পাকিস্তানৰ ৫১ টা স্থানত আক্ৰমণ! বেলুচ বিদ্ৰোহীয়ে ভাৰতৰ পৰা বিচাৰিছে সামৰিক সাহায্যবালোচৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতে কি ক’লে? । pakistan india war

১২ মে’২০২৫ঃ pakistan india war । অপাৰেচন সিন্দুৰত বিধ্বস্ত হৈ পৰিছে পাকিস্তান। এই সুযোগৰ গ্ৰহণ কৰি বেলুচ বিদ্ৰোহীসকলে স্বাধীনতাৰ যুঁজখন তীব্ৰতৰ কৰি তুলিছে। শেহতীয়াকৈ বেলুচ লিবাৰেচন আৰ্মীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁলোকে পাকিস্তানৰ ৫১ স্থানত ৭১টাতকৈও অধিক আক্ৰমণ সংঘটিত কৰিছে। কেৱল সেয়াই নহয়, পাকিস্তানক বিশ্ব শান্তিৰ অন্যতম কাঁইটীয়া বিষয় হিচাপে উল্লেখ কৰা হৈছে আৰু ভাৰতক সামৰিক সাহায্যৰ অনুৰোধ কৰা হৈছে।যোৱা দেওবাৰে বিএলএৰ মুখপাত্ৰ জিন্দ বালোচে পাকিস্তানক লক্ষ্য কৰি এক বিবৃতি প্ৰকাশ কৰিছিল। তেওঁ কয় যে বিগত সপ্তাহত ভাৰত আৰু পাকিস্তানৰ মাজত চৰম সামৰিক উত্তেজনাৰ মাজতে পাকিস্তানী সেনাৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলোৱা হৈছে। ৫১টা স্থানত ৭১টাতকৈও অধিক আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণৰ লক্ষ্য আছিল পাকিস্তানী সেনাৰ কনভয়, চোৰাংচোৱা সংস্থা, খনিজ পৰিবহণ বাহন। এই সপ্তাহত তেওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে যুঁজিবলৈ নতুন ফ্ৰণ্ট মুকলি কৰে। শেহতীয়া আক্ৰমণৰ উদ্দেশ্য কেৱল ধ্বংসাত্মক হোৱাই নহয়, আগন্তুক দিনসমূহৰ বাবে যুদ্ধক্ষেত্ৰৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ উদ্দেশ্য আছিল।’

এই বিবৃতিত পাকিস্তানক লক্ষ্য কৰিও পাকিস্তান দেশদ্ৰোহী বুলি উল্লেখ কৰা হৈছে। যদিও তেওঁলোকে শান্তি আৰু ভাতৃত্ববোধৰ কথা কয়, তথাপিও পৰ্দাৰ আঁৰত যুদ্ধৰ বাবে তেওঁলোক সদায় আগ্ৰহী। ফলত ভাৰতকে ধৰি সমগ্ৰ বিশ্বলৈ বালোচৰ বাৰ্তা পাকিস্তানৰ ‘মিছা শান্তি আলোচনা’ৰ ফান্দত নপৰিবলৈ। তেওঁলোকে দাবী কৰে যে পাকিস্তান এখন হাতত তেজ থকা দেশ। এই দেশ বিশ্ব সন্ত্ৰাসবাদৰ ভিত্তি। ইয়াৰ চৰকাৰে লস্কৰ, জৈছ, আইছিছৰ দৰে সন্ত্ৰাসবাদী সংগঠনক আৰ্থিক সহায় আগবঢ়ায়।পাকিস্তানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ভাৰতে বিশ্বক, আৰু বিশেষকৈ ভাৰতক ৰাজনৈতিক, কূটনৈতিক, আৰু প্ৰতিৰক্ষামূলক সহায়ৰ বাবে আবেদন জনাইছে। বিবৃতিটোত কোৱা হৈছে যে, “যদি আমি বিশ্বৰ পৰা বিশেষকৈ ভাৰতৰ পৰা ৰাজনৈতিক, কূটনৈতিক আৰু প্ৰতিৰক্ষামূলক সমৰ্থন পাওঁ, তেন্তে বেলুচ জাতিয়ে এই সন্ত্ৰাসবাদী ৰাষ্ট্ৰ (পাকিস্তান)ৰ অন্ত পেলাবলৈ সক্ষম হ’ব। এই সমৰ্থনে শান্তিপূৰ্ণ, সমৃদ্ধিশালী, স্বাধীন বেলুচিস্তানৰ পথ প্ৰশস্ত কৰিব পাৰে। আৰু যদি বিশ্বই পাকিস্তানক এনেদৰে সহ্য কৰে, তেন্তে অনাগত দিনত এই ৰাষ্ট্ৰখন সমগ্ৰ বিশ্বৰ বাবে দুৰ্যোগৰ কাৰণ হৈ পৰিব।” কিন্তু সূত্ৰৰ মতে, বেলুচৰ সহায়ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতে উল্লেখ কৰিছে যে, কূটনৈতিক নীতি অনুসৰি ভাৰতে বেলুচ মুক্তি সেনাক কোনো ধৰণে সমৰ্থন নকৰে। কাৰণ এয়া পাকিস্তানৰ আভ্যন্তৰীণ বিষয়। এনে ক্ষেত্ৰত ভাৰতে পুৰণি নীতি অব্যাহত ৰাখিব।

Related Articles