Breaking

টিকটক ভিডিঅ’ৰ বাবেই ভগ্নীক গুলীয়াই হত্যা বায়েকৰ…

0 25

পাকিস্তানৰ পঞ্জাৱত অৱস্থিত শৰাই আলমগীৰ চহৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। টিক টকত ভিডিঅ’ বনোৱাৰ বাবে দুগৰাকী ভগ্নীৰ মাজত কাজিয়া সৃষ্টি, য’ত এগৰাকী ১৪ বছৰীয়া ছোৱালীয়ে নিজৰ ভনীয়েকক গুলীয়াই হত্যা কৰে। তথ্য অনুসৰি টিকটকত ভিডিঅ’ চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে দুগৰাকী ভগ্নীৰ মাজত সৃষ্টি হোৱা কাজিয়াৰ ফলত এই কৰুণ ঘটনা সংঘটিত হয়। ভিডিঅ’টো বনোৱাৰ সময়ত দুয়োগৰাকী ভগ্নীৰ মাজত তীব্ৰ কাজিয়া আৰম্ভ হয় আৰু তাৰ পিছত এগৰাকীয়ে আনগৰাকী ভগ্নীক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছত তেওঁৰ ভাতৃয়ে সদৰ থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত পাকিস্তানৰ শ্বেখপুৰা জিলাত টিকটকত ভিডিঅ’ নিৰ্মাণৰ সময়তে তিনিজন যুৱকে প্ৰাণ হেৰুৱাইছিল।

এক প্ৰতিবেদন অনুসৰি বহু লোকে টিকটক নিষিদ্ধ কৰাৰ দাবী জনাই আহিছে আৰু পাকিস্তানত টিকটক আংশিক নিষেধাজ্ঞাও বাৰে বাৰে জাৰি কৰা হৈছে। ২০২১ চনত পাকিস্তান দূৰসংযোগ কৰ্তৃপক্ষই জুলাইৰ পৰা নৱেম্বৰ মাহলৈকে টিকটকৰ ওপৰত পাঁচ মাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু ইয়াৰ পিছত কোম্পানীয়ে অশ্লীল বা অনৈতিক বিষয়বস্তু নিষিদ্ধ কৰাৰ আশ্বাস দিয়ে, তাৰ পিছত নিষেধাজ্ঞা উঠাই লোৱা হয়।


Leave A Reply