Breaking

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা।

0 608

পঞ্চায়ত সভাপতিক কাৰ্যালয়তে ডিঙি চেপি হত্যাৰ চেষ্টা। গোচৰ ৰুজু।

তিনিচুকীয়া জিলাৰ বজালতলি গাঁও পঞ্চায়তৰ সভাপতি ৰঞ্জিৎ চৌধুৰীক নিজ কাৰ্যালয়ৰ ভিতৰতেই ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ তুলি তিনিচুকীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি ২জুন বুধবাৰে দিনৰ ১১ বাজি ৩৫মিনিটত স্থানীয় ৰুবুল গোঁহাই(সিংহ)ই বজালতলি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ সভাপতি ৰঞ্জিৎ চৌধুৰীক ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰাৰ লগতে ঘোচা,লাঠ আদি মৰাৰ ফলত তেওঁ আহত হয়। কাৰ্যালয়ত উপস্থিত থকা মন্তু হাজৰিকা,ৰাজু লামা আৰু অন্য কৰ্মচাৰীৰ হস্তক্ষেপত চৌধুৰীৰ প্ৰান ৰক্ষা হয় বুলি এজাহাৰত উল্লেখ কৰা হৈছে।তদুপৰি অভিযুক্ত গোঁহায়ে চৌধুৰীক,” তই বিহাৰী,অসমত আহি দম দেখাবলৈ আহিছ,তোক জ্বলাই দিম। অসমৰ পৰা খেদাই দিম। বিজেপি গাই হিন্দু দেখাব আহিছ” আদি বাক্যও প্ৰয়োগ কৰে বুলি গোচৰীয়া চৌধুৰীয়ে উল্লেখ কৰিছে।

Leave A Reply