Breaking

বিমানৰ ভিতৰত পাইলটক ঘুচা মাৰি কঠোৰ শাস্তিৰ সন্মুখীন যাত্ৰী

0 4,236

বিমানৰ ভিতৰত পাইলটক ঘুচা মাৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে এজন যাত্ৰীৰ বিৰুদ্ধে। নিৰ্ধাৰিত সময়তকৈ বহু পিছত বিমানখনে গন্তব্যস্থানত উপস্থিত হ’ব বুলি পাইলটে ঘোষণা কৰিছিল। সেই সময়ত যুৱকজনে পাইলটৰ ফালে লৰালৰিকৈ আহি পাইলটক ঘুচা মাৰি দিয়ে। তেওঁৰ আচৰণৰ বাবে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

খবৰ অনুসৰি, ইণ্ডিগ’ কৰ্তৃপক্ষই এই ঘটনাৰ তদন্তৰ বাবে আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰিছে। বিমান সংস্থাটোৱে যাত্ৰীজনক কি শাস্তি প্ৰদান কৰিব সেয়া কমিটীয়ে সিদ্ধান্ত ল’ব। পাইলটৰ সৈতে হিংসাত্মক আচৰণৰ বাবে ইণ্ডিগোৱে যাত্ৰীজনক ‘নো-ফ্লাই’ তালিকাত স্থান দিব পাৰে। তেনে ক্ষেত্ৰত তেওঁ ইণ্ডিগোৰ বিমানত যাত্ৰা কৰিব নোৱাৰিব।

অভিযুক্ত যাত্ৰীজনৰ নাম চাহিল কাটাৰিয়া। তেওঁ আছিল দিল্লী-গোৱা ইণ্ডিগ’ বিমানত। কেইবা ঘণ্টা ধৰি বিমানখন পলম হৈ পৰে। অভিযোগ অনুসৰি যাত্ৰীসকলক এই পলমৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। বহু সময় অপেক্ষা কৰি পাইলটজনে যাত্ৰীসকলৰ সন্মুখত পলম হোৱাৰ কাৰণ বুজাবলৈ গ’ল। তেনেতে পিছৰ চিটৰ পৰা নামি এজন যাত্ৰীয়ে তেওঁক ঘুচা মাৰিলে।

যাত্ৰীজনক বিমানবন্দৰত নমাই নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ক্ষতিগ্ৰস্ত পাইলটে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

বিগত কেইসপ্তাহমানৰ পৰা ইণ্ডিগ’ৰ সেৱাক লৈ বিমান যাত্ৰীসকলৰ মাজত ক্ষোভ বাঢ়িছে। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অংশ কুঁৱলীৰে আবৃত। ফলত দৃশ্যমানতা নিম্নগামী হয়। বিমানখনৰ সমস্যা হৈছে। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইণ্ডিগোৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply