panchayat election result kaliabor: কলিয়াবৰ পঞ্চায়তঃ কংগ্ৰেছ শূন্য, অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দুৰ্গ কুঠৰীত কংগ্ৰেছ নিঃচিহ্ন

কলিয়াবৰ পঞ্চায়তঃ কলিয়াবৰ বিধানসভা সমষ্টিত বিজেপি-অগপ মিত্ৰজোঁটৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত হোৱাইট ৱাশ্ব।(panchayat election result kaliabor)

কলিয়াবৰত কংগ্ৰেছ শূণ্য
জিলা-পৰিষদ – ৪/৪, বিজেপি – ১, অগপ – ৩
গাঁও পঞ্চায়ত – ২২/২২, বিজেপি – ১১, অগপ – ১১

অগপ-বিজেপিৰ ধুমুহাত দীৰ্ঘদিনীয়া দূৰ্গ কুঠৰীত কংগ্ৰেছ নিচিহ্ন

এই পঞ্চায়ত নিৰ্বাচনে অগপ, বিজেপি দুয়োটা দলৰ বাবেই শুভ বাৰ্তা কঢ়িয়াই আনিলে। ৰাজ্যৰ প্ৰায়বোৰ পঞ্চায়তেই কংগ্ৰেছ শূণ্য হৈপৰিল এই নিৰ্বাচনত- কলিয়াবৰত এই মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই। আনহাতে সুদীৰ্ঘ ২৩ বছৰৰ পিছত সমগ্ৰ কলিয়াবৰ বিধানসভা কংগ্ৰেছ শুন্য কৰি তোলাৰ বাবে ৰাইজক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। কলিয়াবৰত অগপ-বিজেপিয়ে সমানে সমানে আসন লাভ কৰি মিত্ৰতা দৃঢ় কৰা বুলিও মন্তব্য কৰে কেশৱ মহন্তই।
সমষ্টিটো ৰং ২২টা আঞ্চলিক পঞ্চায়তত মিত্ৰজোঁটৰ উভয় দলে ১১টাকৈ আঞ্চলিক পঞ্চায়ত দখল কৰাৰ লগতে জিলা পৰিষদৰো ১ বিজেপি আৰু ৩টা সমষ্টি দখল কৰিবলৈ সক্ষম হয়।
ভাষ্য : কেশৱ মহন্ত
কলিয়াবৰ সমজিলাৰ সম্পূৰ্ণ ফলাফলঃ
মুঠ জিলা পৰিষদ ৪টা
অগপ- ৩
আমবাগান জিলা পতিষদ- জয়শ্ৰী মণ্ডল
দ্বাৰ শালনা জিলা পৰিষদ- অনিল ঠাকুৰ
চতিয়াল-পূবথৰীয়া জিলা পৰিষদ- পূন্যলতা বৰুৱা (বিনা প্ৰতিদ্বন্দিতা)

বিজেপি- ১
দ্বাৰ বাগৰি জিলা পৰিষদ- জিতেন গৌড় (বিনা প্ৰতিদ্বন্দিতা)

মুঠ আঞ্চলিক পঞ্চায়ত ২২
অগপ- ১১
চাৰসিং তেৰাং- হাটবৰ গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
দীপা বৰা – পূব পূবথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
বৰ্ণালী দাস- জখলাবন্ধা গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
ৰাহুল কুৰ্মী- কুঠৰী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
প্ৰদীপ কুমাৰ বৰা- কুঁৱৰীটোল গাঁও পঞ্চায়ত
কামৰুন নেহাৰ- লাইলুৰী গাঁও পঞ্চায়ত
নিৰাকাৰ তাঁতী- হাতীগাঁও বাগিচা গাঁও পঞ্চায়ত
সন্তোষ বিশ্বাস- লক্ষণাবন্ধা গাঁও পঞ্চায়ত
সোমনাথ তাঁতী- শালনা বাগিচা গাঁও পঞ্চায়ত
জোনালী হান্সেপি- চিকনি- বৰহোলা গাঁও পঞ্চায়ত
ইন্দ্ৰজিৎ দাস- ৰহধলা গাঁও পঞ্চায়ত

বিজেপি- ১১
নিকুমনি বৰা- মাজ পূবথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
সুৰেশ গুৱালা- উত্তৰ পূৱথৰীয়া গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
নপূৰ বনিক- আমবাগান গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
পিংকি মিৰ্ধা- আমলখী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
ৰাজশ্ৰী বাৰা লাক্ৰা- আঞ্জুকপানী গাঁও পঞ্চায়ত (বিনা প্ৰতিদ্বন্দিতা)
সন্দীপ দাস- উত্তৰ পশ্চিম পূবথৰীয়া গাঁও পঞ্চায়ত
অঞ্জুমা ৰজক- নিজ বৰভগীয়া গাঁও পঞ্চায়ত
দীপামনি দাস- আমগুৰি গাঁও পঞ্চায়ত
দিপ্তীৰাণী চৰকাৰ- নিজ লাওখোৱা গাঁও পঞ্চায়ত
নন্দিতা মৈত্ৰ- তুবুকী জাৰনি গাঁও পঞ্চায়ত
ৰুমী দেৱনাথ- কুহুমতলি গাঁও পঞ্চায়ত

Related Articles