ভোট গণনা চলি থকাৰ সময়তে শিলচৰৰ গণনা হলত প্ৰচণ্ড মাৰপিটৰ(panchayat election result 2025) ঘটনা সংঘটিত হৈছে৷ শিলচৰ আই এছ টি টিত চলি থকা শিলচৰ সমষ্টিৰ ভোট গণনা হলত দুগৰাকী নিৰ্দলীয় সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা৷ এই ঘটনাত প্ৰাৰ্থীৰ এজন সমৰ্থক আৰু এজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয়৷ আহত সমৰ্থকজনৰ নাম চন্দ্ৰসেন দাস৷ মাৰপিটত জড়িত থকা ৪জনক আৰক্ষীয়ে আটক কৰিছে৷ জানিব পৰা মতে, বৰখলা সমষ্টিৰ তাপাং জিলা পৰিষদৰ অন্তৰ্গত চেংকুৰি এলেকাৰ দুগৰাকী গ্ৰুপ সদস্যৰ সমৰ্থকৰ মাজত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা৷
এগৰাকী প্ৰাৰ্থী ১২টা ভোটৰ ব্যৱধানত অগ্ৰসৰ হোৱাক লৈয়ে এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে৷ মাৰপিটৰ ঘটনাৰ বাবে কিছু সময় ভোট গণনা প্ৰক্ৰিয়া বন্ধ হৈ যায়৷ পিছত জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত ভোট গণনা আৰম্ভ হয়৷ ইপিনে পুৱা জ্জ্ব বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত কাছাৰত ভোটগণনা আৰম্ভ হয়৷ কাছাৰত দুটা স্থানত ভোটগণনা আৰম্ভ হয়৷ লক্ষ্মীপুৰ সমজিলা আৰু শিলচৰ ৰামনগৰৰ আই এছ বি টি আৰু আই এছ টি টিত ভোট গণনা হয়৷ কাছাৰ জিলাৰ ২৫খন জিলা পৰিষদৰ আসনত মুঠ ৬৪গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ ২খন জিলা পৰিষদৰ আসন বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে আৰম্ভ হৈছে ২৩খন জিলা পৰিষদৰ আসনৰ গণনা৷ তদুপৰি জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ ১৬২খন আসনৰ বাবে ৩৮১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷
ইয়াৰ উপৰি ১৬২খন গাঁও পঞ্চায়তৰ ১৬২০ টা ৱাৰ্ডত মুঠ ৪০৫১জন প্ৰাৰ্থীৰ ভোট গণনা চলিছে ৷ এই দিনা বিয়লি পৰ্যন্ত কাছাৰৰ ২৫টা জিলা পৰিষদ আসনৰ ভিতৰত ১৯খন জিলা পৰিষদ আসনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আগুৱাই আছে৷ তদুপৰি শাসকীয় দলৰ শতাধিক আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী আগুৱাই আছে৷ শিলচৰ ৰামনগৰৰ আই এছ বি টি আৰু আইএছটিটিৰ ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক নীহাৰ ৰঞ্জন দাস, বিধায়ক মিহিৰকান্তি সোম, বিধায়ক খলিল উদ্দীন মজুমদাৰ, বিজেপি জিলা সভাপতি ৰূপম সাহা প্ৰমুখ্যে উপস্থিত হৈ দলীয় প্ৰাৰ্থীৰ খবৰ লয়৷