ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য।(Pakistan PM Shehbaz Sharif)
‘আমি যুদ্ধ নহয়, শান্তিহে বিচাৰিছোঁ’ ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু এতিয়া পাকিস্তানৰ। ‘শান্তি’ৰ বাবে ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজৰ।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে ভাৰতক আলোচনাৰ প্ৰস্তাৱ দি কয় যে পাকিস্তানে “শান্তিৰ বাবে” সাজু। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ কামৰা বিমান ঘাটি ভ্ৰমণৰ সময়ত শ্বেহবাজে এই মন্তব্য কৰে য’ত তেওঁ শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সামৰিক সংঘৰ্ষৰ সৈতে জড়িত বিষয়া আৰু জোৱানসকলৰ সৈতে মত বিনিময় কৰে।
“শান্তিৰ বাবে আমি ভাৰতৰ সৈতে কথা পাতিবলৈ সাজু,” তেওঁ লগতে কয় যে “শান্তিৰ চৰ্ত”ৰ ভিতৰত কাশ্মীৰ বিষয়টোও অন্তৰ্ভুক্ত ৷
আনহাতে ই এ এম জয়শংকৰে কয় যে পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে সিন্ধু জল সন্ধি স্থগিত ৰখা হ’ব।
১০ মে’ত ভাৰত আৰু পাকিস্তানে কেইবাদিনো সীমা অতিক্ৰম কৰি সংঘাতৰ অন্তত দুয়ো পক্ষই সকলো সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বুজাবুজিত উপনীত হৈছিল।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে কয় যে ভাৰতৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ সাজু হৈছে।