মুম্বাইত পাপনে চলাইছে “বীৰাংগনা সাধনী”ৰ সংগীতৰ প্ৰস্তুতি…

মুম্বাইত পাপনে চলাইছে “বীৰাংগনা সাধনী”ৰ সংগীতৰ প্ৰস্তুতি । আহিবলগীয়া বহু-অপেক্ষিত চলচ্চিত্ৰ বীৰাংগনা সাধনীৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে অসমত ইটোৰ পিছত সিটো অডিচন চলি থকাৰ মাজতে সুদূৰ মুম্বাইত পাপন ব্যস্ত হৈ আছে চলচ্চিত্ৰ খনৰ সংগীতৰ কামক লৈ।

উল্লেখ কৰিব পাৰি যে বীৰাংগনা সাধনীৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় কণ্ঠশিল্পী পাপন আৰু ইতিমধ্যে তেখেতৰ মুম্বাইস্থিত ষ্টুডিঅ’ত দিনে নিশাই চলচ্চিত্ৰ খনৰ সংগীত চৰ্চাৰ কামত ব্যস্ত হৈ পৰিছে শিল্পী গৰাকী। চলচ্চিত্ৰ খনৰ পৰিচালক বিশ্বজিৎ বৰা পাপনৰ ষ্টুডিঅ’ত উপস্থিত হয় আৰু বিভিন্ন আলোচনাত মিলিত হয়।

Related Articles