Pakistan: যুদ্ধ হ’লে ১৩ লাখ ভাৰতীয় সৈন্যৰ বিৰুদ্ধে পাকিস্তানী সেনা কিমান দিন টিকি থাকিব?

শেহতীয়াকৈ পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰৰ এক বক্তব্যৰ(Pakistan)পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে৷ ভাৰত আৰু কাশ্মীৰ সমস্যাৰ কথা কওঁতে তেওঁ ভাৰতৰ ১৩ লাখ সৈনিকৰ শক্তিক উলাই কৰি কয় যে, ইমান বৃহৎ শক্তিয়ে যদি পাকিস্তানক ভয় খুৱাব নোৱাৰে, তেন্তে দুই-এজন সন্ত্ৰাসবাদীয়েও ভাৰতৰ ভৱিষ্যৎ সলনি কৰিব নোৱাৰে৷ তেওঁৰ মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে আৰু পুৰণি বিতৰ্ক পুনৰ উত্থাপিত হৈছে৷ বিশেষকৈ দুয়োখন দেশৰ সামৰিক শক্তিৰ তুলনা কৰিলে৷

এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল যুদ্ধ আৰম্ভ হ’লে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কিমান দিন জীয়াই থাকিব পাৰিবহ্ল জেনেৰেল মুনিৰে কয় যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে পাকিস্তানে বিনিয়োগ নাপাব বুলি বহুতে আশংকা কৰিছে৷ তেওঁ আৰু কয়, ‘আপুনি ভাবিছেনে যে সন্ত্ৰাসবাদীয়ে দেশৰ ভাগ্য কাঢ়ি নিব পাৰেহ্ল যদি ৰ.৩ লাখৰ ভাৰতীয় সেনাই আমাক ভয় খুৱাব নোৱাৰে, তেন্তে এই সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ সশস্ত্ৰ বাহিনীক পৰাস্ত কৰিব পাৰে বুলি আপুনি ভাবেনেহ্ল’ বিশ্বৰ সামৰিক শক্তিৰ তালিকা প্ৰস্তুত কৰা সংস্থা গ্ল’বেল ফায়াৰপাৱাৰৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ১৪.প্ত লাখ সক্ৰিয় সামৰিক জোৱান আছে৷ যাৰ বাবে ই বিশ্বৰ দ্বিতীয় বৃহত্তম সামৰিক বাহিনী৷

তাৰ তুলনাত পাকিস্তানৰ সক্ৰিয় বাহিনী এই সংখ্যাৰ আধাতকৈও কম৷ ভাৰততো যথেষ্ট বৃহৎ অৰ্ধসামৰিক বাহিনী আছে, য’ত ২৫ লাখতকৈ অধিক জোৱান আছে৷ আনহাতে, পাকিস্তানত সেই সংখ্যা প্ৰায় প্ত লাখ৷ ভাৰতত আছে চ্ছ্ৰ,৫০০ টেংক আৰু প্ৰায় ৫৩৮খন যুদ্ধ বিমান৷ অজুৰ্ন মেইন বেটল টেংক, ব্ৰহ্মছ মিছাইল, টি-৯০ ভীষ্ম টেংক, বেৰেল ৰকেট লঞ্চাৰ আৰু হাউইটজাৰ আৰ্টিলাৰী গান আদি উন্নত অস্ত্ৰ আছে৷ ভাৰতৰ বায়ুসেনা ভাৰতৰ প্ৰতিৰক্ষাৰ আন এক শক্তিশালী স্তম্ভ৷ প্ৰায় ২২২৯খন বিমান আছে৷ য’ত আছে ৬০০ৰো অধিক যুঁজাৰু বিমান, ৮৩১খন সহায়ক বিমান আৰু প্ৰায় ৯০০খন হেলিকপ্টাৰ৷ প্ৰধান যুদ্ধ বিমানসমূহৰ ভিতৰত আছে ৰাফেল, মিৰাজ ২০০০, মিগ-২৯, আৰু থলুৱাভাৱে নিৰ্মিত ছুখয় ছু-৩০ এমকেআই৷ ভাৰতত ব্ৰাহ্মছ, ৰুদ্ৰাম, আৰতি, নিৰ্ভয় আৰু আকাশ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ দৰে অত্যাধুনিক ক্ষেপণাস্ত্ৰো আছে৷ ভাৰতীয় নৌসেনা হৈছে প্ৰতিৰক্ষা বাহিনীৰ আন এক শক্তিশালী শাখা৷ অহৰহ শক্তি বৃদ্ধি কৰি আছে৷ ভাৰতীয় নৌসেনাত বৰ্তমান ৰ,৪২,০০০ৰো অধিক জোৱান আছে৷

পাৰমাণৱিক চালিত ছাবমেৰিনকে ধৰি প্ৰায় ১৫০খন যুদ্ধ জাহাজ৷ দুখন প্ৰধান বিমানবাহী জাহাজ- আই এন এছ বিক্ৰমাদিত্য আৰু আই এন এছ বিক্ৰান্ত৷ গ্ল¬’বেল ফায়াৰপাৱাৰ ইনডেক্স অনুসৰি যোৱা বছৰ পাকিস্তানত বিশ্বৰ ভিতৰতে নৱম শক্তিশালী সামৰিক বাহিনী আছিল৷ কিন্তু এইবাৰ দ্বাদশ স্থানলৈ নামি আহিছে৷ এই অৱনতি ঘটিলেও সামৰিক দিশৰ পৰা দেশখন এতিয়াও যথেষ্ট শক্তিশালী৷ পাকিস্তানত প্ৰায় ৬ লাখ ৫৪ হাজাৰ লোকৰ সক্ৰিয় সামৰিক বাহিনী আছে৷ পাকিস্তান সেনাৰ হাতত আছে ১৪৩৪খন বিমান৷ য’ত আছে ৩৮৭খন যুঁজাৰু বিমান, ৬০খন পৰিবহণ বিমান, ৫৪৯খন প্ৰশিক্ষণ বিমান আৰু ৩৫২খন হেলিকপ্টাৰ৷ ইয়াৰ উপৰি ইয়াত চ্ছ্ৰখন আকাশী ইন্ধন ভৰোৱা টেংকাৰ আৰু ৫৭খন আক্ৰমণাত্মক হেলিকপ্টাৰ আছে৷ পাকিস্তানৰ নৌসেনাৰ ১১৪খন জাহাজ আছে৷ য’ত আছে জ্জ্বখন ছাবমেৰিন আৰু জ্ঝখন ফ্ৰিগেট৷ ভাৰতৰ বহৰৰ তুলনাত আকাৰত সৰু হ’লেও এই অঞ্চলত তেওঁলোকৰ কৌশলগত উপস্থিতি আছে৷ স্থলভাগত পাকিস্তানী সেনাৰ হাতত আছে ৩,৭৪২ টা টেংক, ৫০,০০০তকৈ অধিক সাজসজ্জিত বাহন, ৭৫২টা স্বয়ংচালিত আৰ্টিলাৰী ইউনিট আৰু ৬৯২টা ভ্ৰাম্যমাণ ৰকেট লঞ্চাৰ৷

Related Articles