাইছে। ধৃত ব্যক্তিজনৰ নাম আনছাৰুল মিয়ান আনছাৰী। সূত্ৰ অনুসৰি ধৃত ব্যক্তিজন নেপালী মূলৰ। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে তেওঁক।চোৰাংচোৱা সূত্ৰৰ মতে, পহলগামৰ কূটাঘাতৰ পূৰ্বে আই এছ আইয়ে দেশত বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছিল। দায়িত্ব অনছাৰুলক দিয়া হৈছিল । দিল্লীৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষে সমগ্ৰ ৰাজধানীত বিশেষ অভিযান চলাই আহিছে।
সেই অভিযানৰ সময়তে গোয়েন্দাসকলে আনছাৰুলৰ অৱস্থান আৱিষ্কাৰ কৰে। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰ অনুসৰি আই এছ আইৰ সহায়ত পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল আনছাৰীয়ে। তেওঁ পাকিস্তানলৈও পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতেই আৰক্ষীয়ে ধৰিলে। সূত্ৰ অনুসৰি জেৰাৰ সময়ত আনছাৰীয়ে কয় যে আই এছ আইয়ে সকলোতে জাল বিয়পাইছে। কেৱল সেয়াই নহয়, তেওঁক প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি চোৰাংভাৱে পাকিস্তানলৈ লৈ যোৱাৰ দায়িত্ব দিয়া হৈছিল। আনছাৰীৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰ আৰু ‘ডিজিটেল ডিভাইচ’ৰ ফৰেনছিক পৰীক্ষা কৰা হৈছে। সূত্ৰ অনুসৰি তাৰ পৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰা হয়।চোৰাংচোৱাৰ সূত্ৰ অনুসৰি আনছাৰীয়ে কাটাৰত টেক্সি চালক হিচাপে কাম কৰিছিল। সেই সময়ত তেওঁ পাকিস্তানী ‘হেণ্ডলাৰ’ৰ সংস্পৰ্শলৈ আহিছিল।
কাটাৰৰ পৰা আনছাৰী পাকিস্তানলৈ যায়। তাত চোৰাংচোৱাৰ প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁক আই এছ আইৰ দ্বাৰা ভাৰতলৈ প্ৰেৰণ কৰা হয়। আনছাৰীক সোধা-পোছা কৰি ৰাঁচীৰ পৰা গ্ৰেপ্তাৰ কৰে আন এজন সন্দেহযুক্ত অখলাক আজমক। আজমে আগতে আনছাৰীক নিৰাপত্তা সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰাত সহায় কৰিছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰাৰ পিছত তদন্তকাৰীয়ে জানিব পাৰিলে যে আই এছ আইয়ে পহলগাঁৱৰ পূৰ্বে ভাৰতৰ মাটিত বৃহৎ ভেঙুচালিৰ পৰিকল্পনা কৰিছিল। সূত্ৰই জনোৱা মতে, ধৃত আনছাৰী আৰু আজমক কোনে ‘স্লিপাৰ চেল’ হিচাপে কাম কৰি আছে সেই বিষয়ে জানিবলৈ জেৰা অব্যাহত আছে।