Pakistan defence minister: তিনি দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন কৰি আহিছে পাকিস্তানে, ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে খোদ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কুকৰ্ম’ৰ দোষ(Pakistan defence minister) তেওঁ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ ওপৰত জাপি আহিছে৷ ভাৰতে ইমান দিনে যি অভিযোগ উত্থাপন কৰি আহিছে, সেই অভিযোগ এতিয়া নিশ্চিত কৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে নিজেই কাৰ্যতঃ স্বীকাৰ কৰিছে যে ইছলামবাদে বিগত তিনিটা দশক ধৰি সন্ত্ৰাসবাদীক সমৰ্থন আৰু প্ৰশিক্ষণ দি আহিছে৷ অৱশ্যে এই ‘কু-কৰ্মৰ’ৰ দায়িত্ব তেওঁ আমেৰিকা আৰু(Khawaja Asif) পশ্চিমীয়া বিশ্বৰ ওপৰত অৰ্পণ কৰিছে৷ ব্ৰিটিছ সংবাদ মাধ্যম স্কাই নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজাই কয় যে আমি যোৱা তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমীয়া বিশ্বৰ বাবে এই কাম কৰি আহিছো৷ এই ‘ভুল’ কাৰ্যৰ বাবেই পাকিস্তানে ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ স্বীকাৰ কৰে৷

প্ৰসংগক্ৰমে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ দ্বিমেৰু জগতখনত আমেৰিকা আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ মাজত ‘শীতল যুদ্ধ’ আৰম্ভ হৈছিল৷ আমেৰিকাৰ অক্ষৰ সদস্য পাকিস্তানে শীতল যুদ্ধত ছোভিয়েটৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল৷ আনকি ২০০১ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেতিয়া আমেৰিকাৰ সেনাই আফগানিস্তান কাৰ্যকৰীভাৱে দখল কৰিছিল, তেতিয়াও পাকিস্তানে আমেৰিকাৰ কাষত থিয় দিছিল৷ সেই প্ৰসংগ উল্লেখ কৰি পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে আফগানিস্তানত ছোভিয়েটৰ বিৰুদ্ধে আমেৰিকাই সন্ত্ৰাসবাদীক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল৷ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়েও ভাৰতক দোষাৰোপ কৰিছে৷ তেওঁ দাবী কৰে যে ভাৰতে পাকিস্তানৰ লগতে সমগ্ৰ অঞ্চলটোত সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে৷ মঙলবাৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত লস্কৰ-ই-তৈবা আছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘লস্কৰ এটা পুৰণি নাম৷ এতিয়া নাই৷ আমাৰ চৰকাৰে ইয়াক [পেহেলগাম কাণ্ড] গৰিহণা দিয়ে৷ পাকিস্তান দশক দশক ধৰি সন্ত্ৰাসবাদৰ বলি হৈ আহিছে৷’

পেহেলগাম কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ-ই-তৈবাৰ ফ্ৰণ্ট ৰেজিষ্টেন্স ফ্ৰণ্ট [টি আৰ এফ]য়ে৷ পাকিস্তানৰ মন্ত্ৰীগৰাকীয়ে অৱশ্যে টি আৰ এফ নামটো কেতিয়াও শুনা নাই বুলি দাবী কৰিছে৷ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সকীয়াই দিছে যে যদি ভাৰতে ‘সামৰিক প্ৰতিশোধ’ আৰম্ভ কৰে, তেন্তে ইয়াৰ পৰিণাম দুয়োখন দেশৰ বাবে ভয়াৱহ হ’ব৷ তেওঁ কয় যে দুখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত সংঘাত সদায় ভয়ৰ কাৰণ হৈ আহিছে৷

Related Articles