Pankaj Pathak: কাণত ধৰাই ক্ষমা খোজোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া, পংকজ পাঠকক বীৰ লাচিত সেনাৰ সমৰ্থন

ডিজিটেল ডেস্ক: Pankaj Pathak গোৱালপাৰাত পংকজ পাঠকৰ সৈতে সংঘটিত কাণ্ডে ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। এক শিৱিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনাত পংকজ পাঠকক কাণত ধৰাই ক্ষমা বিচাৰিবলৈ বাধ্য কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছত এই বিষয়টোৱে নতুন মোড় লৈছে।

ঘটনাটোৰ পাছতে পংকজ পাঠকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটি বিশেষ মন্তব্য কৰি কয়, “মই জীয়াই আছোঁ ৰাইজ”। লগতে তেওঁ ঘোষণা কৰে যে কাইলৈ কোকৰাঝাৰত তেওঁ উপস্থিত থাকিব কেম্পৰ বাবে।

এই ঘটনাৰ প্ৰেক্ষাপটত পংকজ পাঠকক সমৰ্থন আগবঢ়াইছে বীৰ লাচিত সেনা। সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমে স্পষ্টভাৱে কয় —
“জাতি তথা ৰাইজৰ বাবে কাম কৰা কোনো অসমীয়াক কোনেও হাত নলগাব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম পুলিচৰ হস্তক্ষেপ বিচাৰিছোঁ। কাৰো কুচক্ৰান্ত নচলিব। এজন অসমীয়াৰ হিচাপে পংকজ পাঠকৰ সৈতে আছোঁ।”

এই মন্তব্যৰ পাছত বহু অসমীয়াই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পংকজ পাঠকৰ সৈতে হোৱা আচৰণ শোভন নহয় বুলি একাংশে মন্তব্য জনাইছে, আনহাতে আন কিছুয়ে বিষয়টোক লঘুভাৱে ল’বলৈ আহ্বান জনাইছে।

Related Articles