বিধায়ক পৰমাৰ সাংগঠনিক অপৰিপক্কতা আৰু অকৰ্মণ্যতাৰ সুযোগ লৈ ছিপাঝাৰত কংগ্ৰছেৰ ভেটি মজবুত কৰিছে বিনন্দই । Paramananda Rajbanshi

Paramananda Rajbanshi । ২০২৬ ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ক্ৰমান্বয়ে গণ বিচ্ছিন্ন হব ধৰিছে অকৰ্মণ্য বিধায়ক হিচাপে ছিপাঝাৰত পৰিচিত হোৱা পৰমানন্দ ৰাজবংশী। ৰাজনৈতিক সংগঠনৰ অভিজ্ঞতা নথকা সাহিত্য সভাৰ মজিয়াত গতা খোৱা পৰমাই বিজেপিৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণত ৰাখিব নোৱাৰাটো ছিপাঝাৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাৰ বাবে চিন্তনীয় বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। কথা আৰু কামৰ মাজত মিল নথকা তথা সস্তীয়া কথাৰে আভুৱাভৰা নীতিৰ আশ্ৰয় লোৱা বাবে ইতিমধ্যে সমষ্টিৰ জনসাধাৰণৰ মাজত এলাগী হৈ পৰিছে বিধায়ক ৰাজবংশী। একত্ৰিত হিন্দু সমাজৰ কথা কোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ কাম কাজত সততে এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিক প্ৰাধান্য দিয়াৰ ফলত নিষ্ঠাবান দলীয় কৰ্মীৰ লগতে সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰভাৱ পৰিছে। তাৰ সমান্তৰালভাৱে কেইজনমান মুষ্টিমেয় পালিনেতাৰ আবেষ্টনীৰ মাজত থাকি দলীয় কৰ্মীক উপযুক্ত মৰ্য্যদা নিদিয়াৰ ফলত দলৰ কৰ্মী সকল ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্মী সকলে সামাজিক মাধ্যম যোগেও বিধায়ক গৰাকীৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তষ্টি প্ৰকাশ কৰি অহা কাৰ্যই বিজেপি শিবিৰক চিন্তাত পেলাইছে। তাৰ পিছতো স্বাৰ্থপৰ অহংকাৰী বিধায়ক গৰাকীয়ে কৰ্মীৰ কথাক গুৰুত্ব নিদি স্বয়ং মুখ্যমন্ত্ৰীয়ে তিনিটা কাৰ্যকাল বিধায়ক কৰাৰ প্ৰতিশ্ৰতি দিয়াৰ কথা কৈ ওভতগোৰে নাচি থকা দেখা গৈছে। ইফালে বিধায়কৰ এগৰাকী বদ মেজাজী শিষ্টাচাৰ নজনা ব্যক্তিগত সহায়কৰ কৰ্ম কাণ্ডতো ছিপাঝাৰৰ দলীয় কাৰ্যকৰ্তাৰ লগতে সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে। বিধায়ক গৰাকীৰ সাংগঠনিক ক্ষেত্ৰৰ ওপৰত তৰল আৰু উদাসীন কৰ্ম কাণ্ডৰ বাবে দলীয় নিষ্ঠাবান কৰ্মী সকল আগন্তুক নিৰ্বাচনক লৈ একপ্ৰকাৰ সন্দিহান হোৱাৰ লগতে বহুতে ক্ষোভ অসন্তুষ্টিত দিন পাৰ কৰিছে আৰু আন একাংশ কৰ্মীয়ে বিজেপি বিধায়ক হৈ থকা সময়ত কৰ্মী সকলৰ সৈতে উঠা সু সম্পৰ্ক গঢ়ি তোলা বৰ্তমানৰ কংগ্ৰেছ নেতা বিনন্দৰ লগতো এক সম্পৰ্ক ৰক্ষা কৰি আছে। ইফালে সমষ্টিৰ জনসাধাৰণৰ লগত সদায় এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰখা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই সন্তপৰ্ণে বিধায়ক পৰমাৰ সাংগঠনিক দুৰ্বলতাৰ সুযোগ লৈ সমষ্টিৰ সক্ৰিয় ৰাজনৈতিক কৰ্মী সকলৰ লগতে নেতৃস্থানীয় সচেতন ব্যক্তি সকলৰ মাজত আস্থাভাজন হবলৈ সক্ষম হোৱাটো বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে। ইতিমধ্যে সমষ্টিটোত জাতিগত ৰাজনীতিৰ বীজ ৰোপণ কৰি বিষবাস্প বিয়পোৱা বিধায়ক পৰমাৰ ওপৰত ক্ষুন্ন হৈ পৰা সাধাৰণ ভোটাৰ ৰাইজে সংগোপনে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক দলীয় ৰাজনীতিৰ উৰ্ধত গৈ আকোৱালি লোৱা বিষয়টোৱে আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ লগতে বিজেপি দলক সলঠেকত পেলোৱাটো নিশ্চিত হৈ পৰিছে। বিধায়ক পৰমানন্দ ৰাজবংশীয়ে সমষ্টিত ৰাইজে বিচৰা ধৰণে বা ৰাইজক কথা আৰু কামেৰে আসস্ত আৰু সন্তুষ্ট কৰিব নোৱাৰা আৰু অত্যন্ত তৰল কথাৰ পৰিণতিত আচলতে প্ৰাক্তন বিধায়ক গৰাকীৰ আদৰ সমষ্টিত বৃদ্ধি হোৱা বুলি বিভিন্ন মহলে একেমুখে স্বীকাৰ কৰিছে। কংগ্ৰেছ নেতা হোৱাৰ পিছতো খিলঞ্জীয়া অধ্যুষিত সমষ্টিটোত প্ৰাক্তন বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমত নিজৰ প্ৰচাৰ ব্যাপক হাৰত নচলাই দিন ৰাতি একাকাৰ কৰি প্ৰতি গৰাকী সচেতন ব্যক্তি তথা ৰাইজক ব্যক্তিগত ভাবে সাক্ষাৎ কৰি নিজৰ সমৰ্থন আদায় কৰাত ব্যস্ত হৈ পৰাত বিজেপিৰ নিষ্ঠাবান কৰ্মী সকলৰ মাজত দু:চিন্তা বাঢ়িব ধৰিছে। কিয়নো বিধায়ক পৰমাৰ সমান্তৰালভাৱে ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কংগ্ৰেছৰ পৰা আহি গেৰুৱাবসন পিন্ধা সুবিধাবাদী নেতা কুলদীপ বৰুৱা, বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি নিপন নাথ, যোৱা বিধানসভা নিৰ্বাচনত বিধায়ক পৰমাৰ সহায়ক হিচাপে আত্মপ্ৰকাশ কৰি বৰ্তমান বিজেপি নেতা হোৱা ৰাণা বশিষ্ঠ, নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰতিটো নিৰ্বাচনৰ সময়ত ভূমুকি মৰা দলীয় সংগঠনৰ লগত কোনো সম্পৰ্ক নথকা বৰ্তমানৰ গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী বনমালী শৰ্মাই সমষ্টিটোত নিজকে ভাবী প্ৰাৰ্থী বুলি প্ৰচাৰ চলায় আছে। লক্ষণীয় বিষয়টি হ’ল যে কংগ্ৰেছ নেতা বিনন্দ শইকীয়াক প্ৰত্যাহ্বান জনাব পৰাকৈ ৰাইজে শক্তিশালী বা সমকক্ষ বিজেপি নেতাৰ আত্মপ্ৰকাশ নোহোৱাৰ বাবে সমষ্টিৰ ভোটাৰ ৰাইজ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীক লৈ আসস্ত হব পৰা নাই। আনহাতে ২০১৬ চনৰ পৰা দলীয় কৰ্মীৰ লগত কোনো সম্পৰ্ক নথকা কেবল সুবিধাবাদী নেতাই বিজেপি বিধায়কৰ আসন দখল কৰাৰ পিছত দলীয় কৰ্মী সকল বঞ্চিত আৰু অবহেলিত হৈ অহাৰ লেখিয়াকৈ পুনৰ সুবিধাবাদী নেতাই ২৬ ৰ নিৰ্বাচনী টিকট পোৱাৰ সম্ভাৱনাই কৰ্মী সকলক অধিক সন্দিহান কৰি তুলিছে। কিয়নো ২০২১ চনত অগপৰ পৰা একেৰাতিয়ে বিজেপি নেতা হৈ দলীয় টিকট লাভ কৰি বিধায়ক হোৱা পৰমানন্দ ৰাজবংশীক দলীয় কৰ্মী সকলে অত্যন্ত মৰম আৰু বিস্বাসেৰে আদৰি লোৱাৰ পিছতো বিজেপি কৰ্মী সকলক বিশ্বাসত নলৈ নিৰ্বাচনৰ সময়ত দলীয় কাম কাজত দেখা নোপোৱা একাংশ সুবিধাবাদীক বিধায়ক গৰাকীয়ে সকলো ক্ষেত্ৰতে আগস্থান দিয়া কাৰ্যত নিষ্ঠাবান কৰ্মী সকল হতাশ হৈ পৰিছে। বৰ্তমানৰ বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰো দলৰ লগতে কৰ্মী সকলৰ লগত এক গাঢ় সম্পৰ্ক নথকাৰ বাবে অনাগত দিনত ওপৰোক্ত নেতা সকলৰ পৰাও অনুৰূপ ধৰণৰ ফল ভূগিব লাগিব বুলি বিজেপি কৰ্মী সকল শংকিত হৈ পৰিছে।
আনহাতে প্ৰাক্তন মন্ত্ৰী অগপ নেতা জয়নাথ শৰ্মাই আজি এক বছৰ আগৰ পৰাই সমষ্টিত সক্ৰিয় হৈ অগপৰ সংগঠন পুনৰ গঠন কৰি ২০২৬ ত আসন খন মিত্ৰতাৰ ধৰ্মৰ দোহাই দি অগপক এৰি দিব লাগে বুলি সজোৰে দাবী উত্থাপন কৰি অহাই বিষয়টিয়ে বিধায়ক পৰমাৰ দু:চিন্তা বঢ়াইছে। বিভিন্ন সময়ত প্ৰাক্তন মন্ত্ৰী গৰাকীক সংবাদ মাধ্যমৰ জৰিয়তে বিধায়ক পৰমাই একপ্ৰকাৰৰ অপমান আৰি ইতিকিং কৰি অহাৰ বাবেও শৰ্মাই দুগুণ শক্তি প্ৰদৰ্শন কৰি বিধায়ক গৰাকীৰ সন্মুখত টিকট কেন্দিক বিষয়ত বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় দিছে। কিন্তু দীৰ্ঘদিনীয়া বিৰতিৰ পিছত এসময়ৰ প্ৰতাপী নেতা জয়নাথ শৰ্মাই ছিপাঝাৰত নিৰ্বাচনী ৰাজনীতিত কুচ কাৱাজ চলালেও সমষ্টিৰ নতুন ভোটাৰৰ মাজত একেবাৰে আদৰ নোহোৱা বিষয়টিয়ে টিকটৰ যুয খনত আউল লগাব বুলি ধাৰণা কৰা হৈছে।

বিভিন্ন দিশৰ পৰা ছিপাঝাৰ সমষ্টিৰ বৰ্তমানৰ ৰাজনৈতিক ছবিখনত কংগ্ৰেছ সংগোপনে যথেষ্ট শক্তিশালী ৰূপত আগবাঢ়ি থকা দেখা গৈছে এই প্ৰক্ৰিয়াত শেহতীয়া জুবিন গাৰ্গৰ ঘটনাৱলীয়ে যথেষ্ট পৰিমাণে সাৰ পানী যোগোইছে। সমাগত বিধানসভা নিৰ্বাচনত বিৰোধী শিবিৰক শাসকীয় বিজেপিয়ে কিদৰে ভেটিব সেইটো ছিপাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত এক অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।

Related Articles