মৰিগাঁও জিলাৰ লাহৰিঘাটত অংঙ্গনবাদী কৰ্মীৰ ব্যাপক দূৰ্নীতি। অংঙ্গনবাদী কৰ্মীয়ে শিশু খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।কণ কণ শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি খেদি পঠিয়াই শিশুসকলক। মৰিগাঁও জিলাৰ লাহৰিঘাটৰ দক্ষিণ ঔতলাবড়ী চুবুৰী অংঙ্গনবাদী কৰ্মী আফিয়া খাতুনে কণ কণ শিশু সকলৰ খাদ্য আৰু ইউনিফৰ্ম বিতৰণ নামত সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি। শিশু সকলক ইউনিফৰ্ম পিন্ধাই ফটো তুলি ইউনিফৰ্ম খুলি ৰাখি দিয়াৰ লগতে কোনো ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ নকৰে আফিয়া খাতুন নামৰ এই গৰাকী দক্ষিণ ঔতলাবড়ী চুবুৰী অংঙ্গনবাদী কৰ্মীয়ে।বছৰ বছৰ ধৰি চৰকাৰে আৱণ্টন দিয়া কণ কণ শিশু সকলৰ খাদ্য সামগ্ৰী আত্মাহাৎ কৰাৰো অভিযোগ আছে আফিয়া খাতুন নামৰ অংঙ্গনবাদী কৰ্মী গৰাকীৰ বিৰুদ্ধে। দক্ষিণ ঔতলাবড়ী গাৱৰ ৰাইজে পূৰ্বতে এই গৰাকী অংঙ্গনবাদী কৰ্মীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাই দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে।উল্লেখ্য যে কোন গৰাকী বিষয়াৰ আশীৰ্বাদত কণ কণ শিশুৰ প্ৰাপ্য সামগ্ৰী পৰা বঞ্চিত কৰি আহিছে আফিয়া খাতুন নামৰ অংঙ্গনবাদী কৰ্মী গৰাকীয়ে। এতিয়া প্ৰশ্ন হয় এনেধৰণৰ কৰ্মীৰ বিৰুদ্ধে উৰ্ধতম বিষয়া সকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয় হ’ব উচ্চতম ন্যায়ালয়ত
- তুলসী চোগাৰ আৰু বৃক্কৰ সমস্যাত অতি উপকাৰী
- শোণিতপুৰ লখৰা কেন্দ্ৰীয় বিদ্যালয়ত ফুটবল খেল প্ৰতিযোগিতা আয়োজন
- আচৰিত! ‘নাগিন6’ৰ শ্বুটিং চলি থাকোতে হঠাৎ ছেটত উপস্থিত এডাল প্ৰকৃত সাপ
- গ্ৰীষ্মকালত আপোনাৰ মূৰৰ বিষ হয় নেকি? মুৰৰ বিষৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব
- APSC নতুন অধ্যক্ষ ৰূপে নিযুক্তি ড° অজন্তা নাথক
- ফুস্কা খাই ভাল পোৱা সকলৰ বাবে এক বেয়া খবৰ! নিষিদ্ধ ঘোষণা কৰা হৈছে ফুস্কা
- শক্তিশালী তাৰকা দম্পতী বুলি দীপিকা-ৰণবীৰ কিয় কোৱা হয়
- চলমান খানে পূজা হেগড়েৰ সৈতে কি কৰিছিল! এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ আৰম্ভ
- ‘বিয়াৰ পাৰ্টিত কাম কৰাৰ সুযোগ পাব মালাইকাই’ পেৰিছৰ পৰা এই বাৰ্তা দিলে অৰ্জুন কাপুৰে