Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭০.১৯%, অশান্তিৰ পিছত ৪৩টা বুথত পুনৰ ভোটদানৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অসম পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ(Panchayat Election 2025) ২ মে’ত অন্ত পৰিছে৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি প্ৰায় ৭০.১৯% ভোটাৰে প্ৰথম পৰ্যায়ত ভোটদান কৰিছে৷ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, আৰু যোৰহাটৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলকে ধৰি ১৪ খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হয়।পুৱা ৭:৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় আৰু অধিকাংশ অঞ্চলতে বিয়লি ৪:৩০ বজালৈকে সুকলমে অব্যাহত আছিল। কিছুমান স্থানত সামান্য বিঘিনি ঘটিলেও নিৰ্বাচনী প্ৰক্ৰিয়াটো বহুলাংশে শান্তিপূৰ্ণভাৱে চলিছিল।

কৰ্তৃপক্ষই ভোটাৰৰ উৎসাহী অংশগ্ৰহণ আৰু নিৰ্বাচনী কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ নিষ্ঠাক প্ৰশংসা কৰিছে৷ অৱশ্যে অনিয়মৰ ঘটনা পোহৰলৈ অহাত আয়োগে ৪৩টা বুথত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। ইয়াৰে অধিকাংশই হাইলাকান্দি জিলাত অৱস্থিত৷ তেনে ভোটকেন্দ্ৰসমূহৰ ভিতৰত ৩১টা ভোটকেন্দ্ৰ জিলা খনত আছে বুলি জানিব পৰা গৈছে। পুনৰ ভোটগ্ৰহণৰ বাবে নিৰ্ধাৰিত আন জিলাসমূহৰ বাবেও দিয়া হৈছে ৷ শ্ৰীভূমি (৮টা বুথ), লখিমপুৰ (২), গোলাঘাট (১), আৰু মাজুলী (১)ৰ বাবে পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে৷ পুনৰ ভোটগ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰিব নিৰ্বাচন কৰ্তৃপক্ষই।নিৰ্বাচনী বিষয়াসকলে উল্লেখ কৰে যে উচ্চ ভোটদানে তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ আৰু স্থানীয় শাসনৰ প্ৰতি জনসাধাৰণৰ ক্ৰমবৰ্ধমান দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

পুনৰ ভোটগ্ৰহণে নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰাখিব বুলি বহুতে আশা কৰিছে৷ উল্লেখ্য শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি ৷শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১৬ টা জিলা পৰিষদৰ আসনৰ বাবে যুঁজ হ’ব ৷ মুঠ ৬৩৯ জন প্ৰাৰ্থীয়ে এই পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে, আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যপদৰ বাবে ২৬০৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

Related Articles