কলিয়াবৰত পৰাজিত প্ৰাৰ্থীৰ নামত আহিল বিজয়ী প্ৰমাণ পত্ৰ ! । Panchayat election

Panchayat Election । অসমত সাম্প্ৰতিককৈ সমাপ্ত পঞ্চায়ত নিৰ্বাচন – ২০২৫ত এক বিতৰ্কিত ঘটনা সংঘটিত হৈছে কলিয়াবৰত। সোমবাৰে ভোটগ্ৰহণ সামৰণি পৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ বিতৰণ কৰে নিৰ্বাচন বিভাগে। কলিয়াবৰ সম-জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত বিজয়ী প্ৰাৰ্থীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।

এই মাজতেই ৪ নং টুবুকী জাৰণি গাঁও পঞ্চায়তৰ উত্তৰ ভোমোৰাগুৰি ৪ নং ৱাৰ্ডত এক বিসংগতি উদ্ভৱ হয়। এই ৱাৰ্ডত ১৫৪ ভোট লাভ কৰি বিজয়ী হোৱা বাপ্পী মণ্ডলৰ পৰিবৰ্তে কেৱল ৮৯ ভোট লাভ কৰা প্ৰেমানন্দ তালুকদাৰৰ নামত বিজয়ী প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা হয় ।

এই ঘটনাৰ সন্দৰ্ভত বাপ্পী মণ্ডলে কলিয়াবৰ সম-জিলা আয়ুক্তৰ ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিছে আৰু ভোট গণনাত গম্ভীৰ অনিয়মৰ আঙুলিও তুলিছে।

ইতিমধ্যে ঘটনাটোৱে স্থানীয় ৰাজনৈতিক বৃত্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচন বিভাগৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ পোৱা হোৱা নাই।

Related Articles