Pakistan । পহলগামত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশজুৰি সৃষ্টি হৈছে গভীৰ চাঞ্চল্য। এই ঘটনা সমৰ্থন কৰি সামাজিক মাধ্যমত বিভ্রান্তিমূলক আৰু দেশবিৰোধী মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত অসমত এতিয়ালৈকে ৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে জনায়।

২২ এপ্ৰিল, ২০২৫ তাৰিখে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ, য’ত ২৬ জন লোক নিহত আৰু ১৪ জন আহত হয়। এই ঘটনাই সমগ্ৰ দেশক বিষাদত পেলায় আৰু পাকিস্তানৰ ওপৰত সন্দেহৰ আঙুলিও উঠায়। আক্ৰমণৰ পাছত অসমসহ দেশৰ বিভিন্ন ঠাইত পাকিস্তানক সমৰ্থন জনাই কিছু লোক সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰে।
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, “ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰা বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান অব্যাহত আছে। এতিয়ালৈকে ৩৬ গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, বঙাইগাঁও আৰক্ষীয়ে নাজিবুল ইছলাম আৰু শ্ৰীভূমি আৰক্ষীয়ে ছানাজ হুছেইন নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে।
অসম আৰক্ষীয়ে বিভিন্ন সামাজিক মাধ্যমৰ ওপৰত কঠোৰ নজৰদাৰী চলাইছে আৰু দেশবিৰোধী মন্তব্য কৰা লোকসকলক চিনাক্ত কৰি আইনানুগ ব্যৱস্থা গ্ৰহণ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত কিছুমান মহিলা আৰু কিশোৰ-কিশোৰীৰো নাম আছে।
অসম চৰকাৰৰ এই কঠোৰ পদক্ষেপে ৰাজ্যত দেশৰ স্বাৰ্থৰ বিপৰীতে যোৱা যিকোনো কাৰ্যৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিক পুনৰ প্ৰমাণ কৰিছে।