মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত (Pankaj Dheer) অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু। ৬৮ বছৰ বয়সত মৃত্যু অভিনেতাগৰাকীৰ। আজি দিনৰ ২.৩৫ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে পংকজ ধীৰে।বি আৰ চোপ্ৰাৰ মহাভাৰত ধাৰাবাহিকৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল পংকজ ধীৰে।কৰ্কত ৰোগত আক্ৰান্ত হৈ মৃত্যু পংকজ ধীৰৰ।
পংকজ ধীৰৰ পত্নীৰ নাম অনিতা ধীৰ। তেওঁৰ মৃত্যুত টি ভি উদ্যোগটোত পৰিছে শোকৰ ছাঁ। ১৯৭৬ চনৰ ১৯ অক্টোবৰত পংকজ আৰু অনিতাৰ বিবাহ হৈছিল।মন কৰিবলগীয়া যে অনিতা ধীৰ ছবি উদ্যোগৰ সৈতেও জড়িত আৰু এগৰাকী সাজ-পোছাক ডিজাইনাৰ হিচাপে পৰিচিত। পংকজ আৰু অনিতাৰ আছে দুই সন্তান। পুত্ৰ নিকিতিন ধীৰ আৰু কন্যা নীতিকা শ্বাহ। নিকিতিন টি ভি উদ্যোগত উজ্জ্বল আৰু নেতিবাচক চৰিত্ৰৰ বাবেও পৰিচিত।

