Breaking

পুটিনৰ ৰোষত পাকিস্তান! ইছলামাবাদে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰাৰ খবৰ পোৱাৰ পিছতে ৰাছিয়াৰ প্ৰতিক্ৰিয়া…

0 84

ৰাছিয়াৰ ৰোষত পৰিল পাকিস্তান! পাকিস্তানে ইউক্ৰেইনক অস্ত্ৰ সৰবৰাহ কৰাৰ বাতৰি প্ৰকাশৰ মাজতে ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূতো বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে মস্কোৱে এই প্ৰতিবেদনসমূহ অতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে মস্কোই এনে খবৰক অতি গুৰুত্বসহকাৰে লৈছে। কিয়নো এইবোৰে পাকিস্তানৰ ৰাছিয়া বিৰোধী কাৰ্যকলাপ বুলি বিবেচিত হৈছে। তেওঁ কয়-“এনে ধৰণৰ কথাৰ বিষয়ে প্ৰতিবেদন আৰু তথ্য আহিছে, আমি এই তথ্য অতি গুৰুত্বসহকাৰে লৈছো। এনে খবৰ যদি নিশ্চিত হয়, তেন্তে এয়া স্পষ্ট ৰাছিয়া বিৰোধী পদক্ষেপ ।যাক আমি উপেক্ষা কৰিব নোৱাৰো। “

তেওঁ লগতে ৰাছিয়াই আৰু ভাৰতক কৰি অহা সহায়ৰ কথাও উল্লেখ কৰে। ভাৰতে চীন আৰু পাকিস্তানৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ নতুন দিল্লীলৈ এছ-৪০০ যোগান ধৰিছে। একেদৰে ৰাছিয়াই ভাৰতক বিমান, ক্ৰুজ আৰু বেলিষ্টিক মিছাইল ধ্বংস কৰাৰ বাবে প্ৰস্তুত কৰা মিছাইল প্ৰণালী এণ্টি-এয়াৰক্ৰাফ্ট দিছে। ডেনিছ আলিপোভে কয়,- আমি ভাৰতৰ অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰি আহিছো, আমি অৰ্থনীতি , বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন উন্নত ক্ষেত্ৰত সহায় অব্যাহত ৰাখিছো।

Leave A Reply