পাকিস্তানত এক নিৰ্মম কাণ্ড। পাকিস্তানৰ ৰাজধানী ইছলামাবাদত টিকটক ষ্টাৰ সনা ইউচুফক হত্যা কৰে।
গুলীবিদ্ধ হৈ মৃত্যু হয় ষোড়শী সনা ইউছুফ।(Pakistani TikTok star Sana Yousaf)
বাৰদাত চেক্টৰৰ নিজা গৃহত গুলীয়াই হত্যা কৰে সনা ইউছুফক। ইছলামবাদৰ ঘৰত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। এজন অচিনাকি ব্যক্তিয়ে ওচৰৰ পৰা গুলীয়াই হত্যা কৰে ছানা ইউছুফক।
৭.৪ লাখৰো অধিক ফ’ল’ৱাৰ্ছ আছিল ১৭ বছৰীয়া সনা ইউছুফৰ। পাকিস্তানৰ সনা ইউছুফে টিকটক কন্টেন্টৰ জৰিয়তে অনুৰাগী গঢ়ি তুলিছিল।
আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে যে হত্যাকাৰীয়ে ঘৰত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত পলায়ন কৰা বুলি জানিব পৰা গৈছে।