নতুন দিল্লী, ৪ জুন ২০২৫ ।Parliament তিনি মাহৰো অধিক সময়ৰ পাছত অবশেষত অনুষ্ঠিত হ’ব ভাৰতীয় সংসদৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশন ২১ জুলাই তাৰিখে আৰম্ভ হৈ ২১ আগষ্টলৈকে চলিব। ইয়াৰ পূৰ্বে ৩১ জানুৱাৰীত আৰম্ভ হৈছিল বাজেট অধিবেশন, যাৰ অন্ত হৈছিল ৪ এপ্ৰিলত। সেই দিনাৰ পৰা ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ অনিশ্চিত সময়লৈকে স্থগিত হৈ আছিল।
এইবাৰ ২৩ দিনীয়া বৰ্ষাকালীন অধিবেশনখনত বহু গুৰুত্বপূর্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিরাপত্তা, অৰ্থনীতি, পাকিস্তান সন্দৰ্ভ, আৰু বিভিন্ন নতুন বিধেয়কৰ উত্থাপন সম্ভৱপৰ।
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰি কয়, “এই অধিবেশন বিশেষ হ’ব। অপাৰেশ্যন সেন্দূৰৰ লগতে আন বহুতো বিষয়ত আলোচনা হ’ব। চৰকাৰে সকলো দলক লগত লৈ আগবাঢ়িব বিচাৰে।” তেওঁৰ মতে, চৰকাৰে ইতিমধ্যে বিৰোধীৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু সকলোৰে সহভাগিতাত গঠনমূলক আলোচনাৰ আশা কৰিছে।
ইপিনে, বিৰোধী দলসমূহে অপাৰেশ্যন সেন্দূৰ, যুদ্ধবিৰতি, ড’নাল্ড ট্ৰাম্পৰ মন্তব্য, আৰু পহলগাম আক্ৰমণৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে বিশেষ সংসদীয় অধিবেশনৰ দাবী আগবঢ়াইছিল। মঙলবাৰে ১৬ টাকৈ বিৰোধী দলে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সংযুক্ত পত্ৰ পঠিয়াইছিল।
বুধবাৰে ইণ্ডিয়া মিত্ৰজোঁটে এক সংবাদমেল আয়োজন কৰি পুনৰ বিশেষ অধিবেশনৰ দাবী জনায়। দিপেন্দ্ৰ হুডা কয়, “যদি বিশ্ববাসীক সকলো কথা জনোৱা হৈছে, তেন্তে সংসদক কিয় নজনোৱা হ’ব?” শিব সেনাৰ নেতা সঞ্জয় ৰাৱটে ট্ৰাম্পৰ মন্তব্য উল্লেখ কৰি কয়, “যদি যুদ্ধবিৰতি তেওঁৰ মন্তব্যৰ বাবেই হয়, তেন্তে সংসদত এই বিষয়ৰ ওপৰত বিশেষ আলোচনাৰ প্ৰয়োজন আছে।”
সম্ভাৱনা থকা বিষয়বোৰৰ ভিতৰত পাকিস্তান সন্দৰ্ভ এক গুৰুত্বপূৰ্ণ স্থানত আছে। বিৰোধী দলসমূহে এই অধিবেশনত চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰিব বুলি আশা কৰা হৈছে।
এইদৰে, ২০২৫ চনৰ বৰ্ষাকালীন অধিবেশন এখন চৰম রাজনৈতিক উত্তাপত পৰিপূৰ্ণ হোৱাৰ আশা, য’ত চৰকাৰ-বিৰোধী দুয়ো পক্ষেই দেশৰ প্ৰধান বিষয়সমূহত মুখামুখি হ’ব।