কৈৱৰ্ত্ত নৱ জাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ সৌজন্যত আজি ঢকুৱাখনাৰ বাঁহপৰাৰ ড০ বি আৰ আম্বেদকাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গুৱাহাটীৰ পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰা ঢকুৱাখনাৰ এগৰাকী প্ৰতিভাবান লেখক পৰেশ দাসৰ ‘শব্দই কথা কয়’ গ্ৰন্থৰ উন্মোচন কৰা হয়।গ্ৰন্থখনিৰ উন্মোচন কৰে লেখক,সাংবাদিক ৰাজীৱ বৰুৱাই।এই সভাতেই মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা-বিদিশা দাস,প্ৰীতিশ প্ৰীতম কাশ্যপ দাস,ধৰণীকান্ত দাসক সম্বৰ্ধনা জনোৱা হয়।ইফালে সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ শিল্পী কমল দাস আৰু যুৱ উদ্যোগী জিতু মণি দাসকো সম্বৰ্ধনা জনোৱা হয়।এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি-কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ,অসম’ৰ মুখ্য উপদেষ্টা ভদ্ৰেশ্বৰ দাস,মুখ্য প্ৰশাসক প্ৰণৱ দাস,মডাৰেটৰ নয়নমণি দাস,শিক্ষাবিদ-ৰমা হাজৰিকা, অনন্ত দাস,তুলশী প্ৰভা দাস শিল্পী-কমল দাস,মিনু বড়া দাস,কৈৱৰ্ত্ত যুৱ ছাত্ৰ সন্থাৰ,মাজুলী জিলাৰ সম্পাদক সঞ্জীৱ মেধি,আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক-টবেন্দ্ৰ দাস আদিয়ে বক্তব্য ৰাখে।

