শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । PANCHAYAT ELECTION

PANCHAYAT ELECTION । অসমৰ বিভিন্ন জিলাত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭.৩০ বজাৰ পৰা বেলট পেপাৰৰ জৰিয়তে আৰম্ভ হয় এই ভোটদান প্ৰক্ৰিয়া। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে মুঠ ৬,১৭২ গৰাকী প্ৰাৰ্থীয়ে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিছে।

ধেমাজি জিলাত উৎসাহজনক ভোটদাতাৰ সঁহাৰি
ধেমাজি জিলাৰ ৫,১০,৫৩৭ গৰাকী ভোটাৰে ৭২৭ টা কেন্দ্ৰত ভোটাধিকাৰ প্ৰয়োগ কৰিছে। জিলাখনত মুঠ ১,৮০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এইবোৰৰ ভিতৰত ৩৪ জনে জিলা পৰিষদ, ১৫৫ জনে আঞ্চলিক পঞ্চায়ত আৰু ১,৬১৯ জনে গাঁও পঞ্চায়ত পৰ্যায়ত অংশ গ্ৰহণ কৰিছে।

শিৱসাগৰ জিলাত ভোটদান শান্তিপূৰ্ণভাৱে
শিৱসাগৰত ৮৫৮ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭.৩০ বজাৰ পৰা ভোটদান আৰম্ভ হয়। বিয়লি ৪.৩০ বজালৈ চলা এই প্ৰক্ৰিয়াত ৫ লাখ ১১৫ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰে। ২,২৯১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২১৬ জনে আঞ্চলিক পঞ্চায়ত, ৩৭ জনে জিলা পৰিষদ আৰু ২,০৩৮ জনে গাঁও পঞ্চায়ত সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে ১৫ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে।

মাজুলীত মহিলাৰ দ্বাৰা পৰিচালিত কেন্দ্ৰ বিশেষ আকর্ষণ
মাজুলীৰ ২১৩ টা কেন্দ্ৰৰ ভিতৰত ২২ টা কেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে। ভোটাধিকাৰ প্ৰয়োগ কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু স্থানীয় বিধায়ক ভূৱন গামে। ভোটদানে উন্নয়নৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

জোনাইতো দেখা গৈছে ভিৰ আৰু উৎসাহ
জোনাই সমষ্টিৰ ২৮৪ টা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটদান চলে। ২,১০,২২৪ গৰাকী ভোটাৰে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্য নিৰ্বাচন কৰে।

ডিব্ৰুগড়ত উৎসাহ
ডিব্ৰুগড়ত ১,১৬৫ টা কেন্দ্ৰত ভোটদান চলে, য’ত ৬২ টা কেন্দ্ৰ কেৱল মহিলা বিষয়াই পৰিচালনা কৰে। মন্ত্ৰী প্ৰশান্ত ফুকনে পত্নীৰ সৈতে ভোটাধিকাৰ প্ৰয়োগ কৰি কয় যে ৰাইজে বিজেপিক ভোট দিয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা বিশ্বাস প্ৰকাশ কৰিছে। ডিব্ৰুগড়ত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীৰ সংখ্যা যথাক্ৰমে ৫০, ২০৬ আৰু ২,১৪৭ গৰাকী। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা হৈছে ১১৬ গৰাকী।

Related Articles