Breaking

পৰেশ কুমাৰ কাকতিৰ লিমাৰিক পুথি ‘পানীটেঙা’ উন্মোচন

0 1,640

দাইচা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা হাস্য-ব্যংগ লেগক হিচাপে খ্যাত পৰেশ কুমাৰ কাকতিৰ ছয় কুৰি লিমাৰিক সন্নিবিষ্ট ” পানীটেঙা ” নামৰ এখনি পুথি আজি উন্মোচন কৰা হয়। কাকতিৰ নিজা বাসগৃহত অতি অনুষ্ঠুপীয়াকৈ আয়োজিত অনুষ্ঠানত পুথিখনি উন্মোচন কৰে ৰূপাই বিজয় নগৰ নিবাসী তথা জ্যেষ্ঠা সচেতন মহিলা অনু সোণোৱালে। উন্মোচনী অনুষ্ঠানত ডুমডুমা শাখা সাহিত্য সভাৰ সভাপতি দেবেন ডেকা, শিক্ষা ৰত্ন তথা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰ, তিনিচুকীয়া জিলাৰ সমন্বয়ক তথা কবি, লেখক দিগন্ত কুমাৰ ভাজনী, সাংবাদিক প্ৰদীপ কুমাৰ মৰাণ ,নাট্য কৰ্মী,অভিনেতা তথাকবি জয়সূৰ্য বৰা, শিক্ষক তথা পক্ষীবিদ প্ৰহ্লাদ কাকতি, শিক্ষক ৰতন তাঁতী ,উদীয়মান লেখক ৰাজীৱ বৰা,ঘন মৰাণ প্ৰতৃতিয়ে অসমীয়া ভাষা-সাহিত্যৰ বৌদ্ধিক উত্তৰণ আৰু হাস্য-ব্যংগ তথা লিমাৰিক সাহিত্য প্ৰসংগত বহল ব্যাখ্যা আগবয়ায়। অনুষ্ঠানত বিশিষ্ট অভিনেতা তথা নাট্যকৰ্মী সাৰংগ নাথ (সঞ্জু ),বিশিষ্ট সমাজকৰ্মী ধৰ্মেন্দ্ৰ সোণোৱাল, ভৱেশ সোণোৱাল প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয়  কণ কণ মইনা সকলে এটি সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানত অজয় খাটনিয়াৰ আৰু বুলু ডেকাই একোটিকৈ ভূপেন্দ্ৰ সংগীত আৰু ৰাজশ্ৰী কাকতিয়ে এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰদীপ কুমাৰ মৰাণে পৰেশ কুমাৰ কাকতিৰ ব্যক্তিত্বৰ ওপৰত ৰচনা কৰা পাঁচটা লিমাৰিক পাঠ কৰে।

Leave A Reply