মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ বেদখলকৃত ভূমিত বহুমুখী কৃষি প্ৰকল্প গঢ়াৰ প্ৰাৰম্ভিক চিন স্বৰূপে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ উপস্থিতিত আজি ছিপাঝাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কৃষক গোট পঞ্জীয়ন বিশেষ শিবিৰ।
শিবিৰ মুকলি অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ লগতে উপস্থিত থাকে ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ চন্দ্ৰ ডেকা , উপাধ্যক্ষ ডঃ ৰাম চন্দ্ৰ ডেকা , দৰং জিলা বিজেপি , ছিপাঝাৰ মণ্ডল বিজেপিৰ কৰ্মকতা সকলৰ লগতে অগপ নেতা হবিবৰ ৰহমান।
–এনে বহুমুখী প্ৰকল্পৰ জৰিয়তে আমাৰ মাটি,আমাৰ শ্ৰম, আমাৰ উপাৰ্জনৰ যি চিন্তা আগত লৈ আমি আগবাঢ়িছোঁ সেয়া নিশ্চয়কৈ ফলপ্ৰসূ হ’ব ।

