Breaking

পাৰ্থজিৎ বৰুৱাৰ ‘নেলীৰ কথা’লৈ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ “ৰূপালী কৈলাশ বঁটা”…

0 33

সদ্য সমাপ্ত নৱম অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে অসমীয়া চলচ্চিত্ৰ”নেলীৰ কথা”ই বহু আকাংক্ষিত “ৰূপালী কৈলাশ বঁটা” লাভ কৰে। পাৰ্থজিৎ বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালিত ছবিখনে অসমৰ সমসাময়িকভাৱে সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ এক অন্ধকাৰ অধ্যায় নেলীৰ হত্যাকাণ্ডৰ ওপৰত মানৱীয় দৃষ্টি চিত্ৰায়ণ কৰে। যোৱা ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা ৫ দিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ প্ৰতিযোগিতা শাখাত মুঠ ৯ খন চলচ্চিত্ৰ নিৰ্বাচন কৰিছিল। বিশিষ্ট ভাৰতীয় অভিনেতা ধৃতিমান চেটাৰ্জীৰ অধ্যক্ষতাত অনুষ্ঠিত জুৰীয়ে এই চলচ্চিত্ৰখন সন্দৰ্ভত ওপৰত মন্তব্য আগবঢ়াই কয়: ” সমসাময়িক অনুনাদৰ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ অন্বেষণ কৰি, নিৰীহ লোকৰ দুখ-কষ্টক মানৱীয় দৃষ্টিকোনেৰে চলচ্চিত্ৰখনৰ কাহিনী বৰ্ণনা কৰিছে বুলি মন্তব্য আগবঢ়োৱা পৰিচিলক পাৰ্থজিৎ বৰুৱাই জানিবলৈ দি লগতে কয় : ”নেলীৰ কথা’ চলচ্চিত্ৰখনে ভাৰতীয় প্ৰতিযোগিতা শাখাত আন ৮খন চলচ্চিত্ৰৰ সৈতে প্ৰতিযোগিতাত অংশ লয়।

“লৰ্কাণ’, বাৰ্লিন , টৰৰ্ণতো, ৰটাৰড্ৰাম আদিৰ প্লেটফৰ্মত প্ৰিমিয়াৰ হোৱা চলচ্চিত্ৰৰ সৈতে অসমৰ এই চলচ্চিত্ৰখনে চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় প্ৰতিযোগিতা শাখাত নিৰ্বাচিত হোৱাটোৱে প্ৰতিযোগিতাৰ মানদণ্ডৰ কথাকে সূচায় । এইয়া আছিল আমাৰ বাবে এক সন্মান। এই সন্মানীয় বঁটা লাভ কৰি মই সঁচাকৈয়ে উৎসাহিত হৈছো আৰু ইয়াতকৈও অধিক ভাল কাম কৰি যাবলৈ অনুপ্ৰাণিত হৈছো। ” ইতিমধ্যে যোৱা ৭ ডিচেম্বৰত “কলিকতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ”ত ‘নেলীৰ কথা’ চলচ্চিত্ৰখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায়। উল্লেখ্য যে এই চলচ্চিত মহোৎসৱত প্ৰবীণ গীতিকাৰ-চিত্ৰনাট্যকাৰ জাভেদ আখতাৰক ‘পদ্মপানী লাইফটাইম এচিভমেণ্ট বঁটা’ৰে সন্মানিত কৰা হয় ৷ পূৰ্বতে ঔৰংগাবাদ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (AIFF) নামেৰে নামাকৰণ কৰা অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰতি বছৰে মহাৰাষ্ট্ৰ আৰু ভাৰত চৰকাৰৰ সহযোগত মুম্বাইৰ যশৱন্তৰাও চাভান কেন্দ্ৰ আৰু নাথ গ্ৰুপে আয়োজন কৰি আহিছে ।

Leave A Reply