Pankaj Pathak:কোকৰাঝাৰত পংকজ পাঠকৰ অনুষ্ঠানত পুনৰ অঘটন, আৰক্ষীয়ে আধাতে বন্ধ কৰিলে শিৱিৰ

ডিজিটেল ডেস্ক: Pankaj Pathak পুনৰ বিতৰ্কত পৰিল পংকজ পাঠকৰ “চুলি গজোৱা শিৱিৰ”। কোকৰাঝাৰ জিলাত আয়োজন কৰা শিৱিৰখন আৰক্ষীয়ে আধাতে বন্ধ কৰি দিয়ে, কাৰণ অনুমতি নোলোৱাকৈ কোকৰাঝাৰত অনুষ্ঠিত কৰিছিল চুলি গজোৱা শিৱিৰ।

সূত্ৰৰ পৰা পোৱা তথ্য মতে, পংকজ পাঠকে অনুষ্ঠান আয়োজনৰ বাবে অনুমতি বিচাৰিছিল যদিও, তেওঁক অনুমতি প্ৰদান কৰা হোৱা নাছিল। তথাপিও কোকৰাঝাৰত এই শিৱিৰ আয়োজন কৰা হয়। অৱশেষত, আৰক্ষীয়ে উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰে।

উল্লেখযোগ্য যে, এই ঘটনাৰ আগতে বুধবাৰে গোৱালপাৰাত অনুষ্ঠিত হোৱা আন এখন শিৱিৰ সময়তো অঘটন সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত পংকজ পাঠকে ৰাইজৰ সন্মুখত কাণত ধৰি ক্ষমাও খুজিছিল।

স্থানীয় প্ৰশাসনৰ মতে, যিকোনো ধৰণৰ জনসমাগমযুক্ত অনুষ্ঠান আয়োজনৰ পূৰ্বে অনুমতি গ্ৰহণ কৰাটো বাধ্যতামূলক।

Related Articles