Pak PM Thanks Trump: আমেৰিকাক ধন্যবাদ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহৱাজ শ্বৰীফৰ

যুদ্ধবিৰতিৰ পাছতে মাজনিশা দেশবাসীক সম্বোধন শ্বাহৱাজ শ্বৰীফৰ।(Pak PM Thanks Trump) ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে ভাৰতক দোষাৰোপ শ্বৰীফৰ। যুদ্ধবিৰতিত লোৱা ভূমিকাৰ বাবে চীন, ড’নাল্ড ট্রাম্পক ধন্যবাদ শ্বৰীফৰ।

‘শান্তিৰ ভূমিকা’ৰ বাবে ট্ৰাম্পক ধন্যবাদ পাক প্ৰধানমন্ত্ৰীৰ। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধবিৰতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু অন্যান্য শীৰ্ষ নেতৃত্বক শান্তিৰ ভূমিকাত নেতৃত্ব লোৱা বাবে ধন্যবাদ জনায়।

শনিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে শান্তিৰ ব্যৱস্থা কৰাৰ বাবে আমেৰিকাৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰি দেশখনৰ সমস্যা সমাধানৰ বাবে ই এক নতুন আৰম্ভণি হ’ব বুলি আশা প্ৰকাশ কৰে।

এক্সত এক পোষ্টত তেওঁ কয় যে, ‘আমি ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ নেতৃত্ব আৰু শান্তিৰ বাবে সক্ৰিয় ভূমিকা লোৱাৰ বাবে ধন্যবাদ জনাইছো।’

তেওঁ আমেৰিকাৰ “উপৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ’ক দক্ষিণ এছিয়াৰ শান্তিৰ বাবে তেওঁলোকৰ মূল্যৱান অৱদানৰ বাবে”ও ধন্যবাদ জনায়।

Related Articles