panchayat election result 2025: হাতী আৰু হাতক উফৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ জিলা পৰিষদৰ অধীনৰ বৰবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী অলকা বসুমতাৰীয়ে জয়লাভ কৰিছে।(panchayat election result 2025)

আঞ্চলিক পঞ্চায়তটোৰ পৰা এইবাৰ অলকা বসুমতাৰীৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী সবিতা খাকলাৰী আৰু শাসকীয় মিত্রজোঁট অগপৰ নিভা গগৈয়ে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল।

দুটা প্ৰধান ৰাজনৈতিক দলৰ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ পিছতো ফুলকবিৰ প্ৰতীক চিহ্নত নিৰ্দলীয় প্ৰাৰ্থীগৰাকী বিজয়ী হোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

Related Articles