গুৱাহাটীৰ জালুকবাৰী নিবাসী তথা ভাৰতীয় (Parameshwar Sharma) ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া পৰমেশ্বৰ শৰ্মাক ‘ ইণ্ডিয়ান ইন্সটিটিউট অৱ ভেলুৱাৰচ’ আৰু ৰেজিষ্টাৰড ভেল্যুৱাৰ্ছ ফাউণ্ডেছনে জীৱনজোৰা কৃতিত্বৰ বঁটা প্ৰদান কৰে। এই ক্ষেত্ৰত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানদুটাই তেওঁক এই সন্মান আগবঢ়ায়।
যোৱা ২৫ মে’ ত পুনেত অনুষ্ঠিত সৰ্বভাৰতীয় সন্মিলনত এই বটা প্ৰদান কৰা হয়। শৰ্মাই ২৬ বছৰ ষ্টেট বেংকত সেৱা আগবঢ়োৱাৰ লগতে ভাৰত চৰকাৰৰ পঞ্জীয়নভূক্ত ‘ভেলোৱাৰ’ হিচাপে ১৮ বছৰ নিয়োজিত হৈ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি আহিছে।
তেওঁৰ এই নিষ্ঠা আৰু একাগ্ৰ সেৱাক এই বঁটাৰে স্বীকৃতি দিয়া হয়। এগৰাকী সমাজসেৱী হিচাপে শৰ্মাই বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছে। অনাথ শিশুসকলৰ আশ্ৰয় গৃহ ‘অসম শিশু কল্যাণ সদন’ৰ তেওঁ এগৰাকী সক্ৰিয় কৰ্মী আৰু শিশুৰ বৌদ্ধিক- মানসিক বিকাশৰ অনুষ্ঠান ‘চোতালৰ পখিলা’ৰ এগৰাকী সন্মানীয় উপদেষ্টা।