panchayat election result 2025: পঞ্চায়তত অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়ে চৰকাৰ গঠন কৰিম

অসমৰ জল সম্পদ, তথ্য আৰু জনসংযোগ(panchayat election result 2025) মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে তামুলপুৰ জিলাৰ কেইবাটাও নিৰ্মীয়মাণ মথাউৰি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াবৰ্গক লৈ তামুলপুৰ জিলাৰ হাঁহকাটা বালাবাৰী অঞ্চললৈ গৈ পলোকাটাৰ পৰা বালাবাৰীলৈ নিৰ্মাণ কৰি থকা প্ৰায় চ্ছ্ৰ.জ্জ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰাৰ লগতে জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি শক্তিশালীভাৱে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷ প্ৰায় ৯০ শতাংশ সম্পন্ন হোৱা এই মথাউৰিটোৰ বাকী কামখিনি পোন্ধৰ দিনৰ ভিতৰতে শেষ কৰি উলিয়াবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ ইয়াৰ পিছতে তেওঁ তামুলপুৰৰ চাপাতলৰ পৰা গোহাঁই কমল আলিলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণৰত মথাউৰিটো পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ অত্যাধুনিক জিঅ’ মেগা টিউব স্থাপনেৰে নিৰ্মাণ কৰি থকা এই মথাউৰিটোৰ কামো কিছু দিনৰ ভিতৰতে সম্পন্ন হোৱাৰ কথা৷ ইয়াৰ পূৰ্বে কেবিনেট মন্ত্ৰীগৰাকীয়ে দেওবাৰে পুৱাৰ ভাগত তামুলপুৰ জিলাৰ কাকতিচুবা [ভোলাঝাৰ]ত শুক্লাই নৈৰ বাঁও পাৰত অত্যাধুনিক জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি নতুনকৈ নিৰ্মাণ কৰি থকা প্ৰায় ২.ৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়৷

এই নিৰ্মীয়মাণ মথাউৰিটোৱে আগন্তুক দিনত বান-খহনীয়া সমস্যা প্ৰতিৰোধ কৰি স্থানীয় বাসিন্দাক সকাহ দিব বুলি মন্ত্ৰীগৰাকী যথেষ্ট বিশ্বাসী বুলি মত প্ৰকাশ কৰে৷ ৰাজ্যত ভৰ বাৰিষাৰ সময় চমু চাপি অহাৰ সময়তে ৰাজ্যবাসীৰ সুৰক্ষা, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জলসম্পদ বিভাগৰ অধীনত তীব্ৰগতিত বান-খহনীয়া প্ৰতিৰোধী কামসমূহ চলি আছে৷ বিটিআৰ অঞ্চলকো বান-খহনীয়া সমস্যাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে বিভিন্ন স্থানত প্ৰতিৰোধী কাম অব্যাহত আছে৷ উল্লেখযোগ্য যে তামুলপুৰ জিলাত এই বছৰ প্ৰায় ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে– হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ৰাইজৰ আশীৰ্বাদ আছে৷ পঞ্চায়তত আমি অভূতপূৰ্ব ফলাফল লাভ কৰা মানে ২৬তো আমিয়েই চৰকাৰ গঠন কৰিম৷ চৰকাৰ গঠন কৰি ৰাইজৰ আশীৰ্বাদত পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব৷

ৰাইজে দেখিছে এই চৰকাৰখনে অসমৰ বাবে কিমান কাম কৰিছে৷ সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় ভূপেন বৰাই এতিয়া ক’ব চৰকাৰ থাকিলে সৰু সৰু নিৰ্বাচন জিকেই৷ কিন্তু আমাৰ বাবে প্ৰতিটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য– কংগ্ৰেছ নেতৃত্বই এতিয়া ক’ব যে চৰকাৰ থাকিলে সৰু-সুৰা নিৰ্বাচনত শাসকীয় দল জিকেই৷ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনতো নগৰ সমিতিৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক ধূলিসাৎ কৰিছিল৷ আমাৰ বাবে পঞ্চায়ত, নগৰ সমিতি, বিটিআৰ নিৰ্বাচন, বিধানসভা সকলো সমান৷ আজি মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিজেপিৰ কেন্দ্ৰীয় যুৱ নেতা ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী, মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, সম্পাদক লক্ষী দাসৰ লগতে বিজেপি দলৰ নেতা-কৰ্মীসকলে সংগ দিয়ে৷

Related Articles