Pankaj Pathak: মোৰ ল’ৰাকেইটাৰ প্ৰাণ বচাবলৈহে মই আঁঠু কাঢ়ি ক্ষমা খুজিছিলোঁঃ পংকজ পাঠক

গোৱালপাৰাৰ বিহু ফিল্ডত অনুষ্ঠিত এখন (Pankaj Pathak) শিবিৰৰ সময়ছোৱাত আচাৰ্য পংকজ পাঠক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শিবিৰত অংশগ্ৰহণ কৰা সময়তে আচাৰ্য পাঠকৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।

ঘটনাটোৰ প্ৰতিবাদ জনাই গোৱালপাৰা বিহু সন্মিলনীৰ সম্পাদক তপন চক্ৰৱৰ্তীয়ে যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেতিয়া আচাৰ্য পাঠকে তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰে বুলি অভিযোগ। স্থানীয় ৰাইজৰ মতে, এই আক্ৰমণত আচাৰ্য পাঠকৰ সহযোগীসকলো জড়িত আছিল।

ঘটনাৰ পাছত শিৱিৰত উপস্থিত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ৰাইজে আচাৰ্য পংকজ পাঠকক ঘটনাস্থলীতেই আবদ্ধ কৰি ৰাখে আৰু তেওঁৰ পৰা কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰে।

পংকজ পাঠকে আঁঠু কাঢ়ি ক্ষমা খুজাৰ পিছতে সচেতন মহলে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিভিন্ন জনে তেওঁক কৰা এনে অপমানৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে।

আনহাতে পংকজ পাঠকে ফেচবুক লাইভৰ জৰিয়তে সমগ্ৰ ঘটনা বিৱৰণ দিলে।

পংকজ পাঠকে জনাই যে তেওঁৰ সৈতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে ফোনযোগে কথা পাতিছে। তেওঁক পশ্চিমবংগলৈ আমন্ত্ৰণো জনাইছে মমতা বেনাৰ্জীয়ে আৰু পশ্চিম বংগত সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

Related Articles